আমি হিন্দুস্থানত থাকি হিন্দু বুলি ক’বলৈ কিয় পিছ হুহুকিব লাগে ? প্ৰাঞ্জল শইকীয়া

7711

অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া

সাক্ষাৎকাৰ গ্ৰহণ কৰে গণেশ বৰ্মন আৰু পাৰ্থ সাৰথি দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ক সময় দিয়াৰ বাবে ধন্যবাদ।

প্ৰাঞ্জল শইকীয়া : আপোনালোককো সাক্ষাৎকাৰ লোৱাৰ বাবে ধন্যবাদ।

ৰাজনীতি অসম: অসমৰ বিজেপি চৰকাৰখনে ৰাইজৰ আশা আকাঙ্ক্ষা পূৰণ কাৰত সমৰ্থ হৈছেনে?

প্ৰাঞ্জল শইকীয়া : অসমৰ ইতিহাস চালে গম পাম যে আন্দলোন বোৰে অসমক বহু পিছুৱাই লৈ গ’ল। বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন আজিও চলি আছে। নতুন চৰকাৰৰ পৰা আমি বহু আশা কৰিছিলো। অকল গড় হত্যা ৰোধ কৰিলেই নহ’ব আৰু বহু কৰণীয় আছে।  এতিয়াও বন জংঘল কাটি আছে, আজিও সত্রৰ মাটি বেদখল হৈ আছে, দুৰ্নীতি কিছু কমিছে যদিও সম্পূৰ্ণ নিৰ্মূল হোৱা নাই। পঞ্চায়তত টিকট পোৱা সকলৰো বেছি ভাগেই মূৰ্খ। সকলো দলেই এনেকুৱাবোৰক টিকট দিছে। ‍সৰ্বানন্দ সোণোৱালে ভাল কথা কয় যদিও কিয় ফাইল বোৰ move হোৱা নাই, কিয় ব্যুৰোক্ৰেটক নাকি লগাব পৰা নাই ? বজাৰত বস্তুৰ দাম এতিয়াও কমা নাই, পেষ্টিচাইদ মিহলোৱা শাক পাচলি, ফৰ্মেলিন দিয়া মাছ এতিয়াও খাই থাকিব লগা হৈছে। সকলো ৰাজনৈতিক নেতাক মই এটা কথা কব খোজো যে তোমালোকে মুখা পিন্ধি কথা নকবা। নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিলা সেয়া পালন নকৰিলে ৰাইজে তোমালোকক দলিয়াই দিব।

ৰাজনীতি অসম: সৰ্বানন্দ সোণোৱালক দক্ষ মুখ্যমন্ত্রী বুলি ভাবেনে? তেখেতৰ মন্ত্রীসভাত এনে কোনো মন্ত্রী আছেনে যিয়ে ভবিষ্যতে গৈ অসমৰ বাবে কিবা এটা কৰিব পাৰিব?
প্ৰাঞ্জল শইকীয়া : যোৱা দুবছৰত কি ভুল কৰিছা তোমালোকে গম পাইছা। নিজৰ বুদ্ধিমত্তাক আৰু polish কৰা। তোমালোকৰ বহু নেতাই আগ গুৰি নোহোৱা কথা কৈছে। সভাপতি বা মুখ্যমন্ত্রীজনে সতীৰ্থ বোৰক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। সৰ্বানন্দ সোণোৱালে নিজে কিন্তু ৰাজহুৱা ক্ষেত্রখনত কোনো ভুল কথা কোৱা নাই। কিন্তু ভালকৈ সেইসকলক কিয় চলাব পৰা নাই সেইটো মোৰ মনতো প্ৰশ্ন । তোমালোকৰ হাতত সময় কম। সেইবিলাক অতি সোনকালে নোহোৱা কৰা ।
ৰাজনীতি অসম: অগপই পঞ্চায়ত নিৰ্বাচনত বহু কম আসন পাইছে। অসমত আঞ্চলিকতাবাদৰ ভবিষ্যত কি? অগপই ৰক্ষা কৰিব পাৰিবনে অসমত আঞ্চলিকতাবাদৰ ভেটি?
প্ৰাঞ্জল শইকীয়া : অসমৰ ৯৫% মানুহেই আঞ্চলিকতাবাদত বিশ্বাসী আছিলো। অসমৰ সকলো জাতি জনগোষ্ঠী অসম আন্দোলনৰ সময়ত আঞ্চলিকতাবাদৰ নামত জানো একগোট হোৱা নাছিলো? তাৰ ফলতে জানো অগপক শাসনৰ গাদীত বহুওৱা নাছিলো? অগপই কি ভুল কৰিলে? প্ৰত্যেক মানুহেই তোমালোকক গালি পাৰি আছে। অগপত সেইখিনি মানুহটো এতিয়াও আছে । অগপই ইমান সুবিধা পোৱাৰ পিছতো অসমত এটা ভাল পৰিবেশ সৃষ্টি কৰিব নোৱাৰিলে। অগপই  যেতিয়ালৈকে এচি ৰুমত বহি মাইকৰ আগত কথা কৈ থাকিব তেতিয়ালৈকে ৰাইজৰ পৰা দূৰ হৈ থাকিব। ৰাইজে এতিয়াও অগপক বিশ্বাস কৰিবলৈ টান পাইছে আৰু সেইবাবে অগপই বাৰে বাৰে মুখ থেকেচা খাইছে।
ৰাজনীতি অসম: অগপত নতুন মুখৰ প্ৰয়োজন নেকি?
প্ৰাঞ্জল শইকীয়া : নতুন মুখ লাগিব হয়। তাৰ মাজতো ভালকৈ বিচাৰ কৰিহে নেতৃত্বৰ দায়িত্ব দিব লাগিব। অকল আন্দোলন কৰা মানুহক আনিলেই নহব। Effigy পুৰা আন্দোলন দেখি দেখি অতিষ্ঠ হৈ গৈছো। অখিল গগৈৰ নিচিনা আন্দোলন আমাক নালাগে। প্ৰত্যেক কামৰ বাবে তেওঁলোকক টিভি লাগে।
ৰাজনীতি অসম: ২০১৯ত কোন প্ৰধানমন্ত্রী হব বুলি ভাবে? মোদী নে ৰাহুল?
প্ৰাঞ্জল শইকীয়া : আমাৰ হিন্দুসকল কিছুমান ক্ষেত্রত খুব কট্টৰপন্হী , কিছুমান ক্ষেত্রত ৰিলাক্স। আমি মধ্যবৃত্ত শ্ৰেণীৰ হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলোৱে একেখন থালতে ভাত খাইছো। মই সাংস্কৃতিক ক্ষেত্রত কাম কৰা মানুহ। মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। মই এজন সৎ সুন্দৰ ভাৰতীয় নাগৰিক। আমাৰ এখনেই দেশ। আমি অন্য দেশত গৈ এখন সমাজ গঢ়িব নোৱাৰো। ধৰ্মৰ কথাটো নাহিলেও আমি সকলো হিন্দুস্হানৰ বাসিন্দা। হিন্দুস্হান আমাৰ মাতৃভুমি। যিবিলাকে ইয়াক আমাৰ আমাৰ মাতৃভুমি বুলি কবলৈ কুন্ঠাবোধ কৰে তেওলোকৰ ইয়াত থকাৰ অধিকাৰ নাই। মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে যথেষ্ঠ অনুদান দিছে। মই জানো কাৰণ মই নিজে দুখন ফাইনেন্সিয়েল কমিটিত আছো। কিন্তু জি.এচ.টি আৰু বিমুদ্ৰাকৰণে আমাক অলপ আমনিও কৰিছে। আনহাটে কংগ্ৰেছে কৃষকৰ ঋণ মাফ কৰি ৩ ৰাজ্যৰ অৰ্থনৈতিক ব্যবস্হাৰ কামি হাড় ভাঙি দিছে। ঋণ মাফ কৰাতকৈ কৃষক হিতৰ অন্য ব্যবস্হা লব পৰা গলহেতেন। ৰাহুল গান্ধীয়ে তেলেংগানাত মুছলমানক অগ্ৰাধিকাৰ দিয়াৰ কথা কৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে তেন্তে আমি হিন্দুস্হানত থাকি হিন্দু বুলি কবলৈ কিয় পিছ হুহুকিব লাগে?
ৰাজনীতি অসম: নাচিৰুদ্দিন শ্বাহে কৈছে যে তেওঁ ভাৰতত তেওঁৰ সন্তানৰ ভবিষ্যতকৈ লৈ শংকিত। কি কব?
প্ৰাঞ্জল শইকীয়া : নাচিৰুদ্দিন মোৰ ভাল বন্ধু। পৃথিবীৰ শ্ৰেষ্ঠ অভিনেতা সকলৰ ভিতৰত তেওঁ  এজন। আমাৰ নটসূৰ্য্যৰ মহোৎসৱত তেওঁক দুবাৰো আনিছো। তেজপুৰত যি show  হ’ব তাতো নাচিৰুদ্দিন আহি আছে। নাচিৰুদ্দিনৰ তেনেকুৱা এটা অবস্হা হোৱা নাই। তেওঁক যদি কোনোবাই threatening  দিছে নাজানো..কিন্তু I doubt । মই নাচিৰুদ্দিনক অহা মাহত লগ পালে এই বিষয়ে সুধিম।
ৰাজনীতি অসম: হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰলৈ গ’লে অসমৰ কিবা উন্নতি হ’ব বুলি ভাবেনে?
প্ৰাঞ্জল শইকীয়া : হিমন্ত বিশ্ব শৰ্মাৰ যিটো intelligence , পৰিপক্কতা, বাগ্মীতা  আৰু কাম কৰাৰ দক্ষতা আছে , তেওঁ যদি সচা অৰ্থত পজিটিভ চিন্তাৰে কোনো নিগেটিভ চিন্তা নকৰাকৈ অসমৰ উন্নতিৰ বাবে দেহে কেহে লাগিলেহেতেন তেন্তে তেওঁৰ পৰা আমি বহু আশা কৰিব পাৰিলোহেতেন। এতিয়াও সময় উকলি যোৱা নাই। তেওঁৰ দক্ষতা আছে। মই নাভাবো তেওঁ কেন্দ্ৰত গৈ অসমখনৰ বাবে কিবা কৰিব। ইয়াতেই থাকি মানুহৰ good will  খিনি লওক।
ৰাজনীতি অসম: বাতৰি কাকতত প্ৰকাশ পোৱা মতে আলফাৰ প্ৰতি কিছুমান ডেকা লৰাৰ অসক্তি বৃদ্ধি পাইছে। ইয়ে আপোনাক শংকিত কৰেনে?
প্ৰাঞ্জল শইকীয়া : মই পৰেশ বৰুৱাৰ লগতো কথা পাতিছো। মই তেওঁক বুজাইছো এনেকৈ নহয়। তোমাৰ এটা শক্তি আছে। সেই শক্তিটোৰে আমাৰ সন্মুখত আহি কাম কৰা। তুমি ম্যানমাৰ বা চীনত থাকি এই দেশখনৰ বাবে একো কৰিব নোৱাৰা। মই পৰেশ বৰুৱাক সুধিছিলো .আপোনাৰ. ল’ৰাকেইটাই অসমীয়াত কথা কয়নে? তেওঁ কৈছিল ”কয় ”। মই কৈছিলো আপোনাৰ ল’ৰা অসমত থাকেনে? তেওঁ কৈছিল নাথাকে। মই সুধিছিলো আপোনাৰ ল’ৰাৰ হাতত বন্দুক তুলি দিবনে? সেই প্ৰশ্নৰ উত্তৰ মই নাপালো। আলফাই গুলি যদি মাৰিবই লাগে তেন্তে দুৰ্নীতিগ্ৰস্হজনৰ বুকুত ফুটিব লাগিছিল কিন্তু আজিলকৈ দুৰ্নীতি গ্ৰস্হ কোনো মানুহক তেওঁলোকে একো কৰিব নোৱাৰিলে। সি লাগে দুৰ্নীতিগ্ৰস্হ ব্যবসায়ী, ৰাজনেতা বা বিষয়াই হওক। তেন্তে মই ল’ৰাক কিয় ক’ম হাতত বন্দুক ল’বলৈ ?
ৰাজনীতি অসম: কিছুমান বুদ্ধিজীৱীয়ে আলফাত যাবলৈ উচটনি দিয়া পৰিলক্ষিত হৈছে। কি কব এই বিষয়ে?
প্ৰাঞ্জল শইকীয়া : উচটনি দিয়া মানুহো কম নহয়। মই বুজি নাপাও তেওলোকে এনেকুৱা কিয় কৰি আছে।
ৰাজনীতি অসম: দেখা গৈছে যে সাংস্কৃতিক জগতত কাম কৰা বহু মানুহ জীৱনৰ পিছৰ কালচোৱাত আৰ্থিক দৈন্যতাত ভূগে। এই ক্ষেত্রত চৰকাৰৰ কিবা কৰণীয় আছে বুলি ভাবেনে?
প্ৰাঞ্জল শইকীয়া : দুখন চিনেমা কৰিলে বা দুটা গান গালেই শিল্পী হৈ নাযায়। মোৰোতো পইছা নাই, বেংক বেলেঞ্চ নাই। কিন্তু ৬৮ বছৰ বয়সলৈ আত্মসন্মান লৈ জীয়াই আছো।
ৰাজনীতি অসম: বিজু ফুকন আৰ্থিক সংকটত ভুগা বুলি বাতৰি প্ৰকাশ পাইছিল।
প্ৰাঞ্জল শইকীয়া : বিজুদা আমাৰ মাজৰ পৰা গুছি গ’ল। মুনীন বৰুৱা ও গুছি গ’ল। মুনীন বৰুৱাৰ দেউতাক মৌজাদাৰ আছিল , বহু সা সম্পত্তি আছিল। কিন্ত্ত তেওঁ সেই সকলোবোৰ এৰি নাটকত মনোনিবেশ কৰিলে। চিনেমাৰ কথা চিন্তা কৰিলে। তুমি যিহেতু এই লাইনটো ল’লা তাত কিমান বুৎপত্তি কৰিব পাৰিবা সেইটো জানিব লাগিব। নিজে গম পাব লাগিব দক্ষতা কিমান। কিমান দূৰলৈ দৌৰিব পাৰিম। চৰকাৰেতো সকলোকে সহায় কৰিব নোৱাৰে। সৰ্বানন্দ সোনোৱাল চৰকাৰে ২০০০ ৰ পৰা ভাত্তা বৃদ্ধি কৰি একে কোবে ৮০০০ টকা কৰি দিলে। ২০,০০০ টকা কৰি দিলে এক কালীন সাহাৰ্য্য । সংখ্যাগত ভাবেও এই সাহাৰ্য্য পোৱা শিল্পীৰ সংখ্যা বৃদ্ধি পালে ।
ৰাজনীতি অসম: আজিৰ উঠি অহা চামটোৱে ভালকৈ অসমীয়া ক’ব বা লিখিব নাজানে। তাৰ মাজৰ পৰা অসমীয়া চিনেমা বা নাটকৰ বাবে দৰ্শক ওলাবনে ?
প্ৰাঞ্জল শইকীয়া : চিন্তনীয় নিশ্চয় হয়। এফালে ভিলেজ ৰকষ্টাৰৰ ৰিমা দাসে ইমান কষ্ট কৰি অসমীয়া ছবিক অষ্কাৰৰ বাবে মনোনীত কৰালে। আনফালে বিহু নাম লিখিব দিলে কিছুমানে ইংৰাজীত লিখে কাৰণ অসমীয়া লিখিব নাজানে, যেনে Atike senehar.. ( অতিকে চেনেহৰ মুগাৰে…)। ধিক তোৰ জীবন!! মুনীন বৰুৱাই অসমীয়া জাতিটোক ৰক্ষাৰ কাৰণে সৌ সিদিনা ‘প্ৰিয়াৰ প্ৰিয়’ত চিঞৰি চিঞৰি কৈ গ’ল। মাক দেউতাকে নিজৰ লৰা ছোৱালীক অসমীয়া শিকাওক।
ৰাজনীতি অসম: আপোনাক পুনৰ ভ্ৰাম্যমাণত দেখা পামনে? আপোনাৰ যোৱাৰ ইচ্ছা আছেনে?
প্ৰাঞ্জল শইকীয়া : ভ্ৰাম্যমাণ এতিয়া গেলাই পেলালে নহয়। এজন নাট্যকাৰৰে চব। মাফিয়া বুলি ক’লে হেনো বেয়া পায়। কোন ক’ত থাকিব, কেইখন নাটক লিখিব তেওঁৰ মতেহে হয়। সেই আক্ষেপত মুনীন বৰুৱা গুছি গ’ল। মই ২০ মিনিট সেই নাটক চাব নোৱাৰিলো । কান তাল মৰা শব্দ, বাৰে ভচহু কাপোৰ পিন্ধি বাৰে বাৰে নাচ, বুকুত খুন্দা খুন্দি। ভ্ৰাম্যমাণে এতিয়া এচাম পংগু দৰ্শক সৃষ্টি কৰিছে । sensitive  মানুহে ভ্ৰাম্যমান নোচোৱা হ’ল। নাটকৰ প্ৰমোচন কৰিবলৈ আজিকালি চিনেমা দেখুওৱা হ’ল। ভাল ভ্ৰাম্যমাণ  হওকচোন , মই এতিয়াও আশা কৰো।
ৰাজনীতি অসম: কি পথেৰে গ’লে ভ্ৰাম্যমানে আকৌ সেই মৰ্যাদাপূৰ্ণ ঠাই পাব? ভ্ৰাম্যমাণক বচোৱাৰ উপায় কি?
প্ৰাঞ্জল শইকীয়া : ভাল script লাগিব। নাটকৰ বাবে এটা টিম লাগিব। এজনক অকল বহু টকা দি ৰাখিলে নহব। ভ্ৰাম্যমাণক উদ্ধাৰ কৰিবলৈ শক্তিশালী প্ৰযোজক লাগিব। ৰিক্স ল’ব লাগিব। তোমালোকে খৰচটো কমাব লাগিব। আঢ়ৈ হাজাৰ নহব পাৰে কিন্তু এক হাজাৰ মানুহ বহাৰ ব্যবস্হা কৰাচোন। বিজ্ঞান সন্মত ভাবে মঞ্চখন কৰা যাতে প্ৰত্যেকটো চুক কোণৰ পৰা মঞ্চখনৰ অভিব্যক্তি দেখা যায়।  পশ্চিমীয়া টাইপৰ এই বুগি বুগি কাৰবাৰবোৰ আমি নোৱাৰো।
ৰাজনীতি অসম: সাস্কৃতিক ক্ষেত্রৰ পৰা যিবিলাক লোক ৰাজনীতিত আহে তেওঁলোকক সফল হোৱা দেখা নাযায় যেনে স্বৰ্গীয় ভূপেন হাজৰিকা, বিজু ফুকন ইত্যাদি। তাৰ কাৰণ কি বুলি ভাবে?
প্ৰাঞ্জল শইকীয়া : আচলতে সফল কোনো হব পৰা নাই।  AASU ৰ পৰা অহাসকল যানো সফল হৈছে? এজন শিল্পীৰ পৰা আমি কেলেই বিচাৰিম সফল ৰাজনীতিবিদ। ৭০ বছৰ বয়সত ভূপেন দা ৰাজনীতিলৈ অহাতো ময়ে অন্ততঃ বিচৰা নাছিলো। যেতিয়া অসমত বিজেপিৰ কোনো base নাই তেতিয়া ভূপেনদাক অটল বিহাৰী বাজপেয়ীয়ে বিচাৰিছিলে। ভূপেন দাই নিৰ্বাচনত উঠি দিলে। সেইটোৱে ভুপেন দাৰ স্বাস্হ্যৰ সাংঘাতিক ক্ষতি কৰিলে। ভূপেন দা জৰ্জৰিত হৈ গ’ল যদিও প্ৰকাশ কৰা নাই। ভূপেন দাই কেতিয়াও ভবা নাছিল যে কিৰিপ চলিহাৰ লগত তেওঁ হাৰি যাব। মই বিজু ফুকনকো প্ৰশ্ন কৰিছিলো তুমি কিয় ৰাজনীতিলৈ আহিব লাগে? ৰাজনীতি কৰিম বুলিতো আগতে ভবা নাছিলা। হঠাৎ আহি পলিটিচিয়ান কেনেকৈ হ’বা? হঠাৎ কেনেকৈ ৰাজনীতি কৰিবা?
এতিয়া Rapid Fire roundৰ ৫ টা প্ৰশ্ন আছে
ৰাজনীতি অসম: আপুনি অভিনয় কৰা শ্ৰেষ্ঠ চৰিত্র?
প্ৰাঞ্জল শইকীয়া :ৰাগ বিৰাগৰ চৰিত্রটো হয়তো শ্ৰেষ্ঠ।  ইয়াৰ বাহিৰে সোন মইনা, পিতা পুত্র, প্ৰভাতী পখীৰ গাণ, লোকবন্ধু,  প্ৰিয়াৰ প্ৰিয়ৰ চৰিত্র কেইটা কৰি ভাল লাগিছে।
ৰাজনীতি অসম: এনেকুৱা চৰিত্র আছে নেকি যি কৰি আপুনি পিছত ভাবিছে নকৰা হ’লেই ভাল আছিল।
প্ৰাঞ্জল শইকীয়া : মই নিগেটিভ চৰিত্র কৰি খুব বেয়া পাও। ‘প্ৰতিমা’ত মোৰ চৰিত্র নিগেটিভ আছিল, মই মৃদুলা বৰুৱা ( বায়েকক ) কষ্ট দিছিলো। মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে’ ছবিখনত এটা rape চিন আছিল। খুব টেক্টফুলি কৰিলো যাতে অভিনেত্রীজন অকনো হাৰ্ট নহয়। তথাপিয়ো চিনটো কৰি উঠি কান্দিছো। ভাবিলো মইটো এইজন মানুহ হয়। মই কিয় এইটো চৰিত্র কৰিলো?
ৰাজনীতি অসম: আপোনাৰ প্ৰিয় গান?
প্ৰাঞ্জল শইকীয়া : ভূপেনদাৰ প্ৰায় গানে প্ৰিয়। দিপালী বাইদেউ গুছি গ’ল। বাইদেউৰ গাণ ভাল লাগে। জয়ন্ত হাজৰিকাৰ গান , জুবিনৰ কিছুমান গান আৰু পাপনৰ গানো ভাল পাও।
ৰাজনীতি অসম: ৰাজনীতিবিদ যাক আপুনি শ্ৰদ্ধা কৰে?
প্ৰাঞ্জল শইকীয়া : ত্রিপুৰাৰ মাণিক চৰকাৰ আৰু অসমৰ শৰৎ চন্দ্ৰ সিংহ।
ৰাজনীতি অসম: মন্ত্রী-বিধায়ক হোৱাৰ ইচ্ছা আছেনে?
প্ৰাঞ্জল শইকীয়া :   নাই । ৰাজ্য সভাৰ কথা সুকীয়া, তাত মৰ্য্যাদা আছে।