বিজেপিৰ পুৰণি নেতা কোন ?

1469
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


৭০ উৰ্ধৰ কংগ্ৰেছী নেতা এজনক যদি পুৰণি কংগ্ৰেছী বা কংগ্ৰেছী পৰিয়ালৰ নেতা বুলি মিডিয়াই সম্বোধন কৰে তেন্তে নেতাজনৰ পৰিয়ালৰ লগত কংগ্ৰেছৰ সম্পৰ্ক এটা শতিকা ধৰিও হ’ব পাৰে । সমান্তৰাল ভাবে বিজেপিৰ ৭০ উৰ্ধৰ কোনো নেতাৰ পিতৃ বিজেপি দলত নাছিল । কাৰণ বিজেপি বয়সত কংগ্ৰেছৰ নাতি তুল্য ।  ২০১৬ চনত বিজেপিয়ে চৰকাৰ কৰাৰ পুৰ্বতে বিজেপিৰ স্থিতি অসমত কি আছিল ? বৰাকত বিজেপি জন্মলগ্নৰ পৰা শক্তিশালী আছিল কাৰণ বৰাকৰ মানুহে জিন্না , চাদুল্লাৰ অসম বিভাজনত হিন্দুৰ ওপৰত চলা অত্যাচাৰ প্ৰত্যক্ষ কৰিছিল । বৰাকক বাদ দি বিজেপিয়ে নগাঁও , মংগলদৈ লোকসভা সমষ্টিত নিজৰ প্ৰাৰ্থীক জয়ী কৰাব পাৰিছিল । নগাঁওত ৰাজেন গোঁহাইৰ জয় সম্ভৱ হৈছিল নগাঁওত বদৰুদ্দিন আজমলৰ প্ৰভাব মৌলবাদ বিৰোধী ভোটাৰে অনুভৱ কৰিছিল ।আনহাতে মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভাত বিজেপিয়ে ৮০% ভোট সংগ্ৰহ কৰি চুইং কৰে আৰু সমান্তৰাল ভাবে দলগাঁওৰ দৰে পুৰ্ব বংগীয় মুচলমান অধ্যুষিত সমষ্টিত বিজেপিয়ে ৫% ও ভোট নাপায় । বাকী প্ৰায় ৯০% বিধান সভা সমষ্টিত বিজেপিৰ এভাৰেজ ভোট পাঁচৰ পৰা ছয় হাজাৰৰ অধিক নাছিল । বিজেপিক শক্তিশালী বুলি কোৱা এটা সমষ্টিত ২০০১ বা ২০১১ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ ভোট ১০০০০ হাজাৰ যদি আছিল তেন্তে আমি ক’ব পাৰো যে মাত্ৰ ২০০০ টা মান পৰিয়ালহে বিজেপিৰ ভোটাৰ আছিল । একোটা সমষ্টিত যদি ১০০০ নেতা-কৰ্মী আছিল তেন্তে বাকী ভোটাৰ আছিল আন এহাজাৰ । এহাজাৰ নেতাৰ প্ৰতিজনে এটা পৰিয়ালক ভোটাৰ হিচাপে জন্ম দিছিল ।  ২০১৪-২০১৬ ৰ আগত বিজেপিৰ স্থিতি অসমত কি আছিল বুলি প্ৰশ্ন কৰিলে এটাই উত্তৰ হ’ব _বৰাক। অসমত বিজেপিৰ স্থিতি সলনি কৰিছিল সৰ্বানন্দ সোণোৱালে । অগপ ত্যাগ কৰি বিজেপিলৈ অহাৰ লগে অসমত বিজেপি হৈ পৰিছিল অসমৰ স্থানীয় দল । একমাত্ৰ সৰ্বানন্দ সোণোৱালৰ কাৰণে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমত প্ৰতিটো ভাষিক জনগোষ্ঠীৰ মাজত ৰামধেণু মিত্ৰতা তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল । অন্যথা ২০১৬ ৰ অসম বিধান সভাৰ নিৰ্বাচনত বংগৰ দৰে জয়ৰ পৰিবেশ থাকিও পৰাজয়ৰ মুখ দেখিব লাগিলহেঁতেন । ২০১৬ ৰ পৰা ২০২১ চনলৈ পাঁচটা বছৰ অসমৰ উন্নয়নৰ গতি ৰুদ্ধ হোৱা নাছিল , এপিএচচিৰ দুৰ্নীতিৰ বিৰুদ্ধে সোণোৱাল চৰকাৰে লোৱা স্থিতি ঐতিহাসিক বুলিও কব পাৰি । কিন্তু এই পাঁচটা বছৰে সৰ্বানন্দ সোণোৱালে বিজেপিৰ ভোটাৰৰ নাৰ্ভ অনুভৱ কৰিবলৈ সক্ষম নহ’ল । ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ ৰাষ্ট্ৰবাদী আৰু খিলঞ্জীয়া ভোটাৰৰ নাৰ্ভ বুজি সোণোৱালক অসমৰ নেতৃত্ন দিয়াৰ সমান্তৰাল ভাবে সোণোৱালে মুখ্যমন্ত্ৰী হৈ বিজেপিক ভোট দিয়া ৯০% মানুহৰ আবেগক বুজি নাপালে । অসমৰ খিলঞ্জীয়া সমাজত হিন্দুত্ববাদৰ প্ৰভাব বৃদ্ধি হোৱা এক পৰিবেশ সোণোৱালে দেখা নাপালে । কেব আন্দোলনৰ সময়ত তেওঁৰ নিসহায় মন্তব্য বিলাকে বুদ্ধিজীবী আৰু ছাত্ৰ সংগঠনক সন্তুষ্টি প্ৰদান কৰিছিল । কিন্তু অসমত বুদ্ধিজীৱীৰ সংখ্যা আৰু ছাত্ৰ সংগঠনৰ সদস্যৰ সংখ্যাৰে এটা পঞ্চায়তো যে জযী হব নোৱাৰে সেই কথা প্ৰাক্তণ মুখ্যমন্ত্ৰী জনক তেওঁৰ উপদেষ্টা মণ্ডলীয়ে এবাৰো নকলে । কিন্তু সোণোৱালৰ মন্ত্ৰীসভাত মুখ্য ভুমিকা লোৱা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকা সময়ত লোৱা বিজেপি বিৰোধী স্থিতিক দুৰ্বল কৰি হিন্দুত্ব বাদৰ উগ্ৰ সমৰ্থক হিচাপে প্ৰতিয়মান কৰিবলৈ দুৰ্বাৰ চেষ্টা কৰি থাকে । মাত্ৰ ৫ টা বছৰতেই তেওঁ নিজকে অসমৰ বাল থাকৰে হিচাপে প্ৰতিষ্ঠা কৰে ।যি পাঁচটা বছৰত দল আৰু  চৰকাৰত থকা বিজেপিৰ আন নেতাসকলে কেব বিৰোধী সংগঠন , বুদ্ধিজীবীৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ নকৰিলে , বিজেপিৰ বিধায়ক আৰু জিলা সভাপতি সকলৰ মুখত এবাৰো শুনা নগ’ল জয় শ্ৰীৰাম ধ্বনী , সেই সময়ছোৱাতেই হিমন্ত বিশ্ব শৰ্মা , জয়ন্ত মল্ল বৰুৱাৰ দৰে নতুনকৈ বিজেপিলৈ অহা ব্যক্তিসকলে নিজকে হিন্দুত্ববাদী ব্যক্তি বুলি কৰা মুকলি ঘোষণা আৰু ইচলামীক মৌলবাদক কৰা ক্ষুৰধাৰ সমালোচনাই বিজেপি ভোটাৰক আকৃষ্ট কৰে । পুৰণি বিজেপি নেতাই লাভ জেহাদৰ বিৰুদ্ধে ভাষণ দিয়াৰ সলনি নিজৰ আত্মীয় স্বজনক চাকৰি, ঠিকা-ঠুকুলি  দিয়াৰ দৌৰত দৌৰি থাকিল । লাহে লাহে ভোটাৰৰ লগত দুৰত্ব বৃদ্ধি পোৱা এই সকল পুৰণি নেতা হৈ পৰিল কৰ্পোৰেট হাউচৰ মেনেজাৰ সদৃশ লোক । ৰাজনীতিৰ পৰা আঁতৰ হৈ অৰ্থনীতিত হে গুৰুত্ব বৃদ্ধি পালে । হিমন্ত বিশ্ব শৰ্মাৰ ইমেজৰ সন্মুখত প্ৰত্যাহ্বান হৈ আছিল তিনিজন বিজেপি নেতা । ৰমেন ডেকা , ৰাজেন গোঁহাই আৰু শিলাদিত্য দেৱ । কাৰণ এই তিনিজন নেতাই হিন্দুত্ববাদ নেৰেটিভক বিসৰ্জন দিয়া নাছিল । প্ৰথম দুজন নেতাৰ বয়স প্ৰায় ৭০ বছৰ , তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাই উচিত পদ মৰ্য্যদা প্ৰদান কৰিছে । দুয়োজন নেতাকে সন্মানীয় কেবিনেট ৰেংক দিয়া হৈছে । বাকী থাকিল শিলাদিত্য দেৱ । ১০ বছৰ আগৰ দৰে শিলাদিত্য দেৱৰ দৰে  যিকোনো বঙালী ভাষী নেতাই বঙালী ভাষী ভোটাৰক সন্মুখত ৰাখি দল বা মন্ত্ৰীক ব্লেকমেইল কৰিব নোৱাৰে । কাৰণ আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ দৰে নামনি অসমৰ অসমীয়াভাষী ব্যক্তিজনক বঙালী ভাষী হিন্দু ৰাইজে অধিক মৰম আৰু বিশ্বাস কৰে ।  নাম প্ৰকাশ কৰিবলৈ অনিচ্ছা কৰা বিজেপিৰ বহু বিধায়ক আৰু নেতাই আমাক জনাইছে যে বিটিচি বা ২০২১ চনৰ নিৰ্বাচনৰ  নিৰ্বাচনী সভা সমুহত হিমন্ত বিশ্ব শৰ্মাই আন নেতা সকলক সাম্প্ৰদায়িক ভাষণ নিদিবলৈ আদেশ দিয়ে । কিন্তু আচৰিত ভাবে সকলোৰে ভাষণ শেষ হোৱাৰ পিছত তেওঁ যেতিয়া ভাষণ দিবলৈ আৰম্ভ কৰে তেতিয়া প্ৰথম বাক্যটোৱেই হয় আজমলৰ গালি , লাভ জেহাদ বিৰোধী নীতি ইত্যাদি । অসমৰ বিজেপি ভোটাৰে কেবৰ সময়ত যিসকল নেতাই হিন্দুত্ব বাদক মুকলি সমৰ্থন দি কেব সমৰ্থক ৰাইজৰ কাষত থিয় দিছিল সেই সকল নেতাক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অধিক গুৰুত্ব প্ৰদান কৰিলে ; আনহাতে যোৱা পাঁচ বছৰত সাম্প্ৰদায়িক সম্প্ৰীতিৰ দোহাই দি যিসকল পুৰণি নেতাই জয় শ্ৰীৰাম শ্লোগান দিবলৈ ইচ্ছা নকৰিলে সেই সকল নেতাই হৈছে বৰ্তমান বিজেপিৰ অন্যতম বিৰোধী । যিটো সময়ত অসমত পুৰ্ব বংগীয় মুছলমানৰ জনসংখ্যা ৪০% হবলৈ গৈ আছে সেই সময়তো এই পুৰণি নেতাসকলে ৰূপজ্যোতি , সুশান্তৰ দৰে নেতাৰ বিজেপি গমনক বিৰোধ কৰে । মুঠৰ ওপৰত মিচ কল দি সদস্য হোৱা বা ১২ টা মাহত ২৪ খন মিটিংত ভাগ লোৱা বুথ লেভেলৰ ৯৯% কৰ্মী আশাহত হৈছে । দলৰ মাৰ্কেটিং নীতিত নিজৰ নিজৰ কাম কাজ ত্যাগ কৰি দল কৰা যুবক সকলৰ ভৱিষ্যত অন্ধকাৰ বুলি বিজেপিৰ বহু নেতাই অফ দ্যা ৰেকৰ্ড কবলৈ বাধ্য হৈছে ।