আয়াৰাম গোৱাৰাম

1592

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


গোৱা; ভাৰতৰ পশ্চিম প্ৰান্তত অবস্তিত এখন সৰু ৰাজ্য। অবসৰ বিনোদনৰ বাবে ভাৰতৰ ১ নম্বৰ ঠাই বুলি কলেও ভুল কোৱা নহ’ব। ইয়াৰ জনসংখ্যা মাত্র ১৮ লাখ , মেঘালয় বা মণিপুৰতকৈও সৰু ৰাজ্য কিন্তু ৰাজনৈতিক ভাবে অতি গুৰুত্বপূৰ্ণ। Per Capita ইনকামত গোৱা ভাৰতৰ প্ৰথম স্হানত আছে। এই গোৱাতে যোৱা দুই বছৰে হোৱা ৰাজনৈতিক ঘটনাবোৰে সকলোৰে চকু কপালত তুলিছে।
গোৱা বিধানসভাৰ নিৰ্বাচন হৈছিল ২০১৭ চনত। ৪০ জনীয়া বিধানসভাত কংগ্ৰেছে ১৭ খন, বিজেপিয়ে ১৩ খন আসন লাভ কৰিছিল। বাকী দহখন আসন পাইছিল MGP (Maharashtrawadi Gomantak Party), GFP (Goa Forward Party) আৰু নিৰ্দলীয়ই। ফলাফল ঘোষনা হোৱাৰ দিনাই বিজেপিৰ নিতিন গাডকাৰী আৰু কংগ্ৰেছৰ দিগ্বিজয় সিং এ নিজ নিজ দলৰ চৰকাৰ গঠন কৰিবলৈ গোৱাত উপস্হিত হৈছিল। গাডকাৰীৰ হাতত পৰাস্ত হয় দিগ্বিজয় সিং । মনোহৰ পাৰিকৰে গোৱাৰ মুখ্যমন্ত্রীৰুপে শপত গ্ৰহণ কৰে। GFP ৰ বিজয় সৰদেশাই হ’য় উপ-মুখ্যমন্ত্রী।
BJP 13+ GFP 3+ MGP 3+ ind = BJP govt
বিজেপিয়ে যদিও সংখ্যাগৰিষ্ঠতা পাইছিল তথাপিও শংকা আতৰা নাছিল। কংগ্ৰেছৰ বিশ্বজিত ৰাণেই কংগ্ৰেছৰ পৰা ইস্তফা দি বিজেপিত যোগদান কৰে। উপ নিৰ্বাচনত ৰাণে জয়ী হয় আৰু মন্ত্রীসভাত অন্তৰ্ভুক্ত হয়। এতিয়া বিজেপি হ’ল বিজেপি ১৪ আৰু কংগ্ৰেছ ১৬। চৰকাৰক স্হায়ী কৰাৰ বাবে বিজেপিৰ প্ৰচেষ্টা অব্যাহত থাকে। কেইমাহমান পিছত দুজন কংগ্ৰেছৰ বিধায়কে বিধানসভাৰ পৰা ইস্তফা দি বিজেপিত যোগদান কৰে। বিধানসভাৰ মুঠ সদস্য সংখ্যা ৪০ৰ পৰা কমি ৩৮ লৈ হ্ৰাস পায়। বিজেপি ১৪, কংগ্ৰেছ ১৪
পাৰিকৰৰ মৃত্যুৰ পিছত:
২০১৯ত বিজেপিৰ দুজন বিধায়কৰ মৃত্যু হয়। এজন হ’ল মুখ্যমন্ত্রী মনোহৰ পাৰিকৰ আনজন ফ্ৰান্সিছ ডিচুজা। বিজেপি ১২, কংগ্ৰেছ ১৪ । ১৯ মাৰ্চ ২০১৯ ত গোৱাৰ নতুন মুখ্যমন্ত্রী ৰুপে শপত গ্ৰহণ কৰে প্ৰমোদ চাৱন্তে।
BJP 12+ MGP 3+ GFP 3+ IND 3= BJP Govt (21)
বিজেপিয়ে চৰকাৰ গঠন কৰিলেও চৰকাৰ স্তিৰ নাছিল। চৰকাৰত আছিল দুজন উপ মুখ্যমন্ত্রী ক্ৰমে GFP ৰ বিজয় চৰদেশাই আৰু MGP ৰ সুধীন ধাৱলিকাৰ। এসপ্তাহৰ ভিতৰতে সুধীন ধাৱলিকাৰৰ দলত বিভাজন হ’য়। দলৰ দুজন বিধায়কে বিজেপিত যোগদান কৰে। দুই তৃতীয়াংশ বিধায়কে যোগদান কৰা বাবে বিধায়ক পদ খাৰিজ নহ’ল। লগে লগে সুধীন ধাৱলীকাৰক মন্ত্রীসভাৰ পৰা বাহিৰ কৰি দিয়া হয়। এই দুজন বিধায়কৰ যোগদানৰ ফলত বিজেপিৰ বিধায়কৰ সংখ্যা  ১৪লৈ বৃদ্ধি পায়। ৪ টা সমষ্টিৰ উপ- নিৰ্বাচনত ৩ টাত বিজেপি আৰু এটাত কংগ্ৰেছ জয়ী হয়।  এতিয়া বিজেপিৰ বিধায়কৰ সংখ্যা হ’ল ১৭।
উপ-নিৰ্বাচনৰ যিটো সমষ্টিত বিজেপি পৰাজিত হৈছিল সেইটো আছিল মনোহৰ পাৰিকৰৰ সমষ্টি। কংগ্ৰেছৰ বাহুবালী সদস্য অতনাচিঅ’ মোনচেৰাটে কংগ্ৰেছৰ টিকটত বিধানসভালৈ নিৰ্বাচিত হ’ল। ১৭ জন বিধায়ক আৰু আন সৰু দল, নিৰ্দলীয়ৰ সমৰ্থনত চৰকাৰ সুৰক্ষিত আছিল যদিও বিজেপি সন্ত্তষ্ট নাছিল। এইবাৰ বিজেপিয়ে চেষ্টা চলালে কংগ্ৰেছৰ পৰা দুই তৃতীয়াংশ বিধায়ক আনি বিজেপিত যোগদান কৰোৱাৰ। বিজেপিৰ প্ৰথন টাৰ্গেট আছিল বাহুবলী মোনচেৰাট। মোনচেৰাটৰ পত্নী আৰু তেওঁৰ দুজন বিজনেছ পাৰ্টনাৰো তেওঁৰ লগ লাগিল। বিধানসভাৰ বিৰোধীদলৰ দলপতিজনক বিজেপিয়ে মেনেজ কৰিবলৈ সক্ষম হ’ল। তেওঁ নিজৰ লগত আন ৫ জন বিধায়ক আহিল । মুঠ ১০ জন বিধায়ক হোৱাৰ লগে লগে তেওঁলোকে দলত্যাগ কৰি বিজেপিত যোগদান কৰে। দলত্যাগ আইনৰ অধীনত এই দহজন বিধায়কৰ সদস্যপদ খাৰিজ নহয়।  বিজেপিৰ বিধায়কৰ সংখ্যা হ’ল ২৭।
এতিয়া চৰকাৰৰ স্হায়িত্বকলৈ সন্দেহ নাই। কিন্তু গোৱাৰ ঘটনাটোৱে ভাৰতৰ গণতন্ত্ৰক জোকাৰি গ’ল। বিধায়ক বিলাকে যি দলৰ টিকটত জয়ী হয়,  সেই দলৰ প্ৰতি বিধায়ক বিলাকৰ কোনো দায়বদ্ধতা নাই। ৰাইজেও এই দলত্যাগী বিধায়কসকলক পুনৰ অন্য দলৰ টিকটত নিৰ্বাচিত কৰে। গতিকে কাৰো মনত ভয় নাই। গণতন্ত্ৰৰ লগত এনে খেল আৰু কিমানদিন চলিব?