আৰক্ষীৰ দৰমহা গাঁঠনি ইউ জি চি আৰ্হিৰ হওঁক

12658

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


পুলিচ আপোনাৰ সাহস আৰু পুলিচ আপোনাৰ কাৰণে দুৰ্বলতা । দুষ্কাৰ্য সংঘটিত হ’লে ৰাইজ কাষ চাপে পুলিচৰ , কিন্তু একেখিনি ৰাইজে আকৌ আৰক্ষী চকী( থানা) ত প্ৰবেশ কৰিব লাগিলে বিৰক্ত হয় । থানাত যোৱাটোকে দু:সময় হিচাপে গণ্য কৰে । ৰাইজৰ সেৱাৰ কাৰণে আৰক্ষী ;  আৰক্ষী এজনে সেৱা কৰিবলৈ প্ৰস্তুত থাকিব লাগে । কিন্তু আইন পালন কৰা সাধাৰণ ব্যক্তি এজনে থানাৰ ভিতৰত আৰক্ষীৰ লোক এজনৰ লগত মুখামুখি হ’বলৈ কিয় বাঞ্চা নকৰে ? বহু ক্ষেত্ৰত আৰক্ষী লোকজনৰ ব্যৱহাৰ ৰুক্ষ হয়  । সমাজত প্ৰায়ে কথা এষাৰ শুনিবলৈ পোৱা যায় , ” পুলিচৰ লগত মিত্ৰতাও বেয়া , শত্ৰুতাও বেয়া । ” শত্ৰুতা অকল পুলিচৰ লগতেই নহয় , আন সকলোৰে লগতে বেয়া । কিন্তু মিত্ৰতা কিয় বেয়া ? পুলিচৰ লগত সাধাৰণ ৰাইজৰ যোগাযোগ বা মিত্ৰতা থকিলে অপৰাধ সংঘটিত হোৱাৰ সম্ভাৱনা কম থাকে । কোনো ব্যক্তিয়ে তেওঁৰ নিজৰ অঞ্চলত সন্দেহযুক্ত ব্যক্তি বা কোনো অপৰাধমুলক ঘটনাৰ সম্ভাৱনা দেখিলে ওচৰৰ আৰক্ষীক জনাব পাৰে । কিন্তু বাস্তৱ ক্ষেত্ৰত বহু সময়ত ইয়াৰ এখন ওলোটা ছবি পৰিলক্ষিত হয় । যদি কোনো ব্যক্তিয়ে এনে সন্দেহযুক্ত ঘটনাৰ কথা আৰক্ষীক জনাব যায় তেন্তে ব্যক্তিজনক আৰক্ষী থানাত বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰা হয় । শেষত আৰক্ষীৰ ওচৰ চপা ব্যক্তি জনহে অপৰাধী অপৰাধী লগা পৰিবেশ এটা হয় ।  আৰক্ষী চকীত সোমালে ভয় খাব লাগে চোৰ – ডকাইত বা অপৰাধীয়ে ,  কিন্তু আৰক্ষী চকীত সোমাবলৈ ভয় কৰে  আইন মানি চলি থকা সাধাৰণ জনতাই । ৰুক্ষ আচৰণ কৰা আৰক্ষী লোকজনো ৰাইজৰ লগত একেখন সমাজতে বাস কৰে । তেন্তে মানুহ জনে কিয় ৰুক্ষ আচৰণ কৰে ? স্বাধীনতাৰ সত্তৰ বছৰ পিছতো আৰক্ষীক উচিত  সুবিধা প্ৰদান কৰা হোৱা নাই কোনো এখন চৰকাৰৰ দ্বাৰা । এতিয়া অৱশ্যে পৰিবেশ কিছু উন্নত হৈছে । আৰক্ষী চকীবোৰ পুনৰ নিৰ্মাণ হৈ আছে , কিছু কিছু থানা কৰ্পৰেট অফিচ জাতীয়ও হৈছে । এইয়া শুভ লক্ষণ । এই ক্ষেত্ৰত চৰকাৰ ধন্যবাদৰ পাত্ৰ । এটা দিনত কেতিয়াবা ১৮-২০ ঘন্টা  পৰ্য্যন্ত ডিউটি কৰিব লগা হয় আৰক্ষী এজনে । থানাৰ ভিতৰত এটা ভাল পৰিবেশ আৰক্ষীয়ে পোৱাটো প্ৰয়োজনীয় ।  আৰক্ষীক বাদ দি আন সকলো  চৰকাৰী চাকৰিয়ালে নিজৰ চাকৰি কালত চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা , পিকেটিংত এবাৰ হ’লেও অংশ লয় । কেব বা ‘কা ‘ ৰ ক্ষেত্ৰত  প্ৰাথমিক শিক্ষক সন্থাৰ পৰা আৰম্ভ কৰি কলেজ শিক্ষক সন্থা লৈ সকলোৱে  ৰাস্তাত প্ৰতিবাদ কৰিলে , পিয়নৰ পৰা আৰম্ভ কৰি পৰ্যতন বিভাগৰ এচিএছ বিষয়া লৈ বিভিন্ন জনে বুকুত কেব বিৰোধ লেখি চ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিলে । এইখন বিশ্বত শ্ৰমিক দিবস পতা হয় , আঠ ঘন্টাৰ ওপৰত শ্ৰম কৰা আইন বিৰুদ্ধ ; কিন্তু এজন আৰক্ষীৰ হাৱিলডাৰৰ পৰা উচ্চপদস্থ  বিষয়া লৈ আঠ ঘন্টাৰ ডিউটিৰ নিয়মটো জানো বাস্তৱ ?  বহুক্ষেত্ৰত ২০-২২ ঘন্টা ডিউটি কৰা দেখা যায় একোজন আৰক্ষীক ; তৎস্বত্তেও আৰক্ষীৰ লোক এজন সদায় সমালোচনাৰ সন্মুখিন হৈ থাকে । এতিয়া আহো দৰমহা  ___ডিএছপি পদত চাকৰিত সোমোৱা ব্যক্তি এজনে কিমান দৰমহা পায় আৰু কলেজৰ শিক্ষক পদত চাকৰি কৰা ব্যক্তি এজনে কিমান দৰমহা পায় ? বেংকৰ কেৰাণী জনে কিমান দৰমহা পায় আৰু হাইৱেট ট্ৰেফিক নিয়ন্ত্ৰণ কৰা আৰক্ষী জনে কিমান দৰমহা পায় ? স্বাস্থ্য বীমা হিচাপে  অইলত চাকৰি কৰা শ্ৰমিকে কি পায় আৰু আৰক্ষীৰ বিষয়া এজনে কি পায় ?  গ্ৰাহক ৰাইজে দাবী কৰে বেংক বা এল আই চিৰ অফিচ বিলাক শীত তাপ নিমন্ত্ৰণীত হ’ব লাগে , কিন্তু আৰক্ষী চকী খন শীত তাপ নিয়ন্ত্ৰণীত হ’ব লাগে বুলি ভবাটোও অবাস্তৱ যেন লাগে । আৰক্ষী , মন্ত্ৰী , বনুৱা , শ্ৰমিক , শিক্ষক সকলো একেখন সমাজৰ বাসিন্দা আৰু আজিৰ ছাত্ৰই কাইলৈ এইবিলাক পদত কাম কৰিব । শিক্ষক আৰু আৰক্ষী ___এখন সমাজক সুশৃংখল কৰি ৰখাত মুখ্য ভুমিকা গ্ৰহণ কৰে । সেয়ে এই দুয়োটা শ্ৰেণীক আৰ্থিক আৰু মানসিক ভাবে শক্তিশালী কৰি ৰখাত চৰকাৰে অধিক গুৰুত্ব দিয়া দৰকাৰ । উল্লেখ্য যে শিক্ষকৰ দৰমহা গাঁঠনি যথেষ্ট উন্নত হৈছে ; কলেজ শিক্ষকৰ ক্ষেত্ৰত চৰকাৰ অধিক দৰদী হোৱা দেখা গৈছে । এতিয়া সকলোৰে নজৰ থাকিব আৰক্ষীকো যাতে কলেজ শিক্ষকৰ আৰ্হিত দৰমহা দিয়া আৰু অইল আদি কোম্পানীৰ দৰে স্বাস্থ্য বীমা প্ৰদান কৰা ।

উল্লেখ্য যে সংবাদ মাধ্যমেও টি আৰ পি ৰ খাতিৰত কোনো আৰক্ষীৰ লোক কু কৰ্মত লিপ্ত হ’লে দিনৰ দিনটো বাতৰি বাতৰি বজায় থাকে । কুকাৰ্য্য সমৰ্থনযোগ্য নহয় , কিন্তু কু কাৰ্য্যৰ এনেকুৱা সষ্টিয়া প্ৰচাৰে সৎ আৰক্ষীৰ লোক এজনৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে সেই কথা বিচাৰ কৰি নেচায় । এনেকুৱা প্ৰচাৰে আৰক্ষীক নিকা কৰাতকৈ অপৰাধীক হে মানসিক ভাবে সবল কৰা দেখা যায় ।  দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে ২০১৯ চনৰ আগষ্ট মাহত দিয়া বক্তব্য অতি গুৰুত্বপুৰ্ণ । তেওঁ উল্লেখ কৰিছে যে দেশৰ অৰ্থনীতি সৱল কৰাত আৰক্ষীৰ ভুমিকা অতি গুৰুত্বপুৰ্ণ কাৰণ দেশৰ আইন শৃংখলাৰ প্ৰভাব অৰ্থনীতিত পৰে । প্ৰায় ৩৫ হাজাৰ আৰক্ষীৰ লোকে জীৱন আহুতি দিয়া কথাও তেওঁ সোঁৱৰে । আৰক্ষীক শক্তিশালী কৰা আৰু সা-সুবিধা উন্নত কৰিবলৈ ব্যপক সালসলনিৰ প্ৰয়োজন থকা বুলি দোহাৰে আৰু ৰাইজৰ পৰা প্ৰত্যক্ষ ভাবে পৰামৰ্শ বিচাৰে । আৰক্ষীৰ দৰমহা গাঁঠনিয়ে প্ৰথম স্থান অধিকাৰ কৰক আৰু প্ৰতিজন আৰক্ষীক সুকীয়া হেল্থ কাৰ্ডৰ দ্বাৰা চিকিৎসা বীমাৰ আওঁতাত অনা হওঁক ।