টি আৰ পি আৰু ৰাজনীতিৰ কাৰণে আৰক্ষী বদনামী

1451
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


চেনেলৰ টি আৰ পি , ভোট বেংক ৰাজনীতি আৰু  একাংশ জনতাৰ অজ্ঞতা বাবেই আৰক্ষীক চফ্ট টাৰ্গেট হয়  । বেংকৰ চাকৰি , চৰকাৰী স্কুলৰ শিক্ষক এজনৰ চাকৰীৰ দৰে আৰক্ষী ও এটা চাকৰি । বেংকৰ সুতৰ হাৰ কম বেছি হোৱাৰ লগত বেংকৰ কেচিয়াৰ জনৰ একো সম্পৰ্ক নেথাকে  বা স্কুলৰ পাঠ্যক্ৰম সলনি কৰাত শিক্ষক এজনৰ একো সম্পৰ্ক নেথাকে ।গণতান্ত্ৰীক দেশ এখনত আৰক্ষী স্বতন্ত্ৰ অনুষ্ঠান নহয় । ৰাজ্য চৰকাৰ অধীন ; ৰাজ্য এখনৰ অধীন , একমাত্ৰ দিল্লী আৰক্ষী কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে । দিল্লীৰ কথা যিহেতু আহিছে তেন্তে সকলোৱে পুনৰ মনত ৰখা উচিত যে  ২০০৮ চনৰ দিল্লী জামিয়া নগৰত পুলিচৰ হাতত দুইজন ইণ্ডিয়ান মুজাহিদিনৰ সন্ত্ৰাসবাদী নিহত হোৱাৰ পিছত বিভিন্ন ৰাজনৈতিক দলে আৰক্ষীক ভুৱা সংঘাত কৰা বুলি দোষাৰোপ কৰিছিল । বহুজন সমাজ পাৰ্টি , সমাজবাদী পাৰ্টিয়ে ন্যায়িক তদন্তৰ দাবী তুলিছিল । পিছলৈ ৰাষ্ট্ৰীয় মানব অধিকাৰ  আযোগৰ অধীনত চলা গোচৰত পুলিচক নিৰ্দোষী বুলি ৰায় দিয়া হয় । উক্ত সংঘৰ্ষত এজন আৰক্ষী মোহন শৰ্মা নিহত হৈছিল কিন্তু মোহন শৰ্মাৰ বলিদানক একো গুৰুত্ব দিয়া নহল । কংগ্ৰেছৰ প্ৰাক্তণ আইন মন্ত্ৰী  চলমান খুৰচিদে এখন জনসভাত ঘোষণা কৰিছিল যে , ” বাটলা হাউচ এনকাউন্টাৰ ফটো যেতিয়া ছোনীয়া মেডামক দেখুৱাইছিলোঁ তেতিয়া তেওঁ কান্দি উঠিছিল । ”  অসমত কি হৈছিল ১৯৮৩ ত ?  আন্দোলনৰ সময়ত বাওঁপন্থী আৰু কংগ্ৰেছী আদৰ্শৰ বহু ব্যক্তিৰ জীৱন আৰু যৌবন কাঢ়ি লৈ গৈছিল একাংশ আন্দোলনকাৰীয়ে । আৰক্ষীৰ হাতত বহু আন্দোনকাৰী প্ৰশমিত হৈছিল বা গ্ৰেপ্তাৰ  হৈছিল । কিন্তু মাত্ৰ দুই বছৰ পিছতে সেই একেই আৰক্ষীয়ে আন্দোলনৰ নেতাক ‘ ছাৰ ‘ বুলি সম্বোধনো কৰিব লগা হৈছিল । শিক্ষক এজনে মদ খাই স্কুলত গ’লে গোটেই শিক্ষা ব্যৱস্থাটো দায়ী নহয় বা বেংকৰ মেনেজাৰটো ঘোচখোৰ হ’লে গোটেই বেংকিং ব্যৱস্থা দায়ী নহয় । আৰক্ষীৰ লোক এজনৰ দুষ্কাৰ্যৰ কাৰণে গোটেই আৰক্ষী ব্যৱস্থাটোক দায়ী কৰিব পাৰি জানো  ?? মিডিয়াই টি আৰ পি আৰু ৰাজনীতিৰ কাৰণে আৰক্ষীক বদনাম কৰাটো অতি সাধাৰণ কথাত পৰিণত হৈছে । কেইদিনমান আগত অসম চৰকাৰে বংগৰ কোনোবা গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে কেচ ৰুজু কৰিছে । কিন্তু দুই দিন পিছতেই অসমৰ নিউজ চেনেলত প্ৰচাৰ কৰিলে ___ গৰ্গ চেটাৰ্জীক কৰায়ত্ব কৰিব নোৱাৰি অসম আৰক্ষীয়ে মুখ থেকেচা খাই ঘুৰি আহিল । আৰক্ষীৰ দলটোত থকা আৰক্ষী কেইজন জানো তেজ মঙহৰ মানুহ নহয় , তেওঁলোকৰ পৰিয়াল নাই ? আৰক্ষীৰ মানুহ কেইজনৰ সন্তানে জানো নিজকে অসহায় বোধ নকৰিব ? আৰক্ষীয়ে দায়িত্ব পালন কৰিছে অসম চৰকাৰ নিৰ্দেশত আৰু সেই মৰ্মে বংগলৈ গৈছিল । কিন্তু বংগত মমতা বেনাৰ্জীৰ চৰকাৰৰ অধীনত থকা বংগ আৰক্ষীয়ে সেই ৰাজ্যৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী যদি অসম আৰক্ষীক সহযোগীতা কৰা নাই তেন্তে দোষ জানো অসমৰ পৰা যোৱা আৰক্ষীৰ দলটোৰ ?
মিডিয়া আৰু ৰাজনৈতিক ব্যক্তি সকলে এইবিলাক সকলো কথা জানে কিন্তু একমাত্ৰ নিজস্ব স্বাৰ্থৰ কাৰণে আৰক্ষীক টাৰ্গেট কৰি লয় । ইয়াৰ ফলত সমাজত বেয়া মেচেজ এটা যায় , আৰক্ষীয়ে মিছাতে বদনামৰ বোজা সহ্য কৰিব লগা হয় আৰু শেষত লাভ হয় অপৰাধীৰ । গুলজাৰ হুছেইন , ভাস্কৰ কলিতাৰ দৰে শ শ জন শ্বহীদ হৈ গ’ল একমাত্ৰ নিজে কৰা চাকৰিটোৰ দায়িত্ব পালন কৰি । চোৰ, ডকাইত ,সন্ত্ৰাসবাদী , আইন ভংগকাৰীৰ বিৰুদ্ধে যিদৰে আৰক্ষীয়ে দায়িত্ব পালন কৰিব লগা হয় , সেই একেখিনি আৰক্ষী মহামাৰী কৰ’নাৰ বিৰুদ্ধেও যুঁজিব লগা হয় । কৰ’না মহামাৰীৰ সময়ত ভাৰতত আৰক্ষীৰ লোকৰ মৃত্যু পৰ্যন্ত হৈছে । কৰ’নাৰ পিছে পিছে অসমত বানপানীৰ দুৰ্যোগতো আৰক্ষী নামি পৰিব লাগিব ।যিদৰে সীমান্তত বিদেশী শত্ৰুৰ বিৰুদ্ধে নিজৰ দেশক ৰক্ষাৰ কৰা দায়িত্ব লৈ থকা সেনাক মানসিক ভাবে দুৰ্বল কৰাৰ চক্ৰান্ত দেশৰ একাংশ ৰাজনীতিবিদ সকলে কৰি আছে সেইদৰে দেশৰ অভ্যন্তৰীণ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীক ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে দুৰ্বল কৰাৰ প্ৰয়াস চলি থাকে । আৰক্ষীৰ দোষ গুনৰ বিচাৰ মিডিয়া  বা নেতাৰ কাৰ্যলয়ত হোৱাতো বন্ধ হ’বনে ?  সংবিধানে দিয়া অধিকাৰ অনুসৰি প্ৰতিখন আৰক্ষী চকী যিহেতু এজন এজন জুদিচিয়েল মেজিষ্ট্ৰেটৰ সন্মুখত জৱাবদাহী সেয়ে কিবা অভিযোগ থাকিলে ন্যায়ালয়ৰ সহায় লোৱা হওক ।  নিউজ চেনেল বা বুদ্ধিজীবী বা নেতাই কেতিয়াও নকয় যে ব্যক্তিগত সুৰক্ষা আৰু ষ্টেটাছ চিম্বোলৰ বাবে কিমান জন আৰক্ষীক ব্যৱহাৰ কৰা হয় ? চৰকাৰ যি দলৰে নেথাকক আৰক্ষীক যদি  মানসিক আৰু আৰ্থিক ভাবে শক্তিশালী কৰাৰ চিন্তা দেশৰ জনতাই এতিয়াই নকৰে তেন্তে অনাগত ভৱিষ্যতত দেশদ্ৰোহীৰ সহজ টাৰ্গেট হ’ব সাধাৰণ জনতা  ।