আৰ এছ এছ, ভাৰতীয় মুছলমান, কংগ্ৰেছ , হিন্দু  আৰু প্ৰণব মুখাৰ্জী

8133
  • পাৰ্থ প্ৰতিম লহকৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


প্ৰণব মুখাৰ্জী ডাঙৰীয়াই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ সমাবেশ অনুষ্ঠানত যোগদান কৰাৰ পিছত দেশৰ সমাজ নীতি আৰু ৰাজনীতিত কি প্ৰভাব পেলায় সেয়া সময়ে অনাগত সময়ত পৰিচয় কৰাই দিব । আৰ এছ এছ ক বাওঁপন্থী চিন্তাধাৰাই যেতিয়াই সমালোচনা কৰে তেতিয়াই আৰ এছ এছৰ পৰা উত্তৰ আহে যে আৰ এছ এছ জানিবলৈ তেওঁলোকৰ শাখাত যোগ দিব লাগে । কিন্তু কথা হ’ল কোনো দল বা সংগঠনক সমালোচনা কৰিবলৈ  দলটোত যোগ দিয়াৰ যুক্তি বহু সময়ত মানি লোৱাটো অসম্ভৱ । সেয়ে যিকোনো সংগঠনক জানিবলৈ সংগঠনটোৰ অতীত আৰু বৰ্তমানৰ কাৰ্য্যপন্থাক বিচাৰ কৰি চাব লাগিব আৰু এইয়া যুক্তিসংগত ।
আৰ এছ এছৰ বিভিন্ন বাৰ্ষিক কাৰ্য্যক্ৰমত যোগ দিবলৈ সংঘৰ লগত জড়িত নথকা  বিভিন্ন ব্যক্তিক নিমন্ত্ৰণ দিয়া হয় আৰু সেইমৰ্মে অনুষ্ঠানবোৰ চলি আহিছে  । কিন্তু প্ৰণব মুখাৰ্জী সংঘৰ অনুষ্ঠানলৈ অহাক লৈ ইমান হৈ চৈ কিয় ? দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে নে কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান ব্যক্তি হিচাপে ? প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে ইমান হৈচৈ নহয় কাৰণ বৰ্তমান সময়ত দেশৰ ৰাষ্ট্ৰপতি , উপ-ৰাষ্ট্ৰপতি ,প্ৰধান মন্ত্ৰী তিনিওজন আছিল আৰ এছ এছৰ স্বয়ংসেৱক । প্ৰণব মুখাৰ্জীৰ উপস্থিতিয়ে খলকনি সৃষ্টি কৰিছে কংগ্ৰেছ দলৰ নীতি নিৰ্ধাৰক ব্যক্তিসকলৰ মাজত ।  ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি  প্ৰতিজন কংগ্ৰেছ নেতাই প্ৰণব মুখাৰ্জীৰ উপস্থিতি  সম্বন্ধে মন্তব্য আগবঢ়াইছে ।  কিন্তু তেনে এটা দলৰ বিগত সময়ৰ  পিতামহ স্বৰূপ প্ৰনব মুখাৰ্জী ডাঙৰীয়াই সংঘৰ অনুষ্ঠানত উপস্থিত থাকি অকল ভাৰতৰ জনতাকেই নহয় সমগ্ৰ বিশ্বক দেখুৱাই দিলে যে আৰ এছ এছ কোনো উগ্ৰবাদী দল নহয় । কিন্তু আৰ এছ এছ ক ভাৰতৰ ইতিহাসত কোনে উগ্ৰবাদী সজাঁলে আৰু কিয় উগ্ৰবাদী সজাঁলে এই প্ৰশ্নৰ উত্তৰ পাবলৈ হ’লে আমি অলপ পিছুৱাই যাব লাগিব ।
১৯৪৭ চনৰ ১৫ আগষ্টৰ মাজনিশা ভাৰতবৰ্ষ উপনিবেশিক শাসন ব্যৱস্থাৰ পৰা মুক্ত হ’ল আৰু মাত্ৰ এদিন আগত ১৪ আগষ্টৰ দিনা ভাৰত বিভাজনৰ ফলত পাকিস্থানৰ জন্ম হ’ল । জীন্না গ’ল , সন্ধানহীন সুভাস বসু  ,  হিন্দু মহাসভাৰ নেতাবিলাকৰ ৰাজনীতি  ত্যাগ  আদি ঘটনাৰাজীয়ে  কংগ্ৰেছ দলক ভাৰতৰ অবিসম্বাদী ৰাজনৈতিক দল হিচাপে চিহ্নিত কৰে । সেইমৰ্মেই  কংগ্ৰেছ দলে  চৰকাৰ গঠন কৰি স্বাধীন ভাৰতৰ ক্ষমতা হস্তগত কৰে । সেইসময়ত দলটোৰ হাতত ভৱিষ্যত পৰিকল্পনাৰ দিশৰ পৰা দুটা পন্থা হাতত আছিল । দেশ বিভাজনে জুৰুলা কৰা হিন্দু মানুহখিনিৰ সুযোগ সুবিধা সুনিশ্চিত কৰা আৰু দেশৰ হিন্দু মানুহখিনিক পুনৰ দেশবিভাজনৰ দৰে ঘটনাই যাতে বিপদত পেলাব নোৱাৰে তাক সুনিশ্চিত কৰি , মানবীয় দৃষ্টিভংগীৰে ভাৰতত থাকি যোৱা মুছলমান মানুহখিনিৰ বিকাশৰ পথ নিশ্চিত কৰা । সেই প্ৰাৰম্ভিক সময়ছোৱাত হিন্দুৰ সংখ্যা আছিল ৮৫ % আৰু মুছলমানৰ সংখ্যা আছিল প্ৰায় ১৫ % । সোপন্থী ৰাজনীতি কৰিবলৈ হ’লে দেশৰ বিকাশ আৰু উন্নয়ন ক্ষিপ্ৰ কৰিব লাগিব সেয়া কংগ্ৰেছ দলে অনুভব কৰিব পাৰিছিল । কিন্তু বৃটিছে জুৰুলা কৰি য়োৱা দেশ এখনত  প্ৰতি পাচঁ বছৰৰ মুৰে মুৰে অহা নিৰ্বাচনবোৰত অকল বিকাশৰ নামত ৰাজনীতি কৰি ক্ষমতাত থকা বিষয়টোৱে কংগ্ৰেছ নেতৃত্বক শংকিত কৰি তুলিছিল ।  আনহাতে ক্ষমতাত থকাৰ দ্বিতীয় পন্থাটো কিন্তু বেছি কঠিন  নাছিল । কাৰণ হাজাৰ বছৰ ধৰি শান্তি আৰু ভাতৃত্ববোধেৰে থকা দেশৰ হিন্দু আৰু মুছলমান মানুহখিনিৰ মাজত দেশ বিভাজনে অবিশ্বাসৰ ভাব সৃষ্টি কৰিছিল । এই সময়ছোৱাত মুছলমান মানুহখিনিক শংকিত কৰি মুছলমানৰ অভিভাবক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ উন্নয়নৰ ৰাজনীতিৰ প্ৰয়োজন নাছিল , মাত্ৰ প্ৰয়োজন আছিল আবেগৰ ৰাজনীতিৰ । মুছলমান মানুহখিনিক ভোট বেংক হিচাপে গঢ় দি যদি  হিন্দু মানুহখিনিক ভাষা , উচ্চ- নীচ , পাহাৰ – ভৈয়াম আদিৰ নামত  বিভক্ত কৰিব পৰা যায় তেন্তে ক্ষমতা দখল হৈ পৰিব কেতিয়াও সুৰ্য্যাস্ত নোহোৱা বেলিৰ দৰে ।  যিটো সময়ত আব্দুল হামিদক নায়ক কৰিব লাগিছিল সেই সময়ত ঔৰংগজেৱক জনপ্ৰিয় কৰাৰ নীতি লোৱা হ’ল । ঔৰংজেৱৰ নামত পথৰ নাম হ’ল । ঔৰংজেৱ অকল হিন্দু বিদ্বেশী ব্যক্তি  নাছিল । নিজৰ পিতৃক মৃত্যু যন্ত্ৰনা দিয়া এজন শাসক যি হিন্দু- মুছলমান  উভয়কে শোষন কৰিছিল আৰু মানবতাক নস্যাত কৰিছিল  । কিন্তু ঔৰংজেৱক ভাৰতৰ ইতিহাসত সজীৱ কৰি ঔৰংজেৱৰ নামত  মুছলমানৰ বিপক্ষে জনমত গঠন কৰাৰ বাট মসৃন কৰি ৰখাৰ উপায় ৰচনা হৈছিল । অবিভক্ত ভাৰতৰ মুছলমান মানুহখিনি মোগলৰ বংশধৰ নাছিল আৰু নহয় । কিন্তু স্বাধীনতাৰ পিছত ৰচনা কৰা স্কুলৰ পাঠ্যক্ৰমৰ  বুৰঞ্জী বিষয়ত  মোগলৰ আক্ৰমনৰ কথা বিস্তৃত ভাবে উল্লেখ আছিল যদিও ভাৰতত ইছলাম আৰু ইছলাম ধৰ্মত দিক্ষিত হোৱা মানুহৰ অতীতৰ কোনো ইতিহাস এজন স্কুলৰ ছাত্ৰই জনাৰ উপায় নাছিল । ভাৰতৰ খিলঞ্জীয়া মুছলমানৰ ডিএনএ আৰু হিন্দুৰ ডিএনএ ডালৰ যে কোনো পাৰ্থক্য নাই সেই কথা পাঠ্যক্ৰমত উল্লেখ নাই । অতি  সুপৰিকল্পিত ভাবে স্বাধীনতাৰ কিছুবছৰ পিছতেই ভাষাৰ আধাৰত ৰাজ্য পুনৰ্গঠন আইন ১৯৫৬ প্ৰনয়ন কৰা হয় । যিখন দেশত ভাষাৰ সংখ্যা ১৫০০ টাৰো অধিক সেইখন দেশত ভাষাৰ আধাৰত ৰাজ্য গঠনৰ উদ্দেশ্য কি আছিল এতিয়াহে দেশৰ উন্নয়নকামী জনতাই উপলব্ধি কৰিছে । প্ৰশাসন ব্যৱস্থা সুফল কৰাৰ বাবে ৰাজ্য পুনৰ গঠন নীতিত ভৌগলিক অবস্থানে গুৰুত্ব পাব লাগিছিল কিন্তু তাৰ মাপকাঠি কৰিলে ভাষা ।  ভাষা অনুপাতে ১৫০০ খন ৰাজ্য ভাৰতৰ ভিতৰত গঠন কৰা এটা অলৌকিক  ধাৰণাৰে বিভিন্ন ভাষা ভাষীৰ মাজত বিভেদৰ  ভাব জন্ম হৈছিল  ।
হিন্দু মানুহক মুছলমানৰ শত্ৰু আৰু মুছলমান মানুহক  হিন্দু মানুহৰ শত্ৰু হিচাপে গঢ়িতোলা মানসিকতা আৰু হিন্দু ধৰ্মৰ মানুহৰ মাজত জাত পাত , ভাষা ভাষী হিচাপে বিভেদৰ বীজ ৰোপন কৰি ক্ষমতা দখল কৰাটো যে অতি সুবিধাজনক সেই কথা ১৯৪৭ চনতেই প্ৰকট হৈ পৰিছিল ।
হিন্দু , মুছলমান , অসমীয়া বঙালী ,মাৰাঠী ,গুজৰাটী , তামিল ,তেলেগু , ট্ৰাইবেল, ন’ন ট্ৰাইবেল আদি  সকলো স্তৰৰ সাধাৰণ জনতাই  সাগৰ মন্থন কৰি দেশ স্বাধীন কৰিলে কিন্তু অমৃতৰ সোৱাদ  ল’লে অকল কেইজনমান নেতাই । নেহেৰু আৰু ইন্দিৰা গান্ধী এই দুজন নেতাই ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা আৰু আঞ্চলিক ভাষাৰ প্ৰতিনিধিবোৰক গুৰুত্ব দিছিল আৰু প্ৰতিটোৰে লগত সুসম্পৰ্ক গঢ়ি তুলিছিল । ৰাজ্যসমুহৰ আঞ্চলিক অনুষ্ঠানসমুহক গুৰুত্ব দিয়া হৈছিল । হিন্দুৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ধৰ্মীয় পন্থাবোৰক আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা বোৰৰ লগত সময়ে সময়ে মিলিত হৈছিল । সেয়ে কংগ্ৰেছক হিন্দু বিৰোধী বুলি কোৱাটো কঠিন আছিল । কিন্তু একে সময়তে বিভিন্ন আন্তৰ্জাতিক অবেচৰকাৰী অনুষ্ঠান আৰু শিক্ষা প্ৰতিষ্ঠানক ভাৰতলৈ গবেষণা কৰাৰ চলেৰে মাতি আনিছিল আৰু গৱেষণাৰ বিষয়সমুহ আছিল হিন্দু ধৰ্মক সমালোচনা কৰা আৰু ভাৰতীয় সভ্যতাক হেয় প্ৰতিপন্ন
কৰা । স্কুলৰ পাঠ্যক্ৰমবোৰত ভাৰতৰ ইতিহাসৰ ঋণাত্মক দিশবোৰৰ অধিক প্ৰচাৰ আৰু ভাৰতীয় সভ্যতাৰ ধনাত্মক দিশবোৰ লুপ্ত কৰি ৰখা হৈছিল । ইছলাম আৰু মোগলক একাকাৰ কৰি ভাৰতৰ খিলঞ্জীয়া মুছলমানৰ ধাৰণাটোক বিকৃত কৰা হয়  । স্কুলত শিকোৱা সাধাৰণ বুৰঞ্জীৰ পুথিখন পঢ়িলে এজন শিক্ষাৰ্থীৰ ভাব হয় যে  একে শ্ৰেণীত পঢ়া মুছলমান ধৰ্মৰ ল’ৰাজন মোগলৰ বংশধৰ আৰু মুছলমান ধৰ্মৰ ল’ৰাজনেও পাঠ্যপুথিৰ জ্ঞনেৰে  ভাবিবলৈ বাধ্য হয় যে তেওঁৰ পুৰ্ব পুৰুষ বাবৰৰ লগত অহা সৈণ্য আছিল ।  ১৯৭৩ চনত মুছলিম পাৰচ’নেল ল’ বোৰ্ড গঠন কৰি মুছলমান মানুহৰ কাৰণে বিবাহ , বিবাহ বিচ্ছেদ আদি বহু বিষয়ত পৃথক আইনৰ ব্যৱস্থা কৰা হয় । এখন গণতান্ত্ৰীক  দেশত ধৰ্মৰ  ভিত্তিত পৃথক আইনৰ ব্যৱস্থা কৰাত হিন্দু মুছলমানৰ মাজত বিভেদৰ ভাব সৃষ্টি হোৱাৰ পথ আকৌ এবাৰ সুগম  হ’ল । সুপৰিকল্পিত ভাবে বিকৃত ইতিহাস আৰু পাঠ্যপুথি প্ৰনয়নৰ  কাম আগবাঢ়ি আছিল আৰু সফল সমাপ্তিলৈ বেছি দুৰ নাছিল । কিন্তু এই নিৰৱ আৰু সংগোপনে কৰা চেষ্টাক উজাগৰ কৰিলে বিশ্ব নাথ প্ৰতাপ সিং চমুকৈ ভিপি সিং ডাঙৰীয়াই । ভি পি সিংৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱা দুৰ্বাৰ আশাই কংগ্ৰেছক ১৯৮৯ চনত বিপদত পেলালে । ১১ মাহৰ প্ৰধানমন্ত্ৰীত্ব কালত   তেওঁ হজৰত মহম্মদৰ জন্মদিনটোক ৰাষ্ট্ৰীয় বন্ধ ঘোষনা কৰাৰ লগে লগে ৰাজনৈতিক দল সমুহৰ মুছলমান তোষামোদ নীতি প্ৰকট হৈ পৰে জনতাৰ আগত । কাৰণ পৃথিবীৰ কোনো এখন ইছলাম প্ৰধান  বা চৰিয়তৰ নিয়মত চলা  দেশে এই দিনটোক বন্ধৰ তালিকাত ৰখা নাছিল ।
বিংশ শতাব্দীৰ আৰম্ভনী চোৱা ভাৰতবৰ্ষৰ সমাজনীতি আৰু ৰাজনীতিৰ ক্ষেত্ৰত এক ঐতিহাসিক ঘটনা । বিজেপি দলৰ লাল কৃষ্ণ আদৱানিৰ নেতৃত্বত ‘ৰথ যাত্ৰা ‘ আৰম্ভ হয় । প্ৰমোদ মহাজনক প্ৰধান সহযোগী কৰি অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে জনমত গঠন কৰাৰ কাৰ্য্যসুচী লোৱা হয় । আদৱানিৰ ৰথ যাত্ৰাৰ প্ৰভাবত বিজেপি দলে সংখ্যালঘু চৰকাৰ গঠন কৰে ‍ ১৯৯৮ আৰু ১৯৯৯ চনত । কিন্তু নেহেৰু নীতিৰ  নৰম সমৰ্থক অটল বিহাৰী বাজপেয়ীৰ  নীতিৰ দ্বাৰা কংগ্ৰেছ দল ক্ষতি হোৱাৰ আশংকাত ভোগা নাছিল । সেইকাৰণেই কংগ্ৰেছৰ বহু নেতাই বাজপেয়ীক সমৰ্থন কৰিছিল । মুৰুলি মনোহৰ যোচীৰ নেতৃত্বত থকা মানৱ সম্পদ বিভাগৰ ক্ষমতা তেনেই সীমিত আছিল কাৰণ বহু দলৰ দ্বাৰা সংযুক্ত চৰকাৰ এখনে সিদ্ধান্ত লওঁতে সকলো দলৰে  মতামত লোৱাৰ প্ৰয়োজন হয় । ২০০৪ চনৰ নিৰ্বাচনত বিজেপি পৰাভুত হয় কাৰণ বাজপেয়ীৰ পাকিস্থানৰ প্ৰতি দেখুৱা নৰম নীতিয়ে সংখ্যাগৰিষ্ঠ হিন্দু মানুহখিনিক আশাহত কৰে আৰু কংগ্ৰেছৰ মুছলমান ভোটবেংকে অতীজৰে পৰা দি থকা সমৰ্থন অটুট ৰাখে ।  ২০০৪ ৰা ২০১৪ চনলৈ মিডিয়াৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে বাওঁপন্থী প্ৰভাব স্পষ্ট ৰূপত দেখা দিয়ে । বিদেশী
এন জি ও( NGO) ৰে দেশ ভৰি পৰে । ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰাশ্চাত্যৰ প্ৰভাবে ভাৰতীয় মানুহৰ পৰিচয়ৰ দিশটোক প্ৰভাবান্বিত কৰি তোলে ।
কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোডী ধুমুহা শক্তিৰে সকলো বিৰোধীকে গ্ৰাস কৰি জনতাৰ বিপুল সহাঁৰিত দেশৰ ক্ষমতা দখল কৰে । ভাৰতৰ প্ৰতিটো কোণতে তথা বিশ্বৰ প্ৰতিখন দেশত নিজৰ স্থিতি সুদৃঢ়  কৰি তোলে । বাজপেয়ীৰ পৰা শংকিত নোহোৱা কংগ্ৰেছ দল কিন্তু মোদীৰ পৰা শংকিত অনুভৱ কৰিছে । সেয়ে হাৰ্দিক, জিগনেছ দৰে নেতাক ৰাহুল গান্ধীয়ে সংগী কৰি লৈছে আৰু জে এন ইউৰ ভাৰত বিৰোধী  গ্ৰুপটোক প্ৰত্যক্ষ সমালোচনা কৰাৰ পৰা বিৰত আছে । এফালে ৰাহুল গান্ধীৰ সোঁৱে বাওঁৱে থকা গোলাম নৱি আজাদ , চৰফৰাজ চোজ , শশি থৰুৰ , মনিশংকৰ আয়াৰ আদি নেতাই ভাৰত বিৰোধী মন্তব্য আগবঢ়াই আছে আৰু আনফালে প্ৰনব মুখাৰ্জীয়ে আৰ এছ এছৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি আৰ এছ এছক জন্ম দিয়া কেশব হেগড়েৱাৰক দেশ মাতৃৰ সুযোগ্য সন্তান বুলি কৈছে । যিটো সময়ত কংগ্ৰেছৰ শীৰ্ষৰ নেতাসকলৰ লগতে ৰাহুলে  মহাত্মা গান্ধীৰ হত্যাৰ লগত আৰ এছ এছ ক জড়িত কৰি উগ্ৰ ভাষন দি আছে , একে সময়তে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু কংগ্ৰেছৰ এটা যুগৰ সাক্ষী গৰাকীয়ে আৰ এছ এছ ভাৰতীয় আদৰ্শক সন্মুখৰ পৰা প্ৰশংসা কৰিছে ।
আৰ এছ এছ , কংগ্ৰেছ , বিজেপি , এআইইউদিএফ, জমিয়ত , এ এম আই এম , চিপিএম  যিয়েই নহওঁক প্ৰতিটো সংগঠনে দেশৰ সংবিধানৰ আইন কানুনৰ দ্বাৰা স্বীকৃত সংগঠন । সেয়ে বৰ্তমান সময়ত ( গুগুল অহাৰ পিছত)  সাধাৰণ জনতাৰ কাৰণে যিকোনো দল বা সংগঠনৰ  চৰিত্ৰ বা কাৰ্য্যপন্থা  নখ দৰ্পনত থাকে । সেয়ে  মিথ্যাচাৰ আৰু  সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰভাব লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে আৰু হয়টো ১০ -১৫  বছৰ পিছত নিৰ্বাচনৰ ইচ্ছ্যু হ’ব মাত্ৰ উন্নয়ন আৰু বিকাশ  ।

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views