- অগ্নিভ দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ
অসমত ছহিদ বনোৱা ফেক্টৰিটো চলাই থকা বুদ্ধিজীৱীৰ আদৰ্শক যেতিয়ালৈকে অসমৰ জনসাধাৰণে সম্পূৰ্ণকৈ ডাষ্টবিনলৈ দলিয়াই নেপালাই তেতিয়ালৈকে সংখ্যাত কম হলেও এইবোৰ জঘন্য কাম কৰিয়েই থাকিব সন্ত্ৰাসবাদীহঁতে । আমি যেতিয়া আৱেগিক হও, খঙত কাম কৰো বা আনে কোৱা কথাত গুৰত্ব দিঁও তেতিয়া আমি নিজাববীয়াকৈ নিয়াৰিকৈ চিন্তা কৰিব নোৱাৰা হও বা দীৰ্ঘদিনিয়া পৰিকল্পনা কৰিবলৈ অক্ষম হৈ পৰো ৷ বৰ্তমানৰ পৰিস্থিতি দেখিলেও লাগে আমাৰবোৰৰ আৱেগহে বেছি কাম কৰে ।আৰু ইয়াৰ লগে লগে চিন্তাৰ পৰিসাৰ্দ্ধ সৰু হৈ পৰে তথা বেছি দুৰলৈ চিন্তা কৰিব নোৱাৰা হৈ পৰো ৷
হিন্দু বাংলাদেশী আৰু অসমীয়া ভাষাৰ অস্তিত্ব এই দুটা বিষয় বহু দশক ধৰি আলোচনা হৈ আছে ৷ হিন্দু বাংলাদেশী মানেই বঙালী ভাষাৰ আগ্ৰাসন আৰু অসমীয়া ভাষা ধ্বংসৰ মূল হব বুলি আমাৰ মনত এচাম স্বাৰ্থন্বেসী মানুহে সোমোৱাই দিছে আৰু আমি তাক চকু মুদি মানি লৈছো ৷ অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট বুলি চিঞৰ বাখৰ কৰাসকলক যদি কোৱা হয় __ ইমানেই যদি অসমীয়া ভাষালৈ মৰম তেন্তে নিজৰ লৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়াই আদৰ্শ কিয় নেদেখায়? সেইষাৰ কথা শুনাৰ লগে লগে জাঙুৰ খাই উঠে আমাৰ বুদ্ধিজীবী সমাজ । তেওঁলোকে কয় , “নিজৰ মাতৃভাষাক, নিজৰ সংস্কৃতিক ভাল পোৱাৰ চৰ্ত হিচাপে কোনোবাই নিজৰ সন্তানক অসমীয়া মাধ্যমৰ স্কুলত পঢ়াব লাগিব নেকি?”
এইসকলৰ এনেকুৱা কথা শুনিলে হাঁহিম নে কান্দিম সিদ্ধান্ত লোৱা মস্কিল হৈ যায় ৷ তেওঁলোকৰ এই ভাষ্য যদি ছহিদ ৰঞ্জিত বৰপূজাৰীৰ আত্মাই শুনিলেহেঁতেন তেন্তে তেখেতে মনতে ভাবিলেহেঁতেন এইদৰেই ভাষা ৰক্ষা কৰিব বুলি জনাহেঁতেন তেওঁ ভাবিলেহেঁতেন ছহিদেই হ’লো কিয়?
ৰঞ্জিত বৰপূজাৰী ছহিদ হোৱাৰ আৱশ্যকতা কি আছিল, যিহেতু অসমীয়া ভাষাক ভালপোৱাৰ চৰ্ত অসমীয়া মাধ্যম নহলেও কোনো কথা নাই, ইংৰাজী মাধ্যমত পঢিও নিজৰ ভাষাক ভাল পাব পাৰি, ৰক্ষা কৰিব পাৰি, অসমীয়া ভাষাত লিখিব পাৰি, কথা কব পাৰি ৷ (অৱশ্যে ইংৰাজীৰ ঠাইত বঙালী হ’লে অসমীয়া ভাষাৰ ভৱিষ্যত কিয় অন্ধকাৰময় হৈ পৰিব তেখেত বিলাকেহে জানিব ) যি কি নহওক এইটো কথা ঠিক যে অসমীয়া ভাষাত দুটা কবিতা ,ফেচবুকৰ আপডেট , কেইটামান গল্প লিখিবলৈ হয়তো কোনোৱে অসমীয়া মাধ্যমত নপঢিলেও হ’ব ৷ সেইটোত যদি কাৰোবাৰ সন্দেহ আছে নিজেই ক্লীয়েৰ হৈ ল’লেই হ’ল ৷ অসমীয়া ভাষাটোক কেৱল কবিতা, গল্প,প্ৰবন্ধ লিখা ভাষা কৰি ৰাখিবলৈ হলে আচলতে ভাষাটোক লৈ ইমান চিন্তা নকৰিলেও হয় ৷ তাৰকাৰণে ৰাস্তালৈ ওলাই যোৱাটো কেৱল টাইম পাছ ৷ কাৰণ অসমীয়াই নিজে নিজৰ ভাষা কোৱা,লিখা বন্ধ নকৰালৈকে অসমীয়া ভাষা বাংলাদেশী কিয় বৃটিছ আহিও ধ্বংস কৰিব নোৱাৰে ৷
ইংৰাজী মাধ্যমত পঢিও যদি অসমীয়া ভাষাক ৰক্ষা কৰিব পাৰি তেনেহলে আকৌ অসমীয়া মাধ্যমত নো পঢোৱাব কিয় লাগে ? হয় সেইটো লাখ টকাৰ প্ৰশ্ন ৷
অসমীয়া ভাষা ৰক্ষা মানে যিসকলে ভাবে দুটা কবিতা, গল্প, প্ৰবন্ধ বা উপন্যাস বা কেইটামান গান তেনেহলে সেইসকললৈ সমবেদনা জনালোঁ৷ অসমীয়া মাধ্যম কিয় লাগে বা কিয় পঢাব লাগে অসমীয়া মাধ্যমত ? অসমীয়া মাধ্যমত যদি পঢোৱা নহয় তেতিয়া হলে কবিতা,গান,গল্পৰ বাহিৰে অসমীয়া ভাষাৰ পৰা হেৰাই যাব বিজ্ঞান,বুৰঞ্জী, অৰ্থনীতি,সমাজ বিজ্ঞান আদিবোৰ ৷ যদি অসমীয়া মাধ্যমত কোনোৱে নপঢা হয় তেতিয়া এইবোৰ বিষয়ত কলেজ, বিশ্ববিদ্যালয়ত কিতাপ পত্ৰ জানো থাকিব ? এনেয়েও অসমীয়া ভাষাত বিজ্ঞান বিষয়ৰ কিতাপ পত্ৰৰ সংখ্যা অতি কম ৷ মাধ্যমিক শিক্ষাতে কিতাপ পত্ৰৰ অভাৱ, বাকী মাতৃভাষাত প্ৰফেচনেল কৰ্চ পঢাৰ কথা সপোনতো ভাবিব পৰা নাযায় ৷ ভাষা এটা কেৱল সাহিত্য চৰ্চা কৰিবলৈয়ে যথেষ্ট নে ? ভাষাটোক আমাৰ সকলো দৈনন্দিন কাম কাজত ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰিলেহে সি সঁচা অৰ্থত শক্তিশালী হৈ উঠিব? নিজা নিজা ভাষা শক্তিশালী হ’লে সকলোতে মাতৃভাষা ব্যৱহাৰ কৰিব পাৰি তাৰ উদাহৰণ ইউৰোপৰ দেশ সমুহ ৷ গতিকে মাধ্যম অসমীয়া নোহোৱাকৈ আমাৰ ভাষাক কেৱল কবিতা ,গল্প আদি মধ্যবিত্তীয় চিন্তাত সীমাবদ্ধ ৰাখিব বিচাৰে তাতো কাৰো আপত্তি থকা উচিচ নহয় ৷ খুব বেছি ভাষাটো উত্তৰণত পয়া লাগি ৰব ৷ গতিকে ভাষাটো কোন পৰ্য্যয়লৈ নিবলৈ আমি আগ্ৰহী তাৰ ওপৰতেই ভাষাটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিব ৷
ৰাস্তাত আৱেগিক আন্দোলনেৰে ৰাজনীতি কৰিব পাৰি, ছহিদ জন্ম দিব পাৰি কিন্তু সেই আৱেগেৰে ভাষা ৰক্ষা কৰা সম্ভৱ নহয় ৷