ইঁহতৰ মুৰত কি আছে বুলি সুধিব মন যাব নে নাই বাৰু ?

1334
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সৌ সিদিনা আমেৰিকাৰ কেপিটেল হিলত হোৱা ধ্বংসলীলাত গণতন্ত্ৰ শেষ হৈ পৰিল বুলি ভাবি ঢলি পৰিব খোজা ঘৰিয়ালহঁতে আকৌ লালকিল্লাত হোৱা ধ্বংসলীলাক বিপ্লৱ বুলি কব খোজে !! ইঁহতৰ মুৰত কি আছে বুলি সুধিব মন যাব নে নাই বাৰু ?
সৌ সিদিনালৈকে আমেৰিকা মানেই পুজিবাদী বুলি গালি দি তত নোপোৱা হোৱা ঘৰিয়ালহঁতে নৰেন্দ্ৰ মোদীৰ লগত ডনাল্ড ট্ৰাম্পৰ সম্পৰ্ক ভাল হোৱা বাবেই  বাইডেন জিকাৰ লগে লগে ফূৰ্তিত বাগৰি পৰিছিল ৷ ইঁহতৰ মুৰত কি আছে বুলি সুধিব মন যাব নে নাই বাৰু এইবোৰ দেখি ?
আম্বানী, আদানিৰ হাতত দেশ বিক্ৰী গ’ল বুলি চিঞৰি থকা  ঘৰিয়ালহঁতে ৫০০ বিলিয়ন ডলাৰৰ কোম্পানী ফেচবুকে আমেৰিকাৰ দৰে দেশৰ ৰাষ্ট্ৰপ্ৰধানজনৰেই একাউন্ট বন্ধ কৰি দিয়াত আকৌ পুজিবাদী ফেচবুকৰ জয়গান গাই তত নাপায় ৷ইঁহতৰ মুৰত কি আছে বুলি সুধিব মন যাব নে নাই বাৰু এইবোৰ দেখি ?
দিনটো পুজিবাদ, পুজিপতিক গালি পৰা ঘৰিয়ালহঁতে আকৌ ১০-১৫ হাজাৰ কোটি টকীয়া খেতিয়কৰ হৈ আন্দোলন কৰিবলৈ ৰাজপথত নামে,ফেচবুকত গান গাই ৷ইঁহতৰ মুৰত কি আছে বুলি সুধিব মন যাব নে নাই বাৰু এইবোৰ দেখি ?
মাৰ্চিডিজ, অডি লৈ প্ৰতিবাদ কৰিব অহা খেতিয়কসকলৰ লগত ভাড়াত প্ৰতিবাদ কৰিব যোৱা ঘৰিয়ালহঁতে কৰবাত এষাৰ মাত মতা দেখিলেনে সেই অডি, মাৰ্চিডিজ চলাই অহা খেতিয়কসকলৰ খেতি পথাৰত কাম কৰা শ্ৰমিকসকলৰ অৱস্থাৰ কথা লৈ ? ইঁহতৰ মুৰত কি আছে বুলি সুধিব মন যাব নে নাই বাৰু এইবোৰ দেখি ?
বাক স্বাধীনতা, ব্যক্তি স্বাধীনতাৰ গান গাই চৰকাৰক ফেচিষ্ট বুলি গালি দি তত নোপোৱা ঘৰিয়ালহঁতে আকৌ অৰ্নৱ গোস্বামীৰ বাক স্বাধীনতা নোহোৱা হলে গাঁতৰ পৰা ওলাই উৎফুল্লিত হৈ পৰে ৷ইঁহতৰ মুৰত কি আছে বুলি সুধিব মন যাব নে নাই বাৰু এইবোৰ দেখি ?
হাতত আই ফোন, ভৰিত এডিডাছৰ জোতা পিন্ধি ঘৰিয়ালহঁতে পুজিবাদ মূৰ্দাবাদ চিঞৰাৰ দৰে কৰা কাম বিলাকৰ কথাবোৰ বাৰু নকলোৱেই ৷ইঁহতৰ মুৰত কি আছে বুলি সুধিব মন যাব নে নাই বাৰু এইবোৰ দেখি ?