ইন্দিৰা-সঞ্জয়ৰ জৰুৰীকালীন অৱস্থা

1478
  • সন্দীপ বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মধ্যৰাত্ৰিৰ এক আকস্মিক সিদ্ধান্ত৷ সলনি হৈ গৈছিল সকলো৷ হতভম্ব হৈ ৰৈছিল দেশবাসী৷ দুৰ্ভাগ্যজনকভাবে নাম সাঙোৰ খাই পৰিছিল এগৰাকী অসমসন্তানৰো৷ সেয়া ১৯৭৫৷ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিবাদৰ লহৰ৷ জনপ্ৰিয় নেতা জয়প্ৰকাশ নাৰায়নৰ নেতৃত্বত শক্তিশালী হৈছে দুৰ্নীতিবিৰোধী ঢৌ৷ আনপিনে কংগ্ৰেছ শিবিৰত দিশহাৰা অ’ল্ড গাৰ্ড বাহিনী৷ গান্ধী-নেহৰুৰ কংগ্ৰেছৰ ৰূপান্তৰৰ সময় সেয়া৷ সৰ্বেসৰ্বাৰ ৰূপত ইন্দিৰাতনয় সঞ্জয় গান্ধী৷ ইয়াৰ মাজতেই আহিল এলাহবাদ হাইক’ৰ্টৰ সেই নিৰ্ণয় যিয়ে ইন্দিৰা চৰকাৰৰ প্ৰতি কঢ়িয়াই আনিলে তীব্ৰ সংকট৷
১৯৭৫ চনৰ ১২জুন৷ নিৰ্বাচনত জালিয়াতিৰ গোচৰত দেশৰ প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰে এলাহাবাদ হাইক’ৰ্টে৷ ৬ বছৰৰ বাবে ৰাজনীতিৰ পৰা আতৰত থাকিবলৈ ইন্দিৰা গান্ধীক নিৰ্দেশ ন্যায়ালয়ৰ৷ ইয়াৰ লগেই লগেই ইন্দিৰাবিৰোধী ধ্বনিৰে লোকনায়ক জয়প্ৰকাশ নাৰায়নৰ ৰামলীলা ময়দানত বিশাল জনসভা৷ নিজৰ কেৰিয়াৰৰ এই জটিল সময়ত নেহৰুকন্যাই দেশত সৃষ্টি কৰিলে নজিৰবিহীন ইতিহাস৷ ২৫ জুনৰ মধ্যৰাত্ৰি দেশত ঘোষনা হ’ল জৰুৰীকালীন অৱস্থা৷ কেবিনেট বৈঠক অবিহনেই জাপি দিয়া এই ইমাৰজেঞ্চীৰ কাগজত চহী কৰিলে জৱহৰলাল নেহৰুৰ বন্ধু তথা তদানীন্তন ৰাষ্ট্ৰপতি, অসমসন্তান ফকৰুদ্দিন আলী আহমেদে৷ ২৬ জুনত আনুষ্ঠানিকভাবে ঘোষণা দেশত বলৱৎ হোৱা জৰুৰীকালীন অৱস্থাৰ৷ ইয়াৰ পৰৱৰ্তী ১৯ মাহ আছিল ভাৰতীয় গনতন্ত্ৰৰ বাবে এক কলা অধ্যায়, মচিব নোৱাৰা দাগ৷ জৰুৰীকালীন অৱস্থাত খৰ্ব কৰা হ’ল নাগৰিকৰ মৌলিক অধিকাৰ৷ দলে দলে কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল বিৰোধী ৰাজনীতিক, সামাজিক সংগঠনসমূহক৷ খৰ্ব কৰা হ’ল সংবাদ মাধ্যমৰ স্বাধীনতা৷ কঠোৰ হাতেৰে দমন কৰা হ’ল চৰকাৰবিৰোধী প্ৰতিটো কাৰ্যকলাপ৷ যুৱ কংগ্ৰেছৰ হৈ কাম কৰিবলৈ অস্বীকাৰ কৰাত শিল্পী কিশোৰ কুমাৰৰ গীতৰ সম্প্ৰচাৰ বন্ধ কৰি দিয়া হ’ল আকাশবাণী আৰু দূৰদৰ্শনত৷ প্ৰিন্ট জ্বলাই দিয়া হ’ল সেইসময়ৰ ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্মিত ছবি “কিচ্ছা কুৰ্চী কা”ৰ৷ জৰুৰীকালীন অৱস্থাৰ নামত চলিল ইন্দিৰা আৰু সঞ্জয়ৰ স্বেচ্ছাচাৰী শাসন৷ এনে সময়তে দেশৰ সংবাদ মাধ্যমৰ ভুমিকাক লৈ চৰ্চালৈ আহিল লালকৃষ্ণ আদৱানিৰ সেই বক্তব্য- “আপোনালোকক মুৰ তল কৰিবলৈ কোৱা হৈছিল, কিন্তু আপোনালোকেতো আঁঠু কাঢ়ি দিলে৷”
নামত ইন্দিৰা৷ শাসন চলিছিল সঞ্জয়ৰ
এইদৰেই ১৯মাহ অস্থিৰ হৈ থাকিল দেশৰ পৰিস্থিতি৷ ইয়াৰ মাজতেই বিশিষ্ট সাংবাদিক প্ৰয়াত কুলদ্বীপ নায়াৰৰ এক ৰিপ’ৰ্টে গৰম কৰিলে ৰাজনীতিৰ বতাহ। তাৰো আছে এক কাহিনী৷ এটা নৈশভোজত চৰকাৰৰ চোৰাংচোৱা সংস্থা এজন বিষয়াই নায়াৰক শুধিছিল “ইন্দিৰা গান্ধী আৰু কংগ্ৰেছৰ ৰাজনৈতিক বতাহ কেনে দেখিছে আপোনালোকে? জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বাবেই ইংগিতেই যথেষ্ট আছিল৷ পিছদিনা তেওঁ গান্ধী পৰিয়ালৰ ঘনিষ্ঠ কমল নাথক সুধিলে, নিৰ্বাচন কেতিয়াকৈ পাতিব নাথ? কমল নাথে আচৰিত হৈ ক’লে, আপুনি কেনেকৈ গম পালে? সেই এষাৰেই কথা৷ কুলদ্বীপ নায়াৰৰ ৰিপ’ৰ্টত প্ৰকাশ পালে, দেশত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে কংগ্ৰেছে৷ ইয়াৰ মাজতেই নিজৰ কাৰ্যকালতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৰাষ্ট্ৰপতি আহমেদৰ৷ পৰৱৰ্তী ৰাষ্ট্ৰপতি হয় নীলম সঞ্জীৱ ৰেড্ডী। ঘোষনা হ’ল নিৰ্বাচনৰ তাৰিখ৷ একত্ৰিত হ’ল জনতা দল, জনসংঘ, ভাৰতীয় লোকদল, শিৰোমণি আকালি দল, চ’ছিয়েলিষ্ট পাৰ্টী, প্ৰজা চ’ছিয়েলিষ্ট পাৰ্টী, ডি এম কে আদি বিৰোধী দল৷ ২৪ মাৰ্চ ১৯৭৭ত মোৰাৰজী দেশাইৰ নেতৃত্বত গঠন হ’ল প্ৰথমখন অকংগ্ৰেছী চৰকাৰ৷
মোৰাৰজী দেশাই: দেশৰ প্ৰথমগৰাকী অকংগ্ৰেছী প্ৰধানমন্ত্ৰী
উপ-প্ৰধানমন্ত্ৰী হৈছিল চৌধুৰী চৰন সিং আৰু বাবু জগজীৱন ৰাম৷ এই বিজয়ত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা ভাৰতীয় জনসংঘৰ নেতা অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানিয়ে লাভ কৰিছিল ক্ৰমে বিদেশ মন্ত্ৰালয় আৰু তথ্য-প্ৰযুক্তি দপ্তৰ৷ ৰায়বেৰেলী আৰু আমেথিত হাৰি থাকিল স্বাধীন ভাৰতত একনায়কত্ববাদৰ প্ৰচলন ঘটোৱা ইন্দিৰা গান্ধী আৰু পুত্ৰ সঞ্জয় গান্ধী৷ মোৰাৰজী চৰকাৰৰ শাসনৰ লগে লগেই জৰুৰীকালীন অৱস্থাৰ অৱসান ঘটিল যদিও স্বৰাজোত্তৰ ভাৰতৰ এক কলংক হৈ থাকিল এই সময়ছোৱা৷