ইমান দিনে অৰ্ণমাই বৰালৈ  মনত কিয় নপৰিল?

1450
  •  উপমন্যু হাজৰিকা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আজি অসম চৰকাৰে স্বৰ্গীয় অৰ্ণমাই বৰাৰ পৰিয়াললৈ তেওঁৰ নৃশংস হত্যাৰ বাবে পৰিয়ালবৰ্গলৈ ৫ লাখ টকা ঘোষণা কৰিছে। প্ৰয়াত বৰাৰ হত্যা হৈছিল ৩১ মে ২০১৭ চনত যেতিয়া তেওঁ চৰকাৰী বিদ্যালয়ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী  পদত আছিল। সেই সময়ৰ চৰকাৰী নিয়ম অনুসৰি তেওঁৰ এজন সন্তানক অৰ্থাৎ কন্যাক এটা চৰকাৰী চাকৰি ক্ষতিপূৰণ হিচাপে প্ৰদান কৰাটো তেওঁলোকৰ প্ৰাপ্য ।
**তিনি বছৰৰ পিছত হঠাৎ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনে কি হল অৰ্ণমাই বৰালৈ  মনত পৰিল**?
একে সময়তে দুমাহৰ পিছত ১আগষ্ট ২০১৭ চনত এ বি এমচু নেতা ৰফিকুল ইছলাম হত্যা হোৱা এক সপ্তাহৰ ভিতৰতেই অসম চৰকাৰৰ ৩ জন কৈ কেবিনেট মন্ত্ৰী গৈ ১০ লাখ টকা আৰু ২ টাকৈ চৰকাৰী চাকৰি পৰিয়াললৈ তেওঁৰ ঘৰত গৈ যাচি আহিলে । লগে লগে সকলো দল আৰু আমাৰ অসমৰ জাতীয় সংগঠন অগপ,বিজেপি,আছু ইত্যাদি  সকলো প্ৰয়াত ইছলামৰ ঘৰলৈ সোঁত বলে । আনফালে প্ৰয়াত অৰ্ণমাই বৰাৰ ঘৰলৈ কোনোৱেই নগল,কেৱল সেই সময়ৰ নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই দেৱৰ  পত্নী গৈছিল।আৰ্থিক ক্ষতিপূৰণতো বাদেই  যি কন্যাৰ বাবে চৰকাৰী চাকৰিৰ আবেদন কৰিছিল তাৰো কোনো সঁহাৰি নাপালে। অথচ *মন্ত্ৰী *হিমন্ত বিশ্ব শৰ্মাই**প্ৰয়াত অৰ্ণমাই বৰাৰ হত্যাক নিজৰ মাতৃৰ হত্যা হোৱা বুলি কৈ ঘৰীয়ালৰ চকুপানী টুকিলে। যমুনামুখৰ খিলঞ্জীয়া ৰাইজ বাংলাদেশী আগ্ৰাসনৰ প্ৰভাৱত সংখ্যলঘু হৈছেই ,এতিয়া কেৱল ২০% খিলঞ্জীয়া আছে। কিন্তু সেই নৃশংস হত্যাই বাকী থকা খিলঞ্জীয়া ৰাইজৰ নিৰাপত্তাহীনতা বঢ়াই তেওঁলোকক শংকিত কৰি ৰাখিছে। আৰু আগন্তুক দিনত সেই ঠাইৰ পৰা ভগনীয়া কৰিব। তথাকথিত জাতি মাটিৰ **চৰকাৰৰ কাৰণে খিলঞ্জীয়াত কৈ বাংলাদেশীৰ মূল্যবেছি**কেৱল নিৰ্বাচনৰ পূৰ্বে খিলঞ্জীয়ালৈ আমাৰ খিলঞ্জীয়া নেতা সকলৰ মনত পৰে আৰু দৰদী হৈ পৰে,যাতে ভুৱা প্ৰতিশ্ৰুতি দি ভোট লব পাৰে।।