ইমাম বা পুৰুহিতৰ দৰ্মহা দি চেকুলাৰিজম কেনেকৈ হয়?

667
  • শিব প্ৰসাদ শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


“গ্লাচনস্ত্” ৰুছ ভাষাৰ এই শব্দটোৰ অৰ্থ “খোলাখুলি কথা”। ১৯১৮ চনৰ পৰা ৰাছিয়াৰ শাসন কমিউনিষ্ট সকলৰ হাতলৈ যোৱাৰ পিছত দেশত মুক্তচিন্তাৰ অৱসান ঘটিছিল। কেৱল কমিউনিষ্ট দলৰ নেতা আৰু তেওঁলোকৰ অঙহি-বঙহী লোকৰ মাজতে পাৰ্টীটো থকাৰ পিছত দললৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নতুন নেতা অহাৰ পথ ৰুদ্ধ হৈছিল। কমিউনিজমৰ অনুশীলনত দেশৰ অৰ্থনীতিৰ কঁকাল ভাঙি যোৱাত আশীৰ দশকত গৰ্ব্বাচেভে ‘গ্লাচনস্ত’ বা মুক্ত চিন্তাৰ আদৰণী কৰিছিল।
 যোৱা কেইবছৰ মানৰ পৰা আমাৰ দেশতো কিছুমান কথাৰ মুক্ত আলোচনা হ’বলৈ ধৰিছে। তাৰে এটা আলোচনা হৈছে ‘চেকুলাৰিজম’। দেশৰ আম্বেদকাৰ প্ৰণীত সংবিধান গ্ৰহণৰ ২৫ বছৰ পিছত দেশৰ ৪২ তম সংবিধান সংশোধনৰ জড়িয়তে ‘চেকুলাৰিজম’ শব্দটো সংবিধানত সুমুৱাই ভাৰতক ‘চেকুলাৰ গণতান্ত্ৰিক গণৰাজ্য’ কৰা হ’ল। এই চেকুলাৰ শব্দটোৰ অৰ্থ আমাক শিকোৱা হ’ল ‘ধৰ্মনীৰপেক্ষতা’ যাৰ অৰ্থ আমাক শিকোৱা হ’ল সকলোৰে নিজা নিজা ধৰ্মাচৰণ কৰাৰ স্বাধীনতা আছে। কথা হ’ল এই ‘চেকুলাৰ’ শব্দ সংবিধানত সুমুৱাৰ আগলৈকে আমাৰ দেশত ধৰ্ম চৰ্চ্চাত (লাগে যি ধৰ্মৰে নহওঁক!) কিবা প্ৰতিবন্ধক আছিল নেকি ? নাছিল। তেনেহ’লে কিয় এই চেকুলাৰ শব্দটো জবৰদস্তি আনি সুমুৱা হ’ল ? পৃথিৱীৰ আন ধৰ্ম অসহিষ্ণু গোড়া ধৰ্ম্মটো হৈছে “মাৰ্ক্সীয় (বামানয়) ধৰ্ম” !! বিশ্বৰ যিকোনো এটা ধৰ্মৰ থাকিব লগীয়া সকলো বৈশিষ্ট এই “মাৰ্ক্সবাদী (বামানয়) ধৰ্ম”ৰ আছে। মাৰ্ক্সবাদ নিজেই এক স্বয়ংসম্পুৰ্ণ ধৰ্ম তেনেস্থলত মাৰ্ক্সবাদীৰ মুখত “ধৰ্মনিৰপেক্ষতা” ভূতৰ মুখত “ৰামনাম”। এইসকলে শোষণ নিপীড়ণৰ আজগুবি কথা কাণ্ডৰ অন্ধবিশ্বাসকলৈ অৱস্থিতিহীন এক শ্ৰেণীতত্বক আকোৰগোঁজ ভাবে বিশ্বাস কৰি যি কোনো ধৰ্মৰে ‘চেম্পিয়ন’ সকলৰ দৰে ‘স্বশ্ৰেষ্ঠবাদীতাৰে’ নিজৰ বামপন্থী ধৰ্মকে সৰ্ব্বশুদ্ধ বিচাৰ কৰে। এই মাৰ্ক্সবাদী ধৰ্মই আনকোনো ধৰ্মবিশ্বাসক সহ্য নকৰে। বিশ্বত এতিয়ালৈকে এই মাৰ্ক্সবাদী ধৰ্মৰ বাবে এতিয়ালৈকে প্ৰায় ৯.৪ কোটি লোকক হত্যা কৰা হৈছে (Estimated number of victims. According to the introduction, the number of people killed by the Communist governments amounts to more than 94 million. The statistics of victims include deaths through executions, man-made hunger, famine, war, deportations, and forced labor.)
তাৰ বিপৰীতে ভাৰতীয় সনাতন সংস্কৃতিয়ে বহু হাজাৰ বছৰীয়া এনে এক সমিল মিলৰ বহুত্ববাদী বাতাবৰণ গঢ়ি তুলিছে যে সকলো ধৰ্মকে সন্মান কৰাটো ভাৰতীয় সংস্কৃতিৰ অংগ হৈ পৰিছে। আমাৰ ধৰ্ম গ্ৰহণ কৰ নহ’লে হত্যা কৰিম মনোভাৱ কোনোকালেই ভাৰতীয় সংস্কৃতিৰ অংগ নাছিল। তেনে স্থলত ‘চেকুলাৰ’ শব্দটো কিয় আনিব লগীয়া হ’ল ? চেকুলাৰ শব্দৰ অৰ্থ ধৰ্মনিৰপেক্ষতা নহয় নাস্তিকতাহে। শব্দটো ভুল অৰ্থৰে ব্যৱহৃত হৈছে।
আৰু চেকুলাৰ শব্দটো সংযোজিত হোৱাৰ পিছত ভাৰতৰ হিন্দু ধৰ্মৰ মঠ পীঠ মন্দিৰ আদিৰ স্বতন্ত্ৰতাৰ ওপৰত চৰকাৰী এক্তিয়াৰ কিয় চলি থাকিল ? মঠ মন্দিৰ বিলাকত পুণ্যাৰ্থীয়ে দিয়া বৰঙণীৰ ওপৰত চৰকাৰী তহকিক হ’ল কিন্তু মুছলমান বা খৃষ্টানৰ মছজিদ গীৰ্জাৰ বৰঙণীৰ ওপৰত চৰকাৰী তহকীক কিয় নাথাকিল ? ইমামৰ দৰ্মহা বা পুৰুহিতৰ দৰ্মহা দি চেকুলাৰিজম কেনেকৈ হয়? শিক্ষা ব্যৱস্থাত ধৰ্মৰ দপদপনি ৰাখি কেনেকৈ চেকুলাৰিজম হয় ?  ভাৰতীয় সমাজ বহুত্ববাদী সমাজ। জাত-কুলৰ বিভিন্নতা, অস্পৃশ্যতা, বিভিন্ন পৰস্পৰ বিৰোধী ঈশ্বৰ বিশ্বাস, পৰলোক বিশ্বাস, মৃতক সৎকাৰ প্ৰণালীৰ বিভিন্নতা, নীতি নিয়ম আচাৰ বিধিৰ বিভিন্নতাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত এনেকৈ বিভক্ত যে কোনো এক সম্প্ৰদায়েই মুঠ জনসংখ্যাৰ ৫% নহয়। ইটো সম্প্ৰদায়ৰ লোকে সিটো সম্প্ৰদায়ৰ লগত বিয়া বাৰু নকৰে। তেনেস্থলত এক আল্লাত বিশ্বাস কৰা একেখন ধৰ্মগ্ৰন্থকে মানি লোৱা, বিয়া বাৰুত বিৰোধ নথকা, প্ৰায় ১৮% জনসংখ্যাৰে থকা সৰ্ব্ববৃহৎ ধৰ্মটোৰ লোক সকল সংখ্যালঘু কেনেকৈ হয় ? তেখেত সকলেই সৰ্ব্ববৃহৎ জন সম্প্ৰদায়ৰ গোট নহয়নে ?
আনফালে আমাৰ সংবিধান খনত পৰস্পৰ বিৰোধী বহু আইন এনেকৈ আছে যে কোনো এটা আইনৰ ধাৰাৰে কাৰোবাক দোষী কৰিলেও আন এক আইনৰ সুৰুঙাৰে তেওঁ নিৰ্দোষী হৈ বাচি যাব বা লঘু শাস্তিৰে বাচি যাব পাৰে। স্বাধীনতাৰ ৭৪ বছৰ পিছত আজি আমি উপলব্ধি কৰিবলৈ বাধ্য হৈছো আমাৰ আইনী ব্যৱস্থাই দোষীক খৰতকীয়া শাস্তি দিয়াতকৈ দোষীক সুৰক্ষা দিয়াতহে ব্যৱহৃত হৈছে। বছৰৰ পিছত বছৰ ধৰি আইনী মেৰপেছৰ আঁৰত মিমাংসা নোহোৱা গোচৰ পাৰ কৰি দিব পাৰে। সেয়ে ভাৰত বৰ্ষত আইনী ব্যৱস্থাৰ আমুল পৰিবৰ্তনৰ বাবে এক জনজাগৰণৰ প্ৰয়োজন আছে। প্ৰয়োজনত এক জন আন্দোলনৰ প্ৰয়োজন আছে। ৰাছিয়াত গ্লাচনস্ত হোৱাদি ভাৰতটো এক গ্লাচনস্ত বা খোলাখুলি কথাবোৰ আলোচনা কৰাৰ প্ৰয়োজন আহিছে। গ্লাচনস্তৰ পিছতে ৰাছিয়ালৈ অহা আনটো কথা আছিল “পেৰেষ্ট্ৰইকা” বা পুণৰ গঠন। ভাৰতৰ সমাজ ব্যৱস্থা ৭৪ বছৰত বহুত সলনি হ’ল। জাত-কুলৰ ব্যৱধান কমিল, জনজাতি বা অনুসুচিত জাতিৰ মাজত এক বৃহৎ  মধ্যবিত্তীয় তৰপে “নয়া ব্ৰাহ্মন” শ্ৰেণী হিচাপে মদগজ হৈ জাতি-জনজাতিৰ নামত থকা সকলো সুবিধাৰ প্ৰতিযোগীতাত কেৱল নিজৰ মাজতে ৰাখিব পৰা হ’ল। তাৰ পৰা যি সকলক উদ্দেশ্য কৰি সংৰক্ষণ ব্যৱস্থা কৰা হৈছিল সেইসকলে কোনো সুবিধা নাপালে। প্ৰকৃত নিঃস্ব গৰীৱ জাতি-জনজাতিয়ে প্ৰতিযোগীতাৰ ধামখুমিয়াত তেখেত সকলৰ মাজতে গঢ়ি উঠা “নয়া ব্ৰাহ্মণ”ৰ দপদপনিত কোনো সুবিধা ল’ব নোৱাৰা হ’ল। এই সকলোবোৰ কথা চালি-জাৰি চাই আমাৰ উপলব্ধি হৈছে ভাৰতত এক আইনি সংশোধন আন্দোলনৰ প্ৰয়োজন হৈছে। কোনো উশ্বাস বহুল “হুজুগি” ৰাজনীতি প্ৰৱণতা বাদ দি সমাজ সংস্কাৰৰ স্বাৰ্থত হিন্দু, মুছলমান, বৌধ, খৃষ্টান মিলি এক সংশোধনী আন্দোলনৰ প্ৰয়োজন আছে। কোৱা বাহুল্য সৎ আৰু ধনাত্মক চিন্তক সকলো ধৰ্ম্মতে আছে।