উজনিত দুৰ্বল অগপ; বিজেপিৰ সপক্ষে ঢৌ

1328

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আমি আলোচনা কৰিবলৈ লৈছো উজনিৰ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১৯খন বিধানসভা অাসনৰ বিষয়ে। ২০১৬ চনত বিজেপি মিত্রজোঁটে ১৯খনৰ ভিতৰত ১৫খন আসন দখল কৰিছিল। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ ৯ খনৰ ভিতৰত ৯ খন আৰু যোৰহাটৰ ১০খনৰ ভিতৰত ৬খনত জয়ী হৈছিল বিজেপি আৰু অগপ। কা আন্দোলনৰ সকলোতকৈ বেছি প্ৰভাব পৰিছিল এই অঞ্চলত। ভবা হৈছিল যে বিজেপি ইয়াৰ ফলত ভীষণ ভাবে ক্ষতিগ্ৰস্থ হ’ব। এই ১৯টা সমষ্টিত ইতিমধ্যে ২৭ মাৰ্চ তাৰিখে ভোটদান সম্পন্ন হয়। সমষ্টিবোৰৰ বিভিন্ন ভোটদাতা ৰাইজৰ লগত কথা পাতি নিৰ্বাচনী যুদ্ধৰ বিষয়ে আমাৰ এক প্ৰতিবেদন।
১৯টা সমষ্টিৰ ভিতৰত প্ৰায়ভাগতে দেখা গ’ল বিজেপিৰ শক্তিশালী প্ৰদৰ্শন। যিকেইটা সমষ্টিত বিজেপি-অগপ দল বিপুল ভোটত জয় হ’ব বুলি ৰাইজৰ মনত অলপো সন্দেহ নাই সেই সমষ্টি কেইটা হ’ল ডিব্ৰুগড়, টিংখং, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, যোৰহাট, মাহমৰা আৰু সোনাৰি। ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত ফুকনৰ বিৰুদ্ধে যুদ্ধ দিছে ৰাজকুমাৰ নেওগে। দুৰ্বল বিৰোধী আৰু বিজেপিৰ ঢৌৱে প্ৰশান্ত ফুকনৰ চতুৰ্থ বাৰৰ বাবে বিধানসভা যাত্রা সুগম কৰিলে। টিংখংত বিজেপিৰ বিমল বৰাৰ সন্মুখৰ পৰা ছত্রভংগ দিছে কংগ্ৰেছৰ এটোৱা মুণ্ডাই। তিনিচুকীয়াত সঞ্জয় কিষানৰ বিৰূদ্ধে প্ৰাৰ্থী বিচাৰি নাপাই কংগ্ৰেছে অসমত অস্তিত্ব নথকা ৰাষ্ট্ৰীয় জনতা দলক এৰি দিছে। ৰাইজৰ মতে সঞ্জয় কিষান আৰু হীৰা দেৱী চৌধুৰীৰ মাজৰ ভোটৰ ব্যবধানটো উজনিৰ সকলো আসনৰ ভিতৰত সৰ্বাধিক হ’ব। মাৰ্ঘেৰিটা সমষ্টিতো বিজেপিৰ ভাস্কৰ শৰ্মাই কংগ্ৰেছৰ মনোৰঞ্জন  বৰগোহাঁইক বিপুল ভোটত পৰাজিত কৰাটো নিশ্চিত হৈছে। যোৰহাটত দুই গোস্বামীৰ যুঁজত হীতেন্দ্ৰ নাথ গোস্বামী বহু আগত। মাহমৰাত বিজেপিৰ যোগেন মহনে কংগ্ৰেছৰ সূৰুয দিহিংগীয়াক বুজন সংখ্যক ভোটত পৰাজিত কৰিব বুলি ৰাইজে বিশ্বাস কৰে। তেনেদৰে সোনাৰি সমষ্টিত কংগ্ৰেছৰ সুশীল কুমাৰ চুৰীয়ে কোনো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰা নাই। বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰৰ দিছপুৰ যাত্রা প্ৰায় নিশ্চিত। ডিগবৈত বিজেপিৰ সুৰেন ফুকন সম্পূৰ্ণ নিৰাপদ। কংগ্ৰেছৰ শিৱনাথ চেতিয়া ৩০-৪০হাজাৰ ভোটত পৰাজিত হ’ব বুলি ৰাইজে কব খোজে।
বাকী থকা সমষ্টিকেইটাৰ ভিতৰত অন্যতম আকৰ্ষনৰ কেন্দ্ৰবিন্দু নাহৰকটীয়া। ইয়াত প্ৰতিদ্বন্দ্বিতা চাৰিকোনীয়া। বৰ্তমানৰ বিধায়ক নৰেন সোণোৱাল, কংগ্ৰেছৰ প্ৰণতি ফুকন, বিজেপিৰ তৰংগ গগৈ আৰু জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আটাইকেইজনে শক্তিশালী প্ৰাৰ্থী। ২০১৬ত নৰেন সোণোৱালে প্ৰণতি ফুকনক মাত্র ৩৫৩১টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ইয়াত ৫৮,০৯৩ আৰু কংগ্ৰেছে ৩৩,৭২৭টা ভোট পাইছিল। লুৰিণ গগৈ ইয়াত ফেক্টৰ হয় যদিও মুল যুঁজ কিন্তু বিজেপি আৰু কংগ্ৰেছৰ মাজতে হৈছে। ইয়াৰ পৰা তৰংগ গগৈ জয়ী হোৱাৰ সম্ভাবনা বেছি। লুৰিণে কিছু ভোট পাব যদিও তৃতীয় স্থানত থাকিব।
মৰাণত বিজেপি বিধায়ক চক্ৰ গগৈক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ প্ৰাঞ্জল ঘাটোৱাৰে। চক্ৰ গগৈৰ বিৰূদ্ধে কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল। ২০১৬ত চক্ৰ গগৈয়ে প্ৰাঞ্জলৰ দেউতাক পবন সিং ঘাটোৱাৰক ১৬,২৩১টা ভোটত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ৬২,৫৫৬ আৰু কংগ্ৰেছে ৩৩,৩৯৫টা ভোট পাইছিল। প্ৰথম অবস্থাত চক্ৰ গগৈ কিছু পিছ পৰি আছিল যদিও সময় যোৱাৰ লগে লগে তেওঁৰ প্ৰচাৰে গতি লাভ কৰে। চক্ৰ গগৈৰ ভাগ্য চক্ৰ পুনৰ উজ্জ্বল দেখা গৈছে।
লাহোৱালত পুনৰ এজন কংগ্ৰেছ নেতাৰ পুত্র মনোজ ধানোৱাৰ। খুব নম্ৰ আৰু বিনয়ী যুবকজনে প্ৰত্যহ্বান আগবঢ়াইছে বৰ্তমানৰ চাবুৱাৰ বিজেপি বিধায়ক বিনোদ হাজৰিকাক। ২০১৬ত এই সমষ্টিৰ পৰা বিজেপিৰ ৰিতুপৰ্ণ বৰুৱাই কংগ্ৰেছৰ প্ৰতাপী মন্ত্রী পৃথ্বী মাঝীক ১৯,৫৯৯টা ভোটত পৰাস্ত কৰিছিল। ২০১৯ত ইয়াত বিজেপিয়ে ৭১,৩৭৭টা ভোট পোৱাৰ বিপৰতে কংগ্ৰেছে পাইছিল মাত্র ৩১,৭৫৮টা ভোট। বিনোদ হাজৰিকাই খুব কম দিনৰ মাজত সমষ্টিত জনপ্ৰিয়তা লাভ কৰিছে। কংগ্ৰেছ-আজমলৰ মিত্রতাৰ ফলতো ৰাইজ কংগ্ৰেছৰ প্ৰতি বিতুষ্ট। বিনোদ হাজৰিকা দ্বিতীয় বাৰৰ বাবে বিধায়ক হ’বলৈ গৈ আছে।
দুলীয়াজানত মুল যুঁজ হ’ব বিজেপিৰ তেৰছ গোৱালা আৰু জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈৰ মাজত। ২০১৬ত গোৱালাই কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি গগৈক ১৭,০৮৬ ভোটত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ৬৭,৫০৪ আৰু কংগ্ৰেছে ৩৭,৭৮৭টা ভোট পাইছিল। ধ্ৰুৱ এইবাৰ পুণৰ কংগ্ৰেছৰ প্ৰাৰ্থী। আহোম ভোট লুৰিণৰ পক্ষে বেছিকৈ পৰাৰ বাবে ধ্ৰুৱ তৃতীয় স্থানত থকাৰ সম্ভাবনাই প্ৰবল। এই সমষ্টিত যিহেতু বাগানৰ ভোটে নিৰ্ণায়ক ভূমিকা পালন কৰে আৰু সেই ভোটবোৰ বিজেপিৰ পক্ষত পৰিছে সেয়েহে তেৰছ গোৱালা জয়ী হোৱাৰ সম্ভাবনা বেছি।
শিৱসাগৰত বিজেপিৰ সুৰভি ৰাজকুঁৱৰী, কংগ্ৰেছৰ শুভমিত্র গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈ নিৰ্বাচনী যুদ্ধত নামিছে। ২০১৬ত সুৰভি ৰাজকুঁৱৰী কংগ্ৰেছৰ প্ৰণব গগৈৰ হাতত মাত্র ৫৪২টা ভোটত পৰাজিত হৈছিল। ২০১৯ত বিজেপিয়ে ৫৫,৬৫৯ আৰু কংগ্ৰেছে ৫৬,৩১৮টা ভোট পাইছিল। অখিল গগৈৰ মাতৃয়ে প্ৰচাৰ কৰাৰ ফলত তেখেতে ৰাইজৰ সহানুভূতি পাইছে। কংগ্ৰেছৰ প্ৰাৰ্থী নাথাকিলে অখিল গগৈৰ জয় নিশ্চিত আছিল। অখিল-শুভমিত্রৰ মাজেৰে বিজেপি সৰকি যোৱাৰ শংকা ৰাইজে ব্যক্ত কৰিছে। জয়ী হোৱা প্ৰাৰ্থী জনৰ ভোটৰ ব্যবধান খুব কম হ’ব।
তিতাবৰত ২০১৬ত তৰুণ গগৈয়ে বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাক ১৭,৪৯৫টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ত কংগ্ৰেছে ৫৮,৫২০ আৰু বিজেপিয়ে ৪৫,৩১৪টা ভোট লাভ কৰিছিল। এইবাৰ বিজেপিৰ হেমন্ত কলিতাৰ সন্মুখত ভাস্কৰ জ্যোতি বৰুৱা। বিজেপিয়ে তিতাবৰত বহু কষ্ট কৰিছে। হিমন্ত বিশ্ব শৰ্মাই একাধিকবাৰ গৈছে। কিন্তু ৰাইজৰ মনত এতিয়াও তৰুণ গগৈৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে। সেয়েহে কংগ্ৰেছকে তেওঁলোকে ভোট দিব। যোৰহাট জিলাৰ একমাত্র কংগ্ৰেছ বিধায়ক হ’ব পাৰে ভাস্কৰ বৰুৱা।
২০১৬ত টীয়কত ৰেনুপমা ৰাজখোৱাই কংগ্ৰেছৰ পল্লবী শইকীয়া গগৈক ৫০৪৯ট ভোটত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ৪৭,০৭৫ আৰু কংগ্ৰেছে ৪০,৭৫০টা ভোট পাইছিল। ৰেনুপমা ৰাজখোৱাৰ বিৰূদ্ধে প্ৰচণ্ড প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল। প্ৰথমতে বিজেপিয়ে অগপক সহায় কৰা নাছিল। কিন্তু শেষৰ কিছু দিনত ছবি অলপ সলনি হয়। দুই মহিলাৰ ভোটযুদ্ধত কোন জয়ী হয় কোৱা টান। যিকোনো এজন ১ৰ পৰা ৫ হাজাৰ ভোটৰ ব্যবধানত জয়ী হৈ যাব পাৰে।
আমগুৰিটো একেই অবস্থা। যোৱাবাৰৰ দুই প্ৰতিদ্বন্দ্বী প্ৰদীপ হাজৰিকা আৰু অংকিতা দত্ত পুনৰ যুদ্ধক্ষেত্রত। ২০১৬ত অংকিতা পৰাস্ত হৈছিল মাত্র ১,৬২০ ভোটত। ২০১৯ত কংগ্ৰেছে ৩৭,১১০ আৰু বিজেপিয়ে ৫০,০০১টা ভোট লাভ কৰিছিল। বিজেপিয়ে এইবাৰ প্ৰদীপ হাজৰিকাক প্ৰাৰ্থীত্ব দিব বিচৰা নাছিল। কিন্তু অগপৰ আকোৰগোজ স্থিতিৰ বাবে অবশেষত আসন এৰিবলৈ বাধ্য হয়। অগপৰ সাংগঠনিক স্থিতি আগৰ দৰে মজবুত নহয় আৰু বিজেপিৰ কৰ্মীয়ে তেওঁক সহায় কৰা নাই। তেনে অবস্থাত প্ৰদীপ হাজৰিকাৰ জয় অনিশ্চিত। বিজেপিৰ ঢৌৱে তেওঁক কিমান সহায় কৰিছে সেয়া ২ মেৰ দিনা গম পোৱা যাব।
আন এটা অতি আকৰ্ষনীয় সমষ্টি  হ’ল থাওৰা যত বিজেপিৰ কুশল দুৱৰী বনাম সুশান্ত বুঢ়াগোহাঁইৰ মাজত পুনৰ যুঁজ দেখা গৈছে। ২০১৬ত দুৱৰীয়ে বুঢ়াগোহাঁইক মাত্র ১২২৬টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ত অবশ্যে সুশান্তই নিজৰ সমষ্টিটে লিড ল’ন নোৱাৰিলে। সুশান্তই ৪১,০৯৩টা ভোট পোৱাৰ বিপৰীতে তপন গগৈয়ে পাইছিল ৪৩,৭৩৮টা ভোট। এইবাৰো যুঁজ তীব্ৰ হৈছে।  কুশল দুৱৰী যদি জয়ী হয় একমাত্র কাৰণ হ’ব কংগ্ৰেছ-আজমলৰ মিত্রতাৰ ফলত ৰাইজৰ মনত জন্ম হোৱা ক্ষোভ।
মৰিয়ণিত এইবাৰ পদুম ফুলাটো নিশ্চিত। ২০১৬ত বিজেপি তৃতীয় স্থানত আছিল। কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীয়ে ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ অলক ঘোষক ১৭৯৩টা ভোটত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ৪৯,৩১৮ আৰু কংগ্ৰেছে ৩৫,০২৭টা ভোট লাভ কৰিছিল। সমষ্টিৰ মুল ভোটাৰ চাহ বাগানৰ শ্ৰমিক আৰু বঙালী হিন্দু। অখিল গগৈৰ মনোনয়ন প্ৰত্যাহাৰে ৰূপজ্যোতিৰ মুখত হাঁহি বিৰিঙাইছিল যদিও অলক ঘোষৰ মনোনোয়ন পত্র বাতিল হোৱাত তেওঁৰ জয়ৰ সকলো আশা মষিমুৰ হৈ গৈছে। বিজেপিৰ ৰমনী তাতীৰ বিৰূদ্ধে ৰূপজ্যোতিৰ ভগবানে শেষ ভৰষা।
অন্তিম সমষ্টিটো হ’ল নাজিৰা। ২০১৬ত নিজৰ গুৰু হিতেশ্বৰ শইকীয়াৰ প্ৰতি শ্ৰদ্ধা জনাই হিমন্ত বিশ্ব শৰ্মা নাজিৰালৈ প্ৰচাৰৰ বাবে যোৱা নাছিল। সেয়হে দেবব্ৰত শইকীয়াই বিজেপিৰ প্ৰহ্লাদ গোৱালাক ১৪,৮৫৫টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ৪৭,৩৫০ আৰু কংগ্ৰেছে ৪৫,৫২৯টা ভোট লাভ কৰিছিল। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অনুগৰ ময়ূৰ বুঢ়াগোহাঁইৰ জয়ৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে। দেবব্ৰত শইকীয়াক পৰাজিত কৰা ইমান সহজ নহয় যদিও ময়ূৰে বহু কষ্ট কৰিছে। ময়ূৰৰ দিছপুৰ যাত্রাৰ সপোন দিঠকত পৰিণত হ’ব পাৰে।
এয়া আছিল যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১৯টা বিধানসভা সমষ্টিৰ ফলাফলৰ ওপৰত আমাৰ এক প্ৰতিবেদন। এতিয়া অপেক্ষা ২ মেলৈ।