উত্তৰ অসমত অপ্ৰতিৰোধ্য বিজেপি

1474

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


উত্তৰ অসমৰ তেজপুৰ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১৮খন বিধানসভা আসন আছে। ২০১৬ৰ বিধানসভা আৰু ২০১৯ লোকসভা নিৰ্বাচনত বিজেপিয়ে ইয়াত চমকপ্ৰদ ফল লাভ কৰিছিল। ২০১৬ৰ বিধানসভা নিৰ্বাচনত ১৮খন আসনৰ ভিতৰত ১৭খন আসন দখল কৰি নিজৰ শক্তিৰ উমান দিছিল। অকল নাওবৈচাত এ.আই.ইউ.দি.এফৰ মামুন ইমদাদুলৰ হাতত বিজেপি মাত্র ১২৩৩টা ভোটৰ ব্যবধানত পৰাজিত হৈছিল। তেজপুৰ লোকসভাৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিত চাহ জনগোষ্ঠী আৰু বড়ো ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। লখিমপুৰত বুজন সংখ্যক মিচিং ভোটাৰৰ লগতে কোচ ৰাজবংশী আৰু আহোম ভোটাৰো আছে। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে এই ১৮টা সমষ্টিত ২৭ মাৰ্চ তাৰিখে ভোট পৰিল। বিভিন্ন ৰাইজৰ লগত কৰা আলোচনাৰ  ভিত্তিত এই ১৮টা সমষ্টিৰ ওপৰত আমাৰ এক প্ৰতিবেদনঃ
তেজপুৰ
৭১ নম্বৰ ঢেকিয়াজুলিত মুল প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিৰ অশোক সিংহাল আৰু কংগ্ৰেছৰ  বেনুধৰ নাথৰ মাজত। জাতীয় পৰিষদৰ পৰা শত্ৰুঘ্ন চাচোনি আছে যদিও তেওঁ প্ৰভাব পেলাবলৈ সক্ষম হোৱা নাই। ২০১৬ চনত অশোক সিংঘালে কংগ্ৰেছৰ হাবুল চক্ৰবৰ্তীক ৩৪, ৯৯৫ টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। সিংঘালে ৭১,৪২৫ ভোট আৰু চক্ৰবৰ্তীয়ে ৩৬,৪৩০টা ভোট পাইছিল। এ.আই.ইউ.দি.এফৰ ধনীৰাম ৰাজোৱাৰে পাইছিল ১৬,৬৯০। এইবাৰ এই ভোটখিনিৰ সৰহ সংখ্যক কংগ্ৰেছে পাব বুলি অনুমান কৰা হৈছে। ২০১৯ লোকসভাত বিজেপিয়ে ৯৮,১৫২ টা আৰু কংগ্ৰেছে ৪৮,৩১৫টা ভোট পাইছিল। বিজেপিৰ  সাংগঠনিক স্থিতি ইয়াত খুব মজবুত। মানুহে প্ৰাৰ্থীতকৈ যিহেতু দলক গুৰুত্ব দিছে সেয়েহে বিজেপিৰ জয় ইয়াৰ পৰা নিশ্চিত।
  ৭২ নম্বৰ বৰচলাত ২০১৬ত বিজেপিৰ গণেশ লিম্বুয়ে ৫৩,৯১২টা আৰু কংগ্ৰেছৰ টংক বাহাদুৰ ৰায়ে ৩০,২৩০টা ভোট পাইছিল। ২০১৯ত বিজেপিয়ে ৭১,৬৮৯ আৰু কংগ্ৰেছে৫১,০৬৬টা ভোট লাভ কৰিছিল। এইবাৰ গণেশ লিম্বুৰ সন্মুখত প্ৰাক্তন বিজেপি আৰু বৰ্তমান কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মা। নেপালী ভোটাৰে ভাগ্য নিৰ্ণয় কৰা সমষ্টিটোত দুয়োজনে শক্তিশালী প্ৰাৰ্থী। ৰামপ্ৰসাদ শৰ্মাই ৰাইজৰ মাজত সোমাই কিছু সমৰ্থন আদায় কৰিছে যদিও তেওঁৰ বিজয়ৰ পথ কঠিন। লিম্বু পুনৰ বিধানসভালৈ যোৱাৰ সম্ভাবনা প্ৰবল।
   ৭৩নম্বৰ তেজপুৰত ২০১৬চনত অগপৰ বৃন্দাবন গোস্বামীয়ে ৭১,১৭০ আৰু কংগ্ৰেছৰ হিৰণ্য ভূঞাই ৩৬,৫০৭টা ভোট পাইছিল। ২০১৯ লোকসভাত বিজেপিয়ে ৭৪,০৫৫ আৰু কংগ্ৰেছে ৬৬,৬৯৬টা ভোট লাভ কৰিছিল। এইবাৰ অগপৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা আৰু কংগ্ৰেছৰ অনুজ কুমাৰ মেছ। জাতীয় পৰিষদৰ জানমনি বৰাৰ প্ৰভাব সিমীত। বৃন্দাবন গোস্বামী টিকট নাপাই অসন্ত্তষ্ট যদিও তেওঁৰ সমৰ্থকৰ সংখ্যা তেনেই কম। কলাগুৰুৰ পুত্র তথা সাংস্কৃতিক কৰ্মী ৰূপে ৰাভাৰ এক সুকীয়া পৰিচয় আছে। ৰাভাৰ লগত আছিল বিজেপিৰ শক্তিশালী সংগঠন। পৃথ্বীৰাজ ৰাভা জয়ী হবই বুলি সাধাৰণ ৰাইজৰ ধাৰণা।
   ৭৪ নম্বৰ ৰঙাপাৰাত বিজেপিৰ সন্মুখত কংগ্ৰেছে কোনো প্ৰতিদ্বন্দ্বিতাই আগবঢ়াব পৰা নাই। আচলতে ৰঙাপাৰাৰ পৰা কংগ্ৰেছৰ কোনো প্ৰাৰ্থীয়েই নাছিল। হাই কামাণ্ডৰ অনুৰোধত অভিজিত হাজৰিকাই নিৰ্বাচন খেলিছে। ২০১৬ত বিজেপিৰ পল্লবলোচন দাসে ৫১,৫৯৭টা ভোট লাভ কৰি কংগ্ৰেছৰ ভিমানন্দ তাতীক ২২,৯৯১টা ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। ২০১৯ লোকসভাত বিজেপি আৰু কংগ্ৰেছে ভোট পাইছিল ৭৩,৯৯২ আৰু ৪৩,৩৩২। এনেকুৱা লাগিছে কংগ্ৰেছৰ প্ৰাৰ্থীজনে আগতীয়াকৈ পৰাজয় স্বীকাৰ কৰিছিল । নিৰ্বাচনৰ ফল ঘোষণা এক আনুষ্ঠানিকতা মাত্র।
   ৭৫ নম্বৰ চতিয়াত পুণৰ প্ৰতিদ্বন্দ্বিতাত নামিছিল পদ্ম হাজৰিকা আৰু প্ৰাণেশ্বৰ বসুমতাৰী। ২০১৬ত বিজেপিৰ টিকটত হাজৰিকাই ৬০,৪৪০টা ভোট পাই মাত্র ১৮‍১৮টা ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল প্ৰাণেশ্বৰ বসুমতাৰীক। অবশ্যে ২০১৯ লোকসভাত বিজেপিৰ ভোট বৃদ্ধি পায় ৭৮,৪০৪লৈ। কংগ্ৰেছে ভোট লাভ কৰে ৫০,৭৩৭টা। প্ৰাণেশ্বৰৰ সাধাৰণ জীৱন জাপন তথা বড়ো জনগোষ্ঠীৰ হোৱা বাবে ভোটাৰক আকৰ্ষিত কৰিছে। কিন্তু পদ্ম হাজৰিকাই যোৱা ৫ বছৰত শাসক দলৰ বিধায়ক ৰূপে সমষ্টিত বহু কাম কৰিবলৈ সুবিধা পাইছিল। এয়াই আছিল পদ্মৰ ডাঙৰ উপলব্ধি। চতিয়াত পদুম ফুলাটো প্ৰায় নিশ্চিত।
  ৭৬ নম্বৰ বিশ্বনাথত বিজেপিৰ প্ৰমোদ বৰঠাকুৰ আৰু কংগ্ৰেছৰ অঞ্জন বৰাৰ মাজত প্ৰতিদ্বন্দ্বিতা সীমাবদ্ধ আছে। ২০১৬ত বৰঠাকুৰে ৬৪,২২৫ আৰু কংগ্ৰেছৰ নুৰজামান চৰকাৰে ৫৪,১০৫টা ভোট লাভ কৰিছিল। ২০১৯ত বিজেপিয়ে লাভ কৰা ভোটৰ পৰিমান ৬৯,০১৭ তথা কংগ্ৰেছৰ ৫৪,৬৮৬ টা আছিল। প্ৰমোদ বৰঠাকুৰৰ নিকা ভাবমুৰ্তিৰ বাবে তেওঁ সমষ্টিত পুণৰ জয়ী হ’ব বুলি সৰহ সংখ্যক লোকে ধাৰণা কৰিছে। বুজন সংখ্যক মুছলমান ভোটাৰ থকা বাবে কংগ্ৰেছেও ইয়াৰ পৰা শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  ৭৭নম্বৰ বিহালীত আমি কোনো প্ৰতিদ্বন্দ্বিতা দেখা নাই। বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান কেবিনেট মন্ত্রী ৰঞ্জিত দত্ত চতুৰ্থ বাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা নিশ্চিত। ইয়াত চি.পি.আই (এম.এল)ৰ বিবেক দাসে কোনো প্ৰভাব পেলাব নোৱাৰিলে। বিহালীৰ পৰা বিজেপিয়ে ২০১৬ত ৫২,১৫২ আৰু ২০১৯ত ৫৫,৩৩৯ ভোট লাভ কৰিছিল। একে সময়তে কংগ্ৰেছে লাভ কৰা ভোটৰ পৰিমাণ আছিল ২৮,৫৫১ আৰু ৩৬,৯৬৫।
  ৭৮ নম্বৰ গহপুৰৰ পৰা ২০১৬ত বিজেপিৰ উৎপল বৰাই শোচনীয় ভাবে পৰাজিত কৰিছিল ৰিপুন বৰাৰ পত্নী মনিকা বৰাক। উৎপল বৰাই ৮৫,৪২৪টা ভোট পোৱাৰ বিপৰীতে মনিকা বৰাই পাইছিল ৫৬,৪৮৯টা ভোট। ২০১৯ত এই ব্যবধান আৰু বৃদ্ধি পায়। বিজেপিৰ চিনত ভোট পৰিছিল ৯৫,৪৪৭ আৰু কংগ্ৰেছে পাইছিল ৪৯,২৬৪টা। পঞ্চায়ত নিৰ্বাচনটো বিজেপিয়ে দেখুৱাইছিল চমকপ্ৰদ ফল। এইবাৰ উৎপল বৰাৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। উৎপল বৰাই যোৱ ৫ বছৰত সমষ্টিটোত যঠেষ্ট ৰাস্তা নিৰ্মান কৰিছে। ৰিপুন বৰাই  সমষ্টি উদ্ধাৰ কৰাৰ বাবে বহু কষ্ট কৰিছিল। কিন্তু তেওঁ সফল নহ’ল যেন অনুমান হয়।
উত্তৰ অসমৰ ১৮টা সমষ্টিৰ ভিতৰত সকলোতকৈ তীব্ৰ যুঁজ হৈছে ১০৯ নম্বৰ বিহপুৰীয়া সমষ্টিত। যোৱাবাৰৰ পৰাজিত প্ৰাৰ্থী কংগ্ৰেছৰ ভূপেন বৰাৰ সন্মুখত এইবাৰ প্ৰাক্তন আছু নেতা বিজেপিৰ ড° অমিয় ভূঞা। যোৱাবাৰ দেবানন্দ হাজৰিকাৰ হাতত ভূপেন বৰা পৰাজিত হৈছিল ২৬,১৮৭টা ভোটৰ বিশাল ব্যবধানত। ২০১৯ লোকসভাত বিজেপিয়ে ভোট লাভ কৰিছিল ৬৫,৩৪২টা আৰু কংগ্ৰেছে পাইছিল ৩৯,৪০০টা ভোট। বৰ্তমানৰ বিধায়ক দেবানন্দ হাজৰিকাৰ ৰিপোৰ্ট কাৰ্ড ভাল নহয় বাবে বিজেপিয়ে প্ৰাৰ্থীত্ব সলনি কৰিবলৈ বাধ্য হৈছিল। ২০১৯ লোকসভাৰ সময়ত বিজেপিয়ে যিদৰে ৰাইজৰ সহাৰি পাইছিল , ২০২১ত পোৱা নাই। কিন্তু নৰেন্দ্ৰ মোদীয়ে সমষ্টিটোত সভা কৰাৰ পিছত পৰিস্থিতি সলনি হৈ পৰে। ভূপেন বৰাই নিজৰ মৃত পিতৃ-মাতৃৰ কথা কৈ ৰাইজক আবেগিক কৰি ভোট ভিক্ষা কৰা বুলি বিজেপিয়ে অভিযোগ কৰে। অমিয় ভূঞাৰ দিছপুৰলৈ যোৱাৰ মনোকামনা পূৰ্ণ হ’ব পাৰে।
লখিমপুৰ
  ৯৯ নম্বৰ মাজুলীত বিজেপিৰ প্ৰাৰ্থী মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ সন্মুখত কংগ্ৰেছৰ ৰাজীব লোচন পেগু । ২০১৬ত সোণোৱালে ৪৯,৬০২ আৰু পেগুৱে ৩০,৬৭৯টা ভোট লাভ কৰিছিল। ২০১৯ত গণশক্তিৰ সমৰ্থনৰ পিছত বিজেপিৰ ভোট বৃদ্ধি হৈ ৬২,৩৭৫ হয়। কংগ্ৰেছে পায় ২৪,২৪২টা ভোট। ২০২১ত সোণোৱালৰ সন্মুখত প্ৰত্যাহ্বান নাই। কংগ্ৰেছৰ কোনো ডাঙৰ নেতাই মাজুলিত প্ৰচাৰৰ বাবে যোৱা নাই।
  ১১০ নম্বৰ নাওবৈছাত এ.আই.ইউ.দি.এফৰ শক্তিৰে বলীয়ান প্ৰাক্তন মন্ত্রী ভৰত নৰহ। ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু প্ৰাক্তন  আমছু নেতা আজিজুৰ ৰহমানে সংখ্যালঘুৰ কিছু ভোট ভাঙিলেও নৰহৰ চিন্তাৰ কাৰণ নাই কাৰণ সমষ্টিৰ ৪৮% ভোটাৰ মুছলমান। ২০১৬ত এ.আই.ইউ.দি.এফ , বিজেপি আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ পৰিমাণ আছিল ক্ৰমে ৫৬০০৩, ৫৪৭৭০ আৰু ৩৩৮৬২। ২০১৯ত কংগ্ৰেছে  ৯৩০৩৪ আৰু বিজেপিয়ে ৭৪০৮২টা ভোট লাভ কৰিছিল। এইবাৰ অগপৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড। টিকট নাপাই যোৱাবাৰৰ বিজিত প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিং নিৰ্দলীয় প্ৰাৰ্থী। উত্তৰ অসমৰ এইখন আসনতে কংগ্ৰেছে শেষ হাঁহি মৰাৰ সম্ভাবনা আছে।
  ১১১ নম্বৰ লখিমপুৰত অগপৰ উৎপল দত্ত আছে যদিও মুল প্ৰতিদ্বন্দ্বিতা হ’ব বিজেপিৰ মানব ডেকা আৰু কংগ্ৰেছৰ জয় প্ৰকাশ দাসৰ মাজত। ‍২০১৬ত উৎপল দত্ত জয়ী হৈছিল মাত্র ৪১৫৫ টা ভোটৰ ব্যবধানত। দত্তই ৪৫,৯১৭ আৰু দাসে ৪১,৭৬২টা ভোট লাভ কৰিছিল। কংগ্ৰেছৰ টিকট বঞ্চিত ঘন বুঢ়াগোহাঁইয়ে নিৰ্দলীয় হিচাপে খেলি পাইছিল ৩০,০০০ৰো অধিক ভোট। এইবাৰ লখিমপুৰৰ সমিকৰণ সলনি হৈছে। ২০১৯ত ইয়াত বিজেপিয়ে ৭৬,৬৮৫ আৰু কংগ্ৰেছে ৫১,৩৮৯টা ভোট লাভ কৰিছিল। বিজেপিৰ সংগঠন লখিমপুৰত অতি শক্তিশালী। ইয়াৰ উপৰিও মানবৰ লগত আছে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ। মানব ডেকাৰ জয়ৰ সম্ভাবনাই উজ্জ্বল।
১১২ নম্বৰ ঢকুৱাখানাত মুল যুঁজ বিজেপিৰ নৱ কুমাৰ দলে আৰু কংগ্ৰেছৰ পদ্ম লোচন দলেৰ মাজত। তৃতীয় বাৰৰ বাবে বিধায়ক হোৱাৰ সপোন দেখা নৱ দলে ২০১৬ত ভৰত নৰহক ২৪,৫৪২টা ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। ২০১৯ত বিজেপিয়ে ৮৩,৫০২টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ৪৭,০৯১টা ভোট। গণশক্তিৰ লগত নৱ দলেৰ শিতল যুদ্ধই তেওঁক বিপদত পেলাব বুলি ভবা হৈছিল যদিও মুৰকত সেয়া নহ’ল। ঢকুৱাখানাৰ পৰা সুৰক্ষিত মন্ত্রী নৱ দলে।
১১৩ নম্বৰ ধেমাজি সমষ্টিত মুল প্ৰতিদ্বন্দ্বী বিজেপিৰ ৰনোজ পেগু, জাতীয় পৰিষদৰ চিত্ত বসুমতাৰী আৰু কংগ্ৰেছৰ শৈলেন সোণোৱাল। ২০১৬ আৰু ২০১৯ত ইয়াত বিজেপিয়ে ৬৯,৫৯২ আৰু ৯২,০৭৬টা ভোট লাভ কৰিছিল। একে সময়তে কংগ্ৰেছে লাভ কৰা ভোট আছিল ৫০,৪৭১ আৰু ৬৫,১২৯। ইয়াত গণশক্তিয়ে বিজেপিক পূৰ্ণ সমৰ্থন কৰিছিল। মিছিং ভোট বিজেপিয়ে একচেটিয়াকৈ লাভ কৰাৰ ফলত ৰণোজ পেগুৰ জয় নিশ্চিত।
১১৪ নম্বৰ জোনাইত বিজেপিৰ ভুবন পেগু আৰু কংগ্ৰেছৰ হেম হৰি প্ৰসন্ন পেগুৰ মাজত মুল প্ৰতিদ্বন্দ্বিতা হ’ব। ২০১৬ত ভুবন পেগুই বিজেপিৰ অশ্বিনী পাইটক ৪৯,২৯৩টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০২১ ত বিজেপিয়ে ১,৫৭,২৬৪টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ৪৭,৯৩২ টা ভোট। কংগ্ৰেছৰ স্থিতি ইয়াত দুৰ্বল। ভুপন পেগু ৫০ হাজাৰৰো অধিক ব্যবধানত জয়ী হোৱাৰ সম্ভাবনা আছে।
১২১ নম্বৰ চাবুৱা সমষ্টিত অগপৰ পোণাকন বৰুৱা আৰু কংগ্ৰেছৰ অজয় ফুকনৰ মাজত মুল যুঁজ হ’ব। ২০১৬ত বিজেপিৰ বিনোদ হাজৰিকাই কংগ্ৰেছৰ ৰাজু চাহুক ৩০,৭৫৪টা ভোটৰ বিশাল ব্যবধানত পৰাস্ত কৰিছিল। ২০১৯ত ইয়াত বিজেপিয়ে ৭৯,০২১টা আৰু কংগ্ৰেছে ২৭,৫৭৩টা ভোট লাভ কৰিছিল। অজয় ফুকনৰ যাদু ইয়াত চলা নাই। কংগ্ৰেছ -আজমলৰ মিত্রতাকলৈ নাৰাজ সাধাৰণ ৰাইজ। সকলোৱে একেমুখে কৈছে পোণাকন এইবাৰ হাতীত উঠি দিছপুৰলৈ যাব।
১২৫ নম্বৰ ডুমডুমাত যোৱাবাৰ দুৰ্গা ভূমিজ জয়ী হৈছিল মাত্র ৭৮২টা ভোটত। ইয়াৰ কাৰণ আছিল বিজেপিৰ প্ৰাৰ্থীজন নাছিল চাত্র জনগোষ্ঠীৰ। এইবাৰ ভুল নকৰি বিজেপিয়ে টিকট দিলে ৰুপেশ গোৱালাক। ২০১৯ত ইয়াৰ পৰা  বিজেপিয়ে ৭০,৫১২ আৰু কংগ্ৰেছে ২৯,৭৫২টা ভোট লাভ কৰিছিল। ২০২১ত ডুমডুমাত বিজেপিৰ সপক্ষে বতাহ দেখা গৈছিল। ৰুপেশ গোৱালা বিশাল ভোটৰ ব্যবধানত জয়ী হ’ব বুলি ৰাইজে কৈছে।
১২৬ নম্বৰ শদিয়াত ২০১৬ চনত বিজেপিৰ বলীন চেতীয়াই কংগ্ৰেছৰ বিৰিঞ্চি নেওগক ৬৫৬৬ টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৯ত বিজেপিয়ে ৭৮,৫০০ আৰু কংগ্ৰেছে পাইছিল ৩৮,৮৬০টা ভোট। ২০২১ত প্ৰতিদ্বন্দ্বিতা হৈছে ত্রিকোণীয়া। কংগ্ৰেছৰ লখিন চন্দ্ৰ চেতীয়া আৰু জাতীয় পৰিষদৰ জগদীশ ভূঁঞাই বলীন চেতীয়াক প্ৰত্যাহ্বান জনাইছে। প্ৰথম অবস্থাত জগদীশ ভূঞাৰ কিছু প্ৰভাব আছিল যদিও বিজেপিৰ প্ৰবল প্ৰচাৰ আৰু সাংগঠনিক ভেটিৰ বাবে বলীন চেতীয়া নিৰ্বাচনী যুদ্ধত আগবাঢ়ি আছে।
দেখা গ’ল যে ২৭ এপ্ৰিলত অনুস্থিত হোৱা  উত্তৰ অসমৰ ১৮টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপি আগবাঢ়ি আছে ১৭টা সমষ্টিত। এতিয়া অপেক্ষা মাত্র ২ মেলৈ।