উদাৰবাদী নে দেশদ্ৰোহী ?

2772

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


উদাৰবাদী আৰু লিবাৰেল বুলি দাবী কৰা বৌদ্ধিক সমাজ সদায় অভিব্যক্তিৰ স্বাধীনতাক দোহাই দি দেশক সমালোচনা কৰি থকাটো নতুন বিষয় নহয় । ইলেকট্ৰনিক মিডিয়াৰ উত্থানৰ আগৰে পৰা  বৌদ্ধিক সমাজে নিজৰ গৱেষণা গ্ৰন্থ আৰু লেখনিৰ দ্বাৰা দেশৰ প্ৰচলিত সমাজ ব্যৱস্থাটোক সমালোচনা কৰি আহিছে  । যেতিয়া ইলেকট্ৰনিক মিডিয়া আহিল তেতিয়া ইংৰাজী ভাষাৰ ওপৰত থকা তেওঁলোকৰ  দখলৰ ভিত্তিত  নিজৰ ইচ্ছা অনুসৰি বিভিন্ন বিষয়ত মতামত   দি আহিছে ।
সমগ্ৰ দেশত খলকনি সৃষ্টি কৰা জে এন ইউ ঘটনা সংঘটিত হোৱাৰ লগে লগে বৌদ্ধিক সমাজ জাগি উঠিল । অভিব্যক্তিৰ স্বাধীনতাৰ দোহাই দি দেশক খণ্ডিত কৰাৰ মতামত দিয়া কেইজনমান ব্যক্তিৰ সমৰ্থনত বৌদ্ধিক আন্দোলন আৰম্ভ কৰিলে একাংশ  গণ্যমান্যই । এনেকুৱা একাংশ  গণ্যমান্যই ১৯৯৩ মুম্বাই ধাৰাবাহিক বিস্ফোৰণত অভিযুক্ত য়াকুব মেম’নৰ ফাঁচীৰ  ৰায়ক প্ৰত্যাহ্বান জনাই নিশা বাৰ বজাত উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছিল। কিন্তু এই সকল বুদ্ধিজীৱী নিমাত থাকে যেতিয়া বন্দে মাতৰম আৰু ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা হয় ।
  অমৰ্ত্য সেন _ নোবেল বঁটা ঘোষণা হোৱা দিনটোত প্ৰতিজন ভাৰতীয়ই গৌৰৱ
কৰিছিল তেওঁকলৈ । তেওঁ কৰা মন্তব্যক অৰ্থনীতিৰ  ৱেদবাক্য বুলি ৰাইজে বিশ্বাস কৰে , কাৰণ তেওঁৰ নামৰ আগত নোবেল শব্দটো লাগি থাকে । বিমুদ্ৰাকাৰণ বা বৰ্তমানৰ চৰকাৰৰ বিভিন্ন সিদ্ধান্তক যেতিয়া তেওঁ সমালোচনা কৰে তেতিয়া দেশৰ সাধাৰণ জনতাৰ হাতত তেওঁৰ মন্তব্যক সমৰ্থন কৰাৰ বাহিৰে অন্য উপায় নাথাকে । অমৰ্ত্য সেনে নৰেন্দ্ৰ মোদীক ব্যক্তিগত ভাবে পচন্দ নকৰে বুলি কৈছিল ২০১৪ চনত ইণ্ডিয়া টুদে ইংৰাজী নিউজ চেনেলত হোৱা সাক্ষাতকাৰত আৰু সেইবাবেই গুজৰাটৰ মুখ্যমন্ত্ৰী জনক তেওঁ প্ৰধানমন্ত্ৰী হোৱাটো নিবিচাৰে । নিৰ্বাচন গ’ল নৰেন্দ্ৰ মোদী দেশৰ প্ৰধান মন্ত্ৰী হ’ল ।  কিন্তু মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এই জন বৌদ্ধিকে নৰেন্দ্ৰ মোদীক উপলুঙা কৰিলে ৩১ % ভোটেৰে প্ৰধানমন্ত্ৰী হোৱা বুলি । মোদীৰ লগত থকা ব্যক্তিগত শত্ৰুতাৰ বাবে এইজন অমৰ্ত্য সেনে দেশৰ গণতান্ত্ৰীক ব্যৱস্থাটোকে উপলুঙা কৰিলে । তেওঁ যুক্তি দিছে ভাৰতৰ যিদুজন সম্ৰাটক ইতিহাসে গুৰুত্বপুৰ্ণ স্থান দিয়ে , সেই দুয়োজনেই আছিল অহিন্দু । আকবৰ মুছলমান আৰু অশোক বৌদ্ধ । আকবৰক তেওঁ শ্ৰেষ্ঠ বুলি কোৱাৰ যুক্তি দিছে যে আকবৰৰ সেনাপতিজন আছিল হিন্দু ধৰ্মৰ । কিন্তু তেওঁ এবাৰো উল্লেখ নকৰিলে যে মহাৰাষ্ট্ৰৰ সম্ৰাট বীৰ শিবাজীৰ সেনাপতিজন  ইছলাম ধৰ্মৰ আছিল ।  নৰেন্দ্ৰ মোদীক সমালোচনা কৰে সাম্প্ৰদায়িক বুলি আৰু শ্বেখ হাছিনাক সমৰ্থন কৰে উন্নতিৰ ৰাণী বুলি । কিন্তু তেওঁ পাহৰি যায় যে বাংলাদেশক হিন্দুৰ ধৰ্মৰ মানুহৰ ওপৰত হোৱা অত্যাচাৰৰ কথা । আশীৰ উৰ্ধৰ এইজন অমৰ্ত্য সেনৰ উদ্দেশ্য ৰাজনীতি কৰা বা মন্ত্ৰী হোৱা নহয় । সেয়ে সন্দেহৰ আৱৰ্তত  এইজন তথাকথিত নোবেল বিজয়ী ।
দ্বিতীয় জন হ’ল দিল্লীৰ সাংবাদিক বৰ্খা  দত্ত । সুন্দৰ স্পষ্ট কণ্ঠস্বৰ । ৰহিংইয়া সকলক ভাৰতত সংস্থাপন কৰাৰ কাৰণে অহৰহ কাম কৰি আছে । ২০১৭ চনত ৱাছিংটন পোষ্টত তেওঁ নিবন্ধ লিখিছিল, ৰহিংইয়াসকলক কিয় ভাৰতে সংস্থাপিত কৰিব লাগে । তেওঁ লেখিছে যে ম্যানমাৰত এই মুছলমান শ্ৰেণীটোৱে ধৰ্মীয় অত্যাচাৰৰ বলি হৈ পলায়ন কৰিছে । মানৱতাৰ দৃষ্টিৰে ভাৰত চৰকাৰে বিষয়টো সমাধান কৰা উচিত বুলি মন্তব্য আগবঢ়াইছে ।সাধাৰণ দৃষ্টিত  কথাখিনি মানৱদৰদী । কাৰণ শিশুখিনিক ধৰ্মৰ দৃষ্টিৰে কোনেওঁ নাচায় । এইক্ষেত্ৰত তেওঁ ভাৰত চৰকাৰৰ মন্ত্ৰী কিৰণ ৰিজিজুকো আমেৰিকাৰ পৰা ওলোৱা ৱাছিংটন পোষ্ট কাকতখনৰ যোগেদি সমালোচনা কৰিছে। কিন্তু বৰ্খা দত্ত সচাঁকৈ ইমান মানৱদৰদী জানো ? এই কথা বিচাৰ কৰিবলৈ আমি উভতি যাব লাগিব ৯০’ ৰ দশকলৈ _স্থান কাশ্মীৰ উপত্যকা । কাশ্মীৰি হিন্দু পণ্ডিত মানুহখিনিৰ ওপৰত গণহত্যা , উৎপিৰণ আৰু অত্যাচাৰ আছিল অবৰ্ণনীয় । বৰ্খা দত্ত তেতিয়া এন ডি টিভিৰ সংবাদদাতা । হিন্দু পণ্ডিতখিনিয়ে প্ৰাণৰ ভয়ত কাশ্মীৰ উপত্যকা এৰি জম্মু আৰু দিল্লী আদি ঠাইলৈ পলায়ন কৰিলে । জনশুণ্য হৈ পৰিল কাশ্মীৰৰ হিন্দু পণ্ডিত গাওঁ বোৰ ।  বৰ্খা দত্তই ৰিপ’ৰ্টিং কৰিলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত । একেবাৰে গ্ৰাউন্দ জিৰো ৰিপ’ৰ্ট ।তেওঁ গোটেই ঘটনাটো সাম্প্ৰদায়িক নহয় বুলি বৰ্ণনা কৰিছিল ।   বৰ্খা দত্তৰ উক্তিৰে ” পলায়ন আৰু অত্যাচাৰ বলি হোৱা মানুহখিনি যদিও কাশ্মীৰত সংখ্যালঘু , তথাপি এই চাম মানুহে কাশ্মীৰত চাকৰি – বাকৰিকে  ধৰি গোটেই অৰ্থনৈতিক ব্যৱস্থাটোত মন’পলি অধিকাৰ সাব্যস্ত কৰি আছিল । এই কাৰণেই মূল পণ্ডিত আৰু দুখীয়া মুছলমান সংখ্যালঘুৰ মাজত অৰ্থনৈতিক পাৰ্থক্যই হ’ল গোটেই ঘটনাটোৰ মূল কাৰণ ।”
আজিৰ সময়ছোৱাত কাশ্মীৰত ভাৰতীয় সেনাৰ ওপৰত কৰা শিলাবৰ্ষনক ন্যায্যতা প্ৰদান কৰি থকা বৰ্খা দত্তই উপহাৰ হিচাপে পাকিস্তানৰ সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ পৰা প্ৰশংসা বুটলিবলৈ সমৰ্থ হৈছে । ২০০৭ চনৰ আগষ্ট মাহত হাইদৰাবাদত এখন গ্ৰন্থ উন্মোচনী সভাত এটা মুছলমান সংগঠন(AIMIM) ৰ ২০ জনীয়া দল এটাই তচলিমা নাচৰিনক শিল ,ইটাৰে আক্ৰমন কৰে । এজনী নাৰীৰ ওপৰত হাজাৰ মানুহৰ  সন্মুখত এই ঘটনা সংঘটিত হয় ।কিন্তু দেশৰ বৌদ্ধিক সমাজ নিমাত আছিল। কাৰণ ২০ জনীয়া দলটোৰ নেতা আছিল ওৱেছি ভাতৃ । কিন্তু একেই বৌদ্ধিক সমাজ খনে কিন্তু সবৰিমালাত নাৰী অধিকাৰ খৰ্ব হোৱা বুলি টিভিয়ে , পেপাৰে দীঘল দীঘল মন্তব্য আগবঢ়াই থাকে ।
এতিয়া আহিছো আমাৰ নিজৰ ময়ূৰ বৰা ডাঙৰীয়াৰ কথালৈ ।আজি কিছুদিন আগতে , এখন সভাত তেওঁৰ বক্তৃতাৰ বিষয় আছিল ‘ ভাষিক জাতীয়তাবাদ আৰু আধুনিক অসমীয়া সত্তাৰ উন্মেষ ‘ । সৰল , সুস্পষ্ট আৰু তথ্য সমৃদ্ধ কথাৰে,তেওঁৰ ভাষণ সদায় আকৰ্ষনীয় হয়। কিন্তু ভাষাৰ কথা ক’বলৈ গৈ তেওঁ হিন্দু ধৰ্মালম্বী অসমীয়াৰ দ্বাৰা পালন কৰা ব’ল ব’ম ধৰ্মীয় ৰীতিটোক উপলুঙা কৰিলে । ইমানতে ক্ষান্ত নাথাকি  আমিনগাওঁত হৈ যোৱা মহাৰুদ্ৰ যজ্ঞত উত্তৰ প্ৰদেশৰ পুৰোহিতে ভাগ লোৱা , অসমীয়া বিহুটোকো সাম্প্ৰদায়িক ৰং সানি  বিভিন্ন মন্তব্য আগবঢ়ায় । ভাষাৰ কথা ক’বলৈ গৈ হিন্দু মানুহৰ ধৰ্মীয় অনুভুতিক উপলুঙা কৰিলে । তেওঁৰ মতে বাকী ধৰ্মৰ মানুহখিনি অসমীয়া নহয় নেকি ? এবাৰো উচ্চাৰণ নকৰিলে যে অসমত থকা গীৰ্জাৰ ‘ফাদাৰ’ বিলাকৰ কিমানজন  অসমীয়া  বা অসমীয়া ইছলাম ধৰ্মী  মানুহখিনিৰ উপাসনা স্থল মছজিদত কিমানজন অসমীয়া মৌলবী আৰু কিমানজন অনাঅসমীয়া মৌলবী  । ভাষা  বিষয়ক আলোচনাত  হিন্দু ধৰ্মকে কিয় বাচি লৈছিল ময়ূৰ বৰা ডাঙৰীয়াই সেয়া সন্দেহজনক ।
হাতীৰ খোৱা দাঁত আৰু দেখুওঁৱা দাঁত যিদৰে ভিন্ন, সেই একেদৰে একাংশ পঢ়া শুনা কৰা বুদ্ধি থকা ব্যক্তিৰো গোপন উদ্দেশ্য আৰু সমাজৰ আগত দেখুওঁৱা চৰিত্র ভিন্ন হয়।