উৰা জাহাজৰ ওজন

2287
 হেমন্ত কুমাৰ দত্ত, প্ৰাক্তন মুৰব্বী অধ্যাপক, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


সাদেৰী গাঁৱৰ এজন অতি কৰ্মী অথচ হোজা ব্যক্তিৰ কথাকে ইয়াত তুলি ধৰিব খুজিছো। মানুহজনৰ নাম সবৰু ৰায়। আমি তেওঁক আতা বুলি মাতিছিলো। স্বকীয় কৰ্ম শক্তিৰে নিজৰ ঘৰখন ঠিকে ৰাখিও সমাজ সেৱাৰ কামতো সবৰু ৰায় পিছপৰা বিধৰ লোক নাছিল। আমাৰ ঘৰলৈ তেওঁ প্ৰায় প্ৰতিদিনে দুবাৰ তিনিবাৰ আহে। মোৰ পিতা প্ৰয়াত সমীন্দ্ৰ কুমাৰ দত্তৰ লগত তেওঁৰ আছিল আত্মিক সম্পৰ্ক। ঘৰৰ আন সদস্যসকলৰ সৈতেও তেওঁৰ সম্পৰ্ক বৰ মধুৰ। আমাৰ ঘৰলৈ আহি বাৰী বস্তিৰ ইটো সিটো কাম কৰি আমাকো কৰ্মপ্ৰেৰণা যোগাইছিল। যি সময়ত আমি দেখা গাঁওবোৰত মানুহে খেতিবাতিৰ বাবে বলধ গৰু ব্যবহাৰ কৰিছিল, সেই সময়ত সবৰু ৰায়ে এহাল মতা মহ ৰাখি খেতি-বাতি আৰু গাড়ী চলোৱা কামত ব্যবহাৰ কৰিছিল। মৃত্যুৰ প্ৰায় আগমুহূৰ্তলৈ তেওঁ মহ হাল ৰাখিছিল আৰু আমাৰ বাবে সেই ম’হ হাল বৰ আকৰ্ষনৰ বস্তু আছিল। সহজ সৰল সবৰু ৰায়ৰ এদিনৰ এটি কথাহে ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ ।  ১৯৭২/৭৩ চনৰ এটি দিন। তাৰিখটো পাহৰিলো। দুপৰীয়া এটামান বজাত হাইস্কুলৰ ছাত্র-ছাত্রীসকল ঘৰমুৱা হৈ আহি আছে। হেনসময়তে সবৰু ৰায় আমাৰ নঙলা মুখ পাৰ হৈ ঘৰৰ পিনে আহিব ধৰিছে। নঙলা মুখতে মোক লগ পাই সুধিলে – ‘বাপ স্কুল ছুটী হ’লেই দেখোন। কিহৰ কাৰণে ছুটী দিলে?’ মই ৰাতিপুৱাৰ ৰেডিও’ৰ বাতৰিত শুনিছিলো যে আগদিনাখন এখন এৰোপ্লেন দুৰ্ঘটনাত পতিত হৈছে অাৰু এই দুৰ্ঘটনাটোত কেন্দ্ৰীয় মন্ত্রী মোহন কুমাৰ মংগলমকে ধৰি ২৩০জন যাত্রীৰ মৃত্যু ঘটিছিল। সবৰু আতাৰ প্ৰশ্নত মোৰ মনত ভাব হ’ল যে কেন্দ্ৰীয় মন্ত্ৰীজনাৰ এই মৃত্যুতে নিশ্চয় স্কুল ছুটী দিয়া হৈছে। মই তেওঁক এই কথাটোৱে জনালোঁ। আমাৰ ঘৰৰ বাৰান্দাখনত পিতাই এখন চকীত বহি আছিল আৰু বোধহয় আমাৰ মাজত হোৱা কথাখিনি তেওঁ শুনি আছিল। সবৰু আতাই পিতাৰ কাষলৈ গ’ল আৰু কাষত বহি মই দিয়া উত্তৰটো কৈ আৰু অধিক কথা জনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলে। পিতাইও ৰাতিপুৱা ৰেডিঅ’ত বাতৰিটো শুনিছিল। তেওঁ সেই একে উত্তৰে দিলে। সবৰু আতাই সুধিলে- ‘মন্ত্ৰীজন কৰ?’ পিতাই ক’লে – ‘মন্ত্ৰীজন কেন্দ্ৰীয় মন্ত্ৰী অৰ্থাৎ দিল্লীৰ মন্ত্ৰী।’  তাৰ পিচত সুধিলে – ‘বাপুই (মই) দেখোন কৈছে – উৰাজাহাজত বোলে আৰু ২৩০ জন মানুহ আছিল..সকলোবোৰ একেলগে মৰিল।’ পিতাইও ৰেডিঅ’ৰ বাতৰিৰ ভিত্তিতে কলে যে ‘হয়, ৰেডিঅ’ই কৈছে যেতিয়া সিমানখিনি মানুহেই মৰিছে।’ পিতা-পুত্রক সম্পূৰ্ণ আস্হাত লৈও  কিন্তু মানুহজন আস্বস্ত হ’ব পৰা নাছিল। মোৰ পিতাৰ কথা শুনি কিছু সময়ৰ বাবে তেওঁ তলকা মাৰি থাকিল। হয়তো মনতে কিবা হিচাপ নিকাচৰ অংক। হয় এৰোপ্লেনখনত দহ-পোন্ধৰজনৰ দুৰ্ঘটনা হোৱা কথাটো মানি লব পৰা ধৰণৰ। কিন্তু ২৩০ জন মানুহ। কমতো মানুহ নহয়। এখন বাছত থেলা হেচা কৰিহে ৬০/৭০ যাব পাৰে। ইমানবোৰ মানুহ চাৰিখনমান বাছতহে ধৰিব। মনতে নিশ্চয় এইবোৰ অংক কৰি অংকটোৰ উত্তৰ উলিয়াব নোৱাৰি – এবাৰ মাত দিলে – ‘খুৰা ( পিতাক সদায় খুৰা বুলি সম্বোধন কৰে) উৰাজাহাজখনত ওজন বেছি হ’ল নেকি? ‘ তেওঁ এইদৰে বুজিলে যে ইমানবোৰ মানুহৰ ওজন সহিব নোৱাৰি উৰাজাহাজখন তলত পৰি চুৰমাৰ হৈ গ’ল। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিস্ময়কৰ কথাবোৰ বুজিব নোৱাৰা এই সহজ সৰল মানুহবোৰে মাথোন এনে মন্তব্য দি আমাৰ দৰে কিছু লোকক আমোদ যোগাব পাৰে।