এআইইউডিএফেৰে মিত্রতা চুড়ান্ত ?

6323

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


কংগ্ৰেছ হাইকামাণ্ডে এআইইউডিএফ আৰু কংগ্ৰেছৰ মিত্রতা চুড়ান্ত কৰি পেলাইছে। ইতিমধ্যে বদৰুদ্দিন অাজমল আৰু হৰিশ ৰাৱাটৰ বক্তব্যৰ পৰাও এই কথা স্পষ্ট হৈছে। আমাৰ হাতত পৰা খবৰ অনুসৰি এআইইউডিএফৰ হাতত থকা ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জ অাসনকেইখন তেওঁলোকক এৰি দি বাকী ১১ খন আসনত প্ৰতিদ্বন্দ্বীতা কৰিব কংগ্ৰেছ  দলে।
কংগ্ৰেছৰ কফিনত শেষ গজাল 
কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্রতাৰ ফলত লাভবান হ’ব আজমল। কিন্ত্ত এই মিত্রতাই শলঠেকত পেলাব অসম কংগ্ৰেছক। বিশেষকৈ উজনি অসমত এই মিত্রতাৰ ফলত বিজেপিয়ে ৱাক অভাৰ পোৱাতো খাটাং । বিজেপিয়ে সহজেই এপাট ব্ৰহ্মাস্ত্ৰ পাব।  প্ৰদেশ কংগ্ৰেছে এইবিলাক কথা নিশ্চয় নুবুজা নহয় আৰু সেইবাবেই এই মিত্রতাৰ বিৰোধিতা কৰিছিল। কিন্ত্ত হাই কামাণ্ডৰ ওচৰত  তেওঁলোকৰ কথাৰ কোনো মুল্য নাই। এই মিত্রতা হলে কেবল মাত্র কলিয়াবৰৰ বাহিৰে আন এখনো আসন জিকাৰ সম্ভাবনা নাই কংগ্ৰেছৰ।
কংগ্ৰেছত দলত্যাগ
কংগ্ৰেছৰ কিছুমান নেতাই তলে তলে বিজেপিৰ লগত সম্বন্ধ বজাই ৰাখিছিল আৰু দল সলনি কৰাৰ সুযোগ বিচাৰি আছিল। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্রতাই আনি দিলে এই সুযোগ। মিত্রতাৰ  পিছত দলত্যাগ কৰিলে সুবিধাবাদী নহয় বৰং একো একোজন বীৰ হিচাপে স্বীকৃতি পাব এওঁলোকে। এইচাম নেতাৰ বাহিৰেও কংগ্ৰেছৰ আন এচাম নেতা আছে যাৰ দলত্যাগৰ কোনো পূৰ্ব পৰিকল্পনা নাছিল। কিন্ত্ত এআইডিএফেৰে মিত্রতা হোৱা খবৰ শুনি অন্তৰত আঘাত পাই দলত্যাগ কৰিবলৈ সাজু হৈছে  এওঁলোকে। বিশেষ সুত্রৰ  পোৱা  খবৰ অনুসৰি কংগ্ৰেছৰ বৰ্তমানৰ ৪ জন বিধায়কে মিত্রতা ঘোষনা হোৱাৰ লগে লগে পদত্যাগৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰিও প্ৰায় ৬ জন প্ৰাক্তন বিধায়ক তথা আন কেইবাজনো বৰিষ্ঠ সদস্যই ইতিমধ্যে মিত্রতা হ’লে দলত্যাগ কৰিব বুলি জনা গৈছে। সময় যোৱাৰ লগে লগে এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাবনা আছে। অসম কংগ্ৰেছৰ হাতত এতিয়াও সময় আছে। বিভিন্ন প্ৰকাৰে হেচাঁ দি হ’লেও এই মিত্রতা ৰোধ কৰিব নোৱাৰিলে ২০১৯ চনৰ নিৰ্বাচন বাদেই  ২০২৪লৈ ও কংগ্ৰেছৰ কোনো সম্ভাবনা দেখা নাযায়।