ৰামায়ণ – কিছু নষ্টালজিয়া আৰু বুদ্ধিজীৱীৰ সংশয়: বুবুল ঠাকুৰীয়া

2873
  • বুবুল ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মহাভাৰত আৰু ৰামায়ণ এনে দুখন মহাকাব্য যি দুখন প্ৰতিজন ভাৰতীয় জাতি-ধৰ্ম নিৰ্বিশেষে অলপ হ’লেও সোমাই আছে।আমি সততে গৰ্ব কৰোঁ, মেমে বনাওঁ যে আমি আশীৰ দশকৰ,নব্বৈৰ দশকৰ ইত্যাদি ইত্যাদি।আমি অমুক কৰিছিলোঁ, আমি তমুক কৰিছিলোঁ ইত্যাদি ইত্যাদি।ইয়াৰ ভিতৰত পুনঃ সোমাই পৰিল ৰামায়ণ, মহাভাৰতৰ সম্প্ৰচাৰৰ ওপৰত প্ৰবন্ধ, টিপ্পনী লিখাৰ প্ৰতিযোগিতা কিছুমান বুদ্ধিজীৱী তথা ৰাজনৈতিক নেতাৰ মাজত।বহুতে আকৌ ৰামায়ণ,মহাভাৰতৰ লগত আলিফ-লেইলা,শক্তিমান ইত্যাদিৰ সম্প্ৰচাৰৰ দাবী কৰিলে।চৰকাৰে বাৰু সেইটোও কৰিলে।হয়,আপোনালোকে ঠিকেই ধৰিব পৰিছে যে কৰোণা ভাইৰাছৰ বাবে যেতিয়া সমগ্ৰ বিশ্বই লক ডাউন দিলে,আমাৰ কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ সংক্ৰমণৰ ভয়ত লক ডাউন দিলে আৰু দেশৰ গৃহ বন্দী জনতাক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে ৰামায়ণ আৰু মহাভাৰতৰ পুনৰ সম্প্ৰচাৰ কৰিলে যোৱা ২৭ আৰু ২৮ মাৰ্চৰ পৰা।এতিয়া আহকচোন অলপ অতীতলৈ উভতি যাওঁ আৰু মূলত ৰামায়ণ কেন্দ্ৰীক ঘটনা ৰাজিৰে সামৰণি মাৰিম…..
মহৰ্ষি বাল্মিকীৰ দ্বাৰা ৰচিত ৰামায়ণ আৰু তুলসীদাস ৰামচৰিত মানসৰ যুগ্ম চিত্ৰনাট্যৰ ফলস্বৰূপে ৰামানন্দ সাগৰ,আনন্দ সাগৰ আৰু মতি সাগৰ নামৰ তিনি ভাতৃৰ প্ৰযোজনাত আমি দেখিবলৈ পাইছিলোঁ প্ৰথম ৰামায়ণ দূৰদৰ্শনৰ দ্বাৰা ২৫ জানুৱাৰী ১৯৮৭ চনৰ পৰা ৩১ জুলাই ১৯৮৮ চন পৰ্যন্ত মুঠ ৭৮টা খণ্ডত,প্ৰতিটো খণ্ড আছিল মুঠ পয়ত্ৰিশ মিনিটৰ।সেই সময়ত এখন গাঁওৰ যিঘৰ ধনী মানুহ আছিল তেওঁলোকৰ ঘৰতহে আছিল কলা-বগা টিভি।যিটোৰ আগত যথা সময়ত প্ৰায় গোটেই খন গাঁওৰ মানুহ উবুৰি খাই পৰিছিল।ৰাম-সীতাৰ দর্শনৰ বাবে।
ৰাম ৰূপী অৰুণ গোভিলৰ গুৰু গম্ভীৰ খোজ,আটিল দেহ,খঙৰ ভমকত উতলি থকা তথা জ্যেষ্ঠ ভাতৃৰ বাবে প্ৰাণ দিব পৰা লক্ষ্মণ ৰূপী সুনীল লাহৰী,জনক নন্দিনী,দশৰথৰ বোৱাৰী,ৰামৰ চেনেহৰ পত্নী  সীতা ৰূপীৰূপী দীপিকা চিকালীয়া,সীতা হৰণকাৰী,মহা অহংকাৰী,লংকেশ্বৰ ৰাৱণ ৰূপী অৰবিন্দ ট্ৰিবেদী,প্ৰভুভক্ত ,পবন-পুত্ৰ বীৰ হনুমান ৰূপী দ্বাৰা সিং আদি চৰিত্ৰাভিনেতা আৰু চৰিত্ৰাভিনেত্ৰীৰ  নান্দনিক অভিনয়ৰ সংগম স্থলী ৰামায়ণ যিখনে অলেখ বার্তা বহন কৰি সেই সময়ৰ ভাৰতলৈ বোৱাই আনিছিল এক যেন ৰামৰাজ্যৰ সপোন!যি কেতিয়াও ছাগে পূৰণ নহ’ব আৰু যাৰ বাস্তৱ ভিত্তিও সন্দেহৰ আৱৰ্তত।কিয়নো এইখন সাৰ্বভৌম,ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষ।
 ৰামৰ বনবাসে যেনেকৈ ৰজা দশৰথৰ চকু পানীয়ে অযোধ্যাৰ পথ তিয়াই দিছিল ঠিক তেনেকৈ গাঁওৰ বয়সীয়াল মহিলাখিনিয়েও মানুহ ঘৰৰ চোতাল তিয়াই দিয়া সদৃশ অৱস্থা কৰি পেলাইছিল।লক্ষ্মণে শুৰ্পনখাৰ নাক কাটোতে মহিলা সকলে আয়ৈ-বিয়ৈ কৰাৰ লগতে ছিঃ ছিঃ কৰিবলৈও পাহৰা নাছিল যে কি নষ্ট চৰিত্ৰৰ নাৰী বুলি।সীতাৰ সহনশীলতা দেখি শাহুৱেক বোৰে বোৱাৰী বিলাকক ৰিজনী দি দি কটাক্ষ কৰিছিল।গাঁও বিলাকত আৰ কথা তাৰ ঘৰত লগাই ফুৰি গৃহ কন্দল লগাই ফুৰা বোৰক ৰিজাইছিল কুঁজী-মন্থৰাৰ সৈতে।ৰাৱণৰ মৃত্যত কিৰিলী পৰা চামে এতিয়াও দচেৰাৰ দিনা ৰাৱণ বধ কৰিয়েই আছে।যিটো বাৰু আমাৰ আলোচ্য বিষয় নহয়!ৰাৱণৰ ভাতৃ বিভীষণক লৈ অসমীয়াত জতুৱা-ঠাঁচৰ সৃষ্টি হ’ল-ঘৰ শত্ৰু বিভীষণ হিচাপে।ক’ত যে কি নাপালোঁ আমি ৰামায়ণৰ পৰা!ভাতৃ প্ৰেম,পত্নী প্ৰেম, পিতৃ ধৰ্ম,গ্ৰাহস্থ ধৰ্ম,ৰাজ ধৰ্ম,প্ৰজা ধৰ্ম,প্ৰভু ভক্তি ইত্যাদি জানোঁ ৰামায়ণৰ পৰা আমি শিক্ষা লোৱা নাই।শিশুৰ মনৰ বিকাশ,দেহৰ বিকাশ,স্বামী-স্ত্ৰীৰ সম্পৰ্ক,শহুৰ-শাহুৰ প্ৰতি কৰ্তব্য, দেশ চালনা তথা যুদ্ধ-নীতি,বৈদেশিক নীতি,প্ৰজা-হিত কাম ইত্যাদিৰ বিভিন্ন বার্তাৰে সমৃদ্ধ ৰামায়ণে আমাক বহু খিনি দি গ’ল।আৰু এতিয়াও দি আছে।প্ৰভু ৰাম আমাৰ আৰাধ্য দেৱতা হৈ আছে।আমাৰ হিন্দু ধৰ্মী লোক সকলে শুবৰ সময়ত,খাবৰ সময়ত, যাত্ৰাৰ সময়ত,শুভ কামৰ আৰম্ভণিত,বিপদৰ সময়ত আমি ৰাম-কৃষ্ণ বুলিয়েই সুৱৰোঁ।ৰাম  আমাৰ বাবে এক  শব্দ নহয় ৰাম আমাৰ হৃদয়ত আছে।
১৯৮৭-১৯৮৮ চনত প্ৰচাৰিত ৰামায়ণৰ পিছত ইয়াৰ ৰিমেক হৈছিল নতুন নতুন অভিনেতা, অভিনেত্ৰীৰ দ্বাৰা,পুনৰ প্ৰচাৰ হৈছিল, কিন্তু প্ৰথম ৰামায়ণৰ মাদকতা যেন পিছৰ ৰামায়ণত নাই।আগতে এশ মানুহে চোৱা ৰামায়ণ এতিয়া নিউক্লিয়েৰ ফেমিলীৰ তিনি-চাৰিজনৰ মাজত সীমাবদ্ধ।সেই প্ৰথম ৰামায়ণৰ সম্প্ৰচাৰ কৰি দূৰদৰ্শনৰ আয় হৈছিল প্ৰায় চল্লিছ লাখ টকা প্ৰতিটো খণ্ডত।যিটো অবিশ্বাস্য যেন লাগে এতিয়া ভাবিলে।কিয়নো এতিয়া সকলো টি আৰ পি ৰ ওপৰত নিৰ্ভৰশীল যে!
এতিয়া আহোঁ সদ্য সম্প্ৰচাৰিত মহাভাৰত- ৰামায়ণক লৈ আমাৰ অসমৰ বুদ্ধিজীৱী কিছুমানে কিছুমান বাতৰি কাকতত লিখা প্ৰবন্ধ বোৰে কিহৰ বাৰ্তা বহন কৰে?ঠিকেই আছে আমি ধৰ্ম নিৰপেক্ষ কিন্তু তাৰ মতলব এইটো নহয় যে চৰকাৰে মহাকাব্য দুখনৰ পুনঃ সম্প্ৰচাৰ কৰি কিবা ধৰ্মীয় আঘাত হানিলে।এয়া আমাৰ বোধ গম্য নহ’ল!যিটোৱে সভ্য সমাজৰ বাবে অশুভ বাৰ্তা বহন কৰে বুলি আমাৰ অনুমান হয়।কলম ধৰিব জানিলে বুলিয়েই যে যিকোনো কিবা এটা লিখি  বিতৰ্কৰ মাজলৈ নিজক টানি নিয়াৰ এক অপৈনত আখৰা কৰা যেনহে লাগিল!দায়-দোষ নধৰিব যদিহে অভাজনে কিবা  ভুলকৈ লিখিলোঁ।কিয়নো এই অভাজনৰ জ্ঞানৰ গণ্ডী বৰ সীমিত!কাৰোবাক ভাল লগাবলৈ গৈ কাৰোবাৰ অন্তৰত আঘাত দিয়াৰ লেখীয়া আচলতে উপৰিউক্ত বুদ্ধিজীৱী সকলৰ প্ৰবন্ধৰ সাৰ-মৰ্ম!প্ৰথম ৰামায়ণৰ সম্প্ৰচাৰৰ পিছত সেই সময়ৰ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইনফৰ্মেচন এণ্ড ব্ৰ’ডকাষ্টিংৰ সচিব  এছ.এছ.গীলে ৰামানন্দ সাগৰলৈ চিঠি লিখিছিল যে ‘ৰামায়ণ’ হৈ পৰিল ভাৰতবৰ্ষৰ, ভাৰতীয়ৰ বাবে
“ধৰ্ম নিৰপেক্ষ আৰু বিশ্বজনীন”।হয়তো মই আৰু আপোনালোকক আমনি কৰাৰ অধিকাৰ নাই, ইমান দীঘলীয়া কৰি মোৰ খাৰ-খোৱা মূৰৰ কলমেৰে।
জয় শ্ৰী ৰাম।