“এডভান্টেজ আছাম” বনাম স্বদেশী উদ্যোগৰ মৃত্যু ঘণ্টা….

1723
  • বুবুল ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


সমগ্ৰ দেশৰ লগতে অসম জ্বলি আছে নাগৰিকত্ব সংশোধনী আইন,২০১৯ক লৈ।দেশৰ আন প্ৰান্তৰ লগত কিন্তু অসমৰ আন্দোলনৰ আকাশ পাতাল পাৰ্থক্য।যিটো হয়তো দেশৰ আন প্ৰান্তৰ মানুহে গম নাপায়, যেনেকৈ গম নাপায় কেন্দ্ৰীয় চৰকাৰ খনে লগতে ৰাষ্ট্ৰীয় নিউজ চেনেল বোৰে।যি হওক ফলাফল হয়তো চুপ্ৰীম কোৰ্টৰ হাতত।আমি এইখিনি কথা এইকাৰণে উল্লেখ কৰিলোঁ যে বি জে পিৰ দ্বাৰা চালিত কেন্দ্ৰীয় চৰকাৰ খনে নিৰ্বাচনী ইস্তাহাৰ মতে উল্লেখ কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক খনক আইনলৈ পৰিণত কৰিলে।প্ৰতিবাদ যিমানেই নহওক,হয়তো আমি ভোট দিওঁতেই সাৱধান হব লাগিছিল।লাগিলে সেইখনে অসমৰ নক্সা সলনি কৰিয়েই নিদিয়াক কিয়!তেওঁলোক যেন কথা মতে কাম কৰা দল,তথা কথা মতে কাম কৰা চৰকাৰ।কিন্তু আন আন ক্ষেত্ৰত ও যদি তেওঁলোকে এই সদিচ্ছা দেখালেহেঁতেন বৰ ভাল কথা আছিল!

হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ দ্বাৰা চালিত অসমৰ দুটাকৈ কাগজ কল-নগাঁও আৰু কাছাৰ কাগজ কল দুটাত মৃত্য ঘন্টা বাজিছে।দুয়োটা কাগজ কলৰ প্ৰায় বাৰশৰো অধিক কৰ্মচাৰীয়ে দুৰ্বিষহ জীৱন কটাই আছে-দৰমহাৰ অভাৱত।প্ৰায় আশী কোটি টকাৰ কেঁচা সামগ্ৰীৰ লগতে যন্ত্ৰপাতি জহি-খহি যাবলৈ ধৰিছে।এতিয়া শুনিবলৈ পোৱা গৈছে  আবাসীক কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালক ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিছে।ইয়াৰ মাজতে বহু বল্কী উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কৈছে যে কোনেও ঘৰ খালি কৰিব নালাগে!কিন্তু বিশ্বাস কৰে কোনে তেওঁলোকৰ কথা বোৰ?কিয়নো কথা আৰু কামৰ বিস্তৰ প্ৰভেদ!বহুতো কৰ্মচাৰীৰ মৃত্যু ঘটিল,বহুতে আত্মহত্যা কৰিলে, জীয়াই থকা কৃষয় সংখ্যকে দিন হাজিৰা কৰি,পান-তামোল, শাক-পাচলিৰ দোকান দি কোনোমতে পেটে ভাতে খাই আছে।লৰা-ছোৱালীৰ শিক্ষা আধৰুৱা হৈছে টকাৰ অভাৱত।বহুতৰ ঘৰ-মাটি বিক্ৰী গৈছে জীৱন ধাৰণৰ বাবে।মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিস্থিতি।
এতিয়া আমি যদি ফ্লেছবেকত যাওঁ-তেন্তে দেখা যায় ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ কোনোবা এখন নিৰ্বাচনী সভাত কাগজ কল দুটাৰ পুনৰুদ্ধাৰ কৰিম বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল।তাৰ বাবে অসমত যদি বি জে পি চৰকাৰ আহে তেন্তে অতি সোনকালেই কাগজ কল দুটা কাৰ্যক্ষম কৰিম বুলি তেওঁ কৈছিল। তাৰ পিছত সৰ্বানন্দ সনোৱালৰ নেতৃত্বত অসমত বি জে পি ৰ চৰকাৰ হ’ল।তেতিয়া তেওঁ এখোপ আগবাঢ়ি কৈছিল যে কাগজ কল দুটা কাৰ্যক্ষম কৰাৰ বাবে প্ৰায় আঠশ কোটি টকা আবন্টন দি চৰকাৰে কল দুটাৰ কৰ্মচাৰীলৈ সুখবৰ আনিব।বাকী খিনি ৰাইজে দেখি আছে।কেনে পাভলুটি মাৰি আছে দুয়োখন চৰকাৰে।
অসমত বিভিন্ন কল-কাৰখানা,উদ্যোগ স্থাপনৰ দ্বাৰা নিয়োগ বৃদ্ধি কৰিবলৈ দেশ-বিদেশৰ উদ্যোগ পতি,পুঁজিপতিক মাতি আনি “এডভান্টেজ আছাম” পাতিলে কোটি কোটি টকা খৰচ কৰি।সকলো ফুটুকাৰ ফেন হ’ল।
নিজৰ ঠাইৰ,আপোন মাটিৰ মানুহৰ মুখৰ ভাত কাঢ়ি আনক আদৰিব খোজা চৰকাৰ খনে পাহৰি গ’ল স্বদেশী কৰ্মচাৰী খিনিৰ লগতে তেওঁলোকৰ মৰ্মবেদনা।এয়াই নেকি জাতি-মাটি-ভেঁটি ৰক্ষা কৰিম বুলি সংকল্প লোৱা চৰকাৰ খনৰ কাহিনী?কোনে পতিয়ন যাব আৰু তেওঁলোকৰ চলাহী কথাত?
আমি বিচাৰোঁ দুয়োটা কাগজ কল পুনৰ কাৰ্যক্ষম হওঁক, শ শ পৰিয়াল ঠিকমতে চলক আৰু দেশৰ প্ৰগতিত দুয়োটা কাগজ কলে অৰিহনা যোগাওক।এয়াই আমাৰ আশা আৰু কামনা।।