এতিয়ালৈকে নম্বৰ ১: ৰণোজ পেগু

977

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


যোৱাবাৰৰ ৰাজনীতি অসমৰ অ’পিনিয়ন পোল আছিল অসম মন্ত্রীসভাৰ মন্ত্রীসকলৰ ওপৰত। আমাৰ প্ৰশ্ন আছিল_ কোনজন মন্ত্রীৰ পৰা প্ৰত্যাশা সৰ্বাধিক? ১ জুনৰ পৰা ২১জুনলৈ চলা আমাৰ অ’পিনিয়ন পোলত সৰ্বাধিক ২৭.৬% ভোট লাভ কৰে শিক্ষা মন্ত্রী ৰণোজ পেগুৱে। আমি ভাবো ইয়াৰ কাৰণ হ’ল তেখেতৰ ব্যক্তিত্ব। উচ্চ শিক্ষিত ৰণোজ পেগুৱে বিভিন্ন সাক্ষাৎকাৰত নিজৰ জ্ঞানৰ পৰিচয় দিছে। অবশ্যে শিক্ষা মন্ত্রী হিচাপে তেখেতৰ প্ৰথম পৰীক্ষা নিচেই সমাগত। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল তেখেতে কেনেকৈ নিৰ্ণয় কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেখেতৰ পাৰদৰ্শিতা।
২০.৭% ভোটেৰে দ্বিতীয় স্থানত আছে বিত্তমন্ত্রী অজন্তা নেওগ। জুলাই মাহত অসম এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব যেতিয়া এজন মহিলাই অসম বিধানসভাত বাজেট পৰিবেশন কৰিব। কেশব মহন্তই ১৭.২% ভোটেৰে তৃতীয় স্থানত আছে। সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য যে মহন্তই স্বাস্হ্য মন্ত্রী হিচাপে যঠেষ্ট কষ্ট কৰিছে। চতুৰ্থ আৰু পঞ্চম স্থানত আছে দুজন যুৱ মন্ত্রী ক্ৰমে বিমল বৰা আৰু পিযুষ হাজৰিকা। বিমল বৰাক ১৩.৮% আৰু পিযুষ হাজৰিকাক ১০.১% ৰাইজে ভোটদান কৰিছে। শক্তি বিভাগত বিমল বৰাৰ সংস্কাৰৰ প্ৰচেষ্টা যোৱা মাহৰ এটা উল্লেখযোগ্য খৱৰ। ঠিক তেনেকৈ জল সম্পদতো পিযুষে কিছু আশাৰ ৰেঙনি আনিছে। ষষ্ঠ স্থানত আছে কৃষি মন্ত্রী অতুল বৰা। বৰাই লাভ কৰে ৬.৯% ভোট। সপ্তম স্থানত থকা ৰঞ্জিত দাসে লাভ কৰে ৩.৪% ভোট। শৰ্মা মন্ত্রীসভাৰ অন্যতম জ্যেষ্ঠ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাইজৰ কোনো সহাৰি লাভ নকৰিলে।