এন.আৰ.চিৰ আঁৰৰ মূল মানুহজনেই এন.আৰ.চিক লৈ অসন্ত্তষ্ট

3660

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


যোৱা মাহত এন আৰ চিৰ কাৰণে উচ্চতম ন্যায়ালয়ত দাৰস্থ হোৱা APW সংগঠনটোৰ নেতৃত্ব দিয়া আভিজিত শৰ্মাই NRC ক লৈ আশংকা প্ৰকাশ কৰিছিল ।  ৩১ আগষ্টত NRC প্ৰকাশৰ কিছুসময় পিছতেই  তেওঁ ‘ ৰাজনীতি অসম ‘ ৰ প্ৰতিনিধিৰ আগত একাংশ দল সংগঠন আৰু ব্যক্তিক কটাক্ষ কৰি কয় , “অবৈধ বিদেশীৰ ৰক্ষণাবেক্ষণৰ বাবে নিৰন্তৰ কাম কৰি অহা, অবৈধ বিদেশীৰ ইছুটোক জীয়াই ৰাখি ৰাজনৈতিক মুনাফা চলাই নিব বিচৰা প্ৰতিটো ৰাজনৈতিক – অৰাজনৈতিক দল আৰু সংগঠনলৈ এন আৰ চি প্রকাশৰ এই মূহুৰ্তত জনাইছাে উষ্ম অভিনন্দন! আনুস্থানিকভাৱে আজি আপােনালােক সফল হ’ল ।”
তাৎপৰ্য্যপুৰ্ণ মন্তব্য কৰে যে , ” অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান অসম্ভব, বিগত দহবছৰৰ অভিজ্ঞতাৰ পৰা আজি আনুস্থানিক ভাবে আমি এই ঘােষণা কৰিলাে । “
‘ অসম চুক্তি ‘ , ‘ এন আৰ চি ‘ অসমৰ জনতাই দেখিলে , এতিয়া উচ্চাৰিত হৈ আছে ৬( খ)  নং দফা , উচ্চতম ন্যায়ালয়ত বিচৰাধীন ৫১ ভিত্তি বৰ্ষ ইত্যাদি ।  চুক্তি পত্ৰ ,কাগজতেই সীমাবদ্ধ নেকি অসমীয়াৰ অস্তিত্ব ? অসমীয়া বুলিলে আকৌ অসমীয়াৰ সংজ্ঞা বিচাৰিব লাগিব ? প্ৰথমে সংজ্ঞা নে প্ৰথমে অস্তিত্ব ? উত্তৰ ৰাজনীতি , কুটনীতি , অৰ্থনীতিৰ মাজত বিচৰণ কৰি থকা এটা জাতিৰ ভৱিষ্যতৰ পৰীক্ষা নিৰীক্ষা চলে একমাত্ৰ টিভিৰ পৰ্দাত আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতত ।
আভিজিত শৰ্মাই কৈছে যে তেওঁলোক পুনৰ দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ।