এন.আৰ.চিৰ নায়ক ভূঞাঁ দম্পতি

2929

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বহু ঘাট-প্ৰতিঘাতৰ মাজেৰে অবশেষত অসমবাসীয়ে এখন চুড়ান্ত খচৰা এন.আৰ.চি লাভ কৰিলে। এন.আৰ.চি এ অসমৰ বাংলাদেশী  সমস্যা সমাধান কৰিব নে নকৰে এই বিষয়ে অসমৰ ৰাইজ সন্দিহান। তথাপিয়ো কব লাগিব যে এন.আৰ.চি খন হ’ল অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দিশে এটা খোজ।  এন.আৰ.চি প্ৰকাশৰ পিছত বহু দল- সংগঠনে ইয়াৰ কৃত্যিত্ব লব বিচাৰিলে। অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ চেপ্তেম্বৰ মাহৰ অ’পিনিয়ন প’লত আমি অসমৰ ৰাইজৰ পৰা এন.আৰ.চিৰ নায়ক কোন সেই বিষয়ে জানিবলৈ প্ৰয়াস কৰিছিলো।
১ চেপ্তেম্বৰৰ পৰা ২০ চেপ্তেম্বৰলৈ চলা আমাৰ অ’পিনিয়ন প’লত ভাগ লৈছিল অসমৰ প্ৰতিখন জিলাৰ ৰাইজে। আমি এই চেগতে সকলোলৈকে আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।
৬১.১% ৰাইজৰ মতে এন.আৰ.চিৰ নায়ক হ’ল ভূঞাঁ দম্পতি । অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজখনত এখেতসকলৰ অৱদান অসমৰ ৰাইজে একেমুখে স্বীকাৰ কৰিছে।
১২.২% ৰাইজে অভিজিত শৰ্মাক এন.আৰ.চিৰ নায়ক বুলি ভাবে। APW ৰ সভাপতি শৰ্মাৰ এন.অাৰ.চিৰ বাবে কৰা সংগ্ৰাম খনক অসমৰ ৰাইজে বাঃ বাঃ দিছে।
অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালক ৯.৮% ৰাইজে এন.আৰ.চিৰ বাবে কৃতিত্ব দিব বিছাৰে। ৮.৯% ৰাইজৰ মতে এন.আৰ.চিৰ নায়ক আমি উল্লেখ কৰা ব্যক্তি সকলৰ ভিতৰত এজনো নহয়। ৪.৯% ৰাইজৰ মতে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু ২.৪% ৰাইজৰ মতে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী এন.আৰ.চিৰ নায়ক।
আমাৰ অ’পিনিয়ন প’লৰ দ্বিতীয় প্ৰশ্নতো আছিল ‘চুড়ান্ত এন অাৰ চিৰ পিছত বাংলাদেশী সমস্যাৰ সমাধান হ’ব বুলি ভাবেনে ?’
কেবল ১৫% ৰাইজে চুড়ান্ত এন.আৰ.চিৰ পিছত বাংলাদেশী সমস্যাৰ সমাধান হব বুলি ভাবে।
৪৩.৪% ৰাইজে চুড়ান্ত এন.আৰ.চি প্ৰকাশৰ পিছতো বাংলাদেশী সমস্যাৰ সমাধান হব বুলি নাভাবে।  ৪১.৬% ৰাইজে কৈছে যে ‘এতিয়াই মন্তব্য দিয়া কঠিন’।