এন আৰ চিৰ পিছত ……

3003
  • পাৰ্থ সাৰথি দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


৪৭’ স্বাধীনতাৰ সময়ছোৱাতো ভৱা হৈছিল জনগণৰ দুখ দুৰ্দশা শেষ হৈ যাব । কিন্তু কি হ’ল আচলতে ?  অসম চুক্তিৰ পিছত সোনৰ অসম হ’লনে , আই.এম.ডি.টি বাতিলৰ পিছত বাংলাদেশী গ’লনে , ৪৭’ ৰ স্বাধীনতাৰ লগে লগে অভিশাপ হৈ অবিশ্বাসৰ বীজ “দেশ বিভাজন” নাহিলনে ? উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাবধানত প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা। অসমক ভাল পোৱা প্ৰতিজনে অধীৰ আগ্ৰহেৰে বাট চাই আছিল এই দিনটোলৈ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত চলা বহু ষড়যন্ত্র প্ৰতিহত কৰি প্ৰকাশ পোৱা এই নাগৰিকপঞ্জীৰ বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ দিব লাগিব । এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলা তথা মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালো নিশ্চয়কৈ  ধন্যবাদৰ পাত্র । এন আৰ চি প্ৰকাশৰ সময়ত সৃষ্টি হব পৰা যোকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছিল গৃহ বিভাগ । অসমৰ এন আৰ চিক লৈ সংসদত তৃনমুল কংগ্ৰেছৰ হুলস্হূল আৰু মমতা বেনাৰ্জীৰ বক্তব্য গৰিহণাৰ যোগ্য । শান্তি সম্প্ৰতি অটুট ৰাখি অসমৰ ৰাইজে এই অশুভ শক্তি বিলাকক পৰাস্ত  কৰিলে । ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম নাহিল ৪০,০৭,৭১৭ জন লোকৰ । স্বাভাবিকতে প্ৰশ্ন হৈছে __কি হ’ব এওঁলোকৰ? এইখন যিহেতু চূড়ান্ত নাগৰিকপঞ্জী নহয় সেয়েহে এতিয়াই ভয়ৰ কাৰণ নাই । নাম নথকা সকলোৱে পুনৰ আবেদন কৰাৰ সুবিধা পাব । বহু প্ৰকৃত ভাৰতীয়ৰ নাম এনআৰচিৰ এই খচৰাত বাদ পৰা বুলি অভিযোগ উঠিছে । আনকি একে পৰিয়ালৰে কেইজনমানৰ নাম আছে আৰু কেইজনমানৰ নাম নাই। হয়তো চূড়ান্ত নাগৰিকপঞ্জীত ৪০ লাখৰ পৰা সংখ্যাতো যথেষ্ট কমিব পাৰে । সকলো শুনানি সমাপ্ত হোৱাৰ পিছত অহাবছৰ জানুৱাৰী মাহত প্ৰকাশ হব পাৰে চূড়ান্ত নাগৰিকপঞ্জী । এই নাগৰিকপঞ্জীত নাম নথকা সকলৰ ভবিষ্যত কি হ’ব সেইটো এতিয়াও পৰিষ্কাৰ হোৱা নাই । সময় আৰু পৰিস্থিতি সাপেক্ষ চৰকাৰে উচিত সিদ্ধান্ত লব বুলি ৰাইজ আশাবাদী। অসমৰ হিতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দৃষ্টিত চৰকাৰৰ বাবে এই বিকল্প কেইটা মজুত আছে।

১) সকলো অবৈধ বাংলাদেশীক বাংলাদেশলৈ ঘূৰাই পঠিওৱা: এই বিকল্পটো অসমৰ খিলঞ্জীয়া ৰাইজৰ মনঃপুত হব । দল সংগঠন বিলাকেও ইয়াক বিৰোধিতা কৰাৰ থল নাই । অবশ্যে বাংলাদেশ চৰকাৰৰ সমৰ্থন অবিহনে এইটো সম্ভব নহ’ব । কেইদিনমান আগতে বাংলাদেশে ৫৯ জন লোকক গ্ৰহণ কৰিছে। কিন্তু লাখৰ ঘৰত মানুহ  বাংলাদেশে  ঘূৰাই নলবও পাৰে ।
২) অবৈধ বাংলাদেশীক ভাৰতৰ বিভিন্ন ৰাজ্যত ভগাই দিয়া: বিভিন্নজনে বিভিন্ন সময়ত এই ফৰ্মুলাটো দি আহিছে । অন্য ৰাজ্যই অবৈধ লোকসকলক গ্ৰহণ কৰিবনে তাক লৈ সন্দেহৰ অবকাশ আছে। অসমৰ ৰাইজে এই ক্ষেত্রত সম্পূৰ্ণ চিন্তা মুক্ত হব যদিহে অন্য ৰাজ্যত সংস্থাপিত কৰা মানুহখিনিক নিৰ্দিষ্ট ৰাজ্যবোৰত ‘ ডমিচাইল ‘ ঘোষনা কৰে ।
৩) অবৈধ নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা: বাংলাদেশ বা ভাৰতৰ অন্য ৰাজ্যই এইসকল লোকক লব নুখুজিলে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব ৰক্ষা কৰিব পৰা যাব। শিক্ষা, স্বাস্থ্য আদি মৌলিক সুবিধা দি  ভোটাধিকাৰ নিদিলে কিছু কাম হ’ব । সময়ত নিজে এওঁলোকে বাংলাদেশলৈ যোৱা বাট উলিয়াই লব।

নাগৰিকত্ব সংশোধনী বিধেয়ক খন সংসদত গৃহীত হ’লে সমীকৰণ বিলাক কিন্তু সলনি হ’ব।

গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এন আৰ চি প্ৰকাশৰ পিছত অসমৰ কোনো এখন ঠাইতে অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহ’ল । এই কথাটোৱে প্ৰমান কৰিলে যে অসমৰ মানুহ শান্তিপ্ৰীয় আৰু ভাতৃত্বৰ ডোলেৰে বন্ধা । কাৰণ যোৱা সময়ত বহু ৰাজনৈতিক আৰু অৰাজনৈতিক নেতাই পৰিবেশ বিনষ্ট কৰাৰ প্ৰয়াস কৰিছিল । এনআৰচিয়ে অসমৰ ৰাজনীতিত ভয় , ভাবুকি , তোষামোদ নিশেষ তথা পাহাৰ – ভৈয়াম – চৰ – চাপৰিৰ মানুহৰ মাজত অবিশ্বাসৰ ভাব চিৰদিনৰ কাৰণে নোহোৱা কৰিব বুলি সাধাৰণ জনতাই বিশ্বাস কৰে।

শেষত কব খোজো যে চৰকাৰ বা চৰকাৰ বিৰোধী নেতা, সকলোপক্ষই একনায়কত্ব চৰিত্ৰ বাদ দি আলোচনাৰে সমস্যা সমাধান কৰক । মতান্তৰে মনান্তৰ সৃষ্টি নকৰিলে ভাল । ৪০ বছৰে শেষ ৰণৰ শেষ নহ’ল । আজিৰ সময়ত  মানুহে ভাবিবলৈ লৈছে যে এন আৰ চি ,আই.এম.ডি.টি বা  বিধেয়েক যিয়েই  নহওঁক কোনো মানুহ কতো নাযায় । বহু কষ্ট, ৮৫৫ জন শ্বহীদৰ ত্যাগ, আন্দোলন আৰু ১২০০ কৌটি টকা খৰচ কৰাৰ পিচত আমি এখন এন আৰ চি পাইছো। বৰ্তমান চৰকাৰখনৰ হাতত এটা সোনালী সুযোগ আছে বাংলাদেশী সমস্যা স্হায়ী ভাবে সমাধান কৰি আমাৰ ভবিষ্যত প্ৰজন্মক সুৰক্ষিত কৰা।