এপিএছচি : দানৱে দানৱৰ বাবে…

2640

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অক্টোবৰ ২০১৭, নিজৰ দলৰ মন্ত্রীৰ বিৰুদ্ধে কমিচনৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৰাজনীতিত তোলপাল লগাইছিল তেজপুৰৰ সাংসদ আৰ.পি শৰ্মাই। দুৰদৰ্শনৰ ষ্টুডিঅ’ত নিজকে আইনষ্টাইনৰ লগত তুলনা কৰিছিল শৰ্মাই। সদায় ৰাতিপুৱা ৪ বজাত উঠি ১৫ মিনিট হেনো ভগবানৰ সৈতে কথা পাতে তেওঁ । ৰজা হৰিচন্দ্ৰৰ দৰে নিজকে সত্যবাদী সজাবলৈ বিভিন্ন কথা কৈ গ’ল শৰ্মাই। এজন ৰাজনৈতিক নেতাৰ এনে মহানুভবতা দেখি ৰাইজ আচৰিত হৈছিল । কিন্তু কলিৰ যুগৰ এইজন ৰামপ্ৰসাদৰ আচল চৰিত্ৰ ওলাবলৈ বেছি দিন নালাগিল । ৰামপ্ৰসাদৰ জী-জোৱাই দুয়ো আজি ৰঙা ঘৰৰ আলহী ।
এজন জ্যেষ্ঠ টিভি সাংবাদিকে এপিএছচিৰ দুৰ্নীতিত অভিযুক্ত প্ৰাক্তন বিষয়া সকলৰ প্ৰতি দৰদ দেখুৱালে । হত্যাৰ দোষত অভিযুক্তইও হেনো ৬ মাহত জামিন পায় । তেওঁৰ মতে বৰ্তমান চৰকাৰ খনে ৰাজনৈতিক সুবিধাৰ স্বাৰ্থত এওঁলোকক মুকলি কৰি দিয়া নাই । এতিয়া আকৌ জ্যেষ্ঠ এজন  সাংবাদিকৰ নামো এই কেলেংকাৰীত সাঙোৰ খাইছে । লোকসেৱা কেলেংকাৰীত সদায় নিত্য নতুন ৰহস্য ভেদ হৈয়ে আছে । ন্যায়াধীশক ১ কৌটি টকাৰ উপধৌকন দিয়াৰ প্ৰচেষ্টাৰ বিষয়েও অনুসন্ধান চলি আছে । মুঠৰ ওপৰত ন্যায়পালিকা, বিধানমণ্ডল, কাৰ্য্যপালিকা আৰু সংবাদ মাধ্যম কোনো সাৰি যোৱা নাই এই দুৰ্নীতিৰ খেল খনত ।
ইতিমধ্যে লোকসেৱা আয়োগৰ পৰীক্ষাত দুৰ্নীতি আৰু প্ৰৱঞ্চনা কৰি ধৰা পৰিল আনুষ্ঠানিক শিক্ষাগত অৰ্হতা থকা মুঠ ৫৬ জন ল’ৰা ছোৱালী আৰু পুৰুষ মহিলা । মাক বাপেকৰ টকা বা কোনোবাই নিজৰ প্ৰভাৱ খটুৱাই এপিএছচিৰ চাকৰি লৈছিল । নীলমনি সেন ডেকাৰ পুত্র, ৰাজেন গোহাঁইৰ ভতিজী, নাজনীন ফাৰুকীৰ ভতিজী সকলো আজি কাৰাবন্দী । অনাগত দিনত জেললৈ বিষয়াৰ আগমন চলি থাকিব বুলি অনুমান হয় । তদন্ত সঠিক দিশত আগবাঢ়িলে জেললৈ যাব পাৰে এইসকলৰ অভিভাবক
সকলো । এইবছৰ সৰ্বানন্দ সোণোৱাল দেৱৰ নেতৃত্ব, চোচিয়েল মিডিয়াৰ বহুল প্ৰয়োগ , দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ নীতি ,  কংগ্ৰেছ দলে ৰাষ্ট্ৰলৈ আগবঢ়োৱা যুগান্তকাৰী  আইন  আৰটিআই আইন,  আৰক্ষীৰ কৰ্মদক্ষতা , পুলিচ বিষয়া পানেছাৰ,  whistle blower  দন্ত চিকিৎসক গৰাকী সমন্বিতে  সমুহ অসমবাসীৰ তীক্ষ্ণ নজৰৰ বলত  কেলেংকাৰি পোহৰলৈ আহিল ।  অনৈতিক উপায়েৰে চাকৰিলৈ ধৰাত পৰিল এইসকল আৰু বহুতে ধৰাত নপৰাকৈ  এতিয়াও চাগে  বিষয়া হোৱাৰ  সোৱাদ
( অহংকাৰ !) লৈয়েই আছে । ধৃতসকলে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই মুখ লজ্জাৰ সন্মুখিন হৈছে । কিন্তু কথা হ’ল এইবিলাক চাকৰিৰ প্ৰতি  মানুহৰ আকৰ্ষন ইমান কিয় বৃদ্ধি পালে যে বহু লক্ষ লক্ষ টকা খৰছ কৰিবলৈও কুন্ঠাবোধ নকৰে । পুলিচৰ ডিএছপি টো বাদেই দিয়ক   ২৫ -৩০ বছৰ আগত জানো এচিএছ চাকৰিৰ ইমান আকৰ্ষন আছিল ? এটা সময়ত গাওঁত স্কুল এখনৰ জন্ম দিবৰ কাৰণে ভাল চাকৰি বাদ দি শিক্ষকতা কৰিছিল বহু ব্যক্তিয়ে । কিন্তু এতিয়া চাকৰি সলাই সলাই প্ৰশাসনিক বিষয়া হ’ব যায় কিয় ? ভোগবাদ আৰু ক্ষমতা কেন্দ্ৰীক গণতন্ত্ৰত  বাঢ়ি গ’ল এপিএছচি ৰ চাকৰিৰ আকৰ্ষণ আৰু লোভ ।
এপিএছচি ৰ গাত দুৰ্নীতিৰ আভিযোগ  উঠিছিল  তাৰা দাসৰ সময়ৰ পৰা । আৰক্ষী বিষয়া মুকুল শইকীয়াই ২০১৩ চনতে গৃহবিভাগক দিছিল ৰাকেশ পালৰ দুৰ্নীতিৰ প্ৰতিবেদন । সেইসময়ত ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰা তৰুন গগৈয়ে মুকুল শইকীয়াৰ প্ৰতিবেদনত গুৰুত্ব নিদিলে । বৰং বদলিৰ নিৰ্দেশ পালে শইকীয়াই । দুৰ্নীতিৰ জৰিয়তে বিষয়া নিযুক্তি প্ৰক্ৰিয়াটোক পৰোক্ষ ভাবে সমৰ্থন কৰি এটা জাতিক পংগু কৰাৰ ষড়যন্ত্রৰ ভাগীদাৰ আছিল তৰুন গগৈ । ইচ্ছা কৰিলে ২০০০ চনতে লোকসেৱা আয়োগৰ দুৰ্নীতি ৰোধ কৰিব পৰা গলহৈ । বহু প্ৰতিভাবান যুৱক আমি হেৰুৱালো । কিন্তু ভেটি দি চাকৰি পোৱা সকল জানো মঙ্গল গ্ৰহৰ জীৱ ? তেওঁলোক জানো  এইখন সমাজৰেই বায়ু , পানী খোৱা মানুহ নহয় ? পাৰ্থক্য ইমানেই যে এতিয়া ছ’চিয়েল মিডিয়াৰ যুগত দুৰ্নীতিৰ অভিযোগত জেলত সোমাই থকা মানুহখিনিৰ মুখবোৰ চিনাকী হৈ গৈছে কিন্তু আজিৰ পৰা ২০ বছৰ আগত হোৱাহেতেঁন ৰাইজে গমেই নাপালেহেতেঁন কোন কাৰ পুত্ৰ , কোন কাৰ বোৱাৰী । যদিও সেই সময়ত তাৰা দাসৰ নাম পেপাৰে পত্ৰই ওলাইছিল কিন্তু এই একেজন ব্যক্তিয়ে বিধান সভাৰ নিৰ্বাচনত ৰাইজৰ সমৰ্থনত বিধায়কো হৈছিল । বাতৰি যুগুতাই থাকোতে ধৃত এচিএছ এজনৰ অভিভাবকক বুলি চিনাকী দিয়া ব্যক্তি এজনক  লগ পোৱাৰ সোভাগ্য হ’ল । কথাই কথাই বয়সীয়া ব্যক্তিজনে শিয়ালৰ কাহিনীটো ক’লে । শিয়ালটোৱে  চেষ্টা কৰিও যেতিয়া আঙ্গুৰ খাব নোৱাৰিলে ,তেতিয়া সি আঙ্গুৰবোৰ টেঙা বুলি কোৱা কথাষাৰ মনত পেলাই দিলে ।  তাৰা দাসৰ দিনৰ পৰা আৰম্ভ কৰি ৰাকেশ পালৰ দিনলৈ কিমানজন এপিএছচিৰ সদস্যৰ পুত্ৰ – বোৱাৰী , মন্ত্ৰী – বিধায়কৰ  ভাগিন –  ভতিজীয়ে মেধাৰ বলত এচিএছ পালে ,কিমানজন অৰাজনৈতিক সংগঠনৰ নেতাই এচিএছ পালে , ৰিজাল্ট ঘোষনা কৰাৰ আগৰ ৬ মাহত উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰিয়ালত কিমান মাটি বিক্ৰি হ’ল এই ধৰণৰ তথ্যবোৰ অতি আপুৰুগীয়া সম্পদ আমাৰ ৰাজ্যখনৰ বাবে । কাৰণ বিগত বিশ বছৰৰ  এনেকুৱা তথ্য সম্বলিত  তালিকাখন প্ৰকাশ কৰিলে নতুন পৰীক্ষাৰ্থীসকলৰ লগতে  সৰ্বসাধাৰণ ৰাইজও বাৰুকৈয়ে উপকৃত হ’ব !  সৰ্বানন্দ সোনোৱাল  যিমানেই নিকা নহওঁক ৰাকেশ পালেই যে শেষৰজন দগাবাজ চেয়াৰমেন হ’ব তাক খাটাংকৈ কোৱা টান । কাৰণ আমি আজিৰ সময়টো এজন এডিচি ,  এজন চক্ৰ বিষয়াকে আৰম্ভ কৰি সকলোবিলাক  ৰাজপত্ৰিত বিষয়াক যিধৰণে চাৰ , মেডাম সম্বোধন কৰি একান্ত বাধ্য ছাত্ৰৰ দৰে আচৰণ কৰো সেয়া অতি পুতৌজনক দৃশ্য । কাৰণ  তৈলমৰ্দনৰ উৎপাতত তেওঁলোকেও যে  দৰমহাৰ বিনিময়তহে চাকৰি কৰি থাকে সেয়া ৰাইজেও  পাহৰি যায় আৰু বিষয়াখিনিয়েও পাহৰে । বিহু , পুজা , ঈদ মেহফিলৰ নিমন্ত্ৰনী পত্ৰত এইসকল বিষয়াই  উপদেষ্টা , পৃষ্ঠপোষকৰ স্থান দখল কৰে । কৃতি শিক্ষক বা ভাল কৃষকজনক মনত কৰাটো মৰুভুমিত মৰুদ্দানৰ লেখিয়া হৈ
পৰিছে ।  বিষয়াসকলক ৰাইজে  মঞ্চত  গলত গামোচা পিন্ধায় পিন্ধায়  তেওঁলোকক অতিমানৱৰ স্তৰলৈ লৈ যায় । নতুন প্ৰজন্মই নিৰৱে লক্ষ্য  কৰি যায় এই অতিমানৱক কৰা পুজা পদ্ধতি আৰু ভিতৰি ভিতৰি  নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি পেলায় এজন এচিএছ বিষয়া হোৱাৰ । ACS , APS, IAS , কেৰাণি , পিয়ন , দোকানি , কৃষক  যিয়েই নহওঁক সকলোৱে কৰ্ম কৰে কিন্তু ৰাষ্ট্ৰৰ উৰ্ধত হ’ব নোৱাৰে । যেতিয়ালৈকে থিয়েটাৰ , মেল মিটিং , পুজা- সভাই নিজৰ বহা আসনখন এডিচি , ডিচি ইত্যাদিক দেখা মাত্ৰই এৰি দি থাকিম  তেতিয়ালৈকে  এপিএচছি ৰ চাকৰিৰ দৰদামো  কমি নাযায়।  আচল কথাটো হ’ল সোনৰ দাম যদি কমিগৈ তামৰ দামৰ লগত মিলি যায় তেতিয়া জানো গহণা চোৰ থাকিব ?