এ পি এছ চিত দুৰ্নীতি , চি বি আইত চুনামী, নাগৰিকত্ব সংশোধনী বিল ২০১৬’ কলৈ উত্তাল ৰাজ্যৰ ৰাজনীতি

3211
  • প্ৰফুল্ল   কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


[ এক ]
ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০০০ চনৰ এটা ৰায়দানত দুৰ্নীতি সম্পৰ্কত এইদৰে মন্তব্য কৰিছিল যে – ‘সভ্য সমাজত দুৰ্নীতি কৰ্কট ৰোগৰ দৰে, সঠিক সময়ত ব্যৱস্থা নল’লে মানুহৰ সামাজিক জীৱনত ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে। প্লেগৰ দৰে এই ব্যাধি অকল ভয়াবহই নহয় বনজুইৰ দৰে অতি সোনকালে চৌদিশে পিয়পি পৰিব পাৰে। এইডছ ৰোগৰ দৰে এইবিধ ব্যাধিৰ কোনো চিকিৎসা নাই(AIR 2000, SC 870)।’
মনকৰিবলগীয়া যে,   যোৱা দশকটোত দ্ৰুতগতিত অৰ্থনৈতিক উত্তৰণ ঘটা ভাৰতীয় অৰ্থনীতিৰ স্থবিৰতাৰ বাবেও এটা মহলে ব্যাপক দুৰ্নীতিকে জগৰীয়া কৰে । দুৰ্নীতিৰ বাবে দেশী – বিদেশী বিনিয়োগকাৰী সকলে ভাৰতৰ অৰ্থনীতিত বিনিয়োগ কৰিবলৈ সংকোচ কৰিবলৈ লৈছে। আনহাতে দুৰ্নীতিৰ যোগেদি সংগ্ৰহ কৰা কোটি কোটি ক’লা ধন ভাৰতৰ পৰা ওলাই গৈ ছুইছ বেংকত জমা হৈছে। সেই ধন উলিয়াই আনি দেশৰ সাধাৰণ জনতাৰ একাউণ্টত জমা কৰাৰ সপোন দেখুৱাই প্ৰধানমন্ত্ৰীৰ পদত নিৰ্বিঘ্নে অধিষ্ঠিত হৈছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকী । কিন্তু সেয়া কোনো কালে সম্ভৱ নহ’ব বুলি এতিয়াহে  বিশ্বাস হৈছে ভাৰতীয় জনগণৰ । সাধাৰণ মানুহে সন্মুখীন হোৱা মূল্যবৃদ্ধিৰ মুখ্য কাৰণটোৱে হৈছে অবাধ দুৰ্নীতি। এইখিনিতে উল্লেখনীয় যে , কি কংগ্ৰেছ, কি বিজেপি , প্ৰতিখন  চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সময়ত কেইবাখনো আইন আৰু বিধেয়কৰ জৰিয়তে দুৰ্নীতি নিৰ্মুল কৰিবলৈ পদক্ষেপ লোৱাৰ ঢাক ঢোল বজোৱা হৈছে যদিও, ৰাইজে হ’লে আজিকোপতি   সফলতাৰ মুখ দেখিবলৈ পোৱা নাই ।  কেন্দ্ৰীয় সতৰ্কতা আয়োগ, চি বি আই আদি স্থাপনৰ জৰিয়তেও দুৰ্নীতি নিবাৰণৰ অনেক ব্যৱস্থা লোৱা হৈছে। তথাপিও তৃণমুল পৰ্য্যায়ৰ পৰা এতিয়াও দুৰ্নীতি আতৰ কৰাটো সম্ভৱ হৈ উঠা নাই।শেহতীয়া ভাৱে সৰিয়হৰ ডুলিত ভূত ওলোৱাৰ দৰে দেশৰ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু বিশ্বস্ত তদন্তকাৰী সন্থা চি বি আইৰ ভিতৰ চ’ৰাত দেখা দিছে  ব্যপক খেলিমেলি । বৰ্তমানৰ চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ লেখিয়াকৈ নিজ নিজ ঘোটালাবোৰ ঢাকি ৰাখি তেওঁলোকৰ বৈৰী দল বা সংগঠন কিম্বা ব্যক্তি বিশেষৰ ক্ষেত্ৰতহে দুৰ্নীতি নিবাৰক এজেন্সী কিম্বা সংস্থা সমূহক  প্ৰযোগ কৰাৰ অভিযোগ  উঠিছে । যি কাৰ্য ‘লঙ্কালৈ গ’লে সকলো ৰাৱণ হয়’ বুলি সৰ্বত্ৰে ধিকৃত হৈছে ।  গণতন্ত্ৰত দুৰ্নীতি নিবাৰণ কৰিবলৈ আটাইতকৈ অধিক প্ৰয়োজনীয় বিষয়টোৱে হৈছে ৰাজনৈতিক দল সমুহৰ সদিচ্ছা আৰু সহযোগ।সংসদত অথবা  বিধান সভাত অপৰাধীৰ প্ৰৱেশ বন্ধ কৰিব পাৰিলে বা অভিযুক্ত সাংসদ, বিধায়ক সকলৰ ওপৰত দুৰ্নীতিৰ গোচৰত দৃষ্টান্তমুলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে, দুৰ্নীতিৰ পোহাৰ ৰোধ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি। এই ক্ষেত্ৰত আমাৰ দেশখনত সদায়েই ৰাজনৈতিক দল সংগঠন সমুহৰ মাজত সদিচ্ছাৰ অভাৱ পৰিলক্ষিত হয়। যি সময়ত সংসদৰ প্ৰায় এক তৃতীয়াংশ সদস্যই বিডিন্ন গোচৰত অভিযুক্ত হৈ আছে, শাসনাধিষ্ঠ দল তথা সহযোগী দল সমুহৰ বুজন সংখ্যক সদস্যই এনে তালিকাত অন্তৰ্ভুক্ত হৈ আছে, সেই সময়ত এনে দৃঢ় পদক্ষেপ আশা কৰাটো পৰ্বতত কাছ কণী বিচৰা লেখিয়া কথা ।  দুৰ্নীতি নিবাৰণত সামাজিক অনুস্থান সমুহৰ লগতে সমাজত বসবাস কৰা প্ৰতিগৰাকী  ব্যক্তিৰে  বিশেষ ভূমিকা আছে।দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াটো সকলোৰে এক নৈতিক কৰ্তব্য। সামাজিক অনুস্থান সমুহে দুৰ্নীতিৰ বিৰুদ্ধে সাধাৰণ মানুহক সচেতন কৰাৰ লগতে দুৰ্নীতিত লিপ্ত বিষয়া, কৰ্মচাৰী, নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহাটো অতিব প্ৰয়োজন। ‘তথ্য জনা ( অধিকাৰ ) আইন’ৰ অধীনত ৰাজহুৱা কাম কাজত হোৱা দুৰ্নীতিৰ বহুতো তথ্য ফাদিল কৰিব পৰা হৈছে। এটা কথা সকলোৱে মনত ৰখা উচিত যে, মন্ত্ৰী, বিধায়ক, সাংসদ তথা বিষয়া কৰ্মচাৰী সকল জনতাৰ প্ৰতিনিধিহে । যি সকলক কোৱা হয় – পাব্লিক চাৰ্ভেণ্ট । ৰাইজৰ সেৱক । ৰাজহুৱা ধনৰ অপপ্ৰয়োগ কৰিবলৈ তেওঁলোকৰ কোনো অধিকাৰ নাই।সমাজৰ প্ৰতিজন মানুহ দুৰ্নীতিৰ প্ৰতি সচেতন হৈ দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিলে সমাজত দুৰ্নীতিৰ পয়োভৰ বহু পৰিমাণে কমিব , সেয়া নিশ্চিত ।  স্মৰ্তব্য  ,  দুৰ্নীতি নিবাৰণত দেশৰ ন্যায়পালিকাৰ এক মহত্বপূৰ্ণ ভূমিকা আছে।দুৰ্নীতিত লিপ্ত বুলি অভিযোগ থকা ৰাজনৈতিক নেতা, প্ৰভাৱশালী ব্যক্তি বা  এ পি এচ চি সদৃশ সংস্থা সমূহৰ  দ্বাৰা  বিভিন্ন  প্ৰশাসনিক বিষয়া বাচনিত জড়িত মুধাফুটা ব্যক্তি আৰু তাত হাত- উজান দিয়া প্ৰাৰ্থীসকল  অভিযুক্ত বুলি প্ৰমাণিত হ’লে , শীঘ্ৰে   শাস্তি প্ৰদান কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিলে দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস যে দ্বিগুণে বৃদ্ধি পাব তাত তিলমানো সন্দেহ নাই । সেইদৰে ক্ষমতাত  থকা মন্ত্ৰী, সাংসদ, বিষয়া সকলৰ ওপৰত দেশৰ   ন্যায়  পালিকাই  তীক্ষ্ণ দৃষ্টি ৰাখিলে দেশত দুৰ্নীতিৰ পৰিমাণ কমাৰ লগতে সুশাসনৰ প্ৰতি জনগণৰ আস্থা  বাঢ়িব বুলি আশা কৰিব পাৰি।
 [ দুই ]
লোকসেৱা আয়োগৰ ( এ পি এছ চি ) দুৰ্নীতিৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰায়   ৫৫ গৰাকী ৰাজপত্ৰিত বিষয়াসহ সৰ্বমুঠ ৬৬ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষী এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা  মতে আগলৈ কেলেংকাৰীটোৰ সৈতে জড়িত প্ৰাৰ্থী তথা এক ধৰণৰ দালাল আৰু অধিক হাৰত আটক হোৱাৰো প্ৰবল সম্ভাৱনা আছে। অৱশ্যে আইনি ব্যবস্থা মতে  ইতিমধ্যে  প্ৰায় এক ডৰ্জন মান বিষয়াই অন্তবৰ্তী  জামিন লাভ কৰি কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা  মুকলি আকাশৰ তলতলৈ ওলাই আহিবলৈ সক্ষম হৈছে   । পৰবৰ্তী কালত আৰু অধিক সংখ্যকে যে জামিন লাভ কৰিব সেয়া নিশ্চিত  ।  শেহতীয়া ভাৱে  ৰাকেশ পালৰ আন এজন ঘনিষ্ঠ সহযোগী দালালক আৰক্ষীয়ে দৰঙৰ পৰা আটক কৰাত সমগ্ৰ বিষয়টো অন্য এক মোৰ লৈছে । উল্লেখ্য শৰ্মা বৰুৱা উপাধিধাৰী ব্যক্তিগৰাকী  দৰং জিলা বিজেপিৰ উপ-সভাপতি তথা দৰং বাৰ এচ’ছিয়েছনৰ সম্পাদক আছিল !  তেৱো  হ’বলগা  হ’ল ৰঙাঘৰৰ আলহী ।  অভিযুক্ত এ চি এছ বিষয়া পল্লবী শৰ্মা চৌধুৰীৰ অধিবক্তা আছিল এইগৰাকী অভিযুক্ত  । মনকৰিবলগীয়া বিষয়টো হৈছে  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰজিত চৌধুৰী আৰু শৈলেন শৰ্মা বৰুৱাৰ বিৰুদ্ধে ন্যায়াধীশক মেনেজ কৰিবলৈ ( উপঢৌকন হিচাপে  এক কোটি টকা আগবঢ়োৱা )  চেষ্টা চলোৱাৰো অভিযোগ আছে ।তেওঁলোক দুয়োজনেই তদন্তত ব্যাঘাত জন্মাবলৈ অহৰহ চেষ্টা চলাইছিল বুলি জনা যায় । ইতিমধ্যে ৰাকেশ পালে এপিএছ চিৰ মূল গোচৰটোত জামিন লাভ কৰিও কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি সম্পৰ্কীয় ভঙাগড় থানাৰ গোচৰত বৰ্তমানেও কাৰাবাস খাটিব লগা হৈছে।লগতে সাজু  হৈ আছে কেবাটাও  অন্যান্য গোচৰ ।
অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ ‘দূৰ্নীতিৰ বিৰুদ্ধে  শূন্য সহনশীল নীতি’ৰ আধাৰত  দুৰ্নীতি পৰায়ণ ব্যাক্তিৰ বিৰুদ্ধে চলাই অহা  অসম আৰক্ষীৰ অভিযানে অসমবাসীলৈ আশাৰ বতৰা  কঢ়িয়াই অনাছিল  । ৰাইজ , চৰকাৰ তথা প্ৰশাসন সচেতন হ’লে এনে ধৰণৰ  অভিযানে অসমৰ চেহেৰা যে সলনি কৰি দিব, সেয়া নিশ্চিত ।  প্ৰকৃতাৰ্থত  অসম লোকসেৱা আয়োগৰ পৰ্বতসম  দুৰ্নীতি ফাদিল কৰাত আগভাগ লোৱা মূল  ব্যক্তি  গৰাকী হৈছে ডাক্তৰ অংশুমিতা গগৈ । যিগৰাকী মহিলাই  নিজৰ জীৱনক তুচ্ছ কৰি দহ লাখ টকা ভেটি দিবলৈ যোৱাৰ আগমূহুৰ্তত  আৰক্ষীৰ সহায় বিচাৰি খবৰ দিছিল ডিব্ৰুগড় আৰক্ষী থানাত । সেই মতে ডিব্ৰুগড়ৰ জিলা আৰক্ষী উপ আয়ুক্ত সুৰজিত সিং পানেছাৰৰ তত্বাৱধানত অভিযান চলে  আৰু সফলতা লাভ কৰে – দালালৰূপী  দুৰ্নীতিগ্ৰস্ত পাতিৰক কৰায়ত্ত কৰাত ।  অসমৰ সৰ্বকালৰ সৰ্ববৃহত এ পি এছ চি  কেলেংকাৰীৰ ( গোচৰৰ ) অনুসন্ধান  অতি বিচক্ষণতাৰে পৰিচালনা কৰি সমগ্ৰ অসমৰে গৌৰৱৰ কাৰণ হৈ পৰা   তদন্তকাৰী বিষয়া , বৰ্ত্তমানৰ নৱপ্ৰজন্মৰ  আইকণিক হিৰ’   ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ ।  লগতে অসমৰ মুখ্যমন্ত্ৰী সোনোৱাল ডাঙৰীয়াৰ উৎসাহো এইক্ষেত্ৰত প্ৰশংসনীয় । যোৱা ২০১৬ চনৰ অক্টোবৰ মাহৰ পৰা  চলা উক্ত অভিযানত, সমাজৰ সম্পদশালী ৰৌ বৰালি সদৃশ বৰ বৰ মানুহৰ প্ৰকৃত স্বৰূপ ওলাই পৰিল । চৌৰ্য বৃত্তিত লিপ্ত  এইসকল মহামান্য চক্ৰ বিষয়া, উপ আৰক্ষী অধীক্ষক, জিলা নিয়োগ বিষয়া আদি পদত কাৰ্যনিৰ্বাহ কৰা দুষ্ট প্ৰকৃতিৰ মানুহে বাৰু দেশৰ, দহৰ লগতে সমাজৰ আৰু ভবিষ্যত প্ৰজন্মৰ কি উন্নয়ন সাধিব ? আৰু এইসকলক দুই নম্বৰী পথেৰে চাকৰিত মকৰল কৰা ৰাকেশ পালৰ দৰে ভষ্মাসুৰ বোৰে দেশ মাতৃৰ গৌৰৱ যে পুৰি ছাই কৰিছে  তাত তিলমানো সন্দেহ নাই । এনে এক সময় আছিল, য’ত ৰাজহ চক্ৰ বিষয়া , নিয়োগ বিষয়াকে আদি কৰি লোকসেৱা আয়োগৰ এ চি এছ বা এ পি এছ পৰীক্ষাত উত্তীৰ্ণ হৈ বিভিন্ন চৰকাৰী পদবী লাভ কৰা বিষয়াসকলক অসমৰ ৰাইজে তেওঁলোকক  হাকিম নামেৰে বিভূষিত কৰিছিল । তেওঁলোক গাৱলৈ আহিলে ৰাইজৰ তৰণি নোহোৱা হৈছিল – ক’ত লম , ক’ত থম ভাবেৰে । চকী নথকা মানুহঘৰেও ওচৰৰ চকী থকা মানুহঘৰৰ পৰা কেকো-জেকোকৈ চকীখন কঢ়িয়াই আনি সসন্মানে বহিবলৈ দিছিল । ভিতৰুৱা গ্ৰাম্যাঞ্চলত আজিও তেনে দুই এটা ঘটনাৰ অৱতাৰণা হয় । সময়ৰ কি পৰিহাস ! যিসকল হাকিমে এটা কলমৰ খোচত  চোৰ , ডকাইতক স্থানীয় থানাৰ আৰক্ষীৰ সহযোগত পুতিগন্ধময় লক্আপত ৰাখিবলৈ সক্ষম হৈছিল  , আজি সেই লক্আপত এ পি এচ চি অনুমোদিত  হাকিম সদৃশ বিষয়াই চোৰ অথবা দুষ্ট দগাবাজৰ সতে সহবাস কৰিব লগীয়াত পৰিল । এই অনুভৱ সমগ্ৰ অসমৰ সুধী সমাজৰ ! যি ঘটনাৰ বাবে  লজ্জাত শিৰনত কৰিবলৈ বাধ্য হৈছে অসমীয়া জনসাধাৰণ । ফলস্বৰূপে ৰাইজে  ক’বলৈ বাধ্য হৈছে – বোলো, মুকলিত পাইখানা কৰাৰ লাজ, নে দেখোতাৰ লাজ ? এনে এক কুটিল সন্ধিক্ষণত ডাক্তৰ গগৈ আৰু পানেছাৰৰ দৰে ব্যক্তিয়ে অসমীয়া সমাজ জীৱনত এক অনবদ্য  আদৰ্শ দাঙি ধৰিছে । তেওলোকৰ সাহসী পদক্ষেপক আমি উষ্ম  আদৰণি জনাইছো । জনাইছো হিয়াভৰা অভিনন্দন । আমি আশা কৰিম সমগ্ৰ অসমৰ আৰক্ষী বিষয়া – কৰ্মীসকলৰ লগতে  চাকৰি প্ৰাৰ্থীসকলেও পানেছাৰ আৰু ডাক্তৰ গগৈৰ আদৰ্শৰে আদৰ্শান্বিত হৈ সমগ্ৰ অসম ‘যোগ্য ভোগ্য বসুন্ধৰা’ –( survival of the fittest) ৰ ৰূপত গঢ়ি তুলিব । তাহানিৰ বোপা – ককাৰ ‘হাকিম লৰে হুকুম ন’লৰে’ সদৃশ সুস্থ  ভাৱনাক ভৱিষ্যতলৈকেও জীয়াই  ৰাখিব । লগতে আশা কৰিম  আগলৈ যাতে সমগ্ৰ বিষয়টো ইমানতে  গেথেলা নামাৰে । অসমবাসীয়ে অন্তঃকৰণেৰে তাকেই আশা কৰে । অনস্বীকাৰ্য যে,  দুৰ্নীতি প্ৰতিহত কৰাৰ স্বাৰ্থত সোনোৱাল চৰকাৰে কিছু আশাৰ ৰেঙনি দেখুওৱাত কোনো কাৰণতে কৃপনালি নকৰিলে এ পি এচ চি কেলেংকাৰিৰ তদন্ত হৈ পৰিব ভৱিষ্যতৰ ৰাজনীতিত ( ভোট যুদ্ধত ) ৰাজ্যিক বিজেপিৰ বাবে ব্ৰহ্মাস্ত্ৰ । লগতে এই কথাও জানি থোৱা ভাল সৰ্বসাধাৰণ জনগণৰ মনৰ বুজ নলৈ বাংলাদেশী বিদেশী সংস্থাপনৰ কুটিল আইন,  ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সমৰ্থন কৰা কাৰ্য বৰ্তমানৰ  চৰকাৰখনৰ  বাবে হ’ব পাৰে আত্মঘাতী মাৰনাস্ত্ৰ। আশা কৰা হৈছে মৰণাস্ত্ৰ নিস্ক্ৰিয় কৰাৰ  স্বাৰ্থতেই  এপাত ব্ৰহ্মাস্ত্ৰ সাজু কৰি ৰাখিছে বিজেপি নেতৃত্বাধীন সোনোৱাল চৰকাৰখনে । যিপাত ব্ৰহ্মাস্ত্ৰ নিৰ্বাচনৰ আগে আগে পুনঃশ্চ  ব্যৱহাৰ কৰি মাৰনাস্ত্ৰ সদৃশ ‘ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬’ ৰ প্ৰতি থকা অসমীয়া মানুহৰ ক্ষোভ,  ঘৃণা,  বিদ্বেষ নিৰ্বাপিত কৰিবলৈ উঠি পৰি লাগিব  ? উল্লখ্য   বৰ্তমানৰ  সন্মানীয় মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱালকে ধৰি অধ্যক্ষ  হিতেন্দ্ৰ নাথ গোস্বামী, চন্দ্ৰমোহন পাটোৱাৰী , তপন গগৈ, পদ্ম হাজৰিকা,  অতুল বৰা (জ্যেষ্ঠ ),  ঋতুপৰ্ণ বৰুৱা, যোগেন মহন,  জগদীশ ভূঞা, বিজয়া চক্ৰৱৰ্তী আদিৰ উল্লেখনীয় ৰাজনৈতিক সাফল্যৰ মূলতে আছিল এসময়ৰ আঞ্চলিক জাতীয়তাবাদী ভাবনাৰে সমৃদ্ধ নীতি । ৰাজনৈতিক বিশ্লেষকসকলে অনুমান কৰা মতে –এইসকলৰ লগতে   প্ৰায় ডেৰকুৰিতকৈও অধিক,  বৰ্তমান চৰকাৰখনৰ  সতে সংপৃক্ত  এসময়ৰ আঞ্চলিক জাতীয়তাবাদী   নেতা – বিধায়কে  নিজৰ শিপা পাহৰিবলৈ আৰম্ভ কৰিছে  । অসমী আইৰ চকুপানী দেখিও নেদেখাৰ ভাওত অৱতীৰ্ণ হৈছে । ক্ষমতাই মূৰত ধৰিছে । অসমীয়া জনগণে বিচাৰিছে এইসকলে সৰ্বসাধাৰণ ৰাইজৰ পক্ষত থিয় দিয়ক ! কাৰণ নিজৰ ঘৰখনৰ পৰিয়ালক একত্ৰিত কৰি ৰাখিব নোৱাৰা নেতাসকলে বাহিৰাগত সকলৰ পৰা সুৰক্ষিত হ’ব  কিমান দিনলে  ? সেয়াই হৈছে এইমুহুৰ্তত এক সৰ্ববৃহত প্ৰশ্ন  ?  ৰাজ্যিক বিজেপিৰ  তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু চৰকাৰখনৰ   সমৰ্থনকাৰী একাংশইও আনকি   সময় থাকোতেই  সোনোৱাল চৰকাৰে সমগ্ৰ বিষয়টোৰ সুসমাধানত আগভাগ লোৱাটো মনেপ্ৰাণে বিচাৰিছে । ৰাইজৰ পক্ষত সাহসেৰে থিয় দিয়াটো বিচাৰিছে । লগতে ইয়াকো প্ৰকাশ কৰিছে যে,    ৰাজ্যখনত এ পি এচ চি সদৃশ   দুৰ্নীতি নিবাৰণ আৰু নিবনুৱা সমস্যা সমাধান কৰিবলৈ চৰকাৰ  যত্নবান হোৱা উচিত ।  নহ’লে বিজেপি চৰকাৰৰ  বাবে  অনাগত দিনত দিছপুৰ দখল  সহজসাধ্য নহ’ব । বৰং সেই   স্বপ্ন বুমেৰাং হোৱাতো  সুনিশ্চিত  !  ■ ■ ■