ঐতিহাসিক প’ল: ৫৮% বনাম ৪২%

14024
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১০ জুলাই ২০২০; অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ ফেচবুক পেজত এটা অ’পিনিয়ন প’ল চলোৱা হৈছিল। প্ৰশ্ন আছিল ক’ৰোনাকলৈ চলি থকা তৰ্ক যুদ্ধখনত আপুনি কাক সমৰ্থন কৰে? এফালে আছিল অসমৰ বিত্ত, স্বাস্হ্য আদি বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে আছিল সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ। অ’পিনিয়ন প’লটো চলোৱা হৈছিল মাত্র ২৪ ঘন্টাৰ বাবে। অ’পিনিয়ন প’লটো ফেচবুক পেজত দিয়াৰ কিছু সময় পিছতে ভাইৰেল হৈ পৰে। প্ৰতি ঘন্টাত গড়ে প্ৰায় ১.৫ হাজাৰকৈ লোকে ইয়াত অংশগ্ৰহণ কৰে। প’ল আৰম্ভ হোৱাৰ প্ৰথম তিনিঘন্টালৈ লুৰিণ আগবাঢ়ে। পৰিসংখ্যাখিনি আছিল এনেধৰণৰঃ
প্ৰথম ১  ঘন্টাঃ
মুঠ ভোটঃ ৪০১
লুৰিণজ্যোতি গগৈঃ ৭৬%
হিমন্ত বিশ্ব শৰ্মাঃ ২৪%
প্ৰথম ২  ঘন্টাঃ
মুঠ ভোটঃ ১১০০
লুৰিণজ্যোতি গগৈঃ ৭৪%
হিমন্ত বিশ্ব শৰ্মাঃ ২৬%
প্ৰথম ৩  ঘন্টাঃ
মুঠ ভোটঃ ২৯০০
লুৰিণজ্যোতি গগৈঃ ৫৬%
হিমন্ত বিশ্ব শৰ্মাঃ ৪৪%
চতুৰ্থ ঘন্টাত ড° হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈক অতিক্ৰম কৰিবলৈ সক্ষম হয়।
প্ৰথম ৪  ঘন্টাঃ
মুঠ ভোটঃ ৫০০০
লুৰিণজ্যোতি গগৈঃ ৪৮%
হিমন্ত বিশ্ব শৰ্মাঃ ৫২%
ইয়াৰ পিছত ড° শৰ্মাই নিজৰ নিজৰ অগ্ৰগতি অব্যাহত ৰাখিবলৈ সক্ষম হয়। ভোট ব্যবধানৰ শতাংশ লাগে লাহে বৃদ্ধি হয়। ২৪ ঘন্টাৰ পিছত চুড়ান্ত ফলাফল এনে ধৰণৰঃ
চূড়ান্ত ফলাফলঃ
মুঠ ভোটঃ ৩২,৪৫৩
লুৰিণজ্যোতি গগৈঃ ৪২%
হিমন্ত বিশ্ব শৰ্মাঃ ৫৮%
অসমৰ ই-সংবাদ জগতৰ এটা ঐতিহাসিক অ’পিনিয়ন প’ল সমাপ্ত হয় যাক প্ৰত্যক্ষ কৰে ৩ লাখ ৫২ হাজাৰ ৭১৬ জন লোকে আৰু ইয়াৰ ভিতৰত ভোটদান কৰে ৩২,৪৫৩ জনে। সম্পূৰ্ণ মুকলি আৰু স্বচ্ছভাবে হোৱা এই বৃহৎ  অ’পিনিয়ন প’লটোৰ কেইটামান বিন্দু আমি উনুকিয়াব বিচাৰিছো ……..
  • এই অ’পিনিয়ন প’লত ভাগ লোৱা লোকসকলৰ ভিতৰত ২৫০০ জনে কমেন্ট বক্সত নিজৰ মতামত ব্যক্ত কৰে। লুৰিণৰ সমৰ্থক সকলে শৰ্মাৰ সমৰ্থক সকলতকৈ বেছি কমেন্ট কৰে। ইয়াৰ বাবে বহু লুৰিণ সমৰ্থকে নিজৰ moral vicory হোৱা বুলি দাবী কৰে।
  •  শৰ্মাৰ বহু সমৰ্থকে দুইজনক তুলনা কৰাত আপত্তি দৰ্শায়। তেখেতসকলৰ মতে ড° হিমন্ত বিশ্ব শৰ্মাক লুৰিণ জ্যোতি গগৈৰ সৈতে তুলনা কৰা কথাটো উচিত হোৱা নাই।
এই অপিনিয়ন প’লে ২০২১ৰ বাবে কি ইংগিত বহন কৰিছে?
২০২১ত লুৰিণ জ্যোতি গগৈয়ে নতুন দল গঠনৰ চিন্তা চৰ্চা কৰিছে। এই অ’পিনিয়ন প’লৰ পৰা কেইবাটাও কথা স্পষ্ট হ’ল যিবিলাকে তেওঁক আগন্তুক দিনত সহায় কৰিব পাৰে।
১) ৪২% ভোট পাই লুৰিণে প্ৰমাণ কৰিলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁৰ যঠেষ্ট গুৰুত্ব আছে। যোৱা ১৫-২০ বছৰত অসমৰ সকলোতকৈ দক্ষ মন্ত্রীজনৰ প্ৰায় সমানে সমানে যুঁজ দিয়াৰ পিছত এইটো স্পষ্ট হ’ল যে মুখ্যমন্ত্রী পদৰ বাবে  বিৰোধীৰ সকলোতকৈ শক্তিশালী প্ৰাৰ্থী হ’ল লুৰিণ।
২) লুৰিণে লক্ষ্য ৰাখিব লাগিব যাতে এই ৪২% ভোটৰ ভাগ নহয় কাৰণ ৪২%ত এটা দল ক্ষমতালৈ আহিবলৈ যঠেষ্ট । তেওঁ চাব লাগিব কিদৰে অন্য দলৰ লগত মিত্রতা কৰি এই বিভাজন ৰোধ কৰা যায়।
৩) এইটো কথাত কোনো সন্দেহ নাই যে এতিয়াও অসমৰ ৰাজনীতিৰ সম্ৰাট হৈ আছে হিমন্ত বিশ্ব শৰ্মা। লুৰিণ কাষ চাপিছে
 যদিও ব্যবধান এতিয়াও ১৬%।
৪) হিমন্ত বিশ্বক ভোট দিয়া ৫৮% লোকৰ মাজত এনে বহুলোক আছে যিয়ে শৰ্মাৰ কামক ভাল পাই ভোট দিছে; বিজেপি দলক ভাল পাই নহয়। এইসকল লোকে কিন্তু আগন্তুক বিধানসভাত বিজেপিক ভোট নিদিয়ে। শৰ্মাৰ প্ৰত্যহ্বান হ’ব কেনেকৈ এইসকল লোকক পদুমৰ চিহ্নত ভোট দিয়াব পাৰি।
অনাগত দিনত আমি এই দুইজন নেতাৰ সমৰ্থকৰ সংখ্যাৰ আভাস পাবলৈ পুনৰ অ’পিনিয়ল প’ল কৰিম। প্ৰথম ৰাউণ্ডৰ অন্ততঃ ফলাফল_ হিমন্ত বিশ্ব ১ ; লুৰিণ ০ ।