কংগ্ৰেছত যোগদানঃ কিয় থমকিল প্ৰশান্ত কিশোৰ?

687

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


কংগ্ৰেছত যোগদান কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছিল ভাৰতীয় ৰাজনীতিৰ চিনাকি নাম প্ৰশান্ত কিশোৰ। প্ৰায় ২ বছৰ কাল কংগ্ৰেছৰ শীৰ্ষ নেতা বিশেষকৈ গান্ধী পৰিয়ালৰ লগত বহু বাৰ তেওঁ আলোচনাত মিলিত হৈছিল। কংগ্ৰেছ দলক পুনৰ শক্তিশালী কৰাৰ বাবে তেওঁ কৌশল ৰচনা কৰিছিল। ৰাহুল গান্ধী আৰু চোনীয়া গান্ধী প্ৰশান্ত কিশোৰৰ বুদ্ধিমত্তাক লৈ অত্যন্ত উৎসাহিত আছিল। এইজন লোককেই ২০১৪ত মোদী আৰু পিছত নিতীশ কুমাৰ, অমৰিন্দৰ সিং ,অৰবিন্দ কেজৰীৱাল, জগন ৰেদ্দী, ষ্টেলিন, মমতা বেনাৰ্জীৰ বিজয়ত ক্ৰেদিট দিয়া হৈছিল। ৰাহুল গান্ধীয়ে বিচাৰিছিল তেওঁ কংগ্ৰেছত যোগদান কৰি দলক শক্তিশালী কৰক। প্ৰশান্ত কিশোৰে  ইয়াত সন্মতি প্ৰকাশ কৰিছিল। তেন্তে এতিয়া এনে কি হ’ল যে তেওঁ কংগ্ৰেছৰ বিৰূদ্ধে যুদ্ধংদেহী মনোভাব গ্ৰহন কৰি তৃণমূল কংগ্ৰেছক সহায় কৰিছে? আচলতে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ বাবে আৰোপ কৰিছিল কেইবাটাও চৰ্ত। ইয়াৰ ভিতৰত আছিল তৃণমূল স্তৰত কংগ্ৰেছক শক্তিশালী কৰা,দলৰ নীতি নিৰ্ধাৰণ কমিতি চি.ডাব্লিউ.চিৰ পৰিবৰ্তন, কংগ্ৰেছ সেৱা দল মজবুত কৰা আদি বহুতো। এইবিলাক সকলোতে ৰাহুল গান্ধীয়ে সন্মতি প্ৰকাশ কৰিলেও এটা প্ৰস্তাবত গতিৰোধ সৃষ্টি হৈছিল। সেইটো হ’ল দলত সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া। প্ৰশান্ত কিশোৰে পৰামৰ্শ দিছিল যে প্ৰত্যেক তিনি বছৰৰ অন্তৰত দলৰ সভাপতি নিৰ্বাচন হ’ব লাগে। সম্পূৰ্ণ গণতান্ত্রিক প্ৰক্ৰিয়াৰে গোপন বেলটৰ জড়িয়তে সভাপতি নিৰ্বাচিত হ’ব। চি.ডাব্লিউ.চিৰ প্ৰতিজন সদস্যৰ লগতে প্ৰদেশ সভাপতি সকলৰ ভোটদান কৰাৰ অধিকাৰ থাকিব। প্ৰথম অবস্থাত ৰাহুলে ইয়াৰ সপক্ষে কিছু ধনাত্মক দৃষ্টিকোন ৰাখিলেও পিছত তেওঁৰ ব্যক্তিগত পৰামৰ্শ দাতা সকলৰ হেচাত পৰি নিজৰ মত সলনি কৰে। তেওঁ ধাৰণা কৰে যে ইয়াৰ ফলত দলৰ ওপৰত গান্ধী পৰিয়ালৰ ক্ষমতা হ্ৰাস পাব পাৰে। এই চৰ্ত উঠাই ল’বলৈ প্ৰশান্ত কিশোৰক অনুৰোধ জনোৱা হয় যদিও তেওঁ নিজৰ সিদ্ধান্তত অটল থাকে। ফলত কংগ্ৰেছত যোগদান প্ৰক্ৰিয়া স্থগিত ৰখা হয়। প্ৰশান্তে এতিয়া তৃণমূল কংগ্ৰেছক শক্তিশালী কৰা কাৰ্য্যত ব্ৰতী হৈছে। বহুতো কংগ্ৰেছী যেনে সুস্মিতা দেৱ, মুকুল চাংমা আদিক দলত যোগদান কৰাই তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক দূৰ্বল কৰাৰ চেষ্টা কৰিছে। তৃণমূল কংগ্ৰেছৰ সম্ভাবনীয়তা দেখা পালে আৰু অধিক কংগ্ৰেছী দলত যোগদান কৰাৰ সম্ভাবনা আছে। ফলত ভাৰতবৰ্ষৰ প্ৰকৃত কংগ্ৰেছৰ মৰ্যাদা লাভ কৰিব তৃণমূল কংগ্ৰেছে। আনহাতে নেছনেলিষ্ট কংগ্ৰেছ, ৱাই.এছ.আৰ কংগ্ৰেছ আদিৰ দৰে ভাৰতীয় জাতীয় কংগ্ৰেছ হৈ পৰিব এটা আঞ্চলিক দল। প্ৰশান্ত কিশোৰৰ মনোকামনা পূৰ্ণ হবনে সেয়া সময়ত গম পোৱা যাব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ব  কি পদবী লৈ প্ৰশান্ত কিশোৰ তৃণমূল কংগ্ৰেছত যোগদান কৰে।