কংগ্ৰেছৰ নেতাসব মাৰ্গদৰ্শক নে মুখদৰ্শক

1900

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনৈতিক দল , চৰকাৰ , বিৰোধী হ’ল  গনতন্ত্ৰৰ অভিন্ন অংগ ।  গনতান্ত্ৰিক ব্যৱস্থা এখনত চৰকাৰ আহিব আৰু চৰকাৰ যাব । কিন্তু   যিদলেই চৰকাৰ নকৰক ৰাইজেই ৰজা  । ৰজা বুলি কোৱাৰ লগে লগে আমাৰ ধাৰণা হয় ৰাইজ সচাঁকৈয়ে ৰজা হয়নে ?  কিয়নো প্ৰচলিত শাসন ব্যৱস্থাটোত ৰাইজৰ এচাম প্ৰতিনিধিৰ কাম কাজে ৰাইজক গণতান্ত্ৰীক ব্যৱস্থাটোৰ প্ৰতি অনিহা সৃষ্টি কৰে ।এইক্ষেত্ৰত একাংশ তোষামোদকাৰী ভোটাৰ ৰাইজৰ ভুমিকাওঁ কিন্তু নেতিবাচক ।
চৰকাৰ এখন পৰিচালিত হয় নেতৃত্বত থকা ৰাজনৈতিক দলটোৰ  আদৰ্শৰ দ্বাৰা  আৰু দল এটা যিহেতু মানুহৰ সমষ্টি সেয়ে দল পৰিচালনা হ’ওতে কিছু কিছু ব্যক্তিৰ নিজা মতৰ প্ৰাধান্যও  দেখা যায় ।  যিদলৰে চৰকাৰ নেথাকক দেশৰ অৰ্থনৈতিক বা সামাজিক উত্তৰণৰ কাৰণে চৰকাৰে বিভিন্ন সিদ্ধান্ত লয় আৰু প্ৰায় ৯০ %  সিদ্ধান্তক বিৰোধী দলবোৰে বিৰোধীতা কৰে । কিন্তু কথাটো হ’ল আজিৰ সময়ত ৰাইজৰ  চকুত ধুলি  মাৰি  চৰকাৰে কিবা পদক্ষেপ ল’ব পাৰে নেকি ?  ম’বাইল , ইনটাৰনেত , আৰ টি আই ,  ইলেকট্ৰনিক মিডিয়া আদিৰ বহুল প্ৰচাৰে  মানুহক তথ্য যোগান ধৰাত যুগান্তকাৰী পদক্ষেপ লৈছে ।  চৰকাৰৰ প্ৰতিটো পদক্ষেপ যেনেকৈ  জনতাৰ তীক্ষ্ণ নজৰত থাকে তেনেকৈ বিৰোধীৰ ভুমিকাও ৰাইজৰ নজৰত থাকে  ।
কেন্দ্ৰত বি জে পি ৰ চৰকাৰ হ’ল । নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে বহু সাহসী সিদ্ধান্ত ল’লে  । বিমুদ্ৰাকৰণ আৰু জি এচ টি  যিদুটাই সৰ্বসাধাৰণ জনতাক চুই গ’ল আৰু সেই  দুইটাকে কিন্তু বিৰোধীতা কৰিছে কংগ্ৰেছ দলে ।কিন্তু কথাটো হ’ল কংগ্ৰেছৰ বিৰোধীতা কৰা সিদ্ধান্তটো সাধাৰণ জনতাৰ আবেগক প্ৰতিনিধিত্ব কৰিছে নেকি ?  ২০১৯ ৰ নিৰ্বাচনৰ ফলাফলে ভাবিবলৈ বাধ্য কৰায় যে ৰাইজে যিমানখিনি গুৰুত্ব দিব বুলি ভাবিছিল সেইখিনি  গুৰুত্ব ভোটাৰে নিদিলে । ৰাইজে যদি গুৰুত্ব দিয়া নাই , তেন্তে কংগ্ৰেছ দলৰ কাৰণে  চিন্তাৰ বিষয় ।  দেশত যেনেকৈ ভাল চৰকাৰ , ভাল নেতাৰ প্ৰয়োজন তেনেকৈ ভাল বিৰোধীৰও দৰকাৰ থাকে ।  বহু কংগ্ৰেছ  নেতাই  বি জে পি ত যোগদান কৰি মন্ত্ৰী বা এম এল এ  হ’ল ;  লগতে নিজৰ নিজৰ সন্মান আৰু গনভিত্তি বৃদ্ধি কৰিলে  । চকুত লগা কথাটো হ’ল যে আজিৰ পৰা ২০ বছৰ আগত কিন্তু দল ত্যাগ কৰা বহু নেতাৰ দাম বঢ়া নাছিল বৰঞ্চ  দাম কমিছিলহে ।  যিহেতু ৰাজনৈতিক দল এটা হৈছে ব্যক্তিৰ সমষ্টি আৰু ব্যক্তি সমুহৰ চৰিত্ৰই দলৰ আদৰ্শ তেনেহলে দল এটা ত্যাগ কৰাৰ পিছত  নেতাসকলৰ গনভিত্তিৰ কিবা পৰিবৰ্তন হয় নেকি আৰু যদিহে নেতাৰ গনভিত্তি বাঢ়ে তেন্তে কথাটো দলটোৰ কাৰণে চিন্তনীয় আৰু সমানেই কৰ্মীৰ কাৰণেও চিন্তনীয় ।
‌ভোটাৰৰ স্মৃতিশক্তি বহু সময়ত দুৰ্বল  বুলি শুনা যায় বা কিছু পৰিমানে কথাটো অসত্যও নহয় ।  আজি ইনটাৰনেত বা গুগুলৰ যুগত স্মৃতিশক্তি দুৰ্বল হ’লেও ১৯৪৭ ৰ ভাৰত ,  মাউন্টবেতেন , দেশ  বিভাজনৰ পৰা আৰম্ভ কৰি জন ধন ,  বিমুদ্ৰাকৰণ ,জি এচ টিলৈ এই সকলোবিলাক কিন্তু ৰাইজৰ নখ দৰ্পনত । কৰ্ণাটকত চৰকাৰ ভাঙিল , দেশৰ প্ৰতিখন ৰাজ্যতে শক্তিশালী বহু নেতাই দলত্যাগ কৰিলে । ২০১৯ চনৰ লোকসভা নিৰ্বাচন বহু কেইজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰাজিত হ’ল । আঞ্চলিক দল ডি এম কে , ৱাই এছ আৰ কংগ্ৰেছৰ সাংসদৰ সমষ্টি এতিয়া প্ৰায় কংগ্ৰেছৰ মুঠ সাংসদৰ সংখ্যাৰ কাষ পাইছে । এনেকুৱা বেয়া সময়ত ৰাহুল গান্ধীয়ে পদত্যাগ কৰিছে ।  অতি আমোদজনক কথা এইযে ৰাহুল গান্ধীয়ে নিজৰ পদত্যাগ পত্ৰত স্বীকাৰ কৰিছে যে সমগ্ৰ নিৰ্বাচনৰ প্ৰচাৰত তেওঁ অকলশৰীয়া অনুভৱ কৰিছিল । ইয়াতেই লুকাই  আছে কংগ্ৰেছৰ বিপৰ্য্যয়ৰ মুল কাৰণ । নিৰ্বাচনবোৰত কংগ্ৰেছৰ পৰিকল্পনা আৰু ষ্ট্ৰেটেজি বনোৱা নেতাসকলৰ ৯০ % ই  যোৱা ২৫-৩০ বছৰ ধৰি প্ৰত্যক্ষ নিৰ্বাচনত প্ৰতিদন্দিতা কৰি পোৱা নাই বা জয়ী হৈ পোৱা নাই । গুলাম নবী আজাদ , আহমদ পেটেল , এ কে এন্ঠনি , ৰনজিত সুৰজেৱালা , অম্বিকা চোনী , মতিলাল ৱোৰা ,  আনন্দ শৰ্মা , ৰাজীৱ শুক্লা এনেকুৱা অজস্ৰজন ব্যক্তি আছে যিসকলৰ যোৱা তিনিটা দশকত জয়ী হোৱাৰ অভিজ্ঞতা নাই  । এইসকল হৈছে ৰাহুল গান্ধীৰ মাৰ্গদৰ্শক ।  ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হৈছে , কিন্তু এই মাৰ্গদৰ্শক মণ্ডলীবিলাকৰ ষ্টেচাচ একেই আছে । তেওঁলোকে শুৱনি কৰি থাকে ৰাজ্যসভাৰ আসনবোৰ  ।  কংগ্ৰেছ দুৰ্বল হৈছে নিজৰ দলীয় নীতিৰ বাবে আৰু একাংশ নেতাৰ স্বাৰ্থপৰ – আত্মকেন্দ্ৰীক স্বভাবৰ বাবে । কংগ্ৰেছ পৰাজিত হৈছে ইনটাৰনেট বিপ্লৱৰ বাবে । ৰাহুলৰ পিছত প্ৰিয়ংকা গান্ধী বাদ্ৰাক সভাপতি পাতিবলৈ দলৰ নেতাসকলে মন মেলিছে  , কাৰণ এইটো নহয় যে প্ৰিয়ংকা গান্ধী বাদ্ৰা ৰাহুলত কৈ দক্ষ । তেওঁলোকৰ ইচ্ছাৰ কাৰণ হ’ল এই নেতাসকলৰ নিজৰ মাজত থকা নিগেটিভ প্ৰতিযোগীতা ।  প্ৰিয়ংকাই হওঁক বা সিন্ধিয়াই হওঁক ,কংগ্ৰেছৰ আগন্তুক সভাপতিজনে কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ’ব লাগিব ।