কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন ?

9512

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম ৰাজনৈতিক ই- আলোচনী ৰাজনীতি অসমে ( www.rajnitiaxom.com) জুন মাহত এটা অ’পিনিয়ন প’ল কৰিছিল। আমি অসম কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতাজন কোন সেই বিষয়ে ৰাইজৰ মতামত জানিবলৈ চেষ্টা কৰিছিলো। অসম কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্রী তৰুন গগৈ,  অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু অন্য, এই চাৰিটা বিকল্পৰ পৰা ৰাইজে নিৰ্বাচন কৰিছিল অসম কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতাজনক। অ’পিনিয়ন প’লৰ ফলাফল বিস্তৃত ভাবে আমাৰ জুলাই খণ্ডত প্ৰকাশ কৰা হৈছে।

৫২০ জন লোকে ভাগ লোৱা এই অ’পিনিয়ন প’লৰ মতে তৰুন গগৈ এতিয়াও অসম কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতা। অসম কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা অন্তিম স্হানত আছিল। অঞ্জন দত্তৰ আকস্মিক মৃত্যুৰ পিছত ২০১৬ চনত প্ৰথমতে অস্হায়ী  আৰু পিছত স্হায়ী সভাপতি হিচাপে মনোনিত হয় ৰিপুন বৰা। কেবল ৬% ৰাইজৰ মতেহে ৰিপুন বৰাৰ জনপ্ৰিয়তা সৰ্বাধিক। চৰকাৰত নথকা যিকোনো দলতেই সভাপতিৰ আসনখনৰ গুৰুত্ব সৰ্বাধিক। সভাপতিজনৰেই যদি জনপ্ৰিয়তা নাথাকে তেন্তে দলক শক্তিশালী কৰাটো সম্ভব নহয়। অসম কংগ্ৰেছত সেইবাবে বিভিন্ন গোটৰ সৃষ্টি হৈ কোনোৱে কাকো নমনা এটা পৰিবেশ এটা হৈছেগৈ।

সদ্য বহিষ্কৃত যুব নেতা পাৰ্থ প্ৰতিম বৰাই আনকি ৰিপুন বৰাক তিহাৰ জেলৰ কথাও মনত পেলাই দিছে। এই কথাটো সত্য যে ৰিপুন বৰা তিহাৰ জেলৰ কয়দী আছিল আৰু এইটোৱো সত্য যে ন্যায়ালয়ে তেখেতক দোষমুক্ত কৰিছে। কিন্তু কংগ্ৰেছ দলৰ কিছুমান নেতাই মাজে সময়ে তিহাৰ জেলৰ কথা কৈ ৰিপুন বৰাক বেক ফুটত নিবলৈ চেষ্টা কৰে। বিজেপিয়ে এতিয়ালৈকে তিহাৰ জেলকলৈ একো কোৱা নাই। আমি নিশ্চিত যে ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ব্ৰহ্মাস্ত্ৰ ডাল ২০১৯ নিৰ্বাচনলৈ সযতনে থৈ দিছে। ২০১৯ ত ‘জাতীয় নায়ক বনাম তিহাৰ নায়ক’ ধৰণৰ কিছুমান শ্লোগান যদি বিজেপিয়ে তৈয়াৰ কৰে তেন্তে আচৰিত হবলগীয়া একো নাই। বিজেপিয়ে মনে প্ৰাণে বিছাৰিব যাতে ৰিপুন বৰা কংগ্ৰেছ দলৰ সভাপতি হৈ থাকে। তেতিয়া ২০১৯ত অসমত বিজেপিৰ জয় সহজ হৈ পৰিব।

কোন হব কংগ্ৰেছৰ সভাপতি ?

আমাৰ হাতত পৰা খবৰ অনুসৰি অসম কংগ্ৰেছৰ সভাপতি সলনি কৰাৰ চিন্তা চৰ্চা আৰম্ভ হৈছে। কোন হব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ? সেই বিষয়ে জল্পনা কল্পনা আৰম্ভ হৈছে । কংগ্ৰেছ দলৰ সকলোতকৈ জনপ্ৰিয় নেতা হ’ল তৰুন গগৈ । কিন্তু তেখেতৰ বয়সৰ বাবে সভাপতিৰ আসনত বহিবলৈ ইচ্ছা কৰা নাই । সংখ্যালঘু সম্প্ৰদায়ৰ পৰা যিহেতু সভাপতি নিদিয়ে , সেয়েহে ৰকিবুল হুছেনৰ নামো তালিকাত নাই । পবন সিং ঘাটোৱাৰ আৰু প্ৰদ্যুত বৰদলৈ দুয়ো যোৱা বিধান সভা নিৰ্বাচনত পৰাজিত হৈছিল । সেয়েহে বাদ পৰিছে তেওঁলোকো । শেষত দুটা নাম অবশিষ্ট থাকে ;  বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ । দুয়োজন আহোম সম্প্ৰদায়ৰ আৰু প্ৰাক্তন মুখ্যমন্ত্রীৰ সন্তান । সাংসদ হিচাপে গৌৰৱে বিভিন্ন গুৰুত্বপুৰ্ণ বিষয়ত সদনত মাত মাতি আহিছে। দুৰদৰ্শনৰ বিভিন্ন ৰাজনৈতিক অলোচনাত তেখেতক ভাগ লোৱা দেখা গৈছে । সকলোতকৈ গুৰুত্বপুৰ্ণ কথাটো হ’ল গৌৰৱ গগৈ ৰাহুল গান্ধীৰ অতিকৈ ঘনিষ্ঠ । জুনিয়ৰ গগৈয়ে বহুদিন বাহিৰত আছিল আৰু বাহিৰতে পঢ়া শুনা কৰিছে, সেয়ে ৰাজ্যৰ ৰাজনীতিৰ লগত তেওঁ ভালকৈ পৰিচিত নহয় । আনহাতে ৫৩ বছৰীয়া শইকীয়া, ২০১১ চনৰ পৰা বিধায়ক হৈ আছে । দেবব্ৰত শইকীয়াই ১৯৯২-৯৩ চনত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল । য়োৱা দুবছৰ ধৰি তেওঁ বিৰোধী দলপতিৰ অাসনত আছে । গৌৰৱ গগৈ আৰু দেবব্ৰত শইকীয়াৰ ভিতৰত বৰ্তমানলৈ সভাপতিৰ দৌৰত দেবব্ৰত শইকীয়া আগবাঢ়ি আছে  মুলত: অভিজ্ঞতা আৰু  নিকা ভাৱমুৰ্তী বাবে ।

প্ৰাক্তন প্ৰধানমন্ত্রী মনমোহন সিংৰ সৈতে শইকীয়া পৰিয়ালৰ মধুৰ সম্পৰ্কৰ বিষয়ে সকলোৱে ভালকৈ জানে ।

অসমত কংগ্ৰেছ দলৰ যে সভাপতি সলনি হব সেইটো খাটাং । কিন্তু ২০১৯ৰ আগত হয় নে পিছত হয় সেইটো কোৱা টান । সেইটো নিৰ্ভৰ কৰিব কংগ্ৰেছ দলে ২০১৯ চনৰ নিৰ্বাচনক লৈ কি পৰিকল্পনা কৰিছে তাৰ ওপৰত ।