কংগ্ৰেছৰ সভাপতি নেহেৰু

1963
  • মুল: ৰজনীকান্ত পুৰানিক
  • অনুৱাদ : পাৰ্থ প্ৰতিম লহকৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


১৯২৯ চনত জৱাহৰলাল নেহেৰু কংগ্ৰেছৰ সভাপতি  । মাত্ৰ এবছৰ আগতে ‘বৰদোলী সত্যাগ্ৰহ ‘ ৰ সফলতাই চৰ্দাৰ পেটেলক একেবাৰে দেশৰ নায়ক ৰূপে প্ৰতিষ্ঠা কৰে ।
গান্ধীজিৰ অহিংস নীতিৰ আধাৰত এই কৃষক আন্দোলনটো আছিল দেশৰ প্ৰথমটো সফল অহিংস কৃষক আন্দোলন । আন্দোলনৰ সফলতাই পেটেলক কংগ্ৰেছ দলৰ মাজত অধিক জনপ্ৰিয় কৰি তোলে ।
১৯২৯ চন ।গৰিষ্ঠ সংখ্যক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সভাপতি পদৰ বাবে পেটেলৰ নাম প্ৰক্ষেপ কৰে । কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত ভাগ লোৱা প্ৰদেশ কংগ্ৰেছ কমিটি সমুহৰ সিংহভাগেই পেটেলক সমৰ্থন কৰে । নেতাজি সুভাস বসুৰ বক্তব্য অনুসৰি ” কংগ্ৰেছৰ ভিতৰি বাহিৰে এটা সাধাৰণ মত আছিল যে বল্লভ ভাইক মুৰত ৰাজ মুকুট পিন্ধাৱ লাগে ।” কংগ্ৰেছৰ সেই সময়ৰ সাধাৰণ সম্পাদক আচাৰ্য্য কৃপালানিৰ বক্তব্য আছিল ” গান্ধীৰ নেহেৰুক সভাপতি পদত
অধিষ্ঠিত কৰিছিল ব্যক্তিগত কাৰণত , এই সিদ্ধান্ত নাছিল কোনো ৰাজনৈতিক সিদ্ধান্ত ।” জৱাহৰলাল নেহেৰুৰ পিতৃ মতিলাল নেহেৰু আছিল সেই সময়ৰ জাতীয় কংগ্ৰেছৰ সভাপতি ।
মতিলাল নেহেৰুৱে লৈছিল এক গুৰুত্বপুৰ্ণ সিদ্ধান্ত , যাৰ দ্বাৰা তেওঁৰ পুত্ৰক সভাপতি আসন খন দিব পৰা যায় । ১৯২৮ চনৰ ১১ জুলাই তাৰিখে মতিলাল নেহেৰুৱে মহাত্মা গান্ধীলৈ এখন পত্ৰ লিখিছিল । পত্ৰ খনত তেওঁ উল্লেখ কৰিছিল ” বল্লভাই হৈছে এই সময়ৰ নায়ক । আমি তেওঁক অতি কমেও দিব লাগে মুকুট । যদি তেওঁক এই সুযোগ দিয়া নেযায় তেন্তে সকলো পিনৰ পৰা জৱাহৰলাল হৈছে উত্তম পচন্দ ।”পুত্ৰ হিচাপে মতিলালে স্বাধীনতা সংগ্ৰাম আৰু পু্ত্ৰ স্নেহ একে সময়তে প্ৰাধান্য দিছিল । ১৯২৯-৩০ চনৰ সভাপতি নিৰ্বাচন আছিল খুবেই সংবেদনশীল কাৰণ গান্ধীৰ উত্তৰাধিকাৰী আৰু কংগ্ৰেছৰ পুৰ্ণ স্বৰাজৰ ঘোষণা এইখিনি সময়তে উত্থাপন কৰাৰ বাট মুকলি আছিল ।
১৯২৯ চনত জৱাহৰলাল কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় আৰু ১৯৩০ ,১৯৩৬, ১৯৩৭ আৰু শেষৰ ১৯৪৬ চনতো গান্ধীয়ে নেহেৰুক সমৰ্থন কৰে । গান্ধীয়ে জৱাহৰলালক কিয় প্ৰতিবাৰেই সমৰ্থন কৰছিল সেয়া সাথঁৰ হৈয়ে থাকিব ভাৰত
বুৰঞ্জিত । কাৰণ স্বদেশী আদৰ্শৰ মহাত্মা গান্ধীয়ে গুজৰাটি পেটেলক নেওঁচি কিয় প্ৰাশ্চাত্য ভাৱধাৰাৰ জৱাহৰলাল নেহেৰুক সমৰ্থন কৰিছিল সেয়া সাথঁৰ হৈয়ে থাকিব ।