কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতা দীঘলীয়া হ’ব

1045
  • অনুৰাগ অলম্যান

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বিজেপি নেতৃত্বৰ আত্মবিশ্বাসী মন্তব্য আৰু মিছন ১০০+ ৰ সমান্তৰাল ভাবে কংগ্ৰেছ , এআইইউডিএফ , বিপিএফৰ প্ৰাৰ্থী সকলক হোটেল ৰিজোৰ্টত সময়ে সময়ে আবদ্ধ কৰি ৰখা  বাতৰি প্ৰদৰ্শনে অসমৰ ৰাজনীতিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে । ভোটাৰ ৰাইজৰ মাজত কিছু কিছু সন্দেহৰ ভাবো সৃষ্টি নোহোৱা নহয় । ৰিপুন বৰা আৰু  বদৰুদ্দিন আজমলৰ লগত যোগাযোগ ৰক্ষা কৰা এক সুত্ৰৰ পৰা অহা খৱৰ মতে বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা নাপায় । বিজেপিক অতি কমেও ১০ জন আন দলৰ বিধায়কৰ প্ৰয়োজন হব । মধ্যপ্ৰদেশৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাটো  কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলে বিচৰা নাই । কংগ্ৰেছ উজনিৰ ভালে কেইজন নেতাৰ লগত নিৰ্বাচনৰ আগতেই বিজেপিৰ গোপন আলোচনা চলা বুলিও দাবী কৰে এই সুত্ৰটোৱে ।  আনহাতে এআইইউডিএফৰ বহু কেইজন প্ৰাৰ্থীৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সুম্পৰ্কও মুৰৰ কামোৰণি মহাজোঁটৰ ।
মহাজোঁটৰ উত্থানৰ যোগাত্মক দিশসমূহ
শেহতীয়া নিবাৰ্চনী প্ৰচাৰৰ সময়ত কৌশলপূৰ্ণভাৱে মহাজোঁটে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্ক এৰাই চলিলে৷  ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিসৰত দেখা গ’ল সংঘবদ্ধ প্ৰচাৰ৷ আনকি সমাজিক মাধ্যমতো দলীয় প্ৰচাৰৰ দিশত মহাজোঁটৰ ভূমিকা আছিল নিপুণ৷ কংগ্ৰেছ, এআইইউডিএফ, চি. পি. এমক সংঘবদ্ধ ৰূপত দেখা গ’ল৷ বিৰোধীক সমালোচনাৰ ক্ষেত্ৰত মহাজোঁটক দৃষ্টিকটু ৰূপত অৱতীৰ্ণ হোৱা দেখা নগল৷ আসন বুজাবুজিৰ ক্ষেত্ৰতো অথবা দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত কৌশলগতভাৱে কিছু আগত থাকিল মহাজোঁট৷
নিৰংকুশ সখ্যাগৰিষ্ঠতাৰে শাসনত থকা শক্তিশালী মিত্ৰজোঁটক প্ৰচণ্ড প্ৰত্যাহ্বান জনাৱ  পৰাটো কৌশলগত ধৈৰ্য-সংযম আৰু নিষ্ঠাৰ ফল৷ সংখ্যালঘু অঞ্চলত মেৰু কৰণৰ চেষ্টা নকৰাকৈয়ে এক সৱল ভোটবেংক মহাজোঁটৰ এক শক্তিৰূপে  পৰিগনিত হৈছে৷ মহাজোঁটৰ নেতা“গৌৰৱ গগৈৰ Face Value লক্ষণীয় বিবেচিত হব পাৰে । অন্যহাতে আজমলক অহৰহ সমালোচনা কৰি থকা বাবে মুছলমান সমাজত  মৌলানা বদৰুদ্দিনৰ সপক্ষে কাৰ্যতঃ মাইলেজ্‌ সৃষ্টি হ’ল ৷
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ষ্ট্ৰেটেজি :
যদিও কৌশলগত খেলিমেলিৰ আশংকাত শীৰ্ষ নেতৃত্বই মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী প্ৰক্ষেপ নকৰিলে তৎসত্বেও দেখা গ’ল সামাজিক মাধ্যম তথা অন্যান্য প্ৰচাৰ মাধ্যমৰো অধিক ক্ষেত্ৰত দলীয় বিষয়ৰ প্ৰচাৰতকৈ  অত্যাধিক আত্মবিশ্বাসী বিজেপিৰ একাংশ কাৰ্যকৰ্তাই মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী কোন অথবা ভিন্ন দিশত ব্যক্তিকেন্দ্ৰিক  প্ৰচাৰ আৰু প্ৰসাৰৰ আভ্যন্তৰীণ প্ৰতিযোগিতাত ব্যস্ত থাকিল৷ দৃষ্টিকটু ভাবে এই অপৰিপক্ক আৰু অনিয়ন্ত্ৰিত কুচকাৱাজ অসমৰ ৰাইজে দেখিলে৷
বিজেপিৰ এক সময়ৰ এটিএম কাৰ্ড সদৃশ বি পি এফৰ সৈতে মিত্ৰতা ছেদ কিমান সঠিক আছিল সেয়া সময়ে বিচাৰ কৰিব৷
ঠাই বিশেষে প্ৰাথিত্ব প্ৰদানৰ আসোঁৱাহ ৰৈ গ’ল নেকি সেয়া সময়ে বিচাৰ কৰিব । খিলঞ্জীয়া সুৰক্ষা আৰু অধিকাৰৰ ৰক্ষণাবেক্ষণ, জনসংখ্যা বিষ্ফোৰণ ৰোধ আদি পৰিকল্পনাৰ জৰিয়তে কৌশলগত ভাৱে আদৰ্শ প্ৰতিষ্ঠাৰ দিশত বাস্তৱ সন্মতভাৱে প্ৰৱেশ নকৰি অতিকায় ধৰ্মীয় মেৰুকৰণৰ কৌশলেৰে ৰাইজৰ আস্থা জয়ৰ ক্ষেত্ৰত হেঙাৰ হ’ব যেন অনুমেয়৷ যিখন ভূ-খণ্ডত ‘ জয় আই অসম’ৰ প্ৰাসংগিকতা অদ্যাপি বিদ্যমান তেনে এক  অঞ্চলত নিভাজ আন্তৰিকতাৰেহে ‘জয় শ্ৰীৰামক’ তুলি ধৰা সম্ভৱ৷ এইখিনিতে কৌশলগত শিথিলতা ৰৈ গ’ল৷ বিভিন্ন চৰকাৰী আঁচনি প্ৰদানৰ ক্ষেত্ৰত বিসংগতিৰ বাতৰি চৰ্চিত হোৱাও লক্ষণীয় ।
সম্ভাৱনা ‘নিবাৰ্চন ২০২১’ পৰৱৰ্তী পৰ্যায়
বহুখিনি ক্ৰুটি বিচ্যুতি আৰু আভ্যন্তৰীণ সংস্কাৰৰ প্ৰাসংগিকতাৰ ইংগিত বহনেৰে ‘২০২১’ চনত আকৌ এবাৰ বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰেই চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা প্ৰৱল৷ ভৱিষ্যত প্ৰেক্ষাপটত অজাপ আৰু বি.পি.এফে প্ৰয়োজন সাপেক্ষে বাহিৰৰ পৰা হলেও সবাৰ্নন্দ সোণোৱালৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ শক্তিৰূপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ সাংগঠনিক ভেটি সুদৃঢ় কৰাত মানোনিৱেশ কৰিব অজাপে, ৰাইজৰ দলেও আগন্তুক সময়ত  আভ্যন্তৰীণ সাংগঠনিক ভেটি সুদৃঢ় কৰাত মনোনিৱেশ কৰাৰ সম্ভাৱনাই প্ৰৱল৷ কংগ্ৰেছ আৰু এ.ইউ.ডি. এফৰ মিত্ৰতা দীঘলীয়া হ’ব৷ নিত্যান্তই   “মিছন ২০২৬” ৰ লক্ষৰে সংগঠিত এই দল দুটাৰ সংযুক্ত প্ৰয়াসক  বিজেপি নেতৃত্বই প্ৰচুৰ সংযম আৰু আভ্যন্তৰীণ সংস্কাৰ সাপেক্ষেহে  পৰৱৰ্তী নিবাৰ্চন সমুহত উচিত প্ৰত্যুত্তৰ দি উন্নত প্ৰদৰ্শন কৰিব  পাৰিব৷ এই নিবাৰ্চনে মিত্ৰজোঁটক বহু নিৰ্ণায়ক দিশত সু-শিক্ষা দিব৷ সমান্তৰালকৈ মূল্যবোধৰ নীতিৰ প্ৰাসংগিকতা বহন কৰিব৷