কংগ্ৰেছ সভাপতি: প্ৰিয়ংকাৰ বাহিৰে বিকল্প নাই

1322
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


“Congress must die.” ৰাজনৈতিক বিশ্লেষক তথা স্বৰাজ দলৰ প্ৰতিস্থাপক য়োগেন্দ্ৰ যাদবৰ এই টুইটে ৰাজনৈতিক মহলত খলকনি লগায়। ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ এগজিট প’লৰ ফলাফল প্ৰকাশৰ সময়ৰ এই টুইটৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মুখপত্র সকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। য়োগেন্দ্ৰ যাদবৰ এই মন্তব্য আছিল সাংকেটিক। তেওঁ সচা অৰ্থত কংগ্ৰেছক মৰিবলৈ কোৱা নাছিল। বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াত কংগ্ৰেছ চুৰান্ত ব্যৰ্থ হোৱাত তেওঁ এই কথাশাৰ কৈছিল। ইয়াৰ অৰ্থ আছিল এয়ে যে কংগ্ৰেছে যদি বিজেপিক পৰাভূত কৰিব নোৱাৰে তেন্তে কংগ্ৰেছে আন দলক বাট এৰি দিয়া উচিত। কংগ্ৰেছ যিহেতু বিজেপিৰ পিছত একমাত্র সৰ্বভাৰতীয় দল সেয়ে কংগ্ৰেছৰ ওপৰতে বিৰোধীদল সমূহৰ আশা আকাংশা নিহিত হৈ আছে। কংগ্ৰেছৰ শোচনীয় পৰাজয়ে সকলো বিৰোধীক হতাশ কৰিছে।
কংগ্ৰেছ শক্তিশালী হোৱা দৰকাৰ
 গণতন্ত্ৰত শক্তিশালী বিৰোধী দল অবিহনে ৰজা স্বৈৰাচাৰী হোৱাৰ সম্ভাবনা থাকে। চৰকাৰৰ প্ৰতিটো পদক্ষেপৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ বিৰোধী দল শক্তিশালী হোৱাতো নিত্যান্ত প্ৰয়োজন। চৰকাৰৰ বিদেশ নীতি,অৰ্থনৈতিক নীতি , জনকল্যাণ মূলক নীতি বিলাক পৰ্যালোচনা কৰি বিৰোধীদলে ৰাষ্ট্ৰ নিৰ্মানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কংগ্ৰেছ দলৰ শক্তি কমি গৈ থকাটো গণতন্ত্ৰৰ বাবে  চিন্তাৰ বিষয়। এতিয়া  মাত্র ৰাজস্থান, চত্তিছগড়, পঞ্জাব আৰু পুডুচেৰীত কংগ্ৰেছৰ শাসন আছে। ৰাজস্থান হাতৰ পৰা যাও যাও। পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিংএ স্বতন্ত্ৰ ভাবে কামে কৰে অৰ্থাৎ হাই কামাণ্ডৰ কথা নুশুনে। এজন এজনকৈ দলৰ পৰা যুৱ নেতা ওলাই যাব ধৰিছে। কংগ্ৰেছৰ ভিতৰৰ কাজিয়া গৈ চুপ্ৰিম কৰ্ট পাইছে। স্বাভাবিকতে এইবোৰ ঘটনাই কংগ্ৰেছৰ লগতে গোটেই বিৰোধীক দুৰ্বল কৰি বিজেপিক নিশ্চিন্ত মতে চৰকাৰ চলাবলৈ সুবিধা কৰি দিছে।
কংগ্ৰেছত আচলতে কি হৈ আছে?
অন্দ্ৰপ্ৰদেশৰ জগন মোহন ৰেদ্দী আৰু অসমৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা যুৱ নেতাক কংগ্ৰেছ ৰাখিবলৈ চেষ্টা নকৰিলে। কৰা হেতেন আজি আৰু দুখন ৰাজ্য কংগ্ৰেছৰ হাতত থাকিল হেতেন। ৰাজনৈতিক দলৰ ভিতৰত মত পাৰ্থক্য ,উচ্চাকাংখ্যা আদি খুব সাধাৰণ কথা। মূল কথা হ’ল দলৰ নেতৃত্বই কিদৰে এই বিষয়বোৰ নিস্পত্তি কৰে। ৰেদ্দী আৰু শৰ্মাৰ নিচিনা তৃণমূলৰ জনপ্ৰিয় নেতাক দলৰ ভিতৰত ৰাখিবলৈ সমৰ্থ নহ’ল দলৰ হাই কামাণ্ড। ইয়াৰ বাবে মুলতঃ জগৰীয়া ৰাহুল গান্ধী কাৰণ সেই সময়ত দলৰ বাঘজৰী আছিল তেওঁৰ হাতত। এতিয়া সমস্যা বেছি গভীৰ। ৰাহুল গান্ধীয়ে সভাপতি পদ ত্যাগ কৰা এবছৰ হ’ল। অসুস্থ ছোনীয়া গান্ধী দলৰ অস্থায়ী সভাপতি। মাজে মাজে ৰাহুলে টুইট কৰে ,মাজে মাজে প্ৰিয়ংকাই। এতিয়া বুজা টান আচলতে কোনে কংগ্ৰেছ দল চলাই আছে। হাই কামাণ্ডৰ এই দুৰ্বলতাৰ সুযোগ ৰাজ্যৰ কিছুমান নেতাই লৈছে। মে মাহত জ্যোতিৰাদিত্য সিন্ধিয়া দল এৰি গুছি গ’ল; লগতে গ’ল মধ্য প্ৰদেশৰ চৰকাৰ। এতিয়া ৰাজস্থান চৰকাৰৰ ওপৰত সংকট। দলৰ ৰাষ্ট্ৰীয় মুখপাত্রই কয় শচীন পাইলট এতিয়াও দলত আছে আৰু তেওক মনোৱা হ’ব। আনফালে মুখ্যমন্ত্রী অশোক গেহলটে কয় পাইলট নিস্কৰ্মা। মুঠতে কংগ্ৰেছ দল যেন এতিয়া এখন গুৰিয়াল হীন নাওঁ । ইয়াৰ সমাধান স্বৰুপে কংগ্ৰেছ দলে এজন শক্তিশালী অধ্যক্ষ নিয়োগ কৰিব লাগে। গান্ধী পৰিয়ালৰ বাহিৰৰ মানুহে কংগ্ৰেছক নেতৃত্ব দিব নোৱাৰে বা দিলেও তেওঁৰ কথা কোনেও নুশুনে। কংগ্ৰেছৰ একমাত্র বিকল্প হ’ল প্ৰিয়ংকা গান্ধী ৱাদ্ৰা। আৰু অধিক ক্ষতিৰ সন্মুখীন হোৱাৰ আগতে কংগ্ৰেছৰ এই পদক্ষেপ খুব জৰুৰী।