কংগ্ৰেছ মুক্ত অসমৰ নায়ক বদৰুদ্দিন আজমল

1199
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিজেপিৰ কংগ্ৰেছ মুক্ত ভাৰতৰ শ্লোগানৰ সমান্তৰাল ভাবে বিজেপিত কংগ্ৰেছী নেতাৰ যোগদানে বিজেপিৰ গাঁঠনি পৰ্যন্ত সলনি কৰিছে । কংগ্ৰেছ চৰকাৰত থাকিব নোৱাৰিলেও বিগত লোকসভাত নিৰ্বাচনত প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈৰ জয়ে কংগ্ৰেছ দলৰ ইমেজ বহু পৰিমাণে ধনাত্মক কৰিছিল । বহুতেই ধাৰণা কৰিছিল যে মোদী বতাহকো নেওচি কংগ্ৰেছে নিজৰ শক্তি প্ৰদৰ্শনত পিছ পৰি থকা নাই । দুয়োটা সমষ্টিত তেতিয়া বদৰুদ্দিন আজমলে প্ৰাৰ্থী দিয়া নাছিল । প্ৰদ্যুত বৰদলৈৰ জয়ৰ কাৰণ আছিল লাহৰিঘাট আৰু যমুনামুখ সমষ্টি । ধৰ্মীয় সংখ্যালঘু মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি দুটাৰ পৰা পোৱা ভোটে প্ৰদ্যুত বৰদলৈক জয়ী  কৰাইছিল । কাৰণ নগাও লোকসভাৰ অন্তৰ্গত বিধান সভা সমষ্টিৰ বাকী কেইটাত যদিও বিজেপিৰ ফলাফল ভাল আছিল তথাপি যমুনামুখ আৰু লাহৰিঘাটত ভোটাৰৰ সংখ্যা আন সমষ্টিৰ তুলনাত প্ৰায় দুগুণ । কলিয়াবৰত  গৌৰৱ গগৈক জয়ী কৰাইছিল ধৰ্মীয় সংখ্যালঘু মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি  ধিং ,ৰুপহী আৰু চামগুৰিৰ ভোটৰ সংখ্যাই । ইউদিএফে দুয়োটা সমষ্টি কংগ্ৰেছক এৰি দিলে আৰু বিজেপি পৰাস্ত হল । বদৰুদ্দিন আজমলে ২০১৪ চনত তিনিখন লোকসভাত জয়ী হৈছিল আৰু ২০১৯ ত মাত্র তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ত্যাগ স্বীকাৰ কৰিছিল । এই ত্যাগ আছিল নে বৰশীৰ টোপ আছিল সেই কথা প্ৰমাণিত হ’ল ২০২১ বিধানসভা নিৰ্বাচনত । তৰুণ গগৈৰ নেতৃত্বত ‘হু ইজ বদৰুদ্দিন’ কোৱা কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লগত  মুক্ত মিত্ৰতা কৰি নিৰ্বাচন খেলে । এইবাৰহে আজমলে খেল দেখুৱাব । আজমলৰ উদ্দেশ্য চৰকাৰ গঠন নহয় , চৰকাৰ গঠন হোৱাহেতেঁন ৫-৬ সমষ্টিত বন্ধুত্বপুৰ্ণ প্ৰতিদ্বন্দ্বিতা নকৰিলেহেঁতেন । আজমলৰ উদ্দেশ্য প্ৰধান বিৰোধী ৰাজনৈতিক শক্তি হোৱা । উজনিত কংগ্ৰেছে দুৰ্বল প্ৰদৰ্শন কৰিব আৰু উজনিত দুৰ্বল প্ৰদৰ্শন মানেই উজনিৰ পৰা খিলঞ্জীয়া হিন্দু বিধায়কৰ সংখ্যা কমি যোৱা । বাকী  বৰাক আৰু নামনিত ইউডিএফে উজ্জিবিত প্ৰদৰ্শন কৰাটো স্বাভাবিক । আনকি নামনিৰ পৰা কংগ্ৰেছে ৪-৫ টা সমষ্টিত জয়ী হলেও একমাত্ৰ ৰেকিবুদ্দিন আহমেদৰ বাহিৰে বাকী কেইজন খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ নহব । অৰ্থাৎ নিৰ্বাচনৰ ফলাফলে বদৰুদ্দিন আজমলক মহাজোঁটৰ বিগব্ৰাদাৰ কৰি তুলিব আৰু বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা ৩৫% ভোটাৰ শ্লোগান বহু পৰিমানে সঁচা কৰি তুলিব । উজনিৰ কংগ্ৰেছী নেতা অজন্তা নেওগৰ দৰেই বহু কেইজন কংগ্ৰেছীৰ বিজেপি গমন এক প্ৰত্যাশিত ঘটনা হব বাকী নামনিৰ যিকেইটাৰ কংগ্ৰেছৰ পৰা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তি বিধায়ক হব তেওঁলোকৰ পাখি আজমলে ২০৩১ ত কাটি  সমষ্টি সমুহত ইউডিএফৰ হাতত নিব ।
কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লগত কৰা মিত্ৰতাৰ সমান্তৰাল ভাবে কংগ্ৰেছ দলে বিটিআৰৰ গোটেই ১২ খন আসন বিপিএফক এৰি দিছে । ১২ খন আসনৰ ৫ খনতো যদি হাগ্ৰামা মহিলাৰীৰ দল জয়ী হয় তেন্তে বিপিএফৰ পৰৱৰ্তী  পদক্ষেপ কি হব ? ইউপিপিএল ক ভয় দেখুৱাই ৫ বছৰ বিটিচিত চৰকাৰ চলাই থাকিবলৈ হাগ্ৰামা মহিলাৰী শক্তিশালী হৈ থাকিব লাগিব ।  বিপিএফৰ পৰা জয়ী হৈ অহা বিধায়ক সকলক পাকে প্ৰকাৰে বিজেপিয়ে নিকায় বা আয়োগত সংস্থাপিত কৰিব । গোটেই ১২ সমষ্টিৰ ভিতৰত বিজেপিয়ে তিনি-চাৰিটা দখল কৰিলেও গোটেই ১২ খন আসন প্ৰকাৰন্তেৰে নিজৰ লগত ৰাখিব । ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিভিন্ন বিল পাছ কৰাৰ সময়ত বিপিএফ সদায় চৰকাৰৰ লগত থাকিব । কংগ্ৰেছে বাৰখন আসন এৰি দিয়াৰ  ট্ৰেজেদী ২ মে’ ৰ পিছতহে দেখিবলৈ পোৱা যাব ।