ককা-আইতাৰ চকুপানী

1292
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বৃদ্ধাশ্ৰম এটাৰ বহুল চৰ্চিত বাতৰি এটাই সংবেদনশীল ৰাইজক চিন্তিত কৰিছে। বৃদ্ধাশ্ৰমটো পৰিচালনা কৰা দুজন ব্যক্তিৰ মাজৰ অৰিয়া অৰিয়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে। চচিয়েল মিডিয়াত বেছিভাগে মণিকাক দোষাৰোপ কৰিছে। মণিকাৰ স্পষ্টীকৰণত বহুতো তথ্য পোহৰলৈ আহিছে। মণিকা বা উৎপলৰ মাজৰ কোনজন দোষী সেইটো আমাৰ আলোচ্য বিষয় নহয়। ককা আইতা সকলে ইতিমধ্যে বহু মনোবেদনা লৈ বৃদ্ধাশ্ৰমত আছে। তেওঁলোকক এইবিলাক কাজিয়াৰ মাজলৈ টানি আনি আৰু অধিক মনোকষ্ট দিয়াৰ বিকল্প নাছিল নেকি? ইয়াত চৰকাৰৰ ভুমিকা সকলোতকৈ গুৰুত্বপূৰ্ণ। বহু স্বেচ্ছাসেৱী অনুষ্ঠানে বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম আদি সুন্দৰভাবে পৰিচালনা কৰি সমাজৰ উপকাৰ সাধন কৰিছে। বিভিন্ন সময়ত অবশ্যে কিছুমান অনুষ্ঠানৰ বিৰূদ্ধে অভিযোগ উত্থাপন নোহোৱাও নহয়। সমাজত বহল ভাবে চাব গলে তিনিটা শ্ৰেণীৰ লোকক চৰকাৰৰ পৰা সকলোতকৈ বেছি সহায়ৰ প্ৰয়োজন। অনাথ শিশু, বিশেষভাবে সক্ষম আৰু অনাথ বৃদ্ধ। যোকোনো কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান কৰ্তব্য এই তিনিশ্ৰেণীৰ লোকৰ সেৱাক প্ৰথম প্ৰায়োৰিটি হিচাপে লোৱাৰ। চৰকাৰে এওঁলোকৰ দায়িত্ব উৎপল, মণিকা, ৰাম , যদু, মধুৰ হাতত এৰি দিব নোৱাৰে। আমি জানো যে এই এন.জি.অ’ বিলেকে বহু অনুদান লাভ কৰে। কিছুমানে ইয়াৰ লোভতো এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠা কৰে। এওঁলোকৰ অন্তৰত সমাজক সেৱা কৰাৰ কোনো মনোবৃত্তি নাথাকে। চৰকাৰৰ দায়িত্ব হ’ল এই তিনি শ্ৰেণীৰ লোকক এনেকুৱা ব্যক্তিৰ কবলৰ পৰা মুক্ত কৰা। প্ৰতিখন জিলাতে চৰকাৰে নিজা খৰচত চৰকাৰী ভুমিত এওঁলোকৰ বাবে হোষ্টেল নিৰ্মান কৰক। তাৰ পিছত ব্যক্তিগত প্ৰতিষ্ঠানক এইবোৰ পৰিচালনা কৰাৰ দায়িত্ব প্ৰদান কৰক। সময়ে সময়ে চাৰ্ভে কৰি প্ৰতিষ্ঠান বোৰৰ পাৰদৰ্শীতা নিৰূপন কৰক। ভাল প্ৰদৰ্শন কৰিব নোৱাৰা প্ৰতিষ্ঠান বোৰক বিদায় দিয়ক। আমি ভাবো চৰকাৰৰ এইটো পদক্ষেপে বহু লোকৰ জীৱন মধুময় কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সকলোৰে আস্তা আছে। তেখেতে নিশ্চয় এই বিষয়ত নজৰ দিব।