কতনু ভূঞাৰ সাক্ষাৎকাৰ

783

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসমৰ বিশিষ্ট সাংবাদিক কতনু ভূঞাৰ যোৱা মাহৰ সাক্ষাৎকাৰ
(১)
কতনু ভূঞাঃ চোলা ফলাৰ দৰকাৰ আছিল জানো ?
কুপেন বৰাঃ অসমৰ মানুহ নিজৰ কাপোৰক লৈ খুৱ সচেতন। হাফ পেন্টকলৈ যেতিয়া দিনে নিশাই চৰ্চা চলিল;  ময়ো পাই গ’লো আইদিয়া।
কতনু ভূঞাঃ বেদখলকাৰীক সমৰ্থন কৰি আপোনালোক খিলঞ্জীয়াৰ পৰা দূৰলৈ গুছি নাযাবনে?
কুপেন বৰাঃ আমিনো কোন দিনা কাষত আছিল ? তেওঁ লোকৰ নিচিনা খাই পাটফলা দেখা নাই। তিনিবাৰ হাৰিলো, দুখ নালাগিবনে? লুঙীবোৰে কিন্তু গাদ্দাৰী নকৰে। দেখিলেই মৰম লাগি যায়।
কতনু ভূঞাঃ বিধানসভা নিৰ্বাচনত যে পৰাজিত হ’ল, প্ৰাক্তন সভাপতি কিপুন বৰাৰ ভুল ক’ত আছিল?
কুপেন বৰাঃ মানুহজনে ষ্টেণ্ড ল’ব নোৱাৰে। নাওবৈচাত টিকট লৈ মানুহজন আজি বিধায়ক হ’ব পাৰে। নিজে নললে নাই_ মোক দিয়া। ৰাণীৰ ভয়ত চত্রভংগ দিলে। সিদ্ধুৰ নিচিনা সভাপতি হ’ব লাগে। নাওবৈচা নাপালে অহাবাৰ পদত্যাগ কৰি দিম বাপ্পেকে।
কতনু ভূঞাঃ আপুনি সভাপতি হৈ গুৱাহাটীত খুৱ কম থকা দেখিছো। মংগলদৈ, ধেমাজী, ডিব্ৰুগড় আদি ঘূৰি থাকে। কিয়?
কুপেন বৰাঃ গুৱাহাটীৰ অফিছত যাব নোৱাৰি বুজিছে? সেই যে কবুৰ্ব ভট্টাচাৰ্য্য , মানুহজনে মোক পগলা কৰি দিছে। দিনৰ দিনটো যা তা বকি থাকে। উপাই নাপাই এদিন টিভিত পথালো, তাতো গোবৰ কৰি আহিছে। মানুহজনে মোকো বলিয়া কৰিহে এৰিব।
কতনু ভূঞাঃ ভট্টাচাৰ্য্যই আচলতে কি কৰেনো?
কুপেন বৰাঃ কাজীব ভবনত দিনৰ দিনটো বহি খাব আৰু আদ্দা মাৰিব। যাৰে লগতে মিটিং নকৰো কিয় মানুহজনে পিছ নেৰে। মিটিংত কথাই কৈছেনে আবৃত্তি কৰিছে ধৰিবই নোৱাৰো।
কতনু ভূঞাঃ মানুহজনক বিজেপিলৈ পঠাই নিদিয়ে কিয়?
কুপেন বৰাঃ অতিষ্ঠ হৈ মই নিজেই শৰ্মালৈ ফোন কৰিছিলো।
কতনু ভূঞাঃ কি কলে তেখেতে?
কুপেন বৰাঃ তেখেতক মই সন্মান কৰো। ইমান বেয়াকৈ মানুহক গালি দিয়েনে?
(২)
কতনু ভূঞাঃ দাদা , খৱৰ কেনে?
কন্দ্ৰ পাটোৱাৰীঃ কি ক’লা? ৰাতিপুৱা সোনকালে উঠা অভ্যাস নাছিল নহয়, কিবা কাণেৰে ভালকৈ নুশুনা হৈছো।
কতনু ভূঞাঃ মামাই খুব কামত খটাইছে চাগে?
কন্দ্ৰ পাটোৱাৰীঃ মহা মুস্কিলহে। তোমাৰ কাম কৰিবলৈ মন গৈছে কৰি থাকা, আমাক কিয় ইমান দিগদাৰ কৰা? আজি বুলে মাজুলী, কালি শিলচৰ, পৰহি ধেমাজি। পুৱাৰ পৰা ৰাতিলৈকে কাম। কিবা জিয়াই থকা ইচ্ছা নোহোৱা হৈ গৈছে।
কতনু ভূঞাঃ মামাই গালিও দিয়ে নেকি?
কন্দ্ৰ পাটোৱাৰীঃ অসম আন্দোলনৰ সময়ত বাচ্ছা আছিল।  লৰাজনক কিমান যে মৰম কৰিছিলো।
কতনু ভূঞাঃ তাৰমানে আপোনাকো গালি দিয়ে?
কন্দ্ৰ পাটোৱাৰীঃ বিয়াৰ পিছত এইবিলাক অভ্যাস হৈ গৈছে, মই এনেয়ো বেছি ধৰি নাথাকো।