“কপালত চন্দনৰ ফোঁট লৈ থাকিলেই দুৰ্নীতি নাইকিয়া নহয়” _ প্ৰদ্যুৎ বৰদলৈ

1792

“সাৰদা কেলেংকাৰীৰ অসমৰ মূল ব্যক্তিজন আছিল হিমন্ত বিশ্ব শৰ্মা।”, প্ৰদ্যুৎ বৰদলৈ

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ সাংসদ তথা জেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতীম লহকৰ আৰু পাৰ্থ সাৰথি দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: সাংসদৰ নতুন অৱতাৰত আপোনৰ কেনে অনুভূতি?
প্ৰদ্যুৎ বৰদলৈ:  সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছত অসমৰ প্ৰতি অধিক দায়িত্বশীল হৈ পৰিলো। মন্ত্রী-বিধায়ক হিচাপে থকা কালচোৱাতো মই সদায় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হৈ মাত মাতি আহিছো।
ৰাজনীতি অসম: প্ৰচণ্ড মোদী ঢৌৰ মাজতো প্ৰায় ২০ বছৰ বিজেপিৰ দখলত থকা নগাওঁ লোকসভা সমষ্টিত আপুনি জয়ী হ’ল।  কেনেকৈ সম্ভব কৰিলে ?
প্ৰদ্যুৎ বৰদলৈ: নগাওঁ সমষ্টিটো আমাৰ বাবে খুব প্ৰত্যাহ্বানমূলক আছিল। মই নগাওঁৰ বাহিৰৰ হোৱা স্বত্বেও খুব কম সময়ৰ ভিতৰত ৰাইজে মোক আকোৱালি লয়। তাৰ বাবে ৰাইজক ধন্যবাদ জনাইছো ।
ৰাজনীতি অসম: আপোনাৰ সমষ্টিৰ ফলাফল ঘোষণা কৰাত যথেষ্ট বিলম্ব হৈছিল। ইয়াৰ কাৰণ কি আছিল?
প্ৰদ্যুৎ বৰদলৈ: ক্ষমতাত থকা দলে প্ৰশাসনিক বিষয়াক হেচা প্ৰদান কৰা আমি দেখি আহিছো। মোৰ ক্ষেত্রটো সেই একে হৈছিল। মোৰ ফালে ফলাফল যাব ধৰাত বিষয়াবিলাকক হেচা প্ৰয়োগ কৰা আৰম্ভ কৰিলে। কিন্তু তেওঁলোক নিজৰ পথত থাকিল আৰু ৰাইজে বিচৰা ধৰণে মই জয়ী হ’লো ।
ৰাজনীতি অসম: আপুনি কেবল মুছলমানৰ ভোটেৰে জয়ী হৈছে নেকি ?
প্ৰদ্যুৎ বৰদলৈ: বিজেপিয়ে প্ৰচাৰ কৰিছে যে মই মুছলমানৰ ভোটেৰে জিকিছো । ই সত্য নহয়। নগাওঁত মাত্র দুটা সমষ্টি যমুনামুখ আৰু লাহৰীঘাটতহে মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছে। কেবল মাত্র দুটা সমষ্টিৰ ভোটেৰে মই জয়ী হ’ব নোৱাৰো। মই ৫১% ভোট পাইছিলো। নগাওঁ লোকসভাৰ গোটেই ৩৪% মুছলমানে মোক ভোট দিলে বুলি ধৰি ল’লেও মই ১৫% অতিৰিক্ত ভোট পাইছো । এয়া বিজেপিৰ অপপ্ৰচাৰ ।
ৰাজনীতি অসম: নগাওঁ সদৰ বিধানসভা সমষ্টিত আপুনি কেনেকৈ ৰুপক শৰ্মাতকৈ বেছি ভোট পাবলৈ সক্ষম হ’ল?
প্ৰদ্যুৎ বৰদলৈ: নগাওঁ সদৰৰ মানুহবিলাক খুব সংস্কৃতিবান । বিজেপিৰ নেতাসকলে মোৰ চৰিত্রহনন কৰিছে, মই কিন্তু ৰুপক শৰ্মাৰ বিৰুদ্ধে কটু মন্তব্য কৰা নাই। ৰাইজে সকলো দেখিলে আৰু মোক বেছি ভোট দিলে ।
ৰাজনীতি অসম: প্ৰফুল্ল মহন্ত আৰু ৰাজেন গোহাঁইৰ কিবা সহায় পাইছে নেকি?
প্ৰদ্যুৎ বৰদলৈ: একেবাৰে পোৱা নাই। প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ বঢ়মপুৰত মই বিজেপিৰ তুলনাত বহু কম ভোট পাইছিলো। আনহাতে ৰাজেন গোহাঁইৰ লগত মোৰ কোনো যোগাযোগেই হোৱা নাছিল ।
ৰাজনীতি অসম: কংগ্ৰেছৰ নেতা পালিনেতাবিলাকৰ বিজেপি গমন চলি আছে। কিন্তু কংগ্ৰেছৰ চৰকাৰৰ সময়ত বিজেপিৰ নেতাসকলে কংগ্ৰেছত যোগদান কৰা নাছিল। ইয়াৰ কাৰণ কি?
প্ৰদ্যুৎ বৰদলৈ:  কংগ্ৰেছৰ পৰা বিজেপিলৈ তিনিটা কাৰণত গৈছে। প্ৰথমটো হ’ল কেলেংকাৰী কৰা নেতাসকলে নিজক বচাবলৈ বিজেপিলৈ গৈছে। ডিমা হাচাও, সাৰদা আদি কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত থকা বুলি অভিযোগ উঠিছিল। সাৰদা কেলেংকাৰীৰ মুল অভিযুক্তজনে লিখি গৈছে যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰা টকা লৈছে। তেওঁৰ পত্নীৰ মালিকাধীন নিউজ লাইভত  ই.ডি , ইনকাম টেক্স ডিপাৰ্টমেন্টে তালাচী চলাইছিল। তেওঁলোকৰ বাসগৃহতো তালাচী চলাইছিল। তেওঁলোকক মাতি নি জেৰা চলাইছিল। সবেই  জানে সাৰদা কেলেংকাৰীৰ অসমৰ মূল ব্যক্তিজন আছিল হিমন্ত বিশ্ব শৰ্মা। মই উদ্যোগ মন্ত্রী থকা কালচোৱাত মোক নজনোৱাকৈ তেওঁলোকে ধুবুৰীত বিস্কুট  কাৰখানা খুলিছিল। মোক আমন্ত্রন নকৰি হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা উদ্ধোধন কৰালে। তাৰ পিছত আহিল লুই বাৰ্জাৰ কেলেংকাৰী। খোদ সৰ্বানন্দ সোণোৱালে পুস্তিকা বিতৰণ কৰিছিল। জেল যোৱাৰ পৰা সাৰিবলৈ তেওঁ বিজেপিত যোগদান কৰিলে। তেওঁৰ লগত আছিল চিণ্ডিকেট কৰা নেতাসকল। সেই প্ৰক্ৰিয়া এতিয়াও চলি আছে। উদাহৰণ স্বৰুপে গৌতম ৰয়। তৰুণ গগৈ চৰকাৰক বদনাম জাপি দিয়া সকলো নেতা এতিয়া বিজেপি পালে।
ৰাজনীতি অসম: তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু গৌতম ৰয়ক দুৰ্নীতি কৰাৰ পৰা কিয় বিৰত ৰাখিব নোৱাৰিলে?
প্ৰদ্যুৎ বৰদলৈ: সেইটো তৰুণ গগৈ ডাঙৰীয়াৰ দুৰ্বলতা আছিল। বিশেষকৈ এ.পি.এছ.চিৰ ক্ষেত্রত তৰুণ গগৈ ডাঙৰীয়াই  যি ভুমিকা ল’ব লাগিছিল সেইটো লোৱা নাছিল। এইটো মোৰ ব্যক্তিগত মত। তৰুণ গগৈ ডাঙৰীয়াক মই খুব শ্ৰদ্ধা কৰো। বিসম্বাদৰ কাৰণো এই কেলেংকাৰীবিলাক। তৰুণ গগৈ ডাঙৰীয়াই লাহে লাহে হিমন্ত বিশ্ব শৰ্মাৰ পাখি কাটিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই বিদ্ৰোহৰ আৰম্ভনি হয় ।
ৰাজনীতি অসম: বিজেপিৰ অসমত প্ৰদৰ্শন উন্নত হোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক কৃতিত্ব নিদিয়ে নেকি?
প্ৰদ্যুৎ বৰদলৈ: বিজেপিৰ উন্নত প্ৰদৰ্শনৰ কেইবাটাও কাৰণ আছে। ১৫ বছৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ, কংগ্ৰেছৰ বিসম্বাদ ইত্যাদি। মোদী ডাঙৰীয়াৰ কাৰকটোকো আমি মানি লবই লাগিব। ২০১৬ ৰ  পৰা বিজেপিয়ে মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিলে। শেহতিয়াকৈ কৃত্রিমভাবে দেশপ্ৰেমৰ ভাবধাৰা আনি ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰিলে। বেছিভাগ মিডিয়া হাউছ তেওঁলোকৰ দখলত ।
ৰাজনীতি অসম: ২০১৯ ত আপোনালোকৰ হাতত ইছুৰ অভাব নাছিল। তৎসত্বেও আপোনালোকে কিয় বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিলে?
প্ৰদ্যুৎ বৰদলৈ: আমি আত্ম বিশ্লেষণ কৰি গম পাইছো যে  narrative  বিলাক আমি সময়োপযোগী হিচাপে ৰাইজৰ মাজলৈ লৈ যোৱাত ব্যৰ্থ হৈছো। তেওঁলোকৰ resource বহুত বেছি।
ৰাজনীতি অসম: ভুৱনেশ্বৰ কলিতাৰ বিজেপি যোগদানক লৈ আপুনি আচৰিত হৈছেনে?
প্ৰদ্যুৎ বৰদলৈ: আচৰিত হৈছো । এইটোত তেওঁৰ ব্যক্তিগত কিবা নিশ্চয় সমীকৰণ আছে। তেওঁক কংগ্ৰেছ দলে ৪ বাৰ ৰাজ্যসভালৈ পঠিয়াছিল। এবাৰ লোকসভা জিকিলে। কংগ্ৰেছ দলে তেওঁক কি দিয়া নাছিল? ৮ মাহ পিছত তেওঁৰ ৰাজ্যসভাৰ সদস্যতা শেষ হ’ব। সেয়েহে নিজৰ ব্যক্তিগত স্বাৰ্থ সুনিশ্চিত কৰিবলৈ তেওঁ বিজেপিত যোগদান কৰাৰ বাদে উপায় নাই ।
ৰাজনীতি অসম:অজন্তা নেওগকে ধৰি বহু কংগ্ৰেছী বিধায়ক বিজেপিত যাব বুলি খবৰ ওলাইছে। কিমানদূৰ সচা?
প্ৰদ্যুৎ বৰদলৈ: গোকাট মিছা কথা । মাজতে মোৰ কথাও উলিয়াইছিল। বিজেপিৰ উদ্দেশ্য হ’ল আমাৰ মনোবল হ্ৰাস কৰা । এতিয়া যিসকল আছে কংগ্ৰেছত ..আমি জুয়ে পোৰা সোণ ।
ৰাজনীতি অসম: ৰিপুন বৰাক বিফল সভাপতি  নেকি?
প্ৰদ্যুৎ বৰদলৈ: ৰিপুন বৰা ডাঙৰীয়াই খুব কষ্ট কৰে। আমাৰ কৌশল আৰু কাম কৰাৰ ধৰণটো অলপ সজাই পৰাই লোৱাটো উচিত বুলি মই ভাবো। ৰিপুন বৰা ডাঙৰীয়া মোতকৈ চিনিয়াৰ তেওঁ মোক এন.এছ.ইউ.আইলৈ আনিছিল। ৰিপুন বৰাৰ দক্ষতা আছে। মই ৰিপুন বৰাক সমালোচনা কৰি দলত তেওঁৰ মৰ্য্যাদা কেতিয়াও হ্ৰাস কৰিব নিবিছাৰো।
ৰাজনীতি অসম: বিজেপিৰ membership driveৰ নিচিনা আপোনালোকে কিবা পৰিকল্পনা কৰিছে নেকি?
প্ৰদ্যুৎ বৰদলৈ: ২০০১ চনত আমি যেতিয়া ক্ষমতালৈ আহো আমাৰ সংখ্যা খুব কম আছিল। আমি ৰাইজৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছিলো। এগালমান মানুহ লৈ কলেবৰ বৃদ্ধি কৰি, প্ৰকাণ্ড এটা শৰীৰ লৈ ৰাইজৰ আস্থা অৰ্জন কৰিব পৰা যাব বুলি মই নাভাবো। এতিয়া বিজেপিত কি হৈছে? চুৰি , ডকাইটি , চিণ্ডিকেটে গোটেই অসমখন গ্ৰাস কৰি পেলাইছে। কপালত চন্দনৰ  ফোঁট লৈ থাকিলেই দুৰ্নীতি নাইকিয়া নহয়। কংগ্ৰেছৰ বেয়া এলিমেন্ট বিলাকে দুৰ্নীতি কৰিছে। বিজেপিৰ আচল নিষ্ঠাবান লোক সকল একাষৰীয়া হৈ গ’ল। এই নিষ্ঠাবান লোকসকলক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিব নোৱাৰে। সেইবাবে গৌতম ৰয়, পিযুষ হাজৰিকাৰ নিচিনা মানুহক বিজেপিলৈ লৈ গৈছে ।
ৰাজনীতি অসম: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিবা ক’লে তেখেতে মানহানিৰ গোচৰ তৰে । শেহতীয়াভাবে এটা কেছত তেখেত জয়ী হৈছে। এই বিষয়ে কিবা ক’ব খোজে নেকি?
প্ৰদ্যুৎ বৰদলৈ: হিমন্ত বিশ্ব শৰ্মাৰ  আছে অফুৰন্ত টকাৰ ভাণ্ডাৰ। কেইবাজনো দামী দামী উকিল তেওঁৰ লগত কাম কৰে। একেলগে ১০০, ২০০, ৫০০ কৌটি টকাৰ মান হানি কৰে। সাধাৰণ মানুহৰ অলপ অসুবিধা হয়।  কেছ দিলে ক’ৰ্টত যাব লাগিব , তাৰ বাবে প্ৰস্তুত আছো ।
ৰাজনীতি অসম:বৰ্তমান মন্দাৱস্থাৰ  খবৰটো লৈ আমি শংকিত হোৱাৰ কাৰণ আছেনে ?
প্ৰদ্যুৎ বৰদলৈ:শংকিত হোৱাৰ কাৰণ যথেষ্ট আছে। আমাৰ দেশত নিবনুৱাৰ সংখ্যা ৭০ বছৰৰ ভিতৰত সৰ্বাধিক। উদ্যোগ বিলাক বন্ধ হৈছে। সকলোতে চাটাই চলি আছে। অৰ্থনীতি সংকুচিত হ’লে চাকৰি কমি যায়। এইবিলাক লুকাবলৈ তেওঁলোকে হিন্দু-মুছলমানৰ কথা কয়, পাকিস্থানৰ কথা কয়। জুইক জানো কাপোৰ এখনেৰে ঢাকি ৰাখিব পাৰি?ডিম’নিটাইজেছনৰ দৰে নভবা নিচিন্তাকৈ কৰা কামবোৰৰ বাবে আমাৰ অৰ্থনীতিৰ এই অবস্থা হৈছে। বেংকবিলাকৰ অবস্থা অতি বেয়া। সেইবাবে ৰিজাৰ্ভ বেংকৰ পৰা টকা আনিছে। সংকটৰ সময়ৰ বাবে থকা টকা বিলাক উলিয়াব ধৰিছে  ।
ৰাজনীতি অসম: আপোনালোকে এই ইছুটো মিডিয়াৰ জৰিয়তে ৰাইজৰ ওচৰলৈ লৈ যোৱাত ব্যৰ্থ হোৱা নাইনে?
প্ৰদ্যুৎ বৰদলৈ: আমি কেনেকৈ লৈ যাম? আজি ২১টা চেনেল তেওঁলোকে দখল কৰি লৈছে। জিটিভি,টাইমছ নাও ইত্যাদি এই ২১টা চেনেল মোদীৰ শ্ৰুতলিপিত চলে। আমি এইবিলাকত যোৱা বাদ দিছো। যিয়ে চৰকাৰৰ বিৰুদ্ধে কয় তাৰ বিৰুদ্ধে ই.ডি লগাই দিয়ে ।
ৰাজনীতি অসম: আৰ্টিকল ৩৭০ৰ ওপৰত আপোনাৰ মতামত কি?
প্ৰদ্যুৎ বৰদলৈ: আমাৰ দেশখন ধৰ্মৰ বাবে একলগ কৰা নাছিল। সেইটো আছিল ফেডাৰেলইজম। ১৯৪৭ চনৰ চেপ্তেম্বৰ মাহত জন্মু কাশ্মীৰ ভাৰতৰ লগত চামিল হৈছিল। তেওঁলোকক দিয়া হৈছিল আৰ্টিকল ৩৭০। ঠিক একেদৰে ৩৭১ৰ দ্বাৰা নাগালেণ্ড আদিক বিশেষ মৰ্য্যাদা দিয়া হৈছে। যি ধৰণে তেওঁলোকে বিলখন আনিলে আমি সেই ধৰণটোক বিৰোধ কৰিছো। তেওঁলোকে অখণ্ড ভাৰতৰ কথা কয়। তেওঁলোকৰ মতে দেশত এটা ভাষাই হ’ব লাগে; সংস্কৃত নহ’লে হিন্দী।  তেতিয়া আমাৰ অসমীয়া ভাষাৰ ওপৰতো বিপদ আহি পৰিব।
ৰাজনীতি অসম: ২০০৮ ত আপোনালোকৰ চৰকাৰ থাকোতে অমৰনাথ শ্বাইন ব’ৰ্ডক মাটি দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলগীয়া হয়। আপোনালোকৰ চৰকাৰে উচিত উপায় লোৱা নাছিল বুলি  অনুভব কৰেনে?
প্ৰদ্যুৎ বৰদলৈ:: সেইটোৱে আমাৰ আৰু বিজেপিৰ মাজত প্ৰাৰ্থক্য। আজি বিৰোধী দলৰ নেতাক শ্ৰীনগৰ যাব দিয়া হোৱা নাই। আজি প্ৰায় এমাহ হ’বৰ হ’ল কিন্তু কাশ্মীৰৰ স্বাভাবিক অবস্থা ঘূৰি অহা নাই। কাশ্মীৰৰ মানুহখিনি ভাৰতৰ মানুহ নহয় নেকি? এওলোকক সদায় এনেকে বন্দুক টোৱাই ৰখাটো উচিত নেকি? কেবল মুছলমান হোৱা কাৰণে যদি এনেকুৱা কৰে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ।
ৰাজনীতি অসম: আপোনালোকৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ সংসদত ৰখা বক্তব্যই কিছু খেলি মেলি লগোৱা নাইনে?
প্ৰদ্যুৎ বৰদলৈ: আমিও বেয়া পাইছো কথাটো। তেওঁ কথাখিনি সজাই পৰাই কওতে ভালকৈ নাভাবিলে।
ৰাজনীতি অসম:  মনীষ তিৱাৰী বা শশী থৰুৰৰ দৰে নেতা থকাৰ পিছত অধীৰ ৰঞ্জনে কেনেকৈ দলপতি হোৱাৰ সুযোগ পালে?
প্ৰদ্যুৎ বৰদলৈ: সকলো এটা নিয়মৰ মাজেৰে চলে। অধীৰ ৰঞ্জন চৌধুৰী ৭ বাৰৰ বাবে বিজয়ী হৈ সংসদলৈ আহিছে। মনীষ তিৱাৰী দ্বিতীয়বাৰহে হৈছে।  অভিজ্ঞতা  বিবেচনা কৰিবলগা হয় ।
ৰাজনীতি অসম: ছোনীয়া গান্ধী সভানেত্রী হোৱাৰ পিছত কংগ্ৰেছৰ পুনৰ উত্থান হ’ব বুলি আশা কৰে নেকি?
প্ৰদ্যুৎ বৰদলৈ: এইটো এটা স্তপ গেপ এৰেনজমেন্ট। দলীয় নিৰ্বাচনৰ যোগেদি সভাপতি নিৰ্বাচন কৰা হ’ব। ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পিছত কোনোবাইতো দায়িত্ব লৈ কিছুদিন দলটো চম্ভালিব লাগিব।
ৰাজনীতি অসম:ৰাহুল গান্ধীৰ বিফলতা মানি লয়নে?
প্ৰদ্যুৎ বৰদলৈ: তেওঁৰ নেতৃত্বত আমি ২০১৯ত হাৰিলো। কোনোবাইটো accountability ল’ব লাগিব। আনে যিহেতু লোৱা নাই সভাপতি হিচাপে তেওঁ accountability লৈছে। আমি কিমান হেচা দিছিলো সভাপতি ৰুপে কনটিনিউ কৰা। ময়ো বিচাৰিছিলো কিন্তু তেওঁ মানি নল’লে। বিজেপিয়ে নিৰ্বাচনত এনে এটা ধাৰণা দিবলৈ চেষ্টা কৰিলে যে সকলো সমস্যাৰ কাৰণ মুছলমান।  কৃত্ৰিম ভাবে এইবিলাক কৈ দেশপ্ৰেমৰ ভাব জগাই তোলে।
ৰাজনীতি অসম: বিজেপিত যোৱা কেইদিনমানত বহু মুছলমানে যোগদান কৰিছে। তাৰ কাৰণ কি বুলি ভাবে?
প্ৰদ্যুৎ বৰদলৈ: সেইবিলাক সুবিধাবাদী মুছলমান। সুবিধাবাদৰ বাবে মুছলমানে বিজেপিত যোগদান কৰিছে।
ৰাজনীতি অসম: অসমৰ চাৰিটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ’ব। ফলাফল আপোনালোকৰ পক্ষলৈ যাব বুলি কিমান আশাবাদী?
প্ৰদ্যুৎ বৰদলৈ: আমি যঠেষ্ট আশাবাদী। আমি ভাল প্ৰাৰ্থীক টিকট দিব লাগিব। ৪ টাৰ এটাতহে আমাৰ প্ৰাৰ্থী জিকিছিল যোৱাবাৰ। আমাৰ দলৰ সকলোৱে মিলি কাম কৰিব লাগিব।
ৰাজনীতি অসম: ৰাজনীতি অসমে _যোৱা মাহত কৰা অ’পিনিয়ন প’ল এটাৰ মতে আপুনি কংগ্ৰেছৰ সভাপতিৰ বাবে সকলোতকৈ উপযুক্ত। দলে ৰাজ্যিক সভাপতিৰ পদ দিলে ল’বনে?
প্ৰদ্যুৎ বৰদলৈ: মই ছাত্র জীবনৰ পৰা কংগ্ৰেছৰ লগত জড়িত। মই ইফাল সিফাল হোৱা নাই। চাৰিটা টাৰ্মত এম.এল.এ আছিলো। মন্ত্রী আছিলো। ১৯৯৫ চনৰ পৰা দলৰ মুখপাত্ৰ আছিলো। এতিয়াও মই দলৰ উপ সভাপতি । সাংগঠনিক দিশৰ পৰা অভিজ্ঞতা আছে। দলে  ভবিষ্যতে যি দায়িত্ব দিয়ে তাক পালন কৰিম।