কামৰুলৰ সন্মুখত প্ৰত্যাহ্বান

10136

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


যুৱ কংগ্ৰেছৰ নিৰ্বাচন প্ৰক্ৰিয়া শেষ হ’ল। নিউজ চেনেলৰ কেমেৰাত বন্দী হৈ ৰ’ল বিজয়ী যুৱ নেতাৰ সমৰ্থকৰ হৰ্ষোল্লাস তথা পৰাজিত প্ৰাৰ্থীৰ বেদনা ভৰা অভিযোগ। বিভিন্ন স্হানত আকৌ মাৰপিটৰ দৰে ঘটনাও সংঘাটিত হ’ল।

কেইদিনমান আগলৈ অখ্যাত  এটা নাম হঠাৎ জনপ্ৰিয় হৈ পৰিল। যুৱ কংগ্ৰেছৰ নব নিৰ্বাচিত সভাপতি হ’ল কামৰুল ইছলাম চৌধুৰী। অসম কংগ্ৰেছৰ প্ৰাক্তন  সভাপতি প্ৰয়াত অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তক পৰাজিত কৰি কামৰুলে ইতিহাস ৰচনা কৰিলে। বৰাকৰ এজন যুবক প্ৰথম বাৰৰ বাবে যুৱ কংগ্ৰেছৰ সভাপতিৰ আসনত বহিল।

২৮ চেপ্তেম্বৰ ১৯৮৬ত জন্ম হোৱা কামৰুলে ডিফুৰ ক‍ালভাৰী স্কুলত পঢ়া শুনা কৰিছিল । ২০০৯ৰ পৰা ২০১২লৈ কটন কলেজত পঢ়ি ভূগোল বিষয়ত এম.এছ.চি ডিগ্ৰী লাভ কৰিছিল তেওঁ। এন.এছ.ইউ.আইৰ সম্পাদক হিচাপে কাম কৰা কামৰুল , ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বুলি জনাজাত ।

অনাগত দিনত যুৱ কংগ্ৰেছক শক্তিশালী কৰিবলৈ তেওঁ কি ভূমিকা পালন কৰে সেইটোৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। এটা কথা লক্ষণীয় যে যুৱ কংগ্ৰেছৰ সভাপতিৰ বাহিৰেও ১০ জন সম্পাদকৰ ৬ জনেই সংখ্যালঘু সম্প্ৰদায়ৰ। অধিকাংশ জিলা সমিতিৰ সভাপতি পদটো সংখ্যালঘু সম্প্ৰদায়ৰ নেতা জয়ী হৈছে। আমাৰ হাতত পৰা তথ্য অনুসৰি ৭০% যুৱ কংগ্ৰেছী সংখ্যালঘু সম্প্ৰদায়ৰ। এইটো নিশ্চয় কংগ্ৰেছৰ বাবে শুভ সংকেত নহয় । কাৰণ ইয়াৰ সুযোগ বিৰোধীয়ে লোৱাটো স্বাভাবিক । সকলো জনগোষ্ঠীৰ মাজত নিজৰ সাংগঠনিক বিস্তাৰ কৰিব নোৱাৰিলে অকল সংখ্যালঘু ভোটাৰেৰে কংগ্ৰেছৰ বাবে দিশপুৰৰ গাদী দখল কৰা সহজ নহব । সকলো জাতি জনগোষ্ঠীৰ যুৱ সমাজৰ মাজত কংগ্ৰেছৰ জনপ্ৰিয়তা ঘূৰাই আনিবলৈ কামৰুলে চেষ্টা কৰিব লাগিব । যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ গৃহ কন্দল ৰাইজৰ সন্মুখত স্পষ্টকৈ দেখা দিছে। সকলোকে একেলগে লৈ কামৰুলে আগবাঢ়িব লাগিব।
বৰাকৰ নেতাক ব্ৰহ্মপুত্ৰ  উপত্যকাৰ কৰ্মীয়ে কেনেদৰে গ্ৰহণ কৰে সেইটোও লক্ষণীয় হব। মুঠতে কামৰুল ইছলাম চৌধুৰীৰ সন্মুখত প্ৰত্যাহ্বান বহুত । যদি অকল ২০২১ বিধান সভাৰ টিকট পোৱা লক্ষ্য নহয়, তেন্তে এই প্ৰত্যাহ্বানৰ মাজতে তেওঁ দলক শক্তিশালী কৰাৰ পথ উলিয়াই লব ।

যুৱ কংগ্ৰেছৰ ওৱেবচাইটাৰ পৰা নব নিৰ্বাচিত জিলা সভাপতিৰ তালিকাখন তলত প্ৰকাশ কৰা হ’ল:

District Name President Name
Barpeta ANUWARUL ISLAM
Biswanath Chariali ALBART PHUKAN
Bongaigaon MAKIBUL ISLAM
Cachar JAVED AKTAR LASKAR
Charaideo BINOD SHARMA
Chirang NASIR UDDIN KHAN
Darrang ON HOLD
Dhemaji BHASHKAR KULI
Dhubri ALTAF HOSSAIN MANDAL
Dibrugarh MERAJ HUSSAIN
Dima Hasao THOMSON HASNU
Goalpara TAPOSH RAM RABIDAS
Golaghat PRANJAL SAIKIA
Hailakandi BIKRAM SINGHA
Hojai AJHARUL ISLAM
Jorhat PARTHA PROTIM GOGOI
Kamrup (Metro) AMIR HUSSAIN
Kamrup Rural DIMBESHWAR BARO
Karbi Anglong SUKUR SING KRO
Karimganj AM MAHBUBUL HASSAN
Kokrajhar SAHAR ALI SARKAR
Lakhimpur ON HOLD
Majuli DEBAKANTA DAS
Morigaon MD IJAJ HUSSAIN
Nagaon AZHAR ALI AHMED
Nalbari SATYEN DAS
Sivasagar RAFIKUDDIN AHMED
Sonitpur ARMAN SHAH – ON HOLD
South Salmara NOZRUL ISLAM
Tinsukia SIBANATH CHETIA
Udalguri DEEPAK BORAL
West Karbi Anglong AUGUSTINE ENGHEE

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views