কাশ্মীৰী পণ্ডিতে কৰা অতীতৰ আন্দোলন ___ধাৰা ৩৭০ বনাম ‘কা ‘

1794

 


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


বিংশ শতিকাৰ আৰম্ভণীত কাশ্মীৰী হিন্দু পণ্ডিত আৰু কাশ্মীৰী মুছলমানসকলে  লগ লাগি আন্দোলন আৰম্ভ কৰিছিল __
 ‘ Kashmir for the Kashmiri ‘ আন্দোলন । সেইমৰ্মে  ১৯২৭ চনত চাকৰি , ভুমি ক্ৰয়ৰ আদি বিষয় সন্নিবিষ্ট  কৰি  জম্মু – কাশ্মীৰৰ ৰজাই কিছু নিয়ম বান্ধি দিয়ে (  The 1927 Hereditary State Subject Order granted to the state subjects the right to government office and the right to land use and ownership, which were not available to non-state subjects.)
গোজেই গজালি মেলি বৃক্ষ ৰূপ ল’লে আৰু  স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপত ৩৭০ ধাৰা বলবৎ কৰা হয় ।
জম্মু – কাশ্মীৰ খন পঞ্জাবী বা ভাৰতৰ আন ৰাজ্যৰ মানুহৰ কাৰণে প্ৰায় বিদেশী ভুমিৰ দৰে হৈ পৰে । ইয়াৰ পুৰ্ণ সুবিধাত পাকিস্তানী সন্ত্ৰাসবাদীৰ প্ৰৰোচনাত কাশ্মীৰৰ একাংশ মুছলমান সম্প্ৰদায়ৰ সন্ত্ৰাসবাদীয়ে ১৯৮৯-৯০ ত পণ্ডিতৰ নৰসংহাৰ কাৰ্য আৰম্ভ কৰে । নিজৰ ভুমিৰ পৰা পলায়ন কৰি পঞ্জাৱ আৰু দিল্লীত আশ্ৰয় ল’ব লগা হয় । নিয়তিৰ বিচাৰ । এদিন ভাৰতৰ আন ৰাজ্যৰ মানুহৰ প্ৰবেশ নিষিদ্ধ কৰিব খোজা মানুহখিনিয়ে পিছৰ সময়ত পঞ্জাব – দিল্লীত আশ্ৰয় ল’ব লগা হয় । উল্লেখ্য যে সেই সময়ত কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল ফাৰুখ আব্দুল্লা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী আছিল কাশ্মীৰৰ পিদিপি নেতা মুফটি মহম্মদ চইদ । ভাৰতৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুফটি মহম্মদৰ ভুমিকা কাশ্মীৰী পণ্ডিতে পাহৰা নাই । হয়টো সৌ সিদিনা দিল্লীৰ ‘ কা ‘ বিৰোধী আন্দোলনৰ মজিয়াত চাৰ্জিল ইমামে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা , ভাৰতীয় সেনাৰ অসমত প্ৰবেশ বন্ধ কৰা বক্তব্যই অসমৰ মানুহকো চিন্তাত নেপেলোৱা নহয় ।  পুনৰ ধাৰা ৩৭০ ৰ কথালৈ আহিলো ।
২০১৯ ত নৰেন্দ্ৰ মোদী পুনৰ প্ৰধান মন্ত্ৰী হয় আৰু বিজেপি চৰকাৰে ৩৭০ ভংগ কৰে । আজিৰ  কাশ্মীৰী পণ্ডিত সকলে কৰা স্ফুৰ্তী আৰু কাশ্মীৰী পণ্ডিতৰ পুৰ্ব পুৰুষে কৰা  ভুলবিলাক আমাৰ অসমৰ অসমীয়া ভাষী  দল – সংগঠনবিলাকে  বিচাৰ কৰিব বোধহয় । জনজাতীয় সংগঠনৰ নীতি স্পষ্ট । তেওঁলোকে ভাৰতৰ সাৰ্বভৌমত্বক প্ৰশ্ন নকৰে , প্ৰশ্ন নকৰে সংবিধানক । কিন্তু  অসমীয়া ভাষী সংগঠনে কথাই কথাই ভাৰত ৰাষ্ট্ৰ , গণতন্ত্ৰৰ গালি মিশ্ৰিত ভাষণ দিয়ে ; স্বাধীনতাৰ ৭০ বছৰ পিছতো অসমীয়া ভাষীয়ে নেতৃত্ব দিয়া এটাও  আন্দোলন সফল হ’ব নোৱাৰিলে  । ১ কৌটি বিদেশী বহিষ্কাৰৰ দৰে অদ্ভুত দাবী এটাত  লাগি থাকোতে আহি গ’ল ‘কেব ‘ বা ‘কা ‘ । সবেই সমৰ্থন কৰিলে চৰকাৰক , কিন্তু ব্যতিক্ৰম অসমীয়া ভাষী ছাত্ৰ সংগঠন , সাহিত্য সভা , কৰ্মচাৰী সংগঠন । অসম চুক্তিৰ আচল কথাবোৰ ৰূপায়ন নহ’ল প্ৰায় চল্লিশটা বছৰে কিন্তু ইয়াৰ মাজতে অসম ভুখণ্ডতে ৯৯%  সমাধান হ’ল বড়ো সমস্যা , কাৰ্বি পাহাৰৰ সমস্যা  সমাধান হ’ল , সমাধান হৈ আছে ৰাভা , তিৱা সকলৰ বহু সমস্যা । গুৱাহাটীত মুখ্য কাৰ্যালয় থকা সংগঠনে পঞ্চাশ বছৰ আন্দোলন কৰি  যি নেপায় , কোকৰাঝাৰ , ডিফু , দুধনৈ , হাফলংত হেড অফিচ থকা সংগঠনে পাঁচটা বছৰ আন্দোলন কৰিলেই দাবী বিলাক ৯০ % সমাধান হয় । ৮৫৫ গৰাকী যুবকৰ জীবন বিসৰ্জন আৰু হাজাৰ জনৰ ত্যাগৰ ফলতো বিদেশী সমস্যা এক শতাংশও সমাধা নহ’ল । অসম চুক্তি ৰূপায়নৰ শ্লোগান দি থাকোতেই কেব গুছি ‘কা ‘ হ’ল । তেন্তে প্ৰশ্ন হয় কিয় এক শতাংশ  দাবী পুৰণ নহয় অসমীয়া ভাষী নেতাৰ নেতৃত্বত চলা আন্দোলনৰ ? ইয়াৰ মুখ্য কাৰণ এটাই___ এই বিলাক আন্দোলনৰ মাজৰ পৰা ভাৰতৰ সাৰ্বভৌমত্বক আৰু গণতন্ত্ৰীক ব্যৱস্থাটোক তাচ্ছিল্য কৰা হয় । বহিৰাগত , অনা অসমীয়া , ভাৰত ৰাষ্ট্ৰ ,  অসম – ভাৰত সংঘাত ইত্যাদি শব্দৰ মায়াজালে আন্দোলন বিলাকত ভাৰত বিদ্বেষী পৰিবেশ এটা গঢ়ি তোলাত সহায়ক হয় । কিন্তু বড়ো , কাৰ্বী , ৰাভা সংগঠনৰ নেতৃত্বই এনেকুৱা ভাৰতৰ সংসদীয় ব্যৱস্থাটোক প্ৰশ্ন কৰা দেখা নেযায় ।
এনকৈয়েই চলি থাকিব ৰাজনীতি ।  আমি নুবুজো , নেভাবো , নুশুনো ।