কাৰ্বি আংলঙ আৰু ফাষ্ট ট্ৰেক কোৰ্ট

2355
  • দেবজিত দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


কাৰ্বি আংলঙৰ দৰে ঘটনা আকৌ অসমৰ কোনো এক অঞ্চলত ভৱিষ্যতে নহ’ব বুলি বুকুত হাত থৈ আমি ক’ব পাৰিম নে ? যদি নোৱাৰো তেন্তে কিয়? ফেচবুক ,ৱাটচএপ আদিয়ে জ্বলা জুইত ঘিউ ঢালে বুলি ক’লে মিছা কোৱা নহয় । কিন্তু জুই কুৰাৰ উৎসৰ কথা নাভাবি ফেচবুকলৈ ইমান চিন্তা কিয় ?  জনতাৰ ক্ষোভ , প্ৰতিবাদ  বিপথে পৰিচালিত হ’ব নেকি ? ভাৰত বিভাজনৰ সময়ৰ ভাতৃঘাতী সংঘৰ্ষ , ১৯৮৪ ৰ শিখ সংঘৰ্ষ , ১৯৯৩ ৰ মুম্বাই বোমা বিস্ফোৰণৰ পিছৰ সাম্প্ৰদায়িক সংঘৰ্ষ , নেলীৰ হত্যাকাণ্ড , বেলতলা কাণ্ড, ডিফু চহৰত পিতৃৰ সমুখতে পুত্ৰক মাত্ৰ ১০ টকাৰ বাবে হত্যা , নলবাৰীত একাংশ সাধাৰণ জনতাৰ আৰক্ষীক প্ৰহাৰ , চিচি টিভিৰ সন্মুখতে চোৰে চোৰ কৰে , ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন আইন উলংঘা কৰা চাৰিচকীয়া গাড়ীৰ খুন্দাত পথাচাৰী-বাইকআৰোহীৰ দৈনিক এজনকৈ মৃত্যু    আদি অজস্ৰ ঘটনাৰ সময়ত ফেচবুক , ৱাটচএপ, অন্ধবিশ্বাসৰ  প্ৰভাব  জানো কিবা থাকে ?

‘ মানুহে মানুহৰ বাবে ‘ ভুপেন হাজৰিকাই  লেখিছিল ১৯৬০ চনত ,  ‘জুইয়ে পোৰা তিৰাশী’ লেখিছিল ১৯৮৪ চনত আৰু ‘সুৰ্য্যস্তৰ পিনে ধাৱমান’ লেখিছিল ১৯৯৭ চনত । গানকেইটাৰ ৰচনা কাল  চালে আমাৰ ধাৰণা হয় যে সময় বাগৰি ১৯৬০ ৰ পৰা ১৯৯৭ পালেওঁ  শেষত তেওঁ সুৰ্যাস্তৰ পিনে ধাৱমানহে দেখা পাইছিল । বৰ্তমানৰ আধুনিক যুগ বিভক্ত হৈছে দুটা ভাগত । প্ৰাক গুগুল যুগ আৰু গুগুল অহাৰ পিছৰ যুগ । ৰাজা ৰামমোহন ৰায়ে যি প্ৰভাব পেলাইছিল অতীতৰ দিনত  সেই একে  প্ৰভাব তেওঁ আজিৰ ‘পোষ্ট গুগুল’ যুগত পেলাব পাৰিলেহেতেঁন বুলি ভবাটো আকাশত চাং পতা কথা হ’ব নিশ্চয়। বৰ্তমান সময়ত ভাল কামৰ যিমানটা যুক্তি থাকে , বেয়া কামৰো সিমানটাই যুক্তি থাকে ।  প্ৰতিটো দুষ্কৰ্মৰ পিছতেই সৰ্বত্ৰ উচ্চাৰিত শব্দ হয় ‘ফাষ্ট ট্ৰেক কোৰ্ট ‘ ৰ দাবী। মন্ত্ৰী -বিষয়া আৰু ভিআইপিক সুৰক্ষা দি ব্যস্ত থকা আমাৰ আৰক্ষীয়ে কিমান সময় পায় ৰাইজৰ লগত থাকিবলৈ এই প্ৰশ্ন জানো আমি কেতিয়াবা চৰকাৰক কৰিছো । হাতত মমবাতিলৈ প্ৰতিবাদ কৰা আমাৰ কিমানজনে নিজৰ আত্মীয় স্বজনক পুলিচৰ আগত সাক্ষী দিবলৈ উৎসাহিত কৰে ? বেংক কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ দাবীত বেংক  বন্ধ দিয়ে , লাখত দৰমহা পোৱা কলেজ শিক্ষকে মৰগীয়া বানচৰ দাবীত ৰাজপথ কপাঁয় , দুটকা বাছ ভাৰা  বৃদ্ধিৰ দাবীত চকা বন্ধ হয়  কিন্তু একেখন সমাজতে আৰক্ষীৰ কনিষ্টবলৰ পৰা আৰম্ভ কৰি বিষয়ালৈ কিমান দৰমহাত এটা মাহৰ  দহ বাৰদিন ১৮  ঘন্টা পৰ্য্যন্ত ডিউটি কৰে তাৰ খৱৰ ল’বলৈ আমাৰ সময় নাই । একেজন আৰক্ষীৰ মানুহকে  আইন শৃংখলা আৰু অনুসন্ধান দুয়োটা কামতেই নিয়োগ কৰা হয় । কিন্তু উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ থকা স্বত্তেও আৰক্ষীক দুই ভাগত বিভক্ত কৰা হোৱা নাই । এখন চাৰ্জচিট লেখে সাধাৰণ বিএ, এম এ অৰ্হতা সম্পন্ন আৰক্ষী এজনে , কিন্তু ন্যায়ালয়ত আইনৰ বিশেষজ্ঞ উকিল এজনে চাৰ্জচিট খনত বিভিন্ন সুৰুঙা উলিয়াই অপৰাধীক বহুসময়ত বিপদমুক্ত কৰি তোলে । সৰুসজাই বা কলাক্ষেত্ৰত শিক্ষক আৰু ডাক্তৰৰ নিযুক্তি পত্ৰ বিতৰণ হয় কিন্তু একোখন আৰক্ষী থানাত পুলিচক সহায় কৰিবলৈ এজনকৈ হ’লেও অভিজ্ঞতা সম্পন্ন উকিল নিযুক্তি দিয়া নহয় । ভাৰতৰ বিজ্ঞানে মংগল গ্ৰহত স্থান ল’লে কিন্তু দেশৰ কোৰ্ট কাছাৰীৰ আন্ত: গাঁঠনিৰ আজিলৈকে  বিশেষ পৰিৱৰ্তন নহ’ল । ভাৰতৰ জনসংখ্যাৰ ১ লাখ মানুহৰ বিপৰীতে ১০ জন  ন্যায়াধিশ( Judge) থাকে । য’ত থাকিব লাগে কমেও ৫০ জন ন্যায়াধিশ । ২০১৭ চনৰ শেষৰ ভাগলৈ আমাৰ দেশত মুঠ ৩ কৌটি ৰায়দান নোহোৱা গোচৰ আছে আৰু ইয়াৰে সৰহ সংখ্যকে হ’ল ১০ বছৰৰ পুৰণি গোচৰ  । স্বাধীনতাৰ পিছৰে পৰা প্ৰতিখন চৰকাৰে বাজেটৰ ১% তকৈও কম ধন ন্যায়ালয়ৰ আন্ত:গাঁঠনিৰ ওপৰত খৰছ কৰে । কোৰ্ট কাছাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ সমুহে সদিচ্ছা নেদেখুৱাই । এইবিলাক জলন্ত সমস্যাৰ বাবেই সাধাৰণ মানুহৰ বহু গোচৰ নিষ্পত্তি নোহোৱাকৈ থাকি যায় আৰু শেষত আইনৰ প্ৰক্ৰিয়াটোৰ  ওপৰত ভৰষা নোহোৱা  হয় । সময় সলনিৰ লগে লগে যিদৰে অৰ্থনৈতিক নীতিৰ সংশোধন কৰা হয় তেনেদৰে ন্যায় ব্যৱস্থাৰ সংশোধন অতি জৰুৰি । অন্যথা দেশৰ অৰ্থনৈতিক উন্নতিৰ জখলা  আধাতে ৰুদ্ধ হৈ যোৱাৰ সম্ভাৱনা থাকে ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views