কা আন্দোলন: দ্বিতীয় দৰ্শনীৰ আখৰা

1224
  • ৰাজেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


সদৌ অসম ছাত্ৰ সন্থা( আছু) ই ৰাজনৈতিক দল জন্ম দিয়াৰ পিছতেই আছু এটা ছাত্ৰ সংগঠন হোৱাৰ উপৰিও ৰাজনৈতিক সংগঠন হৈ পৰিছিল । বহু দশক মুৰত সমুজ্জল ভট্টাচাৰ্য্যক বাদ এজন জনপ্ৰিয় আছু নেতাৰ জন্ম হৈছিল লুৰিন জ্যোতি গগৈৰ ৰূপত । লুৰিন জ্যোতি গগৈৰ নেতৃত্বত আছু আৰু এচাম শিক্ষাবিদে অসম জাতীয় পৰিষদ নামৰ নতুন ৰাজনৈতিক দলটোক জন্ম দিয়াৰ সমান্তৰাল ভাবে  অসমৰ মিডিয়া হাউচত লুৰিন গগৈয়ে অসমীয়া জাতিৰ স্বভিমান উদ্ধাৰ কৰি অহা এক মহানায়কৰ স্থান পালে ৷ লুৰিন জ্যোতি হ’ল বহু কেইটা ছাত্ৰ সংগঠন থকা অসম ৰাজ্যৰ এটা ছাত্ৰ সংগঠনৰ সদ্য বিদায়ী সম্পাদক আৰু তেওঁৰ ওপৰত ন্যস্ত  নিয়মিত কাৰ্য সম্পাদন কৰি যোৱা  এজন ছাত্ৰ নেতা ৷ প্ৰতিভা হিচাবে সন্মুখত আহি পৰা  কেব আৰু পাচলৈ কাঁ আন্দোলনত শিল্পী সকলক লগত লৈ সভা সমিতি অনুষ্ঠিত কৰি  দিয়া ভাষণ ৷
২০২১ চনৰ নিৰ্বাচনত লুৰিন জ্যোতি গগৈ বা আছুৰ দ্বাৰা জন্ম দিয়া অজাপ দলে এটা সমষ্টিও জিকিব নোৱাৰিলে । এনেকুৱা সমীকৰণ তেওঁলোকৰ কাম্য নাছিল যদিও অজাপে নিৰাশ হোৱা নাই । তেওঁলোকৰ ৰাজনৈতিক ভিচন অটুট আছে ।  লুৰিন জ্যোতি গগৈয়ে ৰুপজ্যোতি কুৰ্মি , সুশান্ত বুঢ়াগোহাঁই দৰে দল সলনি কৰি বিধায়ক বা মন্ত্ৰী পদ লবলৈ ইচ্ছা কৰা নাই । লুৰিন বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই দুই মিনিটত নিজৰ বিধায়কক পদত্যাগ কৰাই নিৰ্বাচন পাতি দিব । কিন্তু আছু , অজাপ বা লুৰিন জ্যোতি গগৈয়ে এই কাম নকৰে । কাৰণ তেওঁলোকে জানে সদায় সলনি হৈ থকা জনগাঁঠনিত বিজেপিৰ সফলতা খুৱ বেছি ১০ টা বছৰ । নামনি আৰু মধ্য অসমত বাংলাদেশী মুলৰ ভোটাৰৰ বৃদ্ধিয়ে বিজেপিক দুৰ্বল কৰিব আৰু উজনিৰ চাহজনগোষ্ঠী প্ৰধান সমষ্টিৰ কিছু সমষ্টি বিজেপিৰ হাতত থাকিলেও চৰকাৰ গঠন অসম্ভৱ ।
অসমৰ পেক্ষাপটত অজাপে বিজেপিৰ অসমৰ ৰাজনৈতিক সমীকৰণত আউল লগোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷
বামপন্থী  দল সংগঠন আৰু বুদ্ধিজীবীৰ সুপৰিকল্পনা , বিজেপিৰ বহু সংখ্যক স্থানীয় নেতা-পালিনেতাৰ উদাসিনতাৰ কাৰণে কেব বিৰোধী সংগঠনবোৰ আজিও শক্তিশালী । মুছলমানৰ সংখ্যা ৩৪.৫% অতিক্ৰম কৰিলে  ৷ মুছলমান সকলৰ একাংশই   জাতীয়তবাদী ৰূপত কাম কৰি আছে আৰু আন একাংশই সম্পুৰ্ণ ইচলামবাদত নিজকে সমৰ্পিত কৰিছে । নিৰ্বাচনৰ সময়ত তেওঁলোকৰ ভোট বিচ্ছুৰণ নহয়৷ বুদ্ধিজীৱিৰ দ্বাৰা প্ৰচাৰিত  ধ্যানধাৰণা অনুযায়ী মুচলমানে কেৱল মুচলমানক সমৰ্থন কৰাটো মেৰুকৰণ নুবুজাই , কিন্তু হিন্দুৱে হিন্দুক সমৰ্থন কৰাটো মেৰু বিভাজন আৰু ধৰ্মনিৰপেক্ষতাত আঘাত  ৷  আগন্তুক এই আন্দোলনক নেতৃত্ব অজাপ আৰু কংগ্ৰেছে দিব । গ্ৰন্থমেলা আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা পৰ্ব আৰম্ভ হৈছে । যিবিলাক অনুষ্ঠানত ময়ূৰ বৰা , ইচমাইল হোচেইনৰ দৰে ব্যক্তিয়ে ভাষণ দিয়ে । এই অনুষ্ঠানবোৰত কলেজৰ ছাত্ৰ ছাত্ৰীক সংযুক্ত কৰি এক নতুন ধাৰাৰ জন্ম দিবলৈ প্ৰয়াস কৰা হৈছে ।এই অনুষ্ঠানবোৰত যিখিনি মানুহ জড়িত হৈছে সেই একেখিনি মানুহ কা আন্দোলনখনতো জড়িত হৈ পৰিব । অসমৰ একাংশ  টি ভি চেনেলৰ সাংবাদিকে এ আই ডি ইউ এফ  দলটোক অসমীয়া জাতিৰ ৰক্ষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কৰা প্ৰয়াস লক্ষ্যণীয় ।  বিশেষ গুৰুত্ব প্ৰদানৰে যি ধৰণে বদৰুদ্দিন আজমলক  প্ৰাসংগিক কৰি তুলিছে সেইটোৱে খিলঞ্জীয়া অসমীয়া ৰক্ষণশীল ধাৰাটোকে  ক্ষতি কৰিব ৷  তদুপৰি অজিত ভূঞা , মনজিৎ মহন্ত , চম্পক কলিতা আদিৰ দৰে মানুহৰ সংখ্যা অধিক হলে অসম আৰু অসমীয়াৰ ভৱিষ্যত কি হ’ব সেই ধাৰণা ৰাইজলৈ এৰিলোঁ  ৷ অজিত ভূঞাই বদৰুদ্দিনৰ দৰে ব্যক্তি  অসমৰ মূখ্যমন্ত্ৰী হ’ব পাৰে বুলি কৈ অসমীয়া খিলঞ্জীয়া জাতিসত্ত্বাকে অপমান কৰিছে ৷ ৩৫% জনসংখ্যাৰ এই জনগোষ্ঠীৰ সংখ্যা যেতিয়া ৫০% লৈ আগুৱাব তেতিয়া অকল হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা , ভৱেশ কলিতাৰে ৰাজনৈতিক কেৰিয়াৰ শেষ নহব , ইয়াৰ লগতে দেৱব্ৰত শইকীয়া , অংকিতা দত্তৰ দৰে ৰাজনেতাৰো বেলি মাৰ যাব । এইবাৰৰ কা আন্দোলন যদি অতি হিংস্ৰ হয় তেন্তে আন্দোলন প্ৰশমিত কৰিবলৈ চৰকাৰে কি কৰিব ? গুলী চলালে অসমৰ সাধাৰণ যুব চামৰ কোনোবা ঘুনীয়া হ’ব । হিমন্ত বিশ্ব শৰ্মাক কেপিএচ গিলৰ শাৰীত থিয় কৰাব মিডিয়া আৰু বিৰোধীয়ে । যদি আন্দোলন অবাধ গতিত চলি থাকে তেন্তে ৰাষ্ট্ৰবাদী জনতা ক্ষতিগ্ৰস্ত হ’ব আৰু কৃষি আইনৰ দৰে কা আইনো ঘুৰি যোৱা সম্ভাৱনা আছে । দুয়োটা ঘটনাৰ এটাও বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ কাৰণে সুখৱৰ নহব ।বৰঞ্চ ইয়াৰ গইনা লৈ বিজেপি বিৰোধী শক্তিৰ উত্থানত  বদৰুদ্দিন আজমল , ৰাহুল গান্ধী আৰু লুৰিন জ্যোতি গগৈৰ মিত্ৰতাই অসমত নতুন ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব ।