অলপ ভাল লগা কথাও ভাবোচোন: দিগন্ত কুমাৰ ভট্টাচাৰ্য

1657
  • দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


শাক-পাচলি,গাখীৰ আদি আনিবলৈ তিনি-চাৰিদিনৰ মূৰে মূৰে ওলাও বাহিৰলৈ অলপ সময়ৰ কাৰণে। আমাৰ zone টোত প্ৰায় ১০২জন আক্ৰান্ত (কালি ৰাতিৰ বাতৰি মতে)।
যিয়ে নহওক, ফ’ন কৰিলে অসমৰ পৰা বহুকেইজনে কয়-‘বাহিৰৰপৰা আহিলে ডাইৰেক্ট ঘৰত নোসোমাবি। গা-পা, কাপোৰ-চাপোৰ চাবোন, ডেটল পানীৰে ভালদৰে ধুইহে সোমাবি’ ।
বুজোঁ, তেওঁলোকৰ মৰমবোৰ বুজোঁ। কিন্তু কিমান বা কেনেকৈনো বুজাম যে আমি থাকো দুটা কোঠাৰ ফ্লেট এটাত। ওলোৱা-সোমোৱা সেই এখনেই দুৱাৰ। সেই দুৱাৰখনেৰে সোমাই দুখোজ দিলে ঘৰটো(মানে ফ্লেটটোক বুজাইছোঁ) শেষেই। আমি থাকো পঞ্চম মহলাত। এতিয়া ডাইৰেক্ট ঘৰত নোসোমাবলৈ হ’লে মই অষ্টম মহলালৈ যাব লাগিব। তাত খালী ঠাই আছে। তাৰে পৰা মই ৰচী এডাল লৈ বা ইঘৰৰ খিৰিকী, বাহিৰৰ ৱাল বগাই লাহে লাহে নামি (সেই যে চিনেমাত দেখুৱায়.. এবাৰ পিচলে, ধূলি বালি উৰে, কিবাকৈ ধৰে আকৌ)আমাৰ বাথৰুমৰ সৰু খিৰিকীখনেৰে সোমালে হৈ যাব কামটো। মানে, গা পা ধুই ঘৰত সোমাব পৰা ৰাস্তা একমাত্ৰ সেইটোৱেই। ৰিস্ক আছে। ক’ৰ’ণাতকৈও বেছি ৰিস্ক। বাকী বাদ, আমি যে মাত্ৰ এখন দুৱাৰ বন্ধ কৰিলেই হৈ যায় ৰাতি, সেয়া আজি হে মন কৰিলোঁ। সেই যে ৰজা-মহাৰজাৰ সাম্ৰাজ্যলৈ সোমাবলৈ এখনেই থাকে প্ৰৱেশদ্বাৰ (এইখিনিত দুটা হাঁহি থকা ইম’জি থাকিব নেপথ্যত)…
বাকী যি নহওঁক, আমাৰ ছোৱালীৰ মুখলৈ যেতিয়া চাওঁ, এনে লাগে ‘লকডাউন’ দিয়াৰ কাৰণে কিজানি সবাতোকৈ সুখী মানুহ তাই (বা তাইৰ দৰে অনেক কণমানি) !
আগতে দিনটোত তাইৰ লগত আছিলোঁ প্ৰায় ৩ ঘন্টা (পুৱা ১ ঘন্টা, ৰাতি ২ ঘন্টা), এতিয়া আছোঁ গোটেই সময়!
লকডাউনে সুখী কৰিছে বৃদ্ধ পিতৃ-মাতৃবোৰকো, যিয়ে আগতে দিনটোত ১০ মিনিটো নেদেখা পুত্ৰৰ মুখখন দেখিবলৈ পাইছে সৰহ সময়। অস্তগামী সূৰুযটোৰ দৰেই হয়তো উজ্বল হৈ পৰিছে তেওঁলোকৰ শোতোৰা পৰা মুখ… সেই যে কয়-‘দাগ অচ্চে হোতে হ্যে’! ক’ৰণাও কেতিয়াবা তেনেই.. কিমান আৰু মহাৰাষ্ট্ৰৰ সংখ্যা গণিম! অলপ ভাললগা কথাও ভাবোচোন