কিহৰ পাকচক্ৰত মানুহৰ মানৱিয়তা গুণ লোপ পাইছে ?

2277
  • সত্যৰঞ্জন বৰা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


আজি আমি মানুহবোৰ আচলতে পশুয়েই আছিলো । উলংগ দেহাৰে অন্য জীৱ-জন্তুৰ দৰে পাশৱিক আচাৰ-ব্যৱহাৰ আছিল আমাৰ চৰিত্ৰ। কিন্তু যেতিয়াই এক বিশেষ সন্ধিক্ষণত এদিন জুইৰ সৃষ্টি হ’ল তেতিয়া দুঠেঙীয়া সেই পশুবোৰ লাহে লাহে একত্ৰিত হ’বলৈ আৰম্ভ কৰিলে আৰু এদিন যেতিয়া সিহতবোৰৰ মাজত কৃষি কৰ্মৰ সূত্ৰপাত হ’ল ; তেতিয়াৰ পৰাই সমাজ, সমাজ ব্যৱস্থা তথা সংস্কৃতিৰ ৰচনা হ’ল ।

পৰিৱৰ্তীত সময়ৰ লগে লগে বিজ্ঞানৰ আৱিস্কাৰ, প্ৰসাৰ-প্ৰচাৰৰ ফলত আজি আমি এই পৰিৱেশ পালোহি । আজি এনে এটা পৰ্যায় পালোহি যে __ সৃষ্টিকৰ্তাকো আমি প্ৰত্যাহ্বান জনাবলৈ কুন্ঠাবোধ নকৰা হ’লো ।

কিন্তু এটা কথা মন কৰিবলগীয়া যে যিবোৰ কামৰ মাধ্যমেৰে দুঠেঙীয়া সেই পশুবোৰ আজিৰ মানুহ হ’ল ,পশুত্বৰ পৰা মনুষ্যত্ব লাভ কৰিলে  , আজি কিন্তু সেই কামবোৰ আমাৰ মাজত প্ৰায়ে এলাগী । আজিৰ সভ্যতা, সমাজ, সংস্কৃতিৰ গঢ় লোৱা প্ৰকৃতি আৰু কৃষি আজি মানুহৰ পৰা যেন ক’ৰৱাত কিবা এক ক’ব নোৱাৰা অনিহা কিম্বা আমাৰ ভুল নীতিৰ বাবেই ক্ৰমশ: আতৰি যাব ধৰিছে ।

পৰিণতিত আজি আমিবোৰ ইমানেই সংকীৰ্ণ, ব্যক্তিকেন্দ্ৰিক আৰু উশৃংখল হৈ যাব  ধৰিছো যে পুনৰ আমাৰ দেহলৈ সেই আসুৰিক গুণবোৰ ঘূৰি অহা যেন অনুমান হৈছে । আমি যেন পুনৰ মনুষ্যত্বৰ পৰা পশুত্বৰ দিশে ক্ৰমশ: ধাৱমান হৈছো ।

নহ’লেনো আমিবোৰে আমাৰ মাজতে এজনে আন এজনক মৰিয়াই মৰিয়াই মাৰিব পাৰোনে? এগৰাকী ছোৱালী বা মহিলাক বৰ্বৰ ভাৱে আত্যাচাৰ, ধৰ্ষণ কৰিব পাৰোনে?
এয়া আচলতে আমাৰ নীতিগত ভুল । আমি যেন আধুনিকতাৰ আৱৰণ খন পিন্ধিছো ঠিকেই , কিন্তু মনৰ সংকীৰ্ণতা আতৰ কৰি ইজনে সিজনক, এটা জাতি বা জনগোষ্ঠিয়ে আনটো গোষ্ঠীক আদৰি ল’ব পৰা নাই । পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা দায়িত্ব পালন কৰিব পৰা নাই , হয়তো একশ্ৰেণীয়ে বিচৰাও নাই আৰু আমাৰ দৰে নি:কিন মানুহবোৰে তাৰ পৰিণাম আজি ভুগিছো ।

আজি আমাৰ সমাজ, আমাৰ মন অস্থিৰ । গতিকে এনে এক সন্ধিক্ষণত, যিসময়ত মানৱ সভ্যতা চৰম নিৰ্যাতিত আমাৰ নিজৰ  হাতত  সেইসময়ত  বাদ দিব লাগিব নাটকবাজি, শ্ব’বাজি । প্ৰকৃত কৰিব লগীয়া কামবোৰ সমাপন কৰাত সকলোয়ে সদিচ্ছা দেখুৱাব লাগিব । বিশেষকৈ আজিৰ নীতি নিৰ্ধাৰক ৰাজনৈতিক নেতৃত্বই এই দায়িত্ব ল’ব লাগিব ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views