বৰ্তমানৰ চৰকাৰক খিলঞ্জীয়াৰ ভোটৰ দৰকাৰ নাই!

1305
  •  উপমন্যু হাজৰিকা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসম চৰকাৰৰ প্ৰস্তাবিত অধ্যাদেশ, যাৰ দ্বাৰা অসমৰ সকলো ধৰণৰ ভূমিত বিনাচৰ্তে, কোনো নঠি-পত্ৰ নোহোৱাকৈ উদ্যোগ স্থাপন কৰিব পাৰিব। এই অধ্যাদেশ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে মাৰাত্মক। এনে অধ্যাদেশ, আইনৰ দ্বাৰা উপকৃত হ’ব এচাম পূঁজিবাদী আৰু ভূ-মাফিয়া, যিয়ে উদ্যোগ স্থাপনৰ সুযোগ লৈ খিলঞ্জীয়াৰ হাতত বাচি থকা ভূমি দখল কৰিব।
“জাতি-মাটি-ভেটি” শ্লোগানৰ মূল লক্ষ্য আছিল যে খিলঞ্জীয়াৰ হাতৰ পৰা যি ভূমি সম্পদ বাংলাদেশীৰ কবললৈ গৈছিল সেয়া ওভতাই অনা, PGR-VGR মাটি বাংলাদেশীৰ কৱলৰ পৰা মুক্ত কৰা, সত্ৰৰ ভূমি বেদখলমুক্ত কৰা, ১৭ লাখ হেক্টৰ বনাঞ্চলৰ ভিতৰত যি  ৪ লাখ হেক্টৰ বেদখলত আছে সেইয়া মুক্ত কৰা। কিন্তু যোৱা চাৰি বছৰে চৰকাৰে ইয়াৰ বিপৰীত নীতি উদঙাই বাংলাদেশীক সংস্থাপন হে কৰিলে। এতিয়া উজনি আৰু মধ্য অসমত যি কৃষি ভূমি খিলঞ্জীয়াৰ হাতত বাচি আছিলে, এনে খিলঞ্জীয়া বিৰোধী নীতিৰ কাৰণে সেই ভূমিবোৰো খিলঞ্জীয়াৰ হাতৰ পৰা যাব।
অসম চুক্তিৰ ৬ নং দফা মতে, অসমত থকা ১১৫ টা জাতি জনগোষ্ঠীক নিজৰ ঠাইত, নিজৰ ভূমিত সংৰক্ষিত কৰি সুৰক্ষা প্ৰদান কৰিব লাগে। ৬ নং দফা কমিটীয়ে প্ৰতিবেদন দিয়াৰ ৪ মাহ হ’ল, চৰকাৰে কাৰ্যকৰী কৰাটো বাদেই, আজিলৈকে ৰাজহুৱা ও নকৰিলে, কিয়নো বৰ্তমানৰ চৰকাৰক খিলঞ্জীয়াৰ ভোটৰ দৰকাৰ নাই।।
২০১৫ চনত কৃষি ভূমি সুৰক্ষিত কৰিবলৈ প্ৰনয়ণ কৰা আইন, The Assam(Agriculture Land (Regulation of Reclassification and Transfer for Non Agricultural Purpose) Act, 2015 ৰ দ্বাৰা কৃষি ভূমিত কৃষিৰ বাদে অন্য কাম কাজত বহু পৰিমাণে বাধা আৰোপ কৰা হৈছিল। এতিয়া এনে কি পৰিস্থিতি উৎপন্ন হল যে কৃষক আৰু কৃষি ভূমি ক সুৰক্ষা প্ৰদান কৰাৰ প্ৰয়োজন নোহোৱা হ’ল?
যেনেকৈ নগাঁও/মৰিগাঁও জিলাত, তিৱা/লালুং সকল  প্ৰথমে বাংলাদেশী আগ্ৰাসনৰ চিকাৰ হৈ ভগনীয়া হল আৰু পিছলৈ বাছি থকা সোনাপুৰ, মৰিগাঁও এলেকাত উদ্যোগিক এলেকা কৰি তেওঁলোকক পুনৰ ভগনীয়া কৰিলে। অসমৰ বাকী জাতি জনগোষ্ঠীৰো সেই একেই গতি হ’বলৈ গৈ আছে।
এনে ভয়ংকৰ খিলঞ্জীয়া বিৰোধী নীতি স্পষ্টভাবে নিৰ্বাচন কেন্দ্ৰীক, পূঁজিপতি আৰু ভূ-মাফিয়াৰ পৰা টকা সংগ্ৰহ কৰাৰ কৌশল।