কিয় কৃষি আইন প্ৰত্যাহাৰ কৰিলে মোদীয়ে?

1133
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


শিখ সকলৰ পবিত্র উৎসব গুৰু পৰ্বৰ দিনাই প্ৰধানমন্ত্রীৰ ঘোষণা _ তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰা হ’ব। খবৰটো শুনিয়েই যেন কৃষক নেতা ৰাকেশ টিকায়েত আৰু আন বিৰোধী নেতাসকলৰ মূৰত আকাশী সৰগ ভাঙি পৰিল। যোৱা প্ৰায় এটা বছৰ সময় এই বিলখন বিৰোধ কৰি বহু মানুহ নেতাৰ শাৰীলৈ উন্নিত হৈছিল। এই বিলখনৰ বিষয়ে ইতিমধ্যে বিস্তাৰিত ভাবে ৰাজনীতি অসমত লেখা হৈছিল। দেশৰ সৰু তথা মধ্যম বৰ্গৰ খেতিয়কক সহায় কৰাৰ বাবে এই আইনখন প্ৰস্তুত কৰা হৈছিল। কংগ্ৰেছ প্ৰধানমন্ত্রী মনমোহন সিং চৰকাৰৰ দিনতে এই আইনখনৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল। মোদী কেবিনেটত বিলখন সমৰ্থন কৰিছিল পঞ্জাবৰ শিখ সকলৰ দল আকালীয়ে। কিন্তু অতি চহকী খেতিয়ক শ্ৰেণী( যিসকলে contract firming কৰে) তেওঁলোকৰ নেতৃত্বত প্ৰায় এটা বছৰ আন্দোলন চলোৱা হ’ল। পঞ্জাব, হাৰিয়াণা আৰু পশ্চিম উত্তৰ প্ৰদেশত ইয়াৰ ব্যাপক প্ৰভাব পৰিল। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন উঠাই ল’বলৈ বাধ্য হ’ল।
উত্তৰ প্ৰদেশ আৰু পঞ্জাব নিৰ্বাচনৰ প্ৰভাব নেকি?
বিভিন্ন ৰাজনৈতিক বিশ্লেষকে আইন বাতিলৰ আঁৰত আগন্তুক বিধানসভা নিৰ্বাচন বুলি অভিহিত কৰিব বিচাৰে। আমি কিন্তু এই কথাত একমত নহয়। উত্তৰ প্ৰদেশত যোগীৰ সপক্ষে ব্যাপক জনসনৰ্থন আছে। বিভিন্ন সংস্থাই কৰাই অ’পিনিয়ন প’লেও ইয়াকেই প্ৰমানিত কৰিছে। পশ্চিম উত্তৰ প্ৰদেশত কেইখন মান আসনৰ ক্ষতি হ’লেও যোগী পুনৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী হোৱাটো নিশ্চিত আছিল। আনফালে পঞ্জাবত বিজেপিৰ বিশেষ কোনো প্ৰভাব নাই। কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পিছত যে পঞ্জাবত বিজেপিৰ আকস্মিক উত্থান ঘটিব তেনে নহয়। বিজেপি পঞ্জাবত কোনো ফেক্টৰ নাছিল আৰু ২০২২ নিৰ্বাচনটো নহ’ব। প্ৰধানমন্ত্রী মোদীৰ এই সিদ্ধান্তৰ আঁৰত আছিল তেখেতৰ ৰাজনৈতিক বিচক্ষনতা। পঞ্জাব, হাৰিয়াণা, পশ্চিম উত্তৰ প্ৰদেশ আদিত বহুতে বিজেপি নেতাসকলক শত্ৰু ৰ দৃষ্টিৰে চোৱা আৰম্ভ কৰা আৰম্ভ কৰিছিল। এজন প্ৰধানমন্ত্রীৰ বাবে এনেকৈ দেশ চলোৱা সম্ভব নহয়। কেইদিনমান পিছত তেখেত এইকেইখন ৰাজ্যলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব। প্ৰধানমন্ত্রীৰ বিৰূদ্ধে বিদ্ৰোহ, কলা পতাকা আদি কাৰো কাম্য নহয়। মুঠৰ ওপৰত এই যুঁজ খনৰ ফলত ক্ষতিগ্ৰস্থ হ’ল ক্ষুদ্ৰ খেতিয়ক সকল। আকালি নেত্রী হৰছিমৰত কৌৰে মোদী মন্ত্রীসভাৰ পৰা পদত্যাগ কৰাৰ সময়ত কৈছিল _ এই আইনখনে কৃষকক উপকৃত কৰিব, কিন্তু যিহেতু আমি কৃষকক এই কথা বুজোৱাত সফল হোৱা নাই সেয়েহে মই মন্ত্রীপদ ত্যাগ কৰিলো। সেই একেধৰণৰ বক্তব্য ৰাখিলে প্ৰধানমন্ত্রীজনেও। ক্ষুদ্ৰ খেতিয়কসকলৰ লগতে ক্ষতিগ্ৰস্থ হ’ল ৰাকেশ টিকায়েটৰ দৰে কিছুমান নেতাও যিসকলে নিৰ্বাচনৰ সময়ত নিজৰ প্ৰভাব বিস্তাৰ কৰিম বুলি ভাবিছিল।