কেজৰীৱালৰ জয়ত কম্পিত বিজেপি

1458
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


আগষ্ট ২০১৯ ত দিল্লী ভ্ৰমণ কৰি ‘ৰাজনীতি অসম’ নিশ্চিত হৈছিল যে কেজৰীৱাল পুনৰ দিল্লীৰ মুখ্যমন্ত্রী নিৰ্বাচিত হ’ব। বিশেষকৈ স্বাস্হ্য আৰু শিক্ষাৰ ক্ষেত্রত যুগান্তকাৰী পৰিবৰ্তন আনি দিল্লীবাসীৰ অন্তৰত স্হান কৰি লৈছিল আন্না আন্দোলনৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া নেতাজনে। বিজেপিৰ ৰথী মহাৰথী উবুৰি খাই পৰিছিল এইজন কেজৰীৱালৰ বিৰুদ্ধে। কেইমাহমান আগতে হোৱা লোকসভাৰ নিৰ্বাচনত ৭ ৰ ভিতৰত ৭ খন দখল কৰা বিজেপিৰ বিধানসভাত শোচনীয় পৰাজয় হ’ল। কংগ্ৰেছে খাটাই খুলিব নোৱাৰিলে।
মোদীৰ বাবে প্ৰত্যাহ্বান কেজৰীৱাল
দেশত লাহে লাহে কংগ্ৰেছ দুৰ্বল হৈ গৈ আছে। গান্ধী পৰিয়ালে দলক জিকাবও নোৱাৰে ; কিন্তু দলে গান্ধী পৰিয়ালক এৰিবও নোৱাৰে। বিজেপিয়ে ভালকৈ জানে যে অহা বহু বছৰলৈ কংগ্ৰেছ বিজেপিৰ বাবে ভাবুকি নহয়। কিন্ত্ত আন বিৰোধী দলৰ পৰা যদি কোনো সৰ্বগ্ৰহণযোগ্য  নেতাৰ জন্ম হয় তেন্তে বিজেপিৰ বাবে  বিপদ। বিৰোধী নেতা সকলৰ ভিতৰত এতিয়া সকলোতকৈ বেছি উজলি উঠিছে কেজৰীৱাল। দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা কেজৰীৱালৰ একেৰাহে দ্বিতীয় বৃহৎ জয় বিজেপিৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি। ২০২৪ত সকলো বিৰোধী দল যদি একলগ হৈ কেজৰীৱালক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী নিৰ্বাচিত কৰে তেন্তে মোদী-শ্বাহ নিশ্চিত ভাবে শংকিত হোৱাৰ থল আছে। এতিয়া লোকসভাৰ নিৰ্বাচন হৈ পৰিছে প্ৰধানমন্ত্রী নিৰ্বাচন। প্ৰধানমন্ত্রীৰ নাম ঘোষনা নকৰিলে ভোট লাভ কৰাৰ সম্ভাবনা কম। যোৱা দুটা নিৰ্বাচনত সেই ভুল কৰা বিৰোধীয়ে অহা নিৰ্বাচন শিক্ষা ল’বই লাগিব। নহ’লে ২০২৪ত বিজেপিৰ জয় অবধাৰিত।
কেজৰীৱালৰ সমৰ্থনত কোন?
কংগ্ৰেছক বাদ দি বেছিভাগ বিৰোধী দলে কেজৰীৱালক সমৰ্থন কৰাৰ সম্ভাবনা আছে। তাৰ ভিতৰত আছে ডি.এম.কে, তেলেগু দেশম, বিজেডি, এন.চি.পি, এছ.পি আৰু আৰ.জে.দি। মমতাৰ স্থিতি নিৰ্ভৰ কৰিব ২০২১ৰ পশ্চিমবংগৰ নিৰ্বাচন ফলাফলৰ ওপৰত। মমতা পুনৰ জয়ী হলে নিজকে প্ৰধানমন্ত্রীৰ বাবে প্ৰক্ষেপিত কৰাৰ চেষ্টা কৰিব। তেনে ক্ষেত্রত বিৰোধী ঐক্যক আঘাত পৰিব আৰু লাভবান হ’ব বিজেপি। মুঠৰ ওপৰত বিৰোধী দলবিলাকে যদি সময় থাকোতে কেজৰীৱালক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে অহা সাধাৰণ নিৰ্বাচন হ’ব আকৰ্ষনীয়। নহ’লে নিৰ্বাচনৰ পিছত পৰাজয়ৰ কাৰণৰ পৰ্য্যালোচনা কৰি সময় পাৰ কৰিব লাগিব।