কেবল নাৰী আৰু টকা

576
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


প্ৰেমে নামানে কলা-বগাৰ ভেদাভেদ , নামানে শাৰিৰীক অবয়বো। সামাজিক মাধ্যমত এটা মেম খুব শ্বেয়াৰ কৰা হৈছে যত ললিত মোদী আৰু পশ্চিমবংগৰ মন্ত্রী পাৰ্থ চেটাৰ্জীকলৈ ব্যংগ কৰা হৈছে। আজি প্ৰায় বহু বছৰ ধৰি কেন্দ্ৰীয় সংস্থা ই.দি আৰু আয়কৰ বিভাগক বিৰোধীয়ে লক্ষ্য কৰি লৈছিল। তেওঁলোকে বহু বিৰোধী নেতা তথা আন চৰকাৰ বিৰোধী লোকৰ ঘৰত তালাচী চলাইছিল। কিন্তু যোৱা ৮ বছৰত বৰ বেছি সফলতা লাভ কৰিব পৰা নাছিল। বিজেপিৰ বাবে ভাল খৱৰটো আহিল পশ্চিমবংগৰ পৰা। বিজেপিৰ ঘোৰ বিৰোধী মমতা বেনাৰ্জীৰ সোহাঁত স্বৰূপ উদ্যোগ আৰু বানিজ্য মন্ত্রী পাৰ্থ চেটাৰ্জী জালত পৰিল। তেওঁৰ বয়স ৬৯ বছৰ আৰু আছে এজনী কন্যা সন্তানো। এই বয়সতো মানুহজন খুব ৰোমান্টিক। তেওঁৰে প্ৰেয়সী অৰ্পিতাৰ দুটা ফ্লেটৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে ৪০ কৌটিতকৈও অধিক টকা। বাংলা চিনামাৰ সৰু সুৰা চৰিত্রত অভিনয় কৰা অৰ্পিতাৰ চিনাকি পাৰ্থৰ সৈতে হয় কিছু বছৰ আগতে। তাৰ পিছত দুয়োজনক বহুতো অনুষ্ঠানত একেলগে দেখা যায়। প্ৰাপ্ত তথ্যমতে অৰ্পিতাৰ ফ্লেটবোৰক বেংক হিচাপে ব্যৱহাৰ কৰিছিল মন্ত্রী মহোদয়ে। অৰ্পিতাৰ সৈতে সম্পৰ্ক থকাৰ উপৰিয়ো পাৰ্থ চেটাৰ্জীৰ আন আন মহিলাৰ সৈতেও সম্পৰ্ক আছিল। পাৰ্থ বহু বছৰ শিক্ষা মন্ত্রী হৈ আছিল। সেই সময়ত পশ্চিমবংগৰ টেট পৰীক্ষাত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। বহুতে কব খোজে যে উদ্ধাৰ হোৱা সকলো টকা সেই কেলেংকাৰীৰ সৈতে যুক্ত। গ্ৰেপ্তাৰৰ দিনা চেটাৰ্জীয়ে মূৰে কপালে হাত দি কৈছিল_ মান সন্মান চব শেষ।

মমতাৰ বেয়া দিন আৰম্ভ

পাৰ্থ চেটাৰ্জীৰ কাণ্ড উন্মোচিত হোৱাৰ লগে লগে মমতা বেনাৰ্জীৰ মাত নোহোৱা হৈছে। পশ্চিম বংগৰ অগ্নিকণ্যাৰ ওপৰত এয়া মোক্ষম আঘাত। নিজৰ কেবিনেটৰ দুই নম্বৰ মন্ত্রীজনৰ পৰা ৫০ কৌটি উদ্ধাৰ হোৱাৰ পিছত মমতাই কোনো পধ্যে তেওঁৰ পক্ষ ল’ব নোৱাৰে। মমতাই তেওঁক মন্ত্রীসভাৰ পৰা অপসাৰণ কৰি নিজকে নিকা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে। কিন্তু ৰাইজে কিমানখিনি তেওঁক বিশ্বাস কৰে সেয়া সময়েহে ক’ব। নিজৰ মন্ত্রী এজনে ইমান বৃহৎ দুৰ্নীতি কৰিলে আৰু মুখ্যমন্ত্রীয়ে গমেই নাপালে। ইয়ে মমতা বেনাৰ্জীৰ ব্যৰ্থতাকে প্ৰমাণ নকৰিলেনে?