কেশব মহন্ত কেনেকৈ সলনি হ’ল?

1519
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


(১)

এই সময়ত ৰাইজৰ মনত এটা কথা খুব চৰ্চিত হৈছে_ কেশব মহন্তৰ পাৰদৰ্শিতা। সোণোৱাল মন্ত্রীসভাত যোৱা ৫ বছৰ জলসম্পদ মন্ত্রী হিচাপে কাম কৰি বিশেষ কোনো কৰ্মদক্ষতা দেখুৱাব নোৱাৰা মহন্তক নতুন মুখ্যমন্ত্রীয়ে স্বাস্হ্যৰ নিচিনা গুৰুত্বপূৰ্ণ দপ্তৰ দিয়াত সকলো আচৰিত হৈছিল। কিন্তু নিজৰ সচৰাচৰ ইমেজ সলনি কৰি সম্পূৰ্ণ ব্যতিক্ৰম ৰূপত দেখা গ’ল কেশব মহন্তক। কেতিয়াবা যদি ঠিকাদাৰক গালি, কেতিয়াবা বিধানসভাত ৰূদ্ৰমূৰ্তি। কোভিদৰ এই জটিল সময়ত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ঘূৰি ৰাইজৰ সেৱাত ব্ৰতী হৈছে। কেশব মহন্তৰ ইমান পৰিবৰ্তন কেনেকৈ হ’ল? এই বিষয়ে আমি প্ৰশ্ন কৰিছিলো গুৱাহাটীৰ এজন বিখ্যাত চিকিৎসকক। হিমন্ত বিশ্বৰ হাতত পৰি চিধা হৈ গ’ল_ চিকিৎসক গৰাকীৰ চিধা উত্তৰ। তাৰ পিছত তেখেতে কলে কিদৰে এটা অনুষ্ঠানলৈ তেখেতসকলে ৪ বছৰ আগতে কেশব মহন্তক নিমন্ত্রণ কৰিছিল। মহন্তৰ ভাষণত বা কথা বাৰ্তাত তেখেতে বিচাৰি পোৱা নাছিল কোনো বুদ্ধি দিপ্ততা। কিন্তু যোৱা ২ মাহত মহন্তৰ কামক লৈ খুবেই উৎসাহিত তেখেত। প্ৰয়াত হোমেন বৰগোহাঁই দেৱে বহু বাৰ লিখিছিল কিদৰে এজন দক্ষ মুখ্যমন্ত্রীয়ে প্ৰদেশ এখনৰ চেহেৰা সলনি কৰি দিব পাৰে। পশ্চিম বংগৰ সিদ্ধাৰ্থ শংকৰ ৰয়ক তেখেতে সাধুবাদ দিছিল। অসমক লৈ তেখেতে দুখ প্ৰকাশ কৰিছিল। অসমত এজন দক্ষ মুখ্যমন্ত্রীৰ দৰকাৰ বুলি তেখেতে বহুবাৰ লিখিছিল। তেখেতৰ সপোন বাস্তব হোৱাৰ পথত। মুখ্যমন্ত্রী হিচাবে যোৱা আঢ়ৈ মাহত ড° হিমন্ত বিশ্ব শৰ্মাই খুব পৰিশ্ৰম কৰিছে। ইংৰাজীত এশাৰ কথা আছে_ Morning shows the day. যিজন মুখ্যমন্ত্রীয়ে কেশব মহন্তৰ দৰে নেতাক কৰ্মপতু কৰি গঢ়ি তুলিব পাৰে তেওঁৰ বাবে একো অসম্ভব নহয়। হয়তো অসম শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যাব পাৰে।

(২)
স্কুলীয়া দিনৰ কথা। এবাৰ নাটক কৰিছিলো। বহু দিন ৰিহাৰ্ছল কৰিয়ো নাটকৰ দিনা  নাৰ্ভাছ হৈ বহু কথা পাহৰি থাকিলো। ভাগ্য ভাল আছিল কাৰণ নাটকত এজন প্ৰম্টাৰ থাকে। প্ৰম্টাৰে নাটক মাতি আছে আৰু আমি গাই গৈছো। সেই সময়ত প্ৰম্টাৰজন নথকা হ’লে কি হ’লহেতেন? হয়তো আমি ভুল বচন মাতিলোহেতেন নহলে আমি অধিক কষ্ট কৰি নাটকৰ পাৰ্ট মনত ৰখাৰ চেষ্টা কৰিলো হেতেন। বহু সময়ত প্ৰম্টাৰ জাতীয় সুবিধা এটা থাকিলে মানুহবোৰে কথাবোৰ সহজ ভাবে লয়। স্কুলীয়া দিনৰ  এই কথাটো মনত পৰিছে বৰ্তমান চৰকাৰখনৰ সাংবাদিক মেলবোৰ প্ৰত্যক্ষ কৰি।  কেবিনেটে প্ৰেছৰ সন্মুখত কথা কোৱাৰ দায়িত্ব দিছে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তক।
প্ৰতিখন কেবিনেট মিটিংৰ পিছত মহন্ত উপস্থিত হয় সংবাদ মাধ্যমৰ সন্মুখত। লগত থাকে তেখেতৰ সহযোগী মন্ত্রী পিযুষ হাজৰিকা। যোৱা আঢ়ৈ মাহে মন্ত্রী কেশব মহন্তই অনেকবাৰ সংবাদ মাধ্যমৰ সন্মুখীন হয়। তেওঁ খুব সুন্দৰ ভাবে নিজৰ কথা উপস্থাপন কৰিবলৈ সক্ষম হৈছে। কিন্তু এই সংবাদমেলৰ সকলোতকৈ বিৰক্তিকৰ কামটো কৰে পিযুষ হাজৰিকাই। মন্ত্রী কেশব মহন্তই কথা আৰম্ভ কৰাৰ লগে লগে প্ৰম্পতিং আৰম্ভ হয় হাজৰিকাৰ। প্ৰায় প্ৰতিটো বাক্যৰ পিছতে পিযুষ হাজৰিকাই কেশব মহন্তক কিবা এটা কথা যোগ দিবলৈ মনত কৰাই দিয়ে। ই অকল বিৰক্তিকৰেই নহয় মহন্তৰ প্ৰতি অসন্মান জনকো। কেশব মহন্তক যদি সংবাদ মেল সংবোধন কৰিবলৈ দায়িত্ব দিয়া হৈছে তেন্তে তেওঁৰ ওপৰত সম্পূৰ্ণ আস্থা ৰখা উচিত। যদি হাজৰিকাৰ কিবা ক’ব লগা থাকে তেন্তে মহন্তই নিজৰ ভাষ্য সমাপ্ত কৰাৰ পিছত ৫-১০ মিনিট সময় নিজৰ বাবে ৰাখিব লাগে। কিন্তু ঘনে ঘনে প্ৰমটিং কৰি থাকিলে খুব বেয়া দেখি। যদি এই পদটোৰ বাবে পিযুষে নিজক বেছি যোগ্য বুলি ভাবে তেন্তে মুখ্যমন্ত্রীক অনুৰোধ কৰি দায়িত্ব সলনি কৰি ল’ব লাগে।