কেৱল নষ্টালজিৰে কটনৰ অৱক্ষয় ৰোধ কৰিব নোৱাৰি

1396
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ঐতিহ্যমণ্ডিত কটন কলেজ (বৰ্তমান বিশ্ববিদ্যালয়) ৷ কটন মানেই উন্মাদনা কটন মানেই চিৰ যৌৱনা ৷ কটনক লৈ সকলোৰে আশা ৷ আৰু সেই আশাতেই কেতিয়াবা মানুহে ক্ষোভো প্ৰকাশ কৰে, হয়তো সেই ক্ষোভত লুকাই থাকে অকৃত্ৰিম এসোপা ভালপোৱা ৷
কটনৰ গৌৰৱক লৈ সকলোৰে কম বেছি পৰিমাণে চিন্তা থাকে, সেই চিন্তাক কোনে কি নামেৰে মাতে সেইয়া গুৰুত্বপূৰ্ণ নহয়, সেই চিন্তাহে গুৰুত্বপূৰ্ণ ৷ এশ বছৰৰ দিন গৰকি অহা এই অনুষ্ঠান কেৱল তাত পঢ়ি থকা বা পঢ়ি অহাসকলৰেই আপোন নহয় এই অনুষ্ঠান অসমৰ যেন প্ৰত্যেকজন মানুহৰেই হৃদয়ৰ মাজত বাজি থকা এক ঝংকাৰ ৷
সেই কাৰণেই অসমৰ প্ৰত্যেকজন মানুহৰেই মৰম এই অনুষ্ঠানৰ প্ৰতি ৷ প্ৰত্যেকেই যেন কিবা এক প্ৰকাৰে এই অনুষ্ঠানৰ লগত জড়িত হব পাৰিলে গৌৰৱেৰে তাক গ্ৰহণ কৰিছিল ৷ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সকলোৱে ঢপলিয়াইছিল কটনত স্থান পালে পঢ়িবলে ৷সেইয়া লাগিলে উচ্চতৰ মাধ্যমিকৰ বাবেই হঁওক বা স্নাতক বা স্নানত্তোকৰ বাবেই হঁওক ৷ গৌৰৱ জড়িতহৈ আছিল তাত ৷
এতিয়া আহো কটনক লৈ বৰ্তমান চলি থকা কথা বতৰাক লৈ ৷ কটনক লৈ নানা কথা পঢ়িয়েই আছো ৷ বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ পাছৰ পৰা, আৰু বেছিভাগ লিখাই কটনৰ এসময়ৰ গুণগাঁথা ৷ কটনৰ পৰা অমুক হৈছিল তমুক লৈছিল ৷ কটনত পঢ়ি জীৱন শিকাৰ কথা ৷ কটনে নম্বৰ পাবলৈ নিশিকাই, কটনে মানুহ হবলৈহে শিক্ষা দিয়ে ৷ এই দৰেই নানা আত্মগৌৰৱৰ কথা শুনিয়েই আছো সেইদিনাৰ পৰা ৷
এই যে নম্বৰৰ পাছত দৌৰিব নালাগে বুলি বাৰে বাৰে সোঁৱৰাই দি আছে ৰাইজে, কিন্তু কথা হল তাহানিতে কটনত ছিট পাবলৈও নম্বৰৰ প্ৰতিযোগীতাই হৈছিল ৷ নম্বৰ কম পাই জীৱনৰ গান গোৱাৰ কাৰণে কাৰোবাক কটনত ছিট দিয়া হৈছিল ( খেল,কলা আদিৰ বাবে সংৰক্ষিতৰ বাহিৰে) যদি নাজানিছিলো ৷ কটনত ছিট পাবলৈ তাহানিতেও নম্বৰৰ যুঁজ হৈছিল, কিমানজনে কটনত ছিট লাভ নকৰি বিমৰ্ষ মনেৰে ঘুৰি গৈছিল আপোন ঘৰখনলৈ ৷
এই যে কটনত পঢ়া মানে বেলেগ চিন্তা ধাৰাৰ এক প্ৰাণী হৈ যায়, এই ধাৰণাটো বেয়া কথা ৷ এই চিন্তাবোৰে সামগ্ৰিক উন্নতি আনিব নোৱাৰে ৷ এই যে বাৰে বাৰে কোৱা হৈছে নম্বৰৰ পাছত কটনৰ লৰা ছোৱালীয়ে দৌৰি নুফুৰে, তাৰ মানে এইয়া নেকি বাকী জুনিয়ৰ স্কুল কলেজৰ পৰা স্থান প্ৰাপ্তসকলে কেৱল নম্বৰৰ পাছত দৌৰি ফুৰে ? এই কথাবোৰৰ অৰ্থ হল কটনেহে যেন সমাজখন আগবঢ়াই নিছে, সমাজখনক গতি দিছে ৷ এই ধাৰণাবিলাক শুদ্ধ নে ?  একেবাৰে সাধাৰণ অৰ্থত কেইজন মূখ্যমন্ত্ৰী কটনৰ পৰা ওলোৱা ?
এই যে জুনিয়ৰ কলেজৰ পৰা ভাল ফলাফল ওলোৱাৰ লগে লগে জুনিয়ৰ কলেজ সমুহে মানুহ নগঢ়ে বুলি ধাৰণা দিয়া হয়, কিহৰ ওপৰত ভিত্তি কৰি এই ধাৰণা ?  নে ইয়াৰ কিবা পৰিসংখ্যা আছে ? আছে যদি তাক প্ৰকাশ কৰা উচিত ৷কেৱল নষ্টালজিৰে এখন বিদ্যালয় বা মহাবিদ্যালয়ৰ অৱক্ষয় ৰোধ কৰিব নোৱাৰি ৷ কথাটো হৈছে কটনলৈ আজিৰ দিনত মফচলীয়া ঠাইবোৰৰ পৰা পঢ়িবলৈ আহিবলৈ কমকৈ লৈছে নেকি সেইবোৰৰ ওপৰত আলোচনা হোৱা কতো মানে এটা লিখাটো মন নকৰিলো, তাৰ ঠাইত কেৱল আত্মগৌৰৱ ৷
কটনৰ ৰিজাল্ট আগতেও বেয়া হয়, আকৌ ভাল হয় ৷ কিন্তু এতিয়া লাহে লাহে কটনতকৈ বাকীবোৰে ভাল ৰিজাল্ট কৰিব, সেইটো বাস্তৱ ৷ আজিকালি  ডিব্ৰুগড় আদিৰ দৰে সৰু টাউনবোৰৰ লৰা ছোৱালী খুব কমেইহে মেট্ৰিকৰ পাছত কটনত পঢ়িবলৈ আহে ৷ সেইবোৰৰ কাৰক কি সেইবোৰ বুদ্ধিজীৱি আদিয়ে বিশ্লেষণ কৰিব পাৰিব ৷
কিন্তু সত্য কথাটো হল এইদৰে চলি থাকিলে  কটনো এদিন চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ দৰে হয়তো হৈ পৰিব ৷ হয়তো অলপ সময় লাগিব কিন্তু হবগৈ ৷ তাতে, আন্দোলনকাৰী,আন্দোলন আদিৰ যদি ঘাটি ৰূপে জনাজাত হয় সৰু সৰু টাউনৰ মাক দেউতাকেনো কি সাহসত পঠাব লৰা ছোৱালী ৷
কটনত পঢ়িলে কি হব বা  নপঢ়িলে কি হব,  সেইবোৰ অভিজ্ঞতাৰ কাৰণে লৰা ছোৱালীক জানো অভিভাৱকে আজিৰ দিনত পঠাব ৷ সময়ে সলনি কৰে সকলো ৷ কটনেও বাস্তৱক লৈ চিন্তা কৰিব লাগিব, নতুবা এদিন চৰকাৰী স্কুলৰ গতি কোন সময়ত কেনেকৈ লবগৈ সেইয়া তৰ্কিবই নোৱাৰিব কোনেও ৷ কাৰণ আমাৰ দিনত চৰকাৰী স্কুলত চিট পাবলৈ চিট পৰীক্ষা দিব লগা হৈছিল, তাৰ পৰা চৰকাৰী স্কুলত লৰা ছোৱালীৰ অভাৱ দেখালৈকে কিন্তু সকলো চকুৰ আগত হোৱা ঘটনাই ৷
উচ্চতৰ মাধ্যমিক বাদেই আজিৰ দিনত বিশ্ববিদ্যালয় হিচাবে কটনে কি ধৰণেৰে সমাজলৈ সেৱা আগবঢ়াইছে?  কিমান গৱেষক আছে ?  কি ধৰণৰ পাঠ্যক্ৰম চলি আছে ? গতানুগতিক পাঠ্যক্ৰমে প্ৰতিভাক কিমান দিনলৈ আকৰ্ষিত কৰিব ?  এইবিলাক কথাৰ ওপৰত আলোচনা চলিছে নে ?
আজিৰ দিনত কটনৰ আত্মগৌৰৱৰ গাঁথা লিখা কেইজনে নিজৰ সন্তানক কটন পঢ়াবলৈ পঠিয়াব তাক লৈয়ো সন্দেহ নথকা নহয় ৷ এই যে ধাৰণা, নম্বৰ পোৱা লৰা ছোৱালীবোৰৰ সমাজৰ প্ৰতি দায়বদ্ধতা নাথাকিব, আন্দোলন কৰিব নিশিকিব,আন্দোলন কৰিব নিশিকিলে সমাজৰ প্ৰতি দায়বদ্ধ নহব, এই ধাৰণাবোৰ সলাব হল ৷ কিন্তু এইবোৰ কথাৰ আলোচনা কতো দেখা নগল এইকেইদিনৰ লিখা মেলা বা আলোচনাত, তাৰ ঠাইত যেন কটনত পঢ়াসকলৰ প্ৰতি মানুহৰ হিংসা বা আত্মগৌৰৱতেই সীমাবদ্ধ থাকিল কথাবিলাক ৷
আজিৰ কটনিয়ানে ভবা কথা কাইলৈ অসমে ভাবিব, এইয়া জানো কথাবিলাকত কৰবাত প্ৰতিফলিত হৈছে নে বাৰু  ?