গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু , নাঙল বিহু… : প্ৰদীপ কুমাৰ পাটোৱাৰী

9680
  • প্ৰদীপ কুমাৰ পাটোৱাৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰঙালী বিহু , বা বহাগ বিহুৰ বিভিন্ন নাম আৰু এই বছৰৰ সাত বিহুৰ তাৰিখ মোৰ সাধাৰণ জ্ঞানেৰে ব্যক্ত কৰিলোঁ , ভুল হ’লে নিজে নিজে শুধৰাই লব ::-
১) গৰু বিহু- চ’তৰ সক্ৰান্তি (১৩/০৪/২০২০)
২) মানুহ বিহু – প্ৰথম বহাগ /
    অসমীয়া নতুন বছৰ (১৪/০৪/২০২০)
৩) গোসাই বিহু – ২য় বহাগ (১৫/০৪/২০২০)
৪) কুটুম বিহু -৩য় বহাগ (১৬/০৪/২০২০)
৫) নাঙল বিহু – ৪বহাগ  ( ১৭/০৪/২০২০)
৬) মেলা বিহু – ৫ বহাগ ( ১৮/০৪/২০২০)
৭) চেৰা বিহু – ৬ বহাগ,
     সাত বিহু (১৯/০৪/২০২০)
          অৱশ্যে ঠাই আৰু জনগোষ্ঠী বিশেষে বিহু কেই দিনৰ নাম , পালনৰ নিয়ম নিতি  আৰু ক্ৰমিক নম্বৰৰ কিছু সালসলনি হয়। যেনে – ‘মানুহ বিহুৰ’ আন এটা নাম কিছুমানৰ মতে ‘তাঁতৰ বিহু’ আৰু ‘মেলা বিহুৰ’ আন এটা নাম ‘ঘৰচীয়া জীৱ-জন্তুৰ বিহু’ ।
         জ্ঞানী জনে এই বিষয়ে নিজৰ মতামত দয়া কৰি আগবঢ়ালে ভাল হব, কিয়নো এই বিষয়ে মোৰ জ্ঞান তেনেই সীমিত।
        গৰু বিহুৰ দিনাৰ পৰাই ৰঙালী বিহু বা বহাগ বিহুৰ আৰম্ভ হয়, সিদিনা ঘৰচীয়া গৰু-ছাগলীক নৈ, জান জুৰি, পুখুৰী আদিৰ পানীত নমাই পানীৰে ভালদৰে গা পা ধুৱোৱাই মাখিয়তী, দীঘলতী আদি গছৰ পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা হালধি আদিৰ মালা গৰুৰ গালৈ দলিয়াই দিয়ে অথবা খাবলৈ দিয়ে বা পিন্ধাই দি – গৰুক সেৱা আৰু মৰম কৰে  আশীৰ্বাদ দিয়ে – ” মা ৰ সৰু, বাপে ৰ সৰু, তই হʼবি বৰ গৰু ” । কিছুমান ঠাইত গৰুৰ শিঙ আৰু ভৰিৰ খুড়াত মিঠাতেল, হালধি ৰস  সানি দিয়া নিয়ম আছে। গোহালি চাফ চিকুন কৰি গধূলি গৰু ছাগলীক নতুন পঘাৰে বান্ধি থয় আৰু গোহালিত খেৰ আদি জ্বলাই ধোৱা দি ম’হ মাখিৰ পৰা জীৱ-জন্তুক ৰক্ষা কৰিবলৈ যত্ন কৰে। গৰু বিহুৰ দিনাখন গঞা ৰাইজে দিনতে গা পা ধুই নামঘৰ আদিলৈ গৈ চাকি বন্তি জ্বলাই ভগৱানলৈ শৰাই আগবঢ়াই নাম কিৰ্ত্তন কৰি সকলোৰে মঙ্গলৰ কাৰণে আশীৰ্বাদ বিচাৰে , প্ৰসাদ বিতৰণ কৰে। বিহু সন্মিলনীত বিহু পতাকা উত্তোলন কৰে। দুপৰীয়া দৈ-চিৰা পিঠা আদিৰে লঘু আহাৰ গ্ৰহণ কৰে। ডেকা গাভৰুৱে এই দিনাৰ পৰাই বিহু গীত, হুঁচৰি আদি গাই ঘৰে ঘৰে বিহু নৃত্য প্ৰদৰ্শন কৰে আৰু গৃহস্থক আশীৰ্বাদ দিয়ে – ধনে জনে বাঢ়ক, সুস্বাস্থ্য বৰ্তাই ৰাখক বুলি। গৃহস্থই ও তামোল-পাণ , টকা পইচা আদিৰ মাননি দি শৰাই আগবঢ়াই সকলোৰে সেৱা লয়। গাঁওত নানা ধৰণৰ থলুৱা খেল-ধেমালিৰ আয়োজন চলি থাকে। গধূলি বিহু মঞ্চত নানা ধৰণৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন হয়।
           বহাগৰ প্ৰথম দিনৰ ৰাতিপুৱা আৰম্ভণিতে নিম গছৰ  পাত ( নিমৰ কোমল তিতা পাত আৰু কেইটামান মচুৰ দাইল ধুই ) চোবাই খোৱাৰ কিছুমান ঠাইত নিয়ম আছে – যাতে বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰে । সকলোৱে নামঘৰ, মন্দিৰ আদিত প্ৰাৰ্থনা কৰি গোটেই নতুন বছৰ টো শুভ হোৱাৰ কামনা কৰে। নতুন কাপোৰ পিন্ধে ,
” বিহুৱান ” লয় আৰু নিজৰ আত্মীয় সকলকো দিয়ে , পিঠা-পনা দৈ-চিৰাৰ জলপান খায় আৰু আনকো দিয়ে। ঘৰে ঘৰে গৈ হুঁচৰি আৰু বিহুনামৰ কাৰ্য্য ক্ৰমণিকা চলি থাকে। সৰু ল’ৰা-ছোৱালীৰ পৰা ডাঙৰলৈ সকলোৰে মাজত খেলা ধুলাৰ জৰিয়তে হাঁহি ধেমালিৰ সমাহাৰ চলি থাকে। গধূলি বিহু মঞ্চত নানা ধৰণৰ থলুৱা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন  থাকে । চাৰিওফালে তাতঁৰ শালৰ শব্দ, নতুন কাপোৰ লোৱা আৰু পোৱাৰ আশা আৰু আনন্দ। খেল ধেমালীৰ প্ৰতিযোগিতা,  ৰং ৰইচ হাঁহি, বিহু নৃত্য , হুঁচৰি, ঢোল পেপাৰ মাতত চৌদিশ ৰজন-জনাই থাকে কাৰণে এইয়াই আমাৰ পৈত্ৰিক সম্পত্তি বা বাপতি সাহোন – ” ৰঙালী বিহু “।
       এনেদৰে ঠাই বিশেষে দুদিন , তিনি দিন ধৰি নানান খেলা ধুলা, সাংস্কৃতিক অনুষ্ঠান আদিৰ পৰিবেশনৰ মাজে মাজে বিহুৰ আন আন কাৰ্য্যপ্ৰণালী চলি থাকে সাত বিহু পৰ্য্যন্ত। বহাগৰ প্ৰথম কেই দিনতে অধ্যাপক বা গণকৰ দ্বাৰা পৰিয়ালৰ মঙ্গল চায় , ভাগ্য বিচাৰ কৰে, নতুনকৈ গৰু- ছাগলীৰ কিনা বেচা কৰে, নতুন ঘৰত সোমায়,
নতুন খেতিৰ আৰম্ভণি কৰে, দোকানীয়ে হিচাবৰ নতুন বহীৰ আৰম্ভণি কৰে বা হালখাতা পাতে, ঘৰলৈ জী-জোৱাই ,  আলহীক নিমন্ত্ৰণ কৰে , নতুন কাপোৰ যাচে , দুখীয়াক দান দক্ষিণা কৰে।   বহাগৰ পৰাই বিয়া-বাৰুৰ কাম আৰম্ভ হয়।
          বহাগৰ ষষ্ঠ দিনৰ দিনা “সাত বিহু” আৰু  ৰঙালী বিহুৰ সামৰণিৰ দিন। সিদিনাখন সাত শাক ( সাত বা ততোধিক শাক বা বনৌষধী গছৰ পাতেৰে বনোৱা আন্জা ) খোৱা নিয়ম আছে যাতে মনৰ সুস্থতাৰ লগতে গোটেই নতুন বছৰ দেহ ও সুস্থ হৈ ৰয়। এই সাতবিহুৰ দিনাখন নামনি অসমৰ বিভিন্ন ঠাইত বহাগ বিহুৰে আন এটি পাৰ্ব্বন – ” ভঠেলি উৎসৱ বা পাৰ তোলা উৎসৱৰ ” আয়োজন কৰে।  গঞা ৰাইজে দীঘল বাহঁ এদাল ভাল দৰে বিহুৱান, ৰঙীণ কাগজ আদিৰে সজাই তোলে- আৰু ইয়াকে
‘ পাৰ ‘ , বোলা হয় । পিছত শৰাই ,ধুপধূনা  দি , ঢোল- তাল বজাই সেৱা কৰি পাৰ ডালক কান্ধত তুলি নি গাঁওৰ ওখ বট বা আহত ( আগতীয়াকৈ চফা কৰি ৰখা হয় ) গছৰ ডালত থৈ ওপৰলৈ উলিয়াই দিয়ে ( পতাকা উত্তোলন কৰাৰ দৰে) আৰু ইয়াকে পাৰ তোলা বুলি কোৱা হয়। ভাৱৰীয়া,  ওজাপালি , আৰু নাম কীৰ্তনৰ মাজে মাজে  ” তেল গছত বগোৱা ” প্ৰতিযোগিতা ; ‘ৰচি টনা ‘ , আদি বিভিন্ন প্ৰতিযোগিতা চলে আৰু সন্ধিয়া সাংস্কৃতিক নাচ-গান আৰু নাটকৰ আয়োজন হয়। এনেকৈয়ে আমাৰ আদৰৰ বহাগ বিহু ৰঙালী বিহু হৈ পূৰ্ব্ব পুৰুষৰ পৰা নানান যোগ-বিয়োগ আৰু ন ন সংযোজনৰ মাজেৰে পাৰ হৈ পূৰ্ব্ব পুৰুষৰ পৰা পোৱা পৈত্ৰিক সম্পত্তি অথবা  ” বাপতি-সাহোন” হৈ বৰ্ত্তী আছে।
          কিছুমানে যথা সময়ত ৰঙালী বিহু পাতিব নোৱাৰিলে বহাগ মাহৰ শেষত অথবা জেঠ মাহৰ আৰম্ভনিতে ” বহাগী বিদায় ” আদি অনুস্থান পাতি বিহুৰ বাৰে ৰহনীয়া কাৰ্য্যসুচী পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা দেখা যায়।
         পিছে এই বেলি মৰমৰ ৰঙালী বিহু টো
” কৰোণা” ৰ গ্ৰাসত পৰি মুখত মাস্ক , হাতত চেনিটাইজাৰ লৈ থাকি টেলিভিচনৰ পৰ্দাৰ বিহু লৈ ৰূপান্তৰিত হ’ল ! দুখ নকৰিব- ঘৰতে থাকক, সুস্থ থাকক ;   ভালদৰে সাৱধানে জীয়াই থাকিলে,  জীৱন থাকিব আৰু অসমীয়াৰ জীৱন থাকিলেহে – ৰঙালী বিহু থাকিব , আগন্তুক কেতিয়াবা আকৌ বহাগত মনে বিচৰা কাৰোবাক বিহুৱান যাচিব পাৰিব , লগহৈ বিহু হুচৰী গাব পাৰিব।
         কৈ য়ে থাকো মানে ওৰকে নপৰে- ৰঙালী বিহুৰে কথা—-