কোকৰাঝাৰ , বড়োলেণ্ড বিশ্ববিদ্যালয় , অসমীয়া ভাষা , বিটিএডি আৰু কিছু কথা …………….

4499
  • চুমী কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এটা দিন আছিল , যেতিয়া কোকৰাঝাৰত খোজ দিবলৈ ভয় কৰিছিলোঁ । মনত শংকা আছিল ।  বাতৰি কাকত আৰু নিউজ চেনেলবোৰে অন্তৰত সোমোৱাই দিছিল সেই ভয় । এতিয়া ছয় বছৰ পাৰহৈ গ’ল , কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ  অসমীয়া  বিভাগত শিক্ষয়িত্ৰী হিচাপে চাকৰি কৰিবলৈ আহি কোকৰাঝাৰত থিতাপি লোৱাৰ । ইয়াৰ মানুহ , ইয়াৰ নদী, ইয়াৰ সেউজীয়াই এতিয়া বুকুত ঘৰ বান্ধিছে । ৰাজনীতিৰ কথা নাজানো ( বা জানিবও নোখোজো) , কিন্তু ভাষিক আৰু সামাজিক ক্ষেত্ৰত অসমীয়াভাষী বুলি আজিলৈকে ইয়াত ক্ষুদ্ৰৰো ক্ষুদ্ৰ বৈষম্যৰ সন্মুখীন হোৱা নাই । বিগত সময়বোৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা এখন পত্ৰও ( আনকি ছুটিৰ আবেদনখনো) আজিলৈ মই অসমীয়াক বাদ দি ইংৰাজী বা অন্য ভাষাত লেখি পোৱা নাই। ইয়াকে লৈ বিশ্ববিদ্যালয়ত কোনেও মোক কোনোদিনে  প্ৰশ্ন কৰা নাই বা কোনেও সেইখন গ্ৰহণ নকৰো বুলি মোক নিৰাশ কৰা নাই ।বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় আলোচনা কক্ষত হোৱা সভাবোৰহে নালাগে , স্বয়ং বিটিএডি সচিবালয়ত বিটিচি প্ৰধানৰ  সৈতে হোৱা আলোচনাতো ( বিভাগীয় মুৰব্বী হিচাপে কেইবাৰমান তেনে আলোচনাত মই ভাগ লৈছোঁ ) অসমীয়া আৰু প্ৰয়োজন সাপেক্ষে (প্ৰয়োজন সাপেক্ষেহে ! ) ইংৰাজী ভাষাৰ বাহিৰে অন্য ভাষাত কথা পতা  নাই ।
 সংবাদ মাধ্যম বিশেষকৈ ইলেকট্ৰনিক মাধ্যমত প্ৰচাৰিত বাতৰি _
 ” বিটিএডি ত অসমীয়া ভাষা নাশ কৰাৰ কুটিল ৰাজনীতি”
” বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগ উঠাই দিয়াৰ গভীৰ ষড়যন্ত্ৰ ” আদিৰ দৰে ভয়ানক  শিৰোনামৰ বাতৰিবোৰে সৰ্বসাধাৰণৰ মুৰ গৰম  কৰা আৰু অহেতুক ভ্ৰান্তি সৃষ্টি কৰাৰ বাদে অন্য  একো কৰিব নোৱাৰিব। একে মাকৰ পেটৰ পৰা ওলোৱা ভাই-ককাইৰ মাজতো কেতিয়াবা যুক্তিৰ অমিল হয়। কিন্তু এই যুক্তিয়ে  বাহিৰৰ  আসুৰিক শক্তিক ঘৰখন ধ্বংস কৰিবলৈ আমন্ত্ৰণ  জনোৱাতো নুবুজায় ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধানৰ আসনৰ পৰা  সমগ্ৰ অসমবাসীকে সম্পূৰ্ণ সুস্থ জ্ঞান,বুদ্ধি আৰু সততাৰে জনাওঁ যে আজি পৰ্যন্ত আমাৰ বিশ্ববিদ্যালয়ত সামাজিক আৰু বিদ্যায়তনিকভাবে অসমীয়া ভাষাক ধ্বংস কৰা বা অসমীয়া বিভাগক উঠাই দিয়া দৰে পৰিকল্পনা সংঘটিত হোৱা নাই । এই বিষয়ত যদি কাৰোবাৰ কিবা সুধিবলগীয়া , বাতৰি প্ৰস্তুত কৰিবলগীয়া তেন্তে প্ৰথমে মোক সোধক,অসমীয়া বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীখিনিক সোধক।  বতাহতে ডবা কোবাই থাকিলে ধংস অকল নিজেই  নহওঁ, আমি সকলোৱেই হম, সেই কথা প্ৰতিজনে উপলব্ধি কৰাটো নিতান্তই প্ৰয়োজন  ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)