বিজেপিৰ এজনো বিধায়কে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক বেগমজান সম্পৰ্কে কোনো অভিযোগ দিয়া নেদেখিলোঁ: UTA

1695

(ইউনাইটেড ট্ৰাষ্ট অৱ অসমৰ চেয়াৰমেন শিৱ প্ৰসাদ শৰ্মাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে সহযোগী সম্পাদক পাৰ্থ লহকৰে)


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসম : আপোনালোকৰ ইউনাইটেড ট্ৰাষ্ট অৱ আছাম সংগঠনটোৰ নাম বিশেষ ভাবে চৰ্চিত হৈ আছে এই কেইদিন আৰু এই চৰ্চাৰ মুল কাৰণ হৈছে বেগমজান ধাৰাবাহিক খন । ধাৰাবাহিকখনৰ বিতৰ্কৰ লগত কেতিয়া জড়িত হৈছিল ?
শিব প্ৰসাদ শৰ্মা : টিভি চেনেলবোৰত একে সময়তে বহু কেইখন ধাৰাবাহিক প্ৰচাৰ হৈ থাকে । প্ৰতিখন ধাৰাবাহিকৰ খবৰ সাধাৰণ মানুহৰ ওচৰত বহু সময়ত নেথাকে । কিন্তু এই  ধাৰাবাহিক খনে বিজ্ঞাপন বা প্ৰচাৰত অভিলেখ কৰিছিল । পোন প্ৰথমে আমাৰ চকুত পৰিছিল  অসমীয়া ধাৰাবাহিকত বোৰ্খা পিন্ধা মহিলা , হিজাব পৰিধান কৰা মহিলাৰ বহুল প্ৰচাৰ ।   অসমীয়া সংস্কৃতিত এই বিলাক সাজপাৰৰ প্ৰচলন নাই আমাৰ মুছলমান বাইটা, নানী চাচী সকলে বোৰ্খা পিন্ধা দেখা নাছিলো, সেয়ে কথা বিলাকে আমাক কিছু ভবাই তুলিছিল ।
ৰাজনীতি অসম : ধাৰাবাহিক খনৰ কিয় বিৰোধ কৰিলে ?
শিব প্ৰসাদ শৰ্মা :  লাহে লাহে ধাৰাবাহিক খনৰ বিজ্ঞাপনৰ সংখ্যা বৃদ্ধি পালে আৰু আমাৰ সন্দেহ প্ৰমাণিত হ’ল । বিভিন্ন দৃশ্যত হিন্দু দেৱ- দেৱীক অপমান কৰা দেখিলোঁ । চিৰিয়েল খনত দেখুৱা বিভিন্ন দৃশ্য হৈছে অসমত সাংস্কৃতিক অাগ্ৰাসনৰ অংশ । বৰ্তমান আমাৰ বিক্ৰয় যোৱা প্ৰচাৰ মাধ্যম আৰু মুম্বাইৰ বলীউদত আৰবীয় সংস্কৃতি বৰ গভীৰ ভাবে সোমাইছে। সাংস্কৃতিক পৰিকাথামো দখল কৰি ইছালামিক আগ্ৰাসন দ্ৰুত কৰাৰ চেষ্টা চলিছে। ডুবাইৰ পৰা পৰিচালিত হয় বলীউদ। বেগমজান তেনে এক পৰম্পৰাৰ আৰম্ভণী। কোৱা শুনিলো “বেগমজান” ৰ কাহিনীটো এখন গোড়া মৌলবাদী দেশ তুৰ্কীৰ এখন চিনেমাৰ অসমীয়া অভিযোজনা মাত্ৰ। সেয়ে চিৰিয়েলখনৰ কাহিনীকাৰৰ নামৰ কোনো উল্লেখ নাই।  আৰবীয় সংস্কৃতি অসমত প্ৰচাৰ কৰাই হৈছে ইহঁতৰ মুল লক্ষ । চেনেলৰ মালিক সকলৰ সমাজ বা দেশৰ প্ৰতি দায়বদ্ধতা শুন্য । তেওঁলোকে অকল পইচা চিনি পায় ।  ৰাইজে জানিবই যে এই ধাৰাবাহিক খনত কাহিনীকাৰ নাম নাই । তেনে কাহিনীকাৰৰ নামোল্লেখ নথকা চিৰিয়েল বেলেগ আছেনে ? শুনিব পৰা মতে ধাৰাবাহিক খনত বহু টকা বিনিয়োগ হৈছে । ধাৰাবাহিক খনৰ লগত জড়িত কলাকাৰ সকলৰ মাননি হেনো আন চিৰিয়েলৰ তুলনাত বেছি পোৱা বুলি খৱৰ ওলাইছে । আৰৱীয় সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিক গ্ৰাস কৰাৰ চক্ৰান্তক বাধা দিবলৈ আমি মন থিৰাং কৰিছিলোঁ।
ৰাজনীতি অসম : আপোনালোকে চৰকাৰক বিষয়টো অৱগত কৰিছিল নে ?
শিব প্ৰসাদ শৰ্মা : গোটেই অসমত ৰাইজে প্ৰতিবাদ কৰিছিল । বিভিন্ন সংগঠনৰ দ্বাৰা বত্ৰিশৰো অধিক এফ আই আৰ বিভিন্ন পুলিচ থানাত দিয়া হৈছিল ।
কিন্তু প্ৰশাসন বা চৰকাৰৰ গা নলৰিল ।  মুখ্যমন্ত্ৰীৰ উপদেষ্টা মণ্ডলীৰ নেতা এজনকো লগ কৰা হ’ল আমাৰ সংগঠনৰ তৰফৰ পৰা । প্ৰাক্তন আছু নেতাৰ বেষ্টনীত থকা মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ মানুহক আৰবীয় আগ্ৰাসনৰ কথা জনালোঁ । অসমৰ ইছলাম ধৰ্মী সংগঠন #গৰীয়া_মৰীয়া_পৰিষদেও চিৰিয়েল খনৰ বিৰোধিতা কৰিছিল, সামাজিক মাধ্যমতো বহুসংখ্যক অসমীয়া মুছলমানে প্ৰকাশ্য ভাবে বিৰোধিতা কৰিছিল। কিন্তু তেওঁলোকে আমাক হে সাম্প্ৰদায়িক বুলি ক’লে। চিৰিয়েল খনৰ পৰা আপত্তিজনক ক্লীপ সমুহ বহুকষ্টেৰে (লকডাউনৰ মাজত এদিটিংৰ কাম কৰা মানুহ অনাই গোটেই ৰাতি লাগি) সংগ্ৰহ কৰি উকীলক দিয়া হ’ল। উকীলে চিঠিখন বনায় দিলে। সদল বলে গৈ উপায়ুক্তক দি আহিলো। উপায়ুক্তক কামটো কৰিবলৈ ক’বলৈ বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতা সকলক খাতনি ধৰিলো। সকলোৱে আতকিয়া  সময় খৰচ কৰি আমাৰ কথা শুনিলেযে তাতে কৃতাৰ্থ হ’লো। কিন্তু কামত একো নাহিল। উপায়ুক্তই বোধহয় পঢ়িও নাচালে। উপায়ুক্তৰ ওচৰত কাম নোহোৱাত মুখ্যমন্ত্ৰী আৰু আয়ুক্তৰ ওচৰত আবেদন জনালোঁ। এইবাৰো মুখ্যমন্ত্ৰীৰ সাক্ষাৎ নাপায় তেখেতৰ উপদেষ্টা  জনকে ল’গ কৰা হ’ল। তেখেতৰ বডী লেংগুৱেজৰ পৰা ধাৰণা হ’ল মানুহজন “লিপ চাৰ্ভীচ”ৰ মানুহ হে। কোনো কথাৰ গভীৰতালৈ যাব পৰা ক্ষমতা বা অসমৰ ধনাত্মক চিন্তকসকলে “বেগমজান”ক লৈ উদ্বিগ্ন হোৱা সকলৰ উমান পাব পৰাকৈ সংবেদনশীল বুলি ধাৰণা নহ’ল। চৰকাৰে একো নকৰিলে।ইতিমধ্যে কেইবাটাও খণ্ড পাৰ হ’ল।
ৰাজনীতি অসম : চৰকাৰৰ পদুলীত আশাহত হোৱাৰ পিছত কি কৰিলে আপোনালোকে ?
শিৱ প্ৰসাদ শৰ্মা: কোৰ্টত যোৱা মানে বহু টকা পইচাৰ কথা থাকে । বিৰাট ৰাষ্ট্ৰীয়তাবাদীৰ ভাষণ দিয়া আইনজ্ঞ সকলেও পইচা নোহোৱাকৈ এখন দৰ্খাস্তও লিখি নিদিয়ে  । সেই বিলাক আমাৰ জনা আছে । পুনৰ উকীলৰ কাষ চাপিলো।
ৰাজনীতি অসম: ন্যায়ালয়ত কি হ’ল?
শিৱ প্ৰসাদ শৰ্মা: ন্যায়ালয়ে আমি আগতে উপায়ুক্ত আৰু আয়ুক্তৰ লগতে মুখ্যমন্ত্ৰীক দিয়া আবেদনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কি কৰিলে জনোৱাৰ নিৰ্দেশ দিয়ে।উপায়ুক্তক আমি  লিখিত আকাৰত সমষ্ট কথা আমি কামৰূপৰ উপায়ুক্তক তিনি পৃষ্ঠাৰ আবেদন খনত বেগমজানত থকা বিভিন্ন অপ প্ৰচাৰ আৰু ধৰ্মীয় পৰম্পৰাক অপমানিত কৰা ক্লিপবোৰ সবিস্তাৰে দিছিলোঁ । সেয়ে ন্যায়ালয়ে তেওঁলোকৰ পৰা উত্তৰ জানিব বিচাৰে আৰু ২৫ আগষ্ট দিনটো ৰায়দানৰ দিন হিচাপে ঘোষণা কৰে । ইমান দিনে একো ব্যৱস্থা নোলোৱা প্ৰশাসনে ন্যায়ালয়ত উত্তৰ দিবলৈ বাট নাইকিয়া হোৱাৰ এদিন আগত ২৪ তাৰিখে ধাৰাবাহিক খনৰ সম্প্ৰচাৰত সাময়িক ভাবে নিষেধাজ্ঞা আনে ।
যিটো কাম ন্যায়ালয়ৰ তাগিদা নোপোৱাকৈয়ে কৰিব লাগিছিল সেই কামটো ন্যায়ালয়ৰ তাগিদাত কৰিলে।
ৰাজনীতি অসম : জাতি – মাটি – ভেটি – সংস্কৃতিৰ শ্লোগান দিয়া চৰকাৰৰ ভুমিকা কি বুলি ক’ব ?
শিব প্ৰসাদ শৰ্মা : একেবাৰে সংবেদনহীন অসম চৰকাৰ । কোনো এজন বিজেপি বিধায়কে গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক বেগমজান সম্পৰ্কে কোনো আভিযোগ দিয়া নেদেখিলোঁ । বা তেওঁলোকৰ গাত কিবা কথা লগা যেন ভাব নহ’ল !! বৰ দুঃখ লাগে।
ৰাজনীতি অসম : সদৌ অসম ছাত্ৰ সন্থাই ৬ নং দঁফা সম্পৰ্কীয় বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন খন ৰাজহুৱা কৰিলে । কি ক’ব ?
শিব প্ৰসাদ শৰ্মা : Breach of trust __এনেকুৱা কৰিব নেপায় ।  ছাত্ৰ সংগঠন সমুহৰ অধিকাংশ নেতাৰে নাই বৌদ্ধিক অনুশীলনৰ অভ্যাস । অষ্টম – নবম শ্ৰেণীলৈ মধ্যমীয়া চোকা বুদ্ধিৰেই তেওঁলোক । স্কুলত ছাত্ৰ একতা সভাৰ দায়িত্ব লোৱাৰ পিছতেই ক্লাচ নকৰা হয় আৰু এই অভ্যাসটো কলেজত অধিক গাঢ় হয় । তেওঁলোকৰ জ্ঞানৰ মুল সুত্ৰ হৈ পৰে বাতৰি কাকত কেইখন। বুজাই নুবুজাই বক্তৃতাৰে কথা চোবাব পৰা অভ্যাস এটা গঢ়ে। বিজ্ঞান ,দৰ্শন, বুৰঞ্জীৰ কিতাপ পঢ়ি নেপায় । কিন্তু তথাকথিত মাক্সবাদী বুদ্ধিজীবী সকলে লিখা জাৱৰ বিলাক পঢ়ি পঢ়ি মন মগজু বিলাকে নতুন ৰূপ পায় । আৰু আমাৰ ৰাইজেও এই মাৰ্ক্সবাদী লিখনী বিলাকৰ স্ৰষ্টা সকলক পণ্ডিত বুলি জ্ঞান কৰে ।
ৰাজনীতি অসম : অসমত বিজেপি মিত্ৰজোঁট চৰকাৰ খন অন্তিম সময়ত উপনীত হৈছে । আগৰ তৰুণ গগৈ চৰকাৰৰ তুলনাত কিবা পৰিৱৰ্তন দেখা পালেনে ?
শিব প্ৰসাদ শৰ্মা : ৰাস্তা – ঘাটৰ উন্নয়ন হৈছে । কেন্দ্ৰৰ পৰা অহা উন্নয়নৰ ধনৰ সদ ব্যৱহাৰে ৰাস্তা- ঘাটৰ উন্নয়ন কৰাত সহায়ক হৈছে । আজিকালি কেন্দ্ৰই ৰাস্তাৰ মাণদণ্ড নিৰীক্ষণ কৰিবলৈ দিল্লীৰ পৰা মানুহ পঠায়। সেয়ে কামবোৰ পালমৰা হোৱা নাই। ৰাইজে ভাবিছিল যে অফিচ – কাছাৰীত দুৰ্নীতি কমিব ।  কিন্তু নকমিল । এটা ফাইল এখন টেবুলৰ পৰা আন খনলৈ যাবলৈ কেৰাণীক-পিয়নক পইচা দিব লাগে । ফাইলত চহী হৈছে । কিন্তু পইচা নিদিলে ফাইল হাতত নপৰে । টেবুলত মানুহ নবহে । এটা কামৰ বাবে দহবাৰ অফিচ যাব লাগে আৰু অৱশেষত পইচা দিবলৈ বাধ্য হৈ পৰে । চৰকাৰ খনে যোৱা ৫ টা বছৰে অফিচ বিলাক ডিজিটেল আৰু কাগজ বিহীন নকৰিলে ।  যিদিনাই অফিচ বিলাক সম্পৰ্ণ পেপাৰ লেচ হৈ পৰিব , সিদিনাই দুৰ্নীতি প্ৰায় শুন্যলৈ আহি পৰিব ।  এইবিলাক কিয় নকৰে বুজি নেপাও । হয়টো কিবা লাভালাভ আছে নাইবা দুৰদৃষ্টি নাই ।  সৰ্বানন্দ সোণোৱাল , মানুহজন বিবেকবান । শত্ৰুকো দয়াৰ মনোভাবেৰে চাব পৰা মানুহ । কিন্তু তেওঁক যিসকল মানুহে ঘেৰী থাকে , সেই সকল একমাত্ৰ বৈষয়িক সুখক প্ৰাধান্য দিয়া মানুহ আদিম চিকাৰ আৰু সংগ্ৰহৰ প্ৰবৃত্তিৰ উৰ্দ্ধত নহয় । বাকী থাকিল হিমন্ত বিশ্ব শৰ্মা । অসমক লৈ তেওঁৰ কিবা এটা কৰাৰ মন আছে । জয় – পৰাজয়ত বিশ্বাসী ব্যক্তি । বাকী বোৰৰ যে কিবা ভিজন আছে সন্দেহ হয় ।